পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কমনৱেলথ গেমছ (চি ডব্লিউ জি) ২০৩০ৰ বাবে নিবিদা দাখিল কৰিবলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ লগতে সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ আৰু কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় নিশ্চয়তাৰ সৈতে আয়োজক সহযোগিতা চুক্তি (এইচ চি এ) স্বাক্ষৰ কৰা আৰু নিবিদা গৃহীত হলে গুজৰাট চৰকাৰক প্ৰয়োজনীয় অনুদান প্ৰদানত অনুমোদন জনায় ।
কমনৱেলথ গেমছত ৭২খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি গেমছৰ সময়ত খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী বিষয়া, পৰ্যটক, সংবাদ মাধ্যমৰ ব্যক্তিৰ লগতে ভাৰত ভ্ৰমণলৈ অহা বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে স্থানীয় ব্যৱসায়ীসকলক উপকৃত কৰিব আৰু ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিব।
আহমেদাবাদ হৈছে বিশ্বমানৰ ষ্টেডিয়াম, অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা আৰু এক সজীৱ ক্ৰীড়া সংস্কৃতিৰ সুবিধা থকা এখন আদৰ্শ আয়োজক চহৰ। বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামে ২০২৩ চনৰ আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল সফলতাৰে আয়োজন কৰি ইতিমধ্যে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে।
ভাৰতত চি ডব্লিউ জি আয়োজন কৰিলে ক্ৰীড়াৰ উপৰি পৰ্যটন বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি আৰু লাখ লাখ যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰাত স্থায়ী প্ৰভাৱ পৰিব। ইয়াৰ উপৰি ক্ৰীড়া বিজ্ঞান, অনুষ্ঠান পৰিচালনা, লজিষ্টিক আৰু পৰিবহণ সমন্বয়ক, সম্প্ৰচাৰ আৰু সংবাদ মাধ্যম, তথ্য প্ৰযুক্তি আৰু যোগাযোগ, জনসংযোগ তথা যোগাযোগৰ লগতে অন্যান্য ক্ষেত্ৰতো বৃহৎ সংখ্যক পেছাদাৰীয়ে সুযোগ লাভ কৰিব।
এনে এটা বিশ্বৰ মৰ্যাদাসম্পন্ন অনুষ্ঠানৰ আয়োজনে ৰাষ্ট্ৰীয় গৌৰৱ আৰু ঐক্যৰ এক শক্তিশালী অনুভূতি জগাই তুলিব। ই ৰাষ্ট্ৰীয় অভিজ্ঞতা বিনিময় কৰিব আৰু আমাৰ দেশৰ মনোবল বৃদ্ধি কৰিব। ই ক্ৰীড়াক কেৰিয়াৰ বিকল্প হিচাপে গ্ৰহণ কৰিবলৈ নতুন প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব আৰু সৰ্বস্তৰৰ ক্ৰীড়াত অধিক অংশগ্ৰহণক উৎসাহিত কৰিব।
*****
MJPS/BM/KD