পি এম ইণ্ডিয়া
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়
উত্তৰ প্ৰদেশৰ জনপ্ৰিয়, কৰ্মযোগী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, ইয়াৰ কৰ্মঠ আমাৰ পুৰণি বন্ধু উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, জেনেৰেল ভি কে সিংহ জী, সঞ্জীৱ বালিয়ান জী, এছ পি সিংহ বাঘেল জী, বি এল বাৰ্মা জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ চৌধুৰী জী, শ্ৰী জয় প্ৰতাপ সিংহ জী, শ্ৰীকান্ত শৰ্মা জী, ভূপেন্দ্ৰ চৌধুৰী জী, শ্ৰী নন্দগোপাল গুপ্তা জী, অনিল শৰ্মা জী, ধৰ্ম সিংহ সৈনী জী, অশোক কটাৰিয়া জী, শ্ৰী জি এছ ধৰ্মেশ জী, সংসদৰ মোৰ বন্ধু ডাক্তৰ মহেশ শৰ্মা জী, শ্ৰী সুৰেন্দ্ৰ সিংহ নাগৰ জী, শ্ৰী ভোলা সিংহ জী, স্থানীয় বিধায়ক শ্ৰী ধীৰেন্দ্ৰ সিংহ জী, মঞ্চত বিৰাজমান অন্য সকলো জনপ্ৰতিনিধিগণ আৰু বিশাল সংখ্যাত আমাক সকলোকে আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।
আপোনালোক সকলোকে, দেশৰ জনসাধাৰণক, উত্তৰ প্ৰদেশৰ আমাৰ কোটি কোটি ভাতৃ আৰু ভগ্নীক নইদা ইণ্টাৰনেচনেল এয়াৰপৰ্টৰ ভূমিপূজনৰ বহুত বহুত অভিনন্দন। আজি এই এয়াৰপৰ্টৰ ভূমিপূজনৰ লগে লগে দাউ জী মেলাৰ বাবে প্ৰসিদ্ধ জেৱৰো আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত অংকিত হৈ গ’ল। ইয়াৰ বহুত ডাঙৰ লাভ দিল্লী-এনচিআৰ আৰু পশ্চিম ইউপিৰ কোটি কোটি মানুহৰ হ’ব। মই ইয়াৰ বাবে আপোনালোক সকলোকে, সমগ্ৰ দেশক অভিনন্দন জনাইছো।
বন্ধুসকল,
২১শ শতিকাৰ নতুন ভাৰতে আজি ইটোতকৈ সিটো উন্নত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণ কৰি আছে। উন্নত পথ, উন্নত ৰে’ল নেটৱৰ্ক, উন্নত এয়াৰপৰ্ট, এয়া কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টেই নহয়, বৰং এইবিলাকে সমগ্ৰ ক্ষেত্ৰৰ কায়াকল্প কৰি দিয়ে, মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলাই দিয়ে। দুখীয়া হওক বা মধ্যম বৰ্গ, কৃষক হওক বা ব্যৱসায়ী, শ্ৰমিক হওক বা উদ্যমী, প্ৰত্যেকেই ইয়াৰ বহুত বহুত লাভ পায়। ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ শক্তি আৰু বাঢ়ি যায় যেতিয়া তাৰ সৈতে ছিমলেছ কানেক্টিভিটি থাকে, লাষ্ট মাইল কানেক্টিভিটি থাকে। নইদা ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট কানেক্টিভিটিৰ দিশৰ পৰাও এটা ভাল মডেল হ’ব। ইয়ালৈ অহাযোৱাৰ বাবে টেক্সিৰ পৰা মেট্ৰ’ আৰু ৰে’ললৈকে, সকলো প্ৰকাৰৰ connectivity হ’ব। এয়াৰপৰ্টৰ পৰা ওলায়েই আপুনি পোনপটীয়াকৈ যমুনা এক্সপ্ৰেছৱেলৈ আহিব পাৰে, নইদা-গ্ৰেটাৰ নইদা এক্সপ্ৰেছৱেলৈ যাব পাৰে। ইউপি, দিল্লী, হাৰিয়ানা য’লৈকে যাবলগীয়া নহওক, অলপ সময়তে পেৰিফেৰেল এক্সপ্ৰেছৱেত গৈ পাব পাৰে। আৰু এতিয়া তো দিল্লী-মুম্বাই এক্সপ্ৰেছৱেও সাজু হৈ উঠিব। তাৰ পৰাও বহু চহৰলৈ যোৱাটো সহজ হৈ পৰিব। ইমানেই নহয়, ইয়াৰ পৰা dedicated freight corridorৰ বাবেও পোনপটীয়া কানেক্টিভিটি হ’ব। এফালে, নইদা ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট উত্তৰ ভাৰতৰ logistic গেটৱে হ’ব। ই এই সমগ্ৰ ক্ষেত্ৰখনক নেচনেল গতিশক্তি মাষ্টাৰ প্লেনৰ এক শক্তিশালী প্ৰতিবিম্ব কৰি তুলিব।
বন্ধুসকল,
আজি দেশত যিমান দ্ৰুতগতিত এভিয়েচন ছেক্টৰত বৃদ্ধি হৈ আছে, যিমান দ্ৰুতগতিত ভাৰতীয় কোম্পানীসমূহে বহু নতুন বিমান ক্ৰয় কৰি আছে, তেওঁলোকৰ বাবেও নইদা ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টৰ বহুত ডাঙৰ ভূমিকা হ’ব। এই এয়াৰপৰ্ট, বিমানৰ তত্বাৱধান, ৰিপেয়াৰ আৰু অপাৰেচনৰো দেশৰ সবাতোকৈ ডাঙৰ চেণ্টাৰ হ’ব। ইয়াত ৪০ একৰত Maintenance, Repair and Overhaul – MRO সুবিধা হ’ব, যি দেশ-বিদেশৰ বিমানক ছাৰ্ভিচ দিব আৰু বহুত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। আপুনি কল্পনা কৰক, আজিও আমি নিজৰ ৮৫ শতাংশ বিমান MRO সেৱাৰ বাবে বিদেশলৈ পঠিয়াওঁ। আৰু এই কামত বছৰি ১৫ হাজাৰ কোটি টকা খৰচ হয়, ৩০ হাজাৰ কোটিত এই প্ৰজেক্ট প্ৰস্তুত হ’ব। কেৱল ৰিপেয়াৰিঙৰ বাবে ১৫ হাজাৰ কোটি বাহিৰলৈ যায়। হাজাৰ হাজাৰ কোটি টকা খৰচ হয়। যাৰ অধিকাংশ অন্য দেশলৈ যায়। এতিয়া এই এয়াৰপৰ্টে এই স্থিতিকো সলনি কৰাত সহায় কৰিব।
ভাতৃ আৰু ভগ্নীসকল,
এই এয়াৰপৰ্টৰ মাধ্যমত প্ৰথমবাৰ দেশত integrated multi-modal cargo hubৰ কল্পনাও সাকাৰ হৈ আছে। ইয়াৰ জৰিয়তে এই সমগ্ৰ ক্ষেত্ৰৰ বিকাশে এক নতুন গতি লাভ কৰিব, এটা নতুন উড়ান পাব। আমি সকলোৱে এই কথা জানো যে যি ৰাজ্যৰ সীমা সমুদ্ৰৰে সংলগ্ন তেওঁলোকৰ বাবে বন্দৰ, প’ৰ্ট বহুত ডাঙৰ asset। বিকাশৰ বাবে তেওঁলোকৰ এটা বহুত ডাঙৰ শক্তি কামত আহে। কিন্তু ইউপিৰ দৰে land-locked ৰাজ্যৰ বাবে এই ভূমিকা এয়াৰপৰ্টৰ থাকে। ইয়াত আলীগড়, মথুৰা, মেৰঠ, আগ্ৰা, বিজনৌৰ, মুৰাদাবাদ, বৰেললীৰ দৰে বহু ঔদ্যোগিক ক্ষেত্ৰ আছে। ইয়াত ছাৰ্ভিচ ছেক্টৰৰ ডাঙৰ ইক’ছিষ্টেমো আছে আৰু এগ্ৰিকালচাৰ ছেক্টৰতো পশ্চিম উত্তৰ প্ৰদেশৰ বিশেষ অংশীদাৰিত্ব আছে। এতিয়া এই ক্ষেত্ৰসমূহৰ শক্তিও বহুত বেছি বাঢ়ি যাব। সেয়ে এই ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টে এক্সপ’ৰ্টৰ এটা বহুত ডাঙৰ কেন্দ্ৰক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে পোনপটীয়াকৈ কানেক্ট কৰিব। এতিয়া ইয়াৰ কৃষক বন্ধুসকল, বিশেষকৈ ক্ষুদ্ৰ কৃষকে ফল, পাছলি, মাছৰ দৰে সোনকালে বেয়া হোৱা সামগ্ৰী পোনপটীয়াকৈ এক্সপ’ৰ্ট কৰিব পাৰিব। আমাৰ যি খুৰ্জা ক্ষেত্ৰৰ কলাকাৰ আছে, মেৰঠৰ স্পৰ্ট ইণ্ডাষ্ট্ৰী আছে, সাহাৰাণপুৰৰ ফাৰ্ণিচাৰ আছে, মুৰাদাবাদৰ পিতল উদ্যোগ আছে, আগ্ৰাৰ ফুটৱিয়েৰ আৰু ‘পেঠা’ (মিঠাই) আছে, পশ্চিম ইউপিৰ অনেক MSMEsকো বিদেশী মাৰ্কেটলৈ যাবলৈ এতিয়া অধিক সহজ হ’ব।
বন্ধুসকল,
যিকোনো ক্ষেত্ৰলৈ এয়াৰপৰ্ট আহিলে পৰিৱৰ্তনৰ এটা এনেকুৱা চক্ৰ আৰম্ভ হয়, যি চৌপাশক লাভবান কৰে। বিমান বন্দৰৰ নিৰ্মাণৰ সময়ত কৰ্মসংস্থাপনৰ হাজাৰ হাজাৰ সুযোগ সৃষ্টি হয়। বিমান বন্দৰক সুচাৰুৰূপে চলাবলৈও হাজাৰ হাজাৰ লোকৰ আৱশ্যক হয়। পশ্চিম ইউপিৰ হাজাৰ হাজাৰ লোকক এই এয়াৰপৰ্টে নতুন কৰ্মসংস্থাপনো দিব। ৰাজধানীৰ ওচৰত হোৱা বাবে আগতে এনে ক্ষেত্ৰক এয়াৰপৰ্টৰ দৰে সুবিধাৰ সৈতে সংযুক্ত কৰা হোৱা নাছিল। ধাৰণা কৰা হৈছিল যে দিল্লীত তো এয়াৰপৰ্ট আৰু অন্য সুবিধাবিলাক আছেই। আমি এই ধাৰণা সলনি কৰিলো। আজি চাওক, আমি হিন্দন এয়াৰপৰ্টক যাত্ৰী সেৱাৰ বাবে আৰম্ভ কৰিলো। এনেদৰে হাৰিয়ানাৰ হিছাৰতো এয়াৰপৰ্টৰ ওপৰত দ্ৰুতগতিত কাম চলি আছে।
ভাতৃ আৰু ভগ্নী সকল,
যেতিয়া এয়াৰ কানেক্টিভিটি বাঢ়ে, তেতিয়া টুৰিজমো সিমানেই বেছি জাতিস্কাৰ হয়। আমি সকলোৱে দেখিছো যে মাতা বৈষ্ণোদেৱীৰ যাত্ৰাই হওক বা কেদাৰনাথ যাত্ৰা, হেলিকপ্টাৰ সেৱাৰে সংলগ্ন কৰাৰ পিছত তাত শ্ৰদ্ধালুসকলৰ সংখ্যা নিৰন্তৰ বাঢ়ি আছে। পশ্চিম ইউপিৰ প্ৰসিদ্ধ টুৰিষ্ট আৰু আস্থাৰে সংলগ্ন ডাঙৰ কেন্দ্ৰসমূহৰ বাবে নইদা ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টেও ইয়াত কাম কৰিব।
বন্ধুসকল,
স্বাধীনতাৰ ৭ দশকৰ পিছত, প্ৰথমবাৰ উত্তৰ প্ৰদেশে সেয়া পাবলৈ আৰম্ভ কৰিছে, যাৰবাবে সদায় ই যোগ্য। ডবল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়াসৰ জৰিয়তে আজি উত্তৰ প্ৰদেশ দেশৰ সকলোতকৈ কানেক্টেড ক্ষেত্ৰত পৰিণত হৈ আছে। ইয়াত পশ্চিম ইউপিতো লাখ লাখ কোটি কোটি টকাৰ প্ৰজেক্টৰ ওপৰত দ্ৰুতগতিত কাম চলি আছে। ৰেপিড ৰে’ল কৰিডৰেই হওক, এক্সপ্ৰেছৱে হওক, মেট্ৰো কানেক্টিভিটি হওক, পূব বা পশ্চিম সমুদ্ৰৰ পৰা ইউপিক সংযুক্ত কৰা ডেডিকেটেড ফ্ৰেট কৰিডৰ হওক, এয়া আধুনিক হোৱা উত্তৰ প্ৰদেশৰ নতুন পৰিচয় হৈ আছে। স্বাধীনতাৰ ইমান বছৰলৈকে তো উত্তৰ প্ৰদেশক ইতিকিং শুনিবলৈ নিৰুপায় কৰি দিয়া হৈছিল। কেতিয়াবা দৰিদ্ৰতাৰ ইতিকিং, কেতিয়াবা জাত-পাতৰ ৰাজনীতিৰ ইতিকিং, কেতিয়াবা হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ ইতিকিং, কেতিয়াবা বেয়া ৰাস্তাৰ ইতিকিং, কেতিয়াবা উদ্যোগৰ অভাৱৰ ইতিকিং, কেতিয়াবা বিকাশৰ ইতিকিং হয়, কেতিয়াবা অপৰাধী- মাফিয়া আৰু ৰাজনীতিৰ সমিলমিলৰ ইতিকিং। ইউপিৰ কোটি কোটি সামৰ্থ্যবান মানুহৰ এইটোৱেই প্ৰশ্ন আছিল যে সঁচাকৈয়ে কেতিয়াবা ইউপিৰ এখন সকাৰাত্মক ছবি গঢ় লৈ উঠিব পাৰিব নে নোৱাৰে।
ভাতৃ আৰু ভগ্নীসকল,
আগৰ চৰকাৰসমূহে যি উত্তৰ প্ৰদেশক অভাৱ আৰু অন্ধকাৰত ৰাখিছিল, আগৰ চৰকাৰসমূহে যি উত্তৰ প্ৰদেশক সদায় মিছা সপোন দেখুৱালে, সেই উত্তৰ প্ৰদেশে আজি ৰাষ্ট্ৰীয়ই নহয়, আন্তঃৰাষ্ট্ৰীয় চাপ এৰি আছে। আজি ইউপিত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ শিক্ষণ প্ৰতিষ্ঠান হৈ আছে। আন্তঃৰাষ্ট্ৰীয় স্তৰৰ হাইৱে, এক্সপ্ৰেছৱে, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ৰে’ল কানেক্টিভিটি, আজি ইউপি মাল্টিনেচনেল কোম্পানীৰ বিনিয়োগৰ চেণ্টাৰ, এই সকলো আজি আমাৰ ইউপিত হৈ আছে। সেয়ে আজি দেশ আৰু দুনিয়াৰ বিনিয়োগকাৰীয়ে কয়- উত্তৰ প্ৰদেশ অৰ্থাৎ উত্তম সুবিধা, নিৰন্তৰ বিনিয়োগ। ইউপিৰ এই আন্তঃৰাষ্ট্ৰীয় পৰিচয়ক ইউপিৰ ইণ্টাৰনেচনেল এয়াৰ কানেক্টিভিটিয়ে নতুন পৰিসৰ দি আছে। অহা ২-৩ বছৰত যেতিয়া এই এয়াৰপৰ্টে কাম কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া ইউপি ৫ ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টযুক্ত ৰাজ্য হৈ যাব।
বন্ধুসকল,
ইউপি আৰু কেন্দ্ৰত আগতে যি চৰকাৰসমূহ আছিল, তেওঁলোকে কেনেকৈ পশ্চিম উত্তৰ প্ৰদেশৰ বিকাশক আওকাণ কৰিছিল, তাৰ এটা উদাহৰণ এই জেৱৰ এয়াৰপৰ্টো। ২ দশক পূৰ্বে ইউপিৰ ভাজপা চৰকাৰে এই প্ৰজেক্টৰ সপোন দেখিছিল কিন্তু পিছত এই এয়াৰপৰ্ট বহু বছৰলৈকে দিল্লী আৰু লক্ষ্ণৌত আগতে যি চৰকাৰসমূহ আছিল, তেওঁলোকৰ টনা-আঁজোৰাত ওলমি থাকিল। ইউপিত আগতে যি চৰকাৰ আছিল তেওঁলোকে তো অবাবত চিঠি লিখি, তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰক কৈ দিছিল যে এই এয়াৰপৰ্টৰ প্ৰজেক্ট বন্ধ কৰি দিব লাগে। এতিয়া ডবল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়াসৰ জৰিয়তে আজি আমি সেই এয়াৰপৰ্টৰে ভূমিপূজনৰ সাক্ষী হৈ আছো।
পিছে বন্ধুসকল, মই আজি এটা কথা আৰু ক’ম। মোদী-যোগীয়ে যদি বিচাৰিলে হেতেন, তেন্তে ২০১৭ত চৰকাৰ গঠন হওঁতেই ইয়ালৈ আহি ভূমিপূজন কৰি দিলে হেতেন। ফটো উঠালে হেতেন, বাতৰি কাকতত প্ৰেছ নোটো চপা হ’ল হেতেন, আৰু যদি এনেকুৱা আমি কৰিলো হেতেন তেতিয়া আগৰ চৰকাৰসমূহৰ অভ্যাস হোৱাৰ দৰে আমি কিবা ভুল কৰি আছো, এনেকুৱাও মানুহৰ নালাগিল হেতেন। আগতে ৰাজনৈতিক লাভৰ বাবে হুৰমুৰ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ ঘোষণা হৈছিল। কাগজৰ ওপৰত আঁচৰ উপৰি আঁচ টানি যোৱা হৈছিল, কিন্তু প্ৰজেক্ট ভূমিত কেনেকৈ নামিব, বাধাবিলাক দূৰ কেনেকৈ কৰিব, ধনৰ ব্যৱস্থা ক’ৰ পৰা কৰিব ইয়াৰ ওপৰত বিচাৰেই নকৰিছিল। এই কাৰণেই প্ৰজেক্টবিলাক দশক দশক ধৰি প্ৰস্তুতেই নহৈছিল। ঘোষণা হৈ গৈছিল। প্ৰজেক্টৰ ব্যয় কেইবাগুণ বাঢ়ি গৈছিল। আকৌ অজুহাত আৰম্ভ হৈছিল, দেঢ়ি হোৱাৰ দোষ আনৰ ওপৰত জাপি দিয়াৰ কছৰত হৈছিল। কিন্তু আমি এনেকুৱা কৰা নাই, কিয়নো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বাবে ৰাজনীতিৰ নহয়, বৰং ৰাষ্ট্ৰনীতিৰ অংশ। ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ এক দায়বদ্ধতা। আমি এই কথা সুনিশ্চিত কৰি আছো যে প্ৰজেক্টবিলাক পৰি নাথাকক, লাগি নধৰক, প্ৰজেক্ট বিলাক ভাগি নপৰক। আমি এই কথা সুনিশ্চিত কৰিবলৈ প্ৰয়াস কৰো যে নিৰ্ধাৰিত সময়ৰ ভিতৰতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম সম্পূৰ্ণ কৰা হওক। দেঢ়ি হ’লে আমি জৰিমনাৰো ব্যৱস্থা কৰিছো।
বন্ধুসকল,
আগতে কৃষকৰ মাটিক লৈ যেনেকুৱা খেলিমেলি হৈছিল, সেয়াও প্ৰজেক্টবিলাকৰ পলম হোৱাত বহুত ডাঙৰ কাৰণ হৈ পৰিছিল। ইয়াৰ আশেপাশে আগৰ চৰকাৰসমূহৰ সময়ৰ অনেক এনেকুৱা প্ৰজেক্ট আছে, যাৰ বাবে কৃষকৰ পৰা মাটি তো লোৱা হ’ল কিন্তু তাত হয় ক্ষতিপূৰণৰে জড়িত সমস্যা থাকিল বা আকৌ বছৰৰ পিছত বছৰ ধৰি সেই মাটি এনেয়ে পৰি আছে। আমি কৃষকৰ হিতত, প্ৰজেক্টৰ হিতত, দেশৰ হিতত এই বাধাসমূহো দূৰ কৰিলো। আমি এই কথা সুনিশ্চিত কৰিলো যে প্ৰশাসনে কৃষকৰ পৰা সময়মতে সম্পূৰ্ণ পাৰদৰ্শিতাৰে মাটি ক্ৰয় কৰক। আৰু তেতিয়াই ৩০ হাজাৰ কোটি টকাৰ এই পৰিকল্পনাত ভূমিপূজনৰ বাবে আমি আগবাঢ়িলো।
বন্ধুসকল,
আজি প্ৰতিজন সাধাৰণ দেশবাসীৰ বাবে কোৱালিটী ইনফ্ৰাষ্ট্ৰাকচাৰ, কোৱালিটী সুবিধা সুনিশ্চিত কৰা হৈছে। দেশৰ সাধাৰণ নাগৰিকে বিমান যাত্ৰা কৰিব পাৰক, এই সপোনো আজি উড়ান যোজনাই সঁচা কৰি দেখুৱালে। আজি যেতিয়া কোনো বন্ধুৱে আনন্দিত হৈ কয় যে নিজৰ ঘৰৰ ওচৰৰ বিমান বন্দৰৰ পৰা তেওঁ নিজৰ মাক-দেউতাকৰ সৈতে প্ৰথমবাৰ বিমান যাত্ৰা কৰিছে, যেতিয়া তেওঁ নিজৰ ফটো বিলায়, তেতিয়া মোৰ ধাৰণা হয় যে আমাৰ প্ৰয়াস সফল হৈছে। মোৰ আনন্দ হয় যে অকল ইউপিতে যোৱা বছৰবিলাকত ৮টা এয়াৰপৰ্টৰ পৰা ফ্লাইট আৰম্ভ হৈছে, কেইবাটাৰ ওপৰত এতিয়াও কাম চলি আছে।
ভাতৃ আৰু ভগ্নীসকল,
আমাৰ দেশত কিছুমান ৰাজনৈতিক দলে সদায় নিজৰ স্বাৰ্থক সকলোৰে আগত ৰাখিছে। এই লোকসকলৰ ধাৰণা হৈছে- নিজৰ স্বাৰ্থ, কেৱল নিজৰ পৰিয়ালৰ বা য’ত থাকে সেই এলেকাৰ বিকাশকেই তেওঁলোকে বিকাশ বুলি ভাবে। যিহেতু আমি ৰাষ্ট্ৰ প্ৰথম ভাবনাৰ ওপৰত চলো। সবকা সাথ-সবকা বিকাশ, সবকা বিশ্বাস-সবকা প্ৰয়াস, এয়াই আমাৰ মন্ত্ৰ। ইউপিৰ মানুহ সাক্ষী হৈ আছে, দেশৰ মানুহ সাক্ষী হৈ আছে, যোৱা কেইসপ্তাহ মানত কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা কেনেকুৱা ৰাজনীতি হৈছে, কিন্তু ভাৰত বিকাশৰ পথৰ পৰা আঁতৰা নাই। কিছু সময়ৰ আগতে ভাৰতে ১০০ কোটি ভেকচিন ড’জৰ কঠিন স্তৰ অতিক্ৰম কৰিলে। এই মাহৰে আৰম্ভণিতে ভাৰতে ২০৭০ চনলৈকে নেট জিৰ’ৰ লক্ষ্যৰ ঘোষণা কৰিছে। কিছু সময়ৰ আগতে কুশীনগৰত ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টৰ লোকাৰ্পণ কৰা হৈছে। ইউপিতে একেলগে ৯খন মেডিকেল কলেজৰ আৰম্ভণি কৰি দেশৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰক শক্তিশালী কৰা হৈছে। মহোবাত নতুন ডেম আৰু সিঞ্চন পৰিকল্পনাৰ লোকাৰ্পণ হৈছে আৰু ঝাঞ্চিত ডিফেঞ্চ কৰিডৰৰ কামে গতি লৈছে, যোৱা সপ্তাহতে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে ইউপিবাসীক সমৰ্পিত কৰা হৈছে। তাৰ এদিন পূৰ্বে আমি জনজাতীয় গৌৰৱ দিৱস পালন কৰিলো, মধ্যপ্ৰদেশত এক বহুত ভব্য আৰু আধুনিক ৰে’লৱে ষ্টেচনৰ লোকাৰ্পণ কৰা হৈছে। এই মাহতে মহাৰাষ্ট্ৰৰ পন্ধৰপুৰত বহু কিলোমিটাৰৰ নেচনেল হাইৱেৰ লোকাৰ্পণ আৰু শিলান্যাস কৰা হৈছে। আৰু এতিয়া আজি নইদা ইণ্টাৰনেচনেল এয়াৰপৰ্টৰ ভূমিপূজন হৈছে। আমাৰ ৰাষ্ট্ৰভক্তিৰ সন্মুখত, আমাৰ ৰাষ্ট্ৰসেৱাৰ সন্মুখত কোনো ৰাজনৈতিক দলৰ স্বাৰ্থনীতি কেতিয়াও তিকিব নোৱাৰে।
বন্ধুসকল,
আজি দেশত ২১ শতিকাৰ আৱশ্যকতাসমূহ মনত ৰাখি অনেক আধুনিক প্ৰজেক্টৰ ওপৰত দ্ৰুতগতিত কাম চলি আছে। এই গতিয়েই, এই প্ৰগতিলৈকে সক্ষম আৰু শক্তিশালী ভাৰতৰ গেৰাণ্টী। এই প্ৰগতিয়েই, সুবিধা, সুগমতাৰ পৰা সাধাৰণ ভাৰতীয়ৰ সমৃদ্ধি সুনিশ্চিত কৰিব। আপোনালোক সকলোৰে আশীৰ্বাদত, ডবল ইঞ্জিনৰ চৰকাৰৰ সংকল্পৰে ইউপিয়ে ইয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব। আমি একেলগে আগবাঢ়িম, এই বিশ্বাসেৰে আপোনালোকক আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্টৰ বাবে আকৌ এবাৰ বহুত বহুত অভিনন্দন।
মোৰ লগত কওক-
ভাৰত মাতা কী জয়।
ভাৰত মাতা কী জয়।
ভাৰত মাতা কী জয়।
বহুত বহুত ধন্যবাদ।
*****
DS/AKJ/BM
Speaking at a programme in Noida. #नए_यूपी_की_उड़ान https://t.co/KBDRaJnu0e
— Narendra Modi (@narendramodi) November 25, 2021
21वीं सदी का नया भारत आज एक से बढ़कर एक बेहतरीन आधुनिक infrastructure का निर्माण कर रहा है।
— PMO India (@PMOIndia) November 25, 2021
बेहतर सड़कें, बेहतर रेल नेटवर्क, बेहतर एयरपोर्ट ये सिर्फ इंफ्रास्ट्रक्चर प्रोजेक्ट्स ही नहीं होते बल्कि ये पूरे क्षेत्र का कायाकल्प कर देते हैं, लोगों का जीवन पूरी तरह से बदल देते हैं: PM
नोएडा इंटरनेशनल एयरपोर्ट उत्तरी भारत का logistic गेटवे बनेगा।
— PMO India (@PMOIndia) November 25, 2021
ये इस पूरे क्षेत्र को नेशनल गतिशक्ति मास्टरप्लान का एक सशक्त प्रतिबिंब बनाएगा: PM @narendramodi
हवाई अड्डे के निर्माण के दौरान रोज़गार के हजारों अवसर बनते हैं।
— PMO India (@PMOIndia) November 25, 2021
हवाई अड्डे को सुचारु रूप से चलाने के लिए भी हज़ारों लोगों की आवश्यकता होती है।
पश्चिमी यूपी के हजारों लोगों को ये एयरपोर्ट नए रोजगार भी देगा: PM @narendramodi
आज़ादी के 7 दशक बाद, पहली बार उत्तर प्रदेश को वो मिलना शुरु हुआ है, जिसका वो हमेशा से हकदार रहा है।
— PMO India (@PMOIndia) November 25, 2021
डबल इंजन की सरकार के प्रयासों से, आज उत्तर प्रदेश देश के सबसे कनेक्टेड क्षेत्र में परिवर्तित हो रहा है: PM @narendramodi
पहले की सरकारों ने जिस उत्तर प्रदेश को अभाव और अंधकार में बनाए रखा,
— PMO India (@PMOIndia) November 25, 2021
पहले की सरकारों ने जिस उत्तर प्रदेश को हमेशा झूठे सपने दिखाए,
वही उत्तर प्रदेश आज राष्ट्रीय ही नहीं, अंतर्राष्ट्रीय छाप छोड़ रहा है: PM @narendramodi
यूपी में और केंद्र में पहले जो सरकारें रहीं, उन्होंने कैसे पश्चिमी उत्तर प्रदेश के विकास को नजरअंदाज किया, उसका एक उदाहरण ये जेवर एयरपोर्ट भी है।
— PMO India (@PMOIndia) November 25, 2021
2 दशक पहले यूपी की भाजपा सरकार ने इस प्रोजेक्ट का सपना देखा था: PM @narendramodi
लेकिन बाद में ये एयरपोर्ट अनेक सालों तक दिल्ली और लखनऊ में पहले जो सरकारें रहीं, उनकी खींचतान में उलझा रहा।
— PMO India (@PMOIndia) November 25, 2021
यूपी में पहले जो सरकार थी उसने तो बाकायदा चिट्ठी लिखकर, तब की केंद्र सरकार को कह दिया था कि इस एयरपोर्ट के प्रोजेक्ट को बंद कर दिया जाए: PM @narendramodi
अब डबल इंजन की सरकार के प्रयासों से आज हम उसी एयरपोर्ट के भूमिपूजन के साक्षी बन रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) November 25, 2021
इंफ्रास्ट्रक्चर हमारे लिए राजनीति का नहीं बल्कि राष्ट्रनीति का हिस्सा है।
— PMO India (@PMOIndia) November 25, 2021
हम ये सुनिश्चित कर रहे हैं कि प्रोजेक्ट्स अटके नहीं, लटके नहीं, भटके नहीं।
हम ये सुनिश्चित करने का प्रयास करते हैं कि तय समय के भीतर ही इंफ्रास्ट्रक्चर का काम पूरा किया जाए: PM @narendramodi
हमारे देश में कुछ राजनीतिक दलों ने हमेशा अपने स्वार्थ को सर्वोपरि रखा है। इन लोगों की सोच रही है- अपना स्वार्थ, सिर्फ अपना खुद का, परिवार का विकास।
— PMO India (@PMOIndia) November 25, 2021
जबकि हम राष्ट्र प्रथम की भावना पर चलते हैं।
सबका साथ-सबका विकास, सबका विश्वास-सबका प्रयास, हमारा मंत्र है: PM @narendramodi
इंफ्रास्ट्रक्चर प्रोजेक्ट्स की ताकत तब और बढ़ जाती है, जब गरीब हो या मध्यम वर्ग, किसान हो या व्यापारी, मजदूर हो या उद्यमी, हर किसी को इनका लाभ मिलता है। नोएडा इंटरनेशनल एयरपोर्ट इसका एक बेहतरीन मॉडल बनेगा। यह उत्तरी भारत का Logistic गेटवे बनेगा। pic.twitter.com/JlfxlHA05s
— Narendra Modi (@narendramodi) November 25, 2021
आज देश और दुनिया के निवेशक कहते हैं- उत्तर प्रदेश यानि उत्तम सुविधा, निरंतर निवेश। pic.twitter.com/Mt315LnYPq
— Narendra Modi (@narendramodi) November 25, 2021
हम ये सुनिश्चित करने का प्रयास करते हैं कि तय समय के भीतर ही इंफ्रास्ट्रक्चर प्रोजेक्ट का काम पूरा किया जाए। देरी होने पर जुर्माने का भी प्रावधान है। pic.twitter.com/ghI1L2jFR6
— Narendra Modi (@narendramodi) November 25, 2021
सबका साथ-सबका विकास, सबका विश्वास-सबका प्रयास, हमारा मंत्र है… pic.twitter.com/C3GlsP2f7l
— Narendra Modi (@narendramodi) November 25, 2021
A futuristic, people-friendly Noida airport! pic.twitter.com/ImqUVAVUuf
— Narendra Modi (@narendramodi) November 25, 2021