পি এম ইণ্ডিয়া
নমস্কাৰ বন্ধুসকল,
মহামহিম আব্দুল্লা শ্বাহিদ জীয়ে সভাপতিৰ পদত অধ্যক্ষতা কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছো৷
আপুনি অধ্যক্ষৰ পদ অলংকৃত কৰাটো সকলো উন্নয়নশীল দেশ, বিশেষকৈ ক্ষুদ্ৰ দ্বীপৰ উন্নয়নমূলক ৰাজ্যসমূহৰ বাবে যথেষ্ট গৌৰৱৰ কথা৷
অধ্যক্ষ মহোদয়,
বিগত ডেৰ বছৰ ধৰি সমগ্ৰ বিশ্বই বিগত ১০০ বছৰৰ ভিতৰতে সৰ্ববৃহৎ মহামাৰীৰ মোকাবিলা কৰিছে৷ এই ভয়ংকৰ মহামাৰীত প্রাণহানি হোৱা সকলো লোকৰ প্ৰতি মই শ্রদ্ধাঞ্জলি জনাইছো আৰু তেওঁলোকৰ পৰিয়ালবর্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷
অধ্যক্ষ মহোদয়,
মই সেই দেশক প্ৰতিনিধিত্ব কৰিছো যি দেশক ‘গণতন্ত্রৰ মা’ আখ্যা দিয়ে৷ গণতন্ত্র আমাৰ হাজাৰ হাজাৰ বছৰৰ মহান পৰম্পৰা৷ এই বছৰ ১৫ আগষ্টত ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষত প্রৱেশ কৰিছে। আমাৰ বৈচিত্ৰতাই আমাৰ শক্তিশালী গণতন্ত্রৰ পৰিচয় দাঙি ধৰে৷ এয়া এনে এখন দেশ, য’ত কেইবা ডজন ভাষা আছে, শ শ উপ–ভাষা আছে৷ বিভিন্ন আচাৰ–ব্যৱহাৰ, খাদ্যাভ্যাস আছে৷ এইবোৰে কিছু এক প্ৰাণৱন্ত গণতন্ত্রৰ উজ্জ্বল উদাহৰণ।
এই ভাৰতৰ গণতন্ত্রৰ শক্তি ইমানেই যে এদিন এটি সৰু শিশুৱে যি কেতিয়াবা কোনো ৰে’ল ষ্টেচনৰ চাহৰ দোকানত দেউতাকক সহায় কৰিছিল, তেওঁ আজি চতুর্থবাৰলৈ ভাৰতৰ প্রধানমন্ত্রী হিচাপে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত বক্তব্য আগবঢ়াইছে।
সর্বাধিক সময় ধৰি গুজৰাটৰ মুখ্যমন্ত্রী আৰু এতিয়া বিগত সাত বছৰ ধৰি ভাৰতৰ প্রধানমন্ত্রী হিচাপে চৰকাৰক নেতৃত্ব প্ৰদানৰ ভূমিকা পালনৰ জৰিয়তে দেশবাসীৰ সেৱাত মোৰ ২০ বছৰ সম্পূর্ণ হ’ব৷
মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো যে গণতন্ত্রত সেৱা আগবঢ়াব পাৰে৷ হয়, গণতন্ত্রই সেৱা দিছে।
অধ্যক্ষ মহোদয়,
একাত্ম মানৱ দর্শনৰ প্রণেতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী, একাত্ম মানৱ দর্শন অর্থাৎ, সংহত মানৱতা বা ‘স্বৰ পৰা ‘সমষ্টি’লৈকে উন্নয়ন আৰু বিস্তাৰৰ সহযাত্রা বা একেলগে অগ্ৰসৰ হোৱা৷
নিজৰ বিকাশ ব্যক্তিৰ পৰা সমাজ, জাতি আৰু সমগ্র মানৱতাৰ বিকাশ। তেওঁৰ এই ভাৱনা অন্ত্যোদয়াৰ প্রতি সমর্পিত। অন্ত্যোদয়াক বৰ্তমান কোৱা হৈছে–য’ত কোনো লোক পিফপৰি নাথাকে৷
এই ভাৱনাৰে ভাৰত আজি ঐক্যবদ্ধ। সতাপূৰ্ণ উন্নয়নৰ দিশত আগুৱাই গৈছে৷ উন্নয়নে যাতে সকলোকে সংহত কৰে, সকলোকে স্পৰ্শ কৰে, সর্বব্যাপী হয়, সকলোকে পালন কৰে–সেই ক্ষেত্ৰত আমি অগ্রাধিকাৰ দিছো৷
বিগত সাত বছৰত ভাৰতে ৪৩ কোটিতকৈ অধিক লোকক বেংকিং ব্যৱস্থাৰ সৈতে জড়িত কৰা হৈছে, যিসকল এতিয়ালৈকে তাৰ পৰা বঞ্চিত আছিল৷ আজি ৩৬ কোটিতকৈ অধিক এনে মানুহে বীমা সুৰক্ষা কবচ লাভ কৰিছে– যিসকলে এই সম্পর্কে ভাৱিবই পৰা নাছিল৷
৫০ কোটিতকৈ অধিক লোকক বিনামূলীয়া চিকিৎসাৰ সুবিধা দি ভাৰতে তেওঁলোকক উৎকৃষ্ট স্বাস্থ্য সেৱাৰ সৈতে জড়িত কৰিছে। ভাৰতত ৩ কোটি পকী গৃহ নিৰ্মাণ কৰি গৃহহীন পৰিয়ালসমূহক গৃহৰ মালিক কৰিছে।
অধ্যক্ষ মহোদয়,
প্ৰদূষিত পানী, কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত, বিশেষকৈ দৰিদ্র আৰু উন্নয়নশীল দেশসমূহৰ বাবে বহু ডাঙৰ সমস্যা। ভাৰতত এই সমস্যাসমূহৰ সমাধানৰ বাবে আমি ১৭ কোটিতকৈ অধিক গৃহত নলসংযোগী বিশুদ্ধ খোৱাপানী প্ৰদানৰ বৃহৎ অভিযান অব্যাহত ৰাখিছো।
বিশ্বৰ বৃহৎ বৃহৎ ৰেটিং সংস্থাসমূহে এইটো মানি লৈছে যে যিকোনো দেশৰ উন্নয়নৰ বাবে তাৰ নাগৰিকসকলৰ ভূমি আৰু গৃহৰ মালিকীস্বত্ত্বৰ অধিকাৰ আৰু মালিকীস্বত্ত্বৰ নথি থকাটো অতি জৰুৰী৷ বিশ্বৰ বৃহৎ বৃহৎ দেশত বিপুলসংখ্যক জনতাৰ মানুহৰ ওচৰত ভূমি আৰু গৃহৰ মালিকীস্বত্ত্বৰ অধিকাৰ নাই।
আজি আমি ভাৰতত ৬ লক্ষাধিক গাঁৱত ড্রোনৰ জৰিয়তে মানচিত্ৰ প্ৰস্তুত কৰি কোটি কোটি লোকক তেওঁলোকৰ ঘৰ আৰু ভূমিৰ ডিজিটেল নথি প্রদান কৰিছো৷
এই ডিজিটেল ৰেকৰ্ডে ভূমি সংক্রান্তীয় বিবাদ হ্রাসৰ লগতে বেংক ঋণ লাভৰ ক্ষমতাও বৃদ্ধি কৰিছে৷
অধ্যক্ষ মহোদয়,
আজি বিশ্বৰ প্রত্যেক ছজনৰ ভিতৰত এজন ভাৰতীয়। সেইবাবে যেতিয়া ভাৰতবাসীৰ উন্নতি হয়, তেতিয়া বিশ্বৰ উন্নয়নতো গতি আহে।
যেতিয়া ভাৰতৰ বিকাশ হয়, তেতিয়া বিশ্বৰ বিকাশ হয়। যেতিয়া ভাৰতত সংস্কাৰ হয়, তেতিয়া বিশ্বত পৰিৱর্তন আহে।
ভাৰতত বিজ্ঞান আৰু প্রযুক্তিভিত্তিক উদ্ভাৱনসমূহে বিশ্বক যথেষ্ট সহায় কৰিব পাৰে৷ আমাৰ প্রযুক্তি সমাধানসমূহৰ ব্যাপকতা আৰু সেইবোৰত তুলনামূলকভাৱে বহু কম বিনিয়োগৰ প্রয়োজনীয়তা, দুয়োটাই অতুলনীয়।
আমাৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেছ বা ইউপিআইৰ জৰিয়তে আজি ভাৰতত প্রতি মাহত ৩৫০কোটিতকৈও অধিক লেনদেন হয়৷ ভাৰতৰ টিকাকৰণ মঞ্চ ‘কো–উইন’ত একেদিনাই কোটি কোটি টিকাৰ ড’জ দিয়াৰ বাবে ডিজিটেল ছাপোর্ট প্ৰদান কৰা হৈছে।
অধ্যক্ষ মহোদয়,
সেৱা পৰম ধর্ম–এই মন্ত্রৰে মানি ভাৰতে সীমিত সম্পদ সত্ত্বেও টিকাৰ বিকাশ সাধন আৰু প্ৰস্তুতকৰণৰ ক্ষেত্রে মনে প্রাণে কাম কৰিছে। মই ৰাষ্ট্রসংঘৰ সাধাৰণ সভাক এই তথ্য জনাব বিচাৰো যে ভাৰতে বিশ্বৰ প্রথম ডিএনএ ভেকচিন প্ৰস্তুত কৰিছে, যি ১২ বছৰ ঊৰ্ধ্বৰ সকলোকে দিব পৰা যাব৷
এফালে, এম–আৰএনএ ভেকচিন ইয়াৰ ডেভেলপমেণ্টৰ শেষ পর্যায় আছে৷ ভাৰতৰ বৈজ্ঞানিকসকলে ক’ৰোনাৰ এক ন’জেল ভেকচিন প্ৰস্তুতৰ কামো যথেষ্ট আগুৱাই নিছে৷ মানৱতাৰ প্রতি নিজৰ দায়িত্ববোধৰ পৰা ভাৰতে পুনৰবাৰ বিশ্বৰ দৰিদ্রলোকসকক টিকা প্ৰদানৰ কাম আৰম্ভ কৰিছে।
মই আজি সমগ্ৰ পৃথিৱীৰ টিকা প্রস্তুতকৰ্তাসকলক আমন্ত্রণ জনাইছো৷ আহক, ভাৰতত আহি টিকা প্ৰস্তুত কৰক৷
অধ্যক্ষ মহোদয়,
আজি আমি সকলোৱে জানো যে মানৱ জীৱনত প্রযুক্তিৰ গুৰুত্ব কিমান৷ কিন্তু পৰিৱর্তিত বিশ্বত প্রযুক্তিৰ সৈতে গণতান্ত্রিক মূল্যবোধো সুনিশ্চিত কৰাৰ প্রয়োজন আছে৷
ভাৰতীয় বংশোদ্ভূত চিকিৎসকসকলে, আৱিষ্কাৰকসকলে, ইঞ্জিনিয়াৰসকলে, মেনেজাৰসকলে যি দেশতে নাথাকক কিয়, আমাৰ গণতান্ত্রিক মূল্যবোধ তেওঁলোকক মানৱতাৰ সেৱাত নিয়োজিত থকাৰ প্রেৰণা যোগাই আহিছে৷ এইটো মই এই ক’ৰোনাৰ সংকটকালত আৰু ভালদৰে প্রত্যক্ষ কৰিছো।
অধ্যক্ষ মহোদয়,
ক’ৰোনা মহামাৰীয়ে বিশ্বক এই শিক্ষা দিছে যে আন্তর্জাতিক অর্থনীতিক এতিয়া আৰু অধিক বৈচিত্র্যময় কৰিব লাগিব৷ সেইবাবে আন্তর্জাতিক মূল্য শৃংখলৰ বিস্তাৰ প্রয়োজনীয় আৰু অৱশ্যম্ভাবী।
আমাৰ আত্মনির্ভৰ ভাৰত অভিযান এই ভাৱনাৰ পৰাই প্রেৰণা লৈ আৰম্ভ কৰা হৈছে৷ আন্তর্জাতিক ‘ঔদ্যোগিক বৈচিত্ৰতা’ৰ বাবে ভাৰতে বিশ্বৰ এখন গণতান্ত্রিক আৰু বিশ্বস্ত অংশীদাৰ হৈ উঠিছে।
এই অভিযানত ভাৰতে অর্থনীতি আৰু বাস্তুবিদ্যা–উভয় ক্ষেত্রত উন্নত ভাৰসাম্য স্থাপন কৰিছে। বৃহৎ বৃহৎ উন্নত দেশসমূহৰ তুলনাত ‘ক্লাইমেট একচন’ৰ ক্ষেত্রত ভাৰতৰ প্রচেষ্টাসমূহ দেখিলে আপোনালোক সকলোৱে নিশ্চিতভাৱে গৌৰৱান্বিত হ’ব৷ আজি ভাৰতে দ্রুতগতিত ৪৫০ গিগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যৰে আগুৱাই গৈছে। মই ভাৰতক বিশ্বৰ আটাইতকৈ বৃহৎ ‘গ্রিন হাইড্র’জেন হাব’ হিচাপে গঢ়ি তোলাৰ অভিযানত চামিল হৈছো৷
অধ্যক্ষ মহোদয়,
আমি ভৱিষ্যৎ প্রজন্মক উত্তৰ দিব লাগিব যে যেতিয়া সিদ্ধান্ত লোৱাৰ সময় আছিল, তেতিয়া যিসকলে বিশ্বক পথ দেখুওৱাৰ দায়িত্ব আছিল, তেওঁওলোকে কি কৰিছিল? আজি বিশ্বৰ সন্মুখত ‘ৰিগ্রেছিভ থিংকিং’ আৰু সন্ত্রাসবাদৰ বিপদ ক্রমান্বয়ে বৃদ্ধি পাইছে।
এই পৰিস্থিতিত সমগ্ৰ বিশ্বত বিজ্ঞানভিত্তিক, যুক্তিভিত্তিক আধুনিক ভাৱনাৰ উন্নয়নৰ ভেটি গঢ়ি তুলিবই লাগিব।
বিজ্ঞানভিত্তিক দৃষ্টিভংগীক শক্তিশালী কৰিবলৈ ভাৰতে অভিজ্ঞতানির্ভৰ শিক্ষাক উৎসাহ যোগাইছে৷ আমাৰ দেশত হাজাৰ হাজাৰ বিদ্যালয়ত ‘অটল টিংকাৰিং লেব’ খোলা হৈছে, ‘ইনকিউবেটৰ’ প্ৰস্তুত কৰা হৈছে আৰ এক শক্তিশালী ‘ষ্টার্ট–আপ ইক’–ছিষ্টেম’ৰ বিকাশ সাধন কৰা হৈছে৷
আমাৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষপূৰ্তি উপলক্ষে ভাৰতে ৭৫টা এনে কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰিব, যিবোৰ ভাৰতৰ ছাত্র–ছাত্রীসকলে বিভিন্ন স্কুল–কলেজত প্ৰস্তুত কৰিছে৷
অধ্যক্ষ মহোদয়,
আনফালে, ‘ৰিগ্রেসিভ থিংকিং’ক লৈ যি দেশে সন্ত্রাসবাদক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, তেওঁলোকে এইটো বুজিব লাগিব যে সন্ত্রাসবাদ তেওঁলোকৰ বাবেও সমানেই ডাঙৰ বিপদ। এইটো সুনিশ্চিত কৰা অতি প্রয়োজন যে আফগানিস্তানৰ ভূমিক সন্ত্রাসবাদ সম্প্রসাৰণৰ বাবে আৰু সন্ত্রাসবাদী আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিবলৈ দিলে নহ’ব৷
আমি সতর্ক থাকিব লাগিব যাতে তাৰ সংবেদনশীল পৰিস্থিতিক কোনো দেশে নিজৰ নিহিত স্বার্থৰ বাবে এক হাথিয়াৰৰ দৰে ব্যৱহাৰ কৰাৰ চেষ্টা নকৰে৷
এই সময়ত আফগানিস্তানৰ জনগণৰ, সেই দেশৰ মহিলা আৰু শিশুসকলৰ, সেই দেশৰ সংখ্যালঘুসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ প্রয়োজন আছে৷ এই ক্ষেত্রত আমি নিজৰ দায়িত্ব পালন কৰিবই লাগিব৷
অধ্যক্ষ মহোদয়,
আমাৰ সমুদ্র সকলোৰে উমৈহতীয়া সম্পত্তি। সেইবাবে আমি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, যাতে সামুদ্রিক সম্পদক আমি ব্যৱহাৰ কৰিম, কিন্তু অপব্যৱহাৰ নকৰো৷ আমাৰ সমুদ্র আন্তর্জাতিক বাণিজ্যৰো জীৱনৰেখা। ইয়াক আমাৰ বিস্তাৰবাদ আৰু সম্প্রসাৰণবাদৰ প্রতিযোগিতাৰ পৰা ৰক্ষা কৰিব লাগিব।
নিয়মভিত্তিক বিশ্ব নিৰ্দেশক শক্তিশালীত কৰাৰ বাবে আন্তর্জাতিক ক্ষেত্রত সকলোকে সমস্বৰে মাত মাতিব লাগিব৷ নিৰাপত্তা পৰিষদত ভাৰতৰ সভাপতিত্বৰ সময় ৰচিত বিস্তাৰিত সহমতৰ চুক্তিয়ে বিশ্বক সমুদ্র বাণিজ্যৰ নিৰাপত্তাৰ ক্ষেত্রত আগুৱাই নিয়াৰ পথ দেখুৱায়।
অধ্যক্ষ মহোদয়,
ভাৰতৰ মহান কূটনীতিবিদ আচার্য চাণক্যই কেইবা শতিকাৰ পূৰ্বেই কৈছিল–
“কালাতি ক্রমাত কাল এব ফলম পিবতী” অর্থাৎ, সঠিক সময়ত সঠিক কাম নকৰিলে পাছত সেই কামৰ সফলতা পোৱা নাযায়৷
ৰাষ্ট্রসংঘই নিজৰ প্রাসংগিকতা বজাই ৰাখিবলৈ হ’লে তাৰ কার্যকাৰিতাক সংশোধন কৰিব লাগিব৷ নির্ভৰযোগ্যতা বৃদ্ধি কৰিব লাগিব।
ৰাষ্ট্রসংঘৰ প্ৰতি আজি বিভিন্ন ধৰণৰ প্রশ্ন উত্থাপন হৈছে৷ এই প্রশ্নসমূহ আমি পৰিৱেশগত সংকটত আৰু ক’ভিড সংকটত দেখিছো। বিশ্বৰ বিভিন্ন প্ৰান্তত যি ছদ্মযুদ্ধ–সন্ত্রাসবাদ চলিছে আৰু এতিয়া আফগানিস্তানৰ সংকটকলৈও এই প্রশ্নবোৰ প্ৰাসংগিকতা আৰু অধিক গভীৰ কৰি তুলিছে। ক’ভিডৰ সূত্রপাতক লৈ আৰু ‘সহজে ব্যৱসায় কৰা’ বেংকিঙক লৈ আন্তর্জাতিক প্রশাসনৰ সৈতে জড়িত সংস্থাসমূহে কেইবা দশকৰ পৰিশ্রমত গঢ় লৈ উঠা বিশ্বাসযোগ্যতাক ক্ষতি কৰিছে।
এই ক্ষেত্রত ৰাষ্ট্রসংঘৰ সক্রিয় হস্তক্ষেপত গ্ল’বেল অর্ডাৰ, আন্তর্জাতিক আইনসমূহ আৰু আন্তর্জাতিক মূল্যবোধৰ সংৰক্ষণৰ বাবে নিৰন্তৰ সুদৃঢ় হস্তক্ষেপৰ প্রয়োজন আছে৷ মই ন’বেল পুৰস্কাৰ বিজয়ী গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰৰ কবিতাৰ এটা পংক্তি উচ্চাৰণ কৰি মোৰ বক্তব্য সামৰণি মাৰিমঃ
“শুভ কর্মপথে
ধৰ নির্ভয় গান, সব দুর্বল সংশয়
হোক অৱসান”
অর্থাৎ, নিজৰ শুভ কামৰ পথত নির্ভীকতাৰে আগুৱাই যাও, সকলো দুর্বলতা আৰু আশংকা যেন সমূলি বিনাশ হয়।
এই বার্তাই আজিৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রসংঘৰ বাবে যিমান প্রাসংগিক, সিমানেই প্রতিখন দায়িত্বশীল দেশৰ বাবেও প্রাসংগিক। মোৰ দৃঢ় বিশ্বাস, আমাৰ সকলোৰে প্রচেষ্টাত বিশ্বত শান্তি আৰু সৌহার্দ্য বৃদ্ধি পাব। বিশ্বক সুস্থ, সুৰক্ষিত আৰু সমৃদ্ধ কৰি তোলাটো সম্ভৱ কৰি তুলিব।
এই শুভকামনাৰে সকলোকে বহুত বহুত ধন্যবাদ জনালো।
নমস্কাৰ!
****
DS/AK/DB
In a short while from now, PM @narendramodi will be addressing the @UN General Assembly. pic.twitter.com/cSUxG49JXM
— PMO India (@PMOIndia) September 25, 2021
Addressing the @UN General Assembly. https://t.co/v9RtYcGwjX
— Narendra Modi (@narendramodi) September 25, 2021
गत डेढ़ वर्ष से पूरा विश्व, 100 साल में आई सबसे बड़ी महामारी का सामना कर रहा है।
— PMO India (@PMOIndia) September 25, 2021
ऐसी भयंकर महामारी में जीवन गंवाने वाले सभी लोगों को मैं श्रद्धांजलि देता हूं और परिवारों के साथ अपनी संवेदनाएं व्यक्त करता हूं: PM @narendramodi
India is a shining example of a vibrant democracy. pic.twitter.com/5qpe19C0Pg
— PMO India (@PMOIndia) September 25, 2021
Yes, Democracy Can Deliver.
— PMO India (@PMOIndia) September 25, 2021
Yes, Democracy Has Delivered. pic.twitter.com/keEJQhqrrM
Inspired by Pt. Deendayal Upadhyaya Ji's philosophy of 'Antyodaya', India is moving ahead and ensuring integrated and equitable development for all. pic.twitter.com/wSB56W5ghe
— PMO India (@PMOIndia) September 25, 2021
विकास, सर्वसमावेशी हो, सर्व-पोषक हो, सर्व-स्पर्शी हो, सर्व-व्यापी हो, ये हमारी प्राथमिकता है। pic.twitter.com/PVmpIwI547
— PMO India (@PMOIndia) September 25, 2021
India has embarked on a journey to provide clean and potable water. pic.twitter.com/MYuRWSUooX
— PMO India (@PMOIndia) September 25, 2021
When India grows, the world grows.
— PMO India (@PMOIndia) September 25, 2021
When India reforms, the world transforms. pic.twitter.com/4mcMD138qP
Come, Make Vaccine in India. pic.twitter.com/jjTifPTVK0
— PMO India (@PMOIndia) September 25, 2021
Corona pandemic has taught the world that the global economy should be more diversified now. pic.twitter.com/TbjTi3GJ2o
— PMO India (@PMOIndia) September 25, 2021
आज विश्व के सामने Regressive Thinking और Extremism का खतरा बढ़ता जा रहा है।
— PMO India (@PMOIndia) September 25, 2021
इन परिस्थितियों में, पूरे विश्व को Science-Based, Rational और Progressive Thinking को विकास का आधार बनाना ही होगा। pic.twitter.com/re85tdNpfe
Regressive Thinking के साथ, जो देश आतंकवाद का political tool के रूप में इस्तेमाल कर रहे हैं, उन्हें ये समझना होगा कि आतंकवाद, उनके लिए भी उतना ही बड़ा खतरा है। pic.twitter.com/vjjehd6Kjz
— PMO India (@PMOIndia) September 25, 2021
हमारे समंदर भी हमारी साझा विरासत हैं।
— PMO India (@PMOIndia) September 25, 2021
इसलिए हमें ये ध्यान रखना होगा कि Ocean resources को हम use करें, abuse नहीं। pic.twitter.com/LA618MJNv3
ये आवश्यक है कि हम UN को Global Order, Global Laws और Global Values के संरक्षण के लिए निरंतर सुदृढ़ करें। pic.twitter.com/noYNmGM7aF
— PMO India (@PMOIndia) September 25, 2021
Yes, Democracy Can Deliver.
— Narendra Modi (@narendramodi) September 25, 2021
Yes, Democracy Has Delivered. pic.twitter.com/XNiCFn9v2s
The life and ideals of Pandit Deendayal Upadhyaya, especially his principle of Integral Humanism are relevant for the entire world.
— Narendra Modi (@narendramodi) September 25, 2021
In simple terms, it means- Where no one is left behind.
In every sphere of governance, we are motivated by this ideal. pic.twitter.com/EK9VEYMhkV
When India grows, the world grows.
— Narendra Modi (@narendramodi) September 25, 2021
When India reforms, the world transforms. pic.twitter.com/8o6RTkVjyb
I invite the world- Come, Make Vaccines in India! pic.twitter.com/ODsbsHyU7o
— Narendra Modi (@narendramodi) September 25, 2021
Global challenges can be mitigated by a Science-Based, Rational and Progressive thinking. pic.twitter.com/c9KnUaf8PL
— Narendra Modi (@narendramodi) September 25, 2021
Here is why the words of the wise Chanakya hold true today, especially in the context of the UN. pic.twitter.com/80jJB6tyC9
— Narendra Modi (@narendramodi) September 25, 2021
Over the last few days, have had productive bilateral and multilateral engagements, interaction with CEOs and the UN address. I am confident the India-USA relationship will grow even stronger in the years to come. Our rich people-to-people linkages are among our strongest assets.
— Narendra Modi (@narendramodi) September 25, 2021