পি এম ইণ্ডিয়া
আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০২১ত মাৰ্কিন উপ ৰাষ্ট্ৰপতি সন্মানীয়া কমলা হেৰিছক সাক্ষাত্ কৰে।
প্ৰথম বাৰৰ বাবে দুয়োগৰাকী নেতাই পৰস্পৰে মিলিত হৈ সন্তুষ্টি প্ৰকাশ কৰে। নেতাদ্বয়ে ২০২১চনৰ জুন মাহত টেলিফোনৰে হোৱা বাৰ্তালাপৰ কথা আনন্দৰে স্মৰণ কৰে। আলোচনা কালত তেওঁলোকে আফগানিস্তানৰ ঘটনাক্ৰমকে ধৰি বিশ্ব প্ৰেক্ষাপটৰ শেহতীয়া ঘটনাৱলী সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে এক স্বাধীন, মুক্ত, আৰু সমাবেশী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।
পৰস্পৰৰ দেশত অব্যাহত ক’ভিড-১৯ পৰিস্থিতি আৰু ব্যাপক হাৰত টীকাকৰণ, জৰুৰী ঔষধ, চিকিত্সাবিধান তথা স্বাস্থ্যসেৱা-উপকৰণ আদিৰ যোগান সুনিশ্চিত কৰাৰ জৰিয়তে মহামাৰী নিয়ন্ত্ৰণৰ বাবে অব্যাহত ৰখা প্ৰয়াস সন্দৰ্ভতো তেওঁলোকে আলোচনা কৰে।
দুয়ো পক্ষই ‘জলবায়ু পৰিৱৰ্তন’ সন্দৰ্ভত সহযোগাত্মক কাৰ্যপন্থা গ্ৰহণত গুৰুত্ব স্বীকাৰ কৰে। এই প্ৰসংগত ভাৰতে নবীকৰণযোগ্য শক্তি উত্পাদনত দিয়া গুৰুত্বৰ কথা দোহৰাৰ লগতে অলপতে আৰম্ভ কৰা ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনৰ বিষয়ে জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ, পৰ্যাবৰণৰ সু্স্থিৰতা অব্যাহত ৰখাৰ স্বাৰ্থতে জীৱনশৈলী পৰিৱৰ্তনৰ গুৰুত্ব সম্পৰ্কে দৃষ্টিভংগী প্ৰকাশ কৰে।
অদূৰ ভৱিষ্যতে মহাকাশ সহযোগিতা, তথ্য প্ৰযুক্তি, বিশেষকৈ নতুনকৈ বিকশিত তথা গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহৰ লগতে স্বাস্থ্য সেৱা খণ্ডত সহযোগাত্মক ভাবে গ্ৰহণ কৰিব পৰা পদক্ষেপ সন্দৰ্ভতো দুয়োগৰাকী নেতাই মত বিনিময় কৰে। তেওঁলোকে দুয়োখন দেশৰ নাগৰিকসকলৰ মাজৰ উজ্জীৱিত সম্পৰ্ক, শিক্ষা, জ্ঞানৰ প্ৰসাৰ, উদ্ভাৱন আৰু প্ৰতিভাৰ বিনিময়ৰে দুয়োখন দেশে পাস্পৰিক কল্যাণ সাধনৰ মহাসেতু নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে।
প্ৰধান্মন্ত্ৰীয়ে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু ‘ছেকেণ্ড জেণ্টলমেন’ ডগলাছ এমহফক অচিৰেই ভাৰত ভ্ৰমণলৈ অহাৰ বাবে আমন্ত্ৰণ জনায়।
***
DS/SH/KB
Glimpses from the meeting between PM @narendramodi and @VP @KamalaHarris. pic.twitter.com/cc6wFTGe5s
— PMO India (@PMOIndia) September 23, 2021
PM @narendramodi and @VP @KamalaHarris meet in Washington DC. pic.twitter.com/t8sYNA2ZGv
— PMO India (@PMOIndia) September 23, 2021
Glad to have met @VP @KamalaHarris. Her feat has inspired the entire world. We talked about multiple subjects that will further cement the India-USA friendship, which is based on shared values and cultural linkages. pic.twitter.com/46SvKo2Oxv
— Narendra Modi (@narendramodi) September 24, 2021