পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী : দীপিকাজী নমস্তে!
দীপিকা : নমস্তে ছাৰ!
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।
দীপিকা : ছাৰ মোৰ যাত্ৰা আৰম্ভণিতে খুবেই ভাল আছিল। আম খাই মই খুবেই ভাল পাইছিলো, সেয়ে কাহিনী সৃষ্টি হৈছিল। আৰম্ভণী ভালেই আছিল যদিও সামান্য সংগ্ৰামো কৰিবলগীয়া হৈছিল। কিয়নো সেইবোৰ ঠাইত সা-সুবিধা ভাল নাছিল। তাৰ পিচত একেলগে আৰ্চাৰী কৰিবলৈ লোৱাৰ পিচত ভাল সা-সুবিধা লাভ কৰিলো আৰু ভাল প্ৰশিক্ষকো মই পাইছিলো।
প্ৰধানমন্ত্ৰী : দীপিকা জী, আপুনি যেতিয়া সফলতাৰ শিখৰত উপনীত হৈছেগৈ, তেতিয়া আপোনাক লৈ ৰাইজৰ প্ৰত্যাশাও বাঢ়িছে। এতিয়া সন্মুখত অলিম্পিকৰ দৰে সকলোতকৈ ডাঙৰ ‘ইভেণ্ট’ আছে, এনে পৰিস্থিতিত প্ৰ্ত্যাশা আৰু ‘ফোকাছ’ৰ মাজত আপুনি সমতুলতা কেনেকৈ বৰ্তাই ৰাখিছে!
দীপিকা : ছাৰ, আশাতো আছেই, কিন্তু সকলোতকৈ ডাঙৰ আশাতো নিজৰ পৰাই আহে আৰু আমি ইয়াতে ‘ফোকাছ’ কৰি আগবাঢ়ি যাও। নিজৰ অনুশীলনত ধ্যান কেন্দ্ৰীভূত কৰো আৰু কেনেকৈ মই ‘পাৰফৰ্ম’ কৰিম তাৰ ওপৰত মনোযোগ দিও। এইবোৰ কথাতে বিশেষ ভাবে ‘ফোকাছ’ কৰি আছো।
প্ৰধানমন্ত্ৰী : ঠিক আছে আপোনালৈ বহুত বহুত অভিনন্দন জনাইছো। আপুনি পৰিস্থিতিৰ ওচৰত হাৰ মনা নাই। আপুনি প্ৰত্যাহ্বানক শক্তি কৰি ল’ব পাৰিছে আৰু মই ‘স্ক্ৰিণ’ত আপোনাৰ পৰিয়ালৰ সদস্যসকলক দেখি আছো, তেওঁলোককো মই নমস্কাৰ জনাইছো। দেশৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অলিম্পিকত দেশক গৌৰৱান্বিত কৰিবই। আপোনালৈ মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা জনালো।
দীপিকা : ধন্যবাদ ছাৰ!
প্ৰধানমন্ত্ৰী : আহক এতিয়া আমি প্ৰবীণ কুমাৰ যাদৱ জীৰ সৈতে কথা পাতো। প্ৰবীণ জী নমস্তে!
প্ৰবীণ : নমস্তে ছাৰ!
প্ৰধানমন্ত্ৰী : প্ৰবীণ আপুনি বোলে প্ৰথমতে ‘এথলিট’ হোৱাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছিল বুলি মই জানিব পাৰিছো, হয়নে বাৰু?
প্ৰবীণ : হয় ছাৰ!
প্ৰধানমন্ত্ৰী : এতিয়া আপুনি অলিম্পিকত ‘তিৰম্দাজী’ত দেশক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে। এই পৰিৱৰ্তন কেনেকৈ হ’ল?
প্ৰবীণ : ছাৰ আগতে মই ‘এথলেটিক্স’ত অংশগ্ৰহণ কৰিছিলো। তেতিয়া মোক চৰকাৰী অকাডেমীত ‘এথলেটিক্স’ৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তেতিয়া তাৰ প্ৰশিক্ষক আছিল, মোৰ শৰীৰ কিছু দুৰ্বল আছিল, সেই সময়ত, তেতিয়া তেখেতে ক’লে যে তুমি অন্য খেলত সুনাম অৰ্জন কৰিব পাৰা, আৰ তাৰ পিচত মোক ‘আৰ্চাৰী’ত অন্তৰ্ভূক্ত কৰা হ’ল। তাৰ পিচত মই অমৰাৱতীত ‘আৰ্চাৰী’ৰ প্ৰশিক্ষণ নিয়মীয়াকৈ কৰিবলৈ ল’লো।
প্ৰধানমন্ত্ৰী : ঠিকেই আছে, বাৰু এই পৰিৱৰ্তন স্বত্বেও আপুনি খেলত ‘কনফিডেন্স’ আৰু ‘পাৰ্ফেকশ্যন’ কেনেকৈ সম্ভৱ কৰিব পাৰিছে?
প্ৰবীণ : ছাৰ মোৰ, ‘একচুৱেল্লী’, ঘৰৰ অৱস্থা ইমান ভাল নহয়।
প্ৰধানমন্ত্ৰী : মই আপোনাৰ মা আৰু দেউতাকো দেখি আছো। মই তেওঁলোককো নমস্কাৰ জনাইছো। বাৰু প্ৰবীণ ভাই কওকচোন।
প্ৰবীণ : সেয়ে মই জানিছিলো যে মই ঘৰলৈ উভতিব লাগিলে তাত গৈ মজদুৰীহে কৰিবগৈ লাগিব। ইয়াতকৈ ইয়াত অনুশীলন কাৰই মোৰ বাবে ভাল কথা হ’ব বুলি ভাবিছিলো আৰু তাকে কৰি আগবাঢ়ি যোৱাটোৱেই বুদ্ধিমানৰ কাম হ’ব বুলি ভাবি মই মন স্থিৰ কৰি প্ৰশিক্ষণত মনোনিৱেশ কৰিবলৈ লৈছিলো।
প্ৰধানমন্ত্ৰী : চাওক আপোনাৰ শৈশৱ সম্পৰ্কে বহু কথাই জানিব পাৰিছো আৰু আপোনাৰ মা-দেউতায়ো যেনে ধৰণে দিন-হাজিৰা কৰাৰ পৰা আজি দেশক প্ৰতিনিধিত্ব কৰা পৰ্যন্ত আপোনাৰ এই যাত্ৰা বাস্তৱিকতেই বহুতৰ বাবে প্ৰেৰণাদায়ক হ’ব আৰু এনে কঠিন জীৱন যাপন কৰিও যে আপুনি লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল সেইটোহে আচল কথা। শৈশৱৰ এই অনুভৱে চেম্পিয়ণ কৰি তোলাৰ ক্ষেত্ৰত কেনে ধৰণে সহায় কৰিছে!
প্ৰবীণ : ছাৰ, যেতিয়াই মই কোনো কথা অধিক কঠিন যেন অনুভৱ কৰো তেতিয়াই মই ভাবো এই পৰ্যন্ত যিমানখিনি কৰিলো এতিয়া যদি হাৰ মানি লও তেন্তে ইমানদিনে গোটোৱা সকলোখিনিয়েই দেখোন শেষ হৈ যাব। তাতকৈ দেখোন আৰু অধিক চেষ্টা কৰি সাফল্য আহৰণৰ প্ৰয়াস কৰাই ভাল কথা হ’ব।
প্ৰধানমন্ত্ৰী : প্ৰবীণ জী আপুনিতো এগৰাকী চেম্পিয়ণ হয়েই কিন্তু মোৰ দৃষ্টিত আপোনাৰ মা-দেউতাও দৰাচলতে চেম্পিয়ণেই হয়। সেয়ে তেখেতসকলৰ সৈতে অকণমান কথা পাতিব খুজিছো, নমস্কাৰ জী!
অভিভাৱক : নমস্কাৰ!
প্ৰধানমন্ত্ৰী : আপোনালোকে হাজিৰা কৰি হ’লেও পুত্ৰক আগবাঢ়ি য়োৱাৰ বাবে প্ৰেৰণা দিছে আৰু আপোনালোকৰ পুত্ৰই আজি অলিম্পিকত দেশৰ হৈ খেলিবলৈ যাব খুজিছে। শ্ৰম আৰু সততাৰ শক্তি কিমান আপোনালোকে দেখুৱাই দিছে। আপোনালোকে কিবা ক’ব বিচাৰিবনেকি!
অভিভাৱক- ……………
প্ৰধানমন্ত্ৰী : চাওক, আপোনলেকে প্ৰতীয়মান কৰি দিলে যে যেতিয়া কোনোবাই কিবা এটা কৰিমেই বুলি ভাবে তেন্তে তেওঁক কেতিয়াও সমস্যাই বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আপোনালোকৰ সাফল্যই এই কথাও সাব্যস্ত কৰিছে যে তৃণমূল পৰ্যায়ৰ পৰাই যদি উচিত নিৰ্বাচন কৰা হয় তেন্তে আমাৰ দেশৰ প্ৰতিভাই যিকোনো অসম্ভৱকে সম্ভৱ কৰিব পাৰে। প্ৰবীণ আপোনাক বহুত বহুত শুভকামনা জনালো আৰু আকৌ এবাৰ আপোনাৰ মা-দেউতাকো প্ৰণাম জনাইছো। জাপানত খুউব ভালকৈ খেলিব।
প্ৰবীণ : ধন্যবাদ ছাৰ!
প্ৰধানমন্ত্ৰী : ঠিক আছে এতিয়া আমি নীৰজ চোপ্ৰা জীৰ সৈতে কথা পাতিম।
নীৰজ : নমস্তে ছাৰ!
প্ৰধানমন্ত্ৰী : নীৰজ জী আপুনিতো ভাৰতীয় সেনাত আছে নহয় জানো, আৰু সেনাৰ কি অনুভৱে, কোন প্ৰশিক্ষণে আপোনাক খেলৰ এই পৰ্যায় পৰ্যন্ত আগুৱাই অনাত সহায় কৰিছে?
নীৰজ : ছাৰ, মোৰ আৰম্ভণীৰ পৰাই ভাৰতীয় সেনাক ভাল লাগিছিল আৰু মই ৫-৬বছৰ ধৰি খেলিছো তাৰ পিচত মোক ভাৰতীয় সেনাই বাহিনীত যোগদানৰ বাবে আমন্ত্ৰণ জনায়। এই কথাত মই স্বাভাৱিকতেই আনন্দিত হৈছিলো আৰু সেনা বাহিনীত যোগদান কৰিলো আৰু তেতিয়াৰ পৰাই মই খেলত মনোনিৱেশ কৰিবলৈ লও। ভাৰতীয় সেনাই মোক যিমানখিনি সা-সুবিধা দিছে আৰু মই যি বিচাৰিছো সেয়া ভাৰত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰি আহিছে আৰু ময়ো সম্পূৰ্ণ মনোযোগৰে অনুশীলন কৰি আহিছো।
প্ৰধানমন্ত্ৰী : নীৰজ জী, মই আপোনাৰ লগতে আপোনাৰ সম্পূৰ্ণ পৰিয়ালটোকে দেখিবলৈ পাইছো। মই তেওঁলোক আটাইকে প্ৰণাম জনাইছো। নীৰজ জী, আপুনি আঘাত পাইছিল বুলি মোক জানিবলৈ দিয়া হৈছে, তাৰ পিচতো এই বছৰ আপুনি ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে বুলি জানিব পাৰিছো। আপুনি মনোবল অক্ষুন্ন ৰখাৰ লগতে নিজৰ অনুশীলন কেনেকৈ অব্যাহত ৰাখিছে?
নীৰজ : মই ভাবো ছাৰ, আঘাত লগাটোও আমাৰ খেলৰে এক অংগ, সেয়ে যেতিয়া মই ২০১৯চনত বহুত পৰিশ্ৰম কৰিছিলো সেই বছৰ বিশ্ব চেম্পিয়ণ আছিলো আমাৰ…
প্ৰধানমন্ত্ৰী : বাৰু, আপুনি তেন্তে ‘স্পৰ্টছৰ ইনজুৰী’টো ‘স্পৰ্টছমেন স্পিৰিট’কে দেখিবলৈ পাইছে, নহয়নে বাৰু?
নীৰজ : ছাৰ, কিয়নো আমাৰ এয়েই যাত্ৰা। মাত্ৰ কেইটামান বছৰৰ বাবে আমাৰ কেৰিয়াৰ হয় আৰু আমি নিজেই নিজকে উজ্জীৱিত কৰি ৰাখিবলগীয়া হয়। মোৰ যেনিবা এই ‘ইনজুৰী’ৰ বাবে এটা বছৰ নষ্ট হ’বলগীয়া হ’ল। মই ‘ৱৰ্ল্ড চেম্পিয়ণশ্বিপ’ আৰু ‘এছীয়ান চেম্পিয়ণশ্বিপ’ৰ বাবে বহুত অনুশীলন কৰি আছিলো, পিচে আঘাতৰ কাৰণে তাত সমস্যাই দেখা দিলে। পিচত মই মোৰ সম্পূৰ্ণ ‘ফোকাছ’ অলিম্পিকত কেন্দ্ৰীভূত কৰিছিলো আৰু মই পুনৰ কামবেক কৰিবলৈ সক্ষম হ’লো। প্ৰথমখন প্ৰতিযোগিতাত মই ভালকৈয়ে অংশগ্ৰহণ কৰিলো। তাৰ পৰাই অলিম্পিকলৈ নিৰ্বাচিত কৰিলে। তাৰপিচত, ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত অলিম্পিক পিচুৱাই দিয়া হ’ল। আকৌ অনুশীলন আৰম্ভ কৰি দিলো ছাৰ। তাৰ পিচত যেতিয়া দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাত ভাগ ল’লো আৰু নিজকে উজাৰি দিলো আৰু ৰাষ্ট্ৰীয় অভিলেখ ৰচনা কৰিলো আৰু এতিয়াও ছাৰ খুউব ভালকৈ কষ্ট কৰি আছো। অলিম্পিকত যিমান পাৰো আৰু ভাল কৰিবলৈ চেষ্টা কৰিম।
প্ৰধানমন্ত্ৰী : নীৰজ জী, বৰ ভাল পালো আপোনাৰে কথা হৈ। এটা গুৰুত্বপূৰ্ণ কথা ক’ব বিচাৰিছো, আপোনালোকে আশাৰ হেঁচাত জাহ যোৱাৰ প্ৰয়োজন নাই। আপোনালোকে কেৱল নিজৰ এশ শতাংশ দিয়াৰ চেষ্টা কৰক। সম্পূৰ্ণ চাপমুক্ত হৈ প্ৰয়াস কৰিব, আপোনালোকলৈ বহুত শুভকামনা জনালো আৰু মা-দেউতাকো প্ৰণাম জনাইছো।
প্ৰধানমন্ত্ৰী : আহক, দুতী জীৰ সৈতে কথা-বতৰা হওঁ। দুতী জী, নমস্তে!
দুতী : মাননীয় প্ৰধানমন্ত্ৰী, নমস্তে!
প্ৰধানমন্ত্ৰী : দুতী জী, আপোনাৰ নামৰ অৰ্থইতো ‘চমক’, দুতীৰ অৰ্থইতো হ’ল ‘আভা’! আৰু আপুনি খেলৰ জৰিয়তে চমক দেখুৱায়ো আহিছে। এতিয়া আপুনি অলিম্পিকত উজলি উঠিব পৰাকৈ প্ৰস্তুতি চলাই আছে নহয় জানো! ইমান এখন বিশাল প্ৰতিযোগিতাক আপুনি কেনেধৰণে গ্ৰহণ কৰে বাৰু!
দুতী : ছাৰ প্ৰথমতে মই যে ওড়িশাৰ এটি শিপিনী পৰিয়ালৰ সন্তান সেই কথা কৈ ল’ব বিচাৰিছো। মোৰ পৰিয়াল তিনিগৰাকী বাই-ভনী, এটা ভাইটি, মা-দেউতাক ধৰি নগৰাকী সদস্য। যেতিয়া আমাৰ ঘৰত ছোৱালীৰ পিচত ছোৱালী জন্ম হ’বলৈ ধৰিছিল, গাঁওবাসীয়ে সদায়ে মোৰ মাক সমালোচনা কৰিছিল যে ইমানবোৰ ছোৱালী জন্ম দি আছে কিয়? খুবেই দুখীয়া আছিল আমাৰ পৰিৱেশ, খাবলৈকে একো নাথাকিছিল আৰু দেউতাৰ আয়ো তেনেই সামান্য আছিল।
প্ৰধানমন্ত্ৰী : আপোনাৰ মা-দেউতা এতিয়া মোৰ সন্মুখত আছে।
দুতী : হয় ছাৰ, সেয়ে মোৰ মনত এটা কথাই বাহ লৈছিল যে যদি ভালকৈ খেলো তেন্তে দেশৰ নাম উজলাব পাৰিম আৰু চৰকাৰী খণ্ডত মই এটা চাকৰি পাব পাৰিম আৰু এই চাকৰিৰ দৰ্মহাৰে আমাৰ পৰিয়ালটোৰ অৱস্থা তেতিয়া সলাবগৈ পাৰিম। এতিয়া এই ক’ৰ্ছৰ পিচত মই বহুখিনি সলাব পাৰিছো, নিজৰ পৰিয়ালটোলৈ পৰিৱৰ্তন আনিব পাৰিছো। এতিয়া মই ধন্যবাদ দিম আপোনাক আৰু…..যিসকলে মোক সদায়ে উত্সাহ দি আহিছে, সহযোগিতা আগবঢ়াই আহিছে। মোৰ জীৱনত সদায়ে বিতৰ্কৰ সন্মুখীন হৈ আহিছো। কিন্তু মই এইখিনি পৰ্যন্ত অহাৰ বাবে বহুত কষ্ট কৰিবলগীয়া হৈছে। দ্বিতীয়বাৰৰ বাবে অলিম্পিকলৈ ওলাইছো। মই বহু সাহসেৰে ওলাইছো আৰু যিসকল মোৰ সৈতে যাব তেওঁলোকক কব বিচাৰিছো মই ভয় নাখাম। ভাৰতৰ কোনো মহিলাই দুৰ্বল নহয়। তেওঁলোকে আগুৱাই আহি দেশৰ সুনাম অৰ্জন কৰিব। সেই সাহসৰেই মই অলিম্পিকত খেলিম আৰু পদক অনাৰ প্ৰয়াস কৰিম।
প্ৰধানমন্ত্ৰী : দুতী জী আপোনাৰ বছৰজোৰা কষ্টৰ সিদ্ধান্ত কেইটামান ছেকেণ্ডৰ ভিতৰতে কৰিব লাগে। চকুৰ পচাৰতে হৰা-জিকাৰ সিদ্ধান্ত হৈ যায়। ইয়াৰ মুখা-মুখী হোৱাটো কিমান কঠিন!
দুতী : ‘বেছিকেলী’ ১০০মিটাৰত ক’বলৈ গ’লে ১০-১১ছেকেণ্ডত খেল শেষ হয়। পিচে ইয়াৰ ‘ৰিপিটেশ্যন’ কৰিবলৈ বছৰৰ পিচত বছৰ অনুশীলন কৰিবলগীয়া হয়। এটা ১০০মিটাৰ দৌৰিবলৈ আমাক ১০-১২টা ‘ৰিপিটেশ্যন’ৰ প্ৰয়োজন হয়। বহুতবোৰ ‘জিম এক্সাৰছাইজ’, বহুত সময় ধৰি কৰা ‘ছুইমিং পুল এক্সাৰছাইজ’ৰ প্ৰয়োজন হয়। আৰু সদায়ে চেলেঞ্জ হিচাপে ল’বলগীয়া হয়। অকণমান ইফাল-সিফাল হ’লেই ‘ডিছকোৱলিফাই’ কৰি দিয়া হয়।
প্ৰধানমন্ত্ৰী : দুতী জী আপুনিতো দেশৰ বাবে বহুত অভিলেখ ৰচনা কৰিছে। দেশে আশা কৰিছে আপুনি এইবাৰ অলিম্পিকৰ ‘পডিয়াম’ত নিজৰ স্থান নিশ্চিত কৰিব। আপুনি নিৰ্ভিক হৈ খেলত ভাগ লওক, পূৰা ভাৰত আপোনালোক অলিম্পিক খেলুৱৈৰ সৈতে আছে। আপোনালোক আটাইলৈকে মোৰ শুভকামনা আৰু মা-দেউতাক মোৰ বিশেষ প্ৰণাম।
প্ৰধানমন্ত্ৰী : আহক এইবাৰ আমি আশীষ কুমাৰ জীৰ সৈতে কথা পাতো।
প্ৰধানমন্ত্ৰী : আশীষ জী, আপোনাৰ দেউতাতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবাড্ডী খেলুৱৈ আছিল। আপুনি বক্সিং পচন্দ কৰিলে কিয়?
আশীষ : ছাৰ মই সৰু থাকোতে আমাৰ ঘৰত খেলৰ এক বাতাবৰণ আছিল। মোৰ দেউতা এগৰাকী ভাল খেলুৱৈ আছিল, তেওঁ বিচাৰিছিল তেওঁ সন্তানে বক্সিং খেলক। মোক সেই সময়ত কাবাড্ডীৰ বাবে হেঁচা দিয়া নাছিল। অৱশ্যে আমাৰ পৰিয়াল মোৰ এগৰাকী দাদাই ‘ৰেষ্টলিং’ আৰু ‘বক্সিং’ খেলিছিল, আৰু তেওঁ বহু ওপৰ পৰ্যায়লৈকে খেলিব পাৰিছিল। তাকে দেখি ময়ো তাৰ মাজৰ এটাত যোগ দিবলৈ বিচাৰিছিলো। মই তেনেই ক্ষীণ-মিন আছিলো আৰু মুখৰ গঢ়ো বৰ এটা ঠিক নথকাত মই ভাবিলো ‘ৰেষ্টলিং’ কৰিব নোৱাৰিম সেয়ে ‘বক্সিং’ খেলিবলৈ আগবাঢ়িলো ছাৰ!
প্ৰধানমন্ত্ৰী : আশীষ জী, আপোনাৰ পৰিয়ালবৰ্গকো প্ৰণাম জনাইছো আৰু আশীষ জী আপোনাৰ চাগৈ মনত আছে শচীন তেণ্ডুলকাৰ জীয়ে এক বহুত গুৰুত্বপূৰ্ণ খেল খেলিছিল আৰু সেই সময়ত তেখেতৰ দেউতাকৰো মৃত্যু হৈছিল। কিন্তু তেও খেলক প্ৰাথমিকতা প্ৰদান কৰিছিল আৰু খেলৰ মাধ্যমৰেই পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। আপুনিও তেনেকুৱা কৰি নিদৰ্শন দাঙি ধৰিছে। আপুনিও পিতৃক হেৰুৱাৰ পিচতো খেলৰ প্ৰতি উত্সৰ্গিত মনোভাৱ প্ৰদৰ্শন কৰিছে। এয়া নিতান্তই প্ৰেৰণাদায়ক। মোৰ বিশ্বাস আপুনি অলিম্পিকৰ মঞ্চতো ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ব। মোৰ ফালৰ পৰা আপোনালৈ বহুত বহুত শুভকামনা জনালো। আপোনাৰ পৰিয়ালবৰ্গক প্ৰণাম।
প্ৰধানমন্ত্ৰী : আহক, আমাৰ সকলোৰে পৰিচিত ব্যক্তি, পৰিচিত নাম। আমি মেৰী কমৰ সৈতে কথা পাতিম এতিয়া।
প্ৰধানমন্ত্ৰী : মেৰী কম জী, নমস্তে!
মেৰী কম : নমস্কাৰ ছাৰ!
প্ৰধানমন্ত্ৰী : আপুনিতো এনেকুৱা খেলুৱৈ, যাৰ পৰা সমগ্ৰ দেশেই প্ৰেৰণা গ্ৰহণ কৰে। অলিম্পিকৰ এই দলটোতো এনে বহু খেলুৱৈ ওলাব যাৰ বাবেও আপুনি হয়তো আদৰ্শ হৈ আহিছে। তেওঁলোকে আপোনাক ফোন কৰিলে বাৰু কি সোধে?
মেৰী কম : ছাৰ ঘৰৰ আটায়ে মোৰ বাবে প্ৰাৰ্থনা কৰি আছে, ল’ৰা-ছোৱালীকেইটাই মোক বেছিকৈ ‘মিছ’ কৰে ছাৰ আৰু মই তেওঁলোকক বুজাও যে তোমালোকৰ মা দেশৰ বাবে যুঁজিবলৈ গৈছে আৰু তোমালোকে ঘৰত দেউতাই যি কয় সেই কথা শুনি কাম কৰি থাকিবা। ঘৰত ভালকৈ থাকিবা, বাহিৰলৈ বেছিকৈ নোলাবা। ক’ভিডৰ বাবে ছাৰ, ঘৰবোৰ আমনিদায়ক হৈ উঠিছে। ‘অনলাইন ক্লাছ’ হৈ আছে কিন্তু ইমান মুকলিকৈ হোৱা নাই। ল’ৰা-ছোৱালীবোৰে খেল-ধূলা খুউব ভাল পাই, বন্ধুৰ সৈতে খেলিবলৈ ভাল পাই, পিচে এইবাৰ ক’ভিডৰ বাবে বন্ধুবোৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। সেয়ে মই কৈছো এই কথাৰ বাবেই আমি যুদ্ধ কৰিবগৈ লাগিব আৰু সুৰক্ষিত থাকিব লাগিব আৰু মই দেশৰ বাবে যুঁজিবলৈ যাম আৰু মই বিছাৰিছো তোমালোক সুৰক্ষিত থাকা আৰু দেশৰ ভালৰ বাবে মই চেষ্টা কৰিম, এনেধৰণৰ কথাই পাতো ছাৰ।
প্ৰধানমন্ত্ৰী : তেওঁলোকে সেই কথা শুনি আছে, মোৰ সন্মুখত তেওঁলোকে সকলো দেখি আছে। বাৰু আপুনিতো প্ৰত্যেকো ‘পাঞ্চ’তে চেম্পিয়ণ, কিন্তু আপোনাৰ আটাইকৈ ‘ফেভাৰেট পাঞ্চ’ কোনটো! ‘জব’, ‘হুক’, ‘আপাৰকাট’ নে আন কিবা? আৰু সেই ‘পাঞ্চ’টোনো আপোনাৰ কিয় ‘ফেভাৰেট’ সেই কথাও ক’ব।
মেৰী কম : ছাৰ মোৰ ‘ফেভাৰেট পাঞ্চ’সমূহতো মোৰ ‘ছাউথ প’ল’ হয়, এইটো মোৰ আটাইতকৈ ‘ফেভাৰেট পাঞ্চ’ ছাৰ। ইয়াত কোনো লোকেই মিছ কৰিব নোৱাৰে, লাগিব লাগে মানে বাচ লাগিবই!
প্ৰধানমন্ত্ৰী : আপোনাৰ প্ৰিয় খেলুৱৈ কোন?
মেৰী কম : ছাৰ মোৰ প্ৰিয় খেলুৱৈ হৈছে বক্সিঙতো হিৰ হয়, প্ৰেৰণা হৈছে মহম্মদ আলী ছাৰ।
প্ৰধানমন্ত্ৰী : মেৰী কম জী, আপুনি বক্সিঙৰ প্ৰায় সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা জিকিছে। আপুনি হয়তো কৰবাত কৈছিল যে আলিম্পিকত ‘গ’ল্ড’ জিকাটো আপোনাৰ স্বপ্ন। এয়া আপোনাৰে নহয় সমগ্ৰ দেশৰে সপোন। দেশৰ আশা আপুনি দেশৰ সপোন পূৰণ কৰিব পাৰিবই। মই আপোনাক বহুত শুভকামনা জনাইছো, আপোনাৰ পৰিয়ালবৰ্গলৈ প্ৰণাম জনাইছো।
মেৰী কম : বহুত বহুত ধন্যবাদ ছাৰ আপোনাক!
প্ৰধানমন্ত্ৰী : আহক, এতিয়া আমি পি ভি সিন্ধুৰ সৈতে কথা পাতো।
প্ৰধানমন্ত্ৰী : সিন্ধু জী, মোক জনোৱা হৈছে যে আপুনি টকিঅ’ অলিম্পিকৰ আগতে ‘অলিম্পিক ছাইজৰ কোৰ্ট’ত অনুশীলন কৰিব বিচাৰিছিল। এতিয়া ‘গৌচীবাউলী’ত আপোনাৰ অনুশীলন কেনে চলিছে?
পি ভি সিন্ধু : ‘গৌচীবাউলী’ত প্ৰেকটিচ খুউব ভালকৈ চলিছে ছাৰ। মই এয়া পচন্দ কৰিছিলো কাৰণ এতিয়া অলিম্পিক ষ্টেডিয়াম বহুত ডাঙৰ হয় আৰু সেয়া এচি আৰু…..বহুত, সেয়ে মই ভাবিছিলো যে ঠিক আছে যদি ভাল ষ্টেডিয়াম হয় তেন্তে, কিয়নো সুবিধাটো আছেই যেতিয়া কিয়নো গ্ৰহণ নকৰো বুলিয়ে ফেব্ৰুৱাৰীৰ পৰা অনুশীলন কৰি আছো ছাৰ। নিশ্চিত ভাবেই মই চৰকাৰৰ পৰা অনুমতি লৈছো ছাৰ। নিশ্চিত ভাবে এই মহামাৰীৰ বাবেই তেওঁলোকে অনতি বিলম্বে অনুমতি দি দিছিল ছাৰ। অৱশ্য ‘প্ৰটোকল’ মানি চলাৰ পৰামৰ্শও দিছিল। মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ ছাৰ।
প্ৰধানমন্ত্ৰী : আপোনাৰ পৰিয়াল বৰ্গও মোৰ সন্মুখত আছে, মই তেওঁলোককো প্ৰণাম জনাইছো। মোৰ মনত পৰিছে গোপীচান্দ জীয়ে এটা সাক্ষাত্কাৰত কৈছিল যে তেওঁ ৰিঅ’ অলিম্পিকৰ আগতে আপোনাৰ ফোনটো লৈ গৈছিল। আপোনাক ‘আইচক্ৰীম’ খোৱাটো বাৰণ কৰিছিল। এয়া কি এতিয়াও অব্যাহত আছে? নে অলপ-চলপ এৰাধৰা কৰা হৈছে?
পি ভি সিন্ধু : ছাৰ নিশ্চিত ৰূপতে কিছু নিয়ন্ত্ৰণতো কৰো। কিয়নো এগৰাকী ‘এথলিট’ৰ বাবে ‘ডায়েট’ বহুত গুৰুত্বপূৰ্ণ হয়। আৰু এতিয়াতো অলিম্পিকৰ তৈয়াৰী কৰিব লাগে, তেতিয়াতো নিশ্চিত ভাবেই খোৱা-বোৱাত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হয়। ‘আইচক্ৰীম’ ছাৰ ইমান নাখাও, কদা-কাদচিত কেতিয়াবাহে খাও ছাৰ।
প্ৰধানমন্ত্ৰী : চাওক সিন্ধু জী আপোনাৰ মা-দেউতা দুয়োগৰাকীয়েই খেলা-ধূলা কৰিছিল আৰু সেয়ে তেওঁলোকৰ সৈতেও আজি কিছু কথা পাতিবলৈ মোৰ মন গৈছে। আপোনালোকক নমস্কাৰ! কওকচোন, যেতিয়া কোনোবা সন্তানৰ খেলা-ধূলাত ৰুচী থকা দেখিলে বহু ‘পেৰেণ্টছ’ৰ বহুত অসুবিধা হোৱা দেখা যায়। বহুতৰ আকৌ বহু আশংকা থকাও দেখা যায়। আপোনালোকে এনে ‘পেৰেণ্ট’সকলৰ বাবে কি পৰামৰ্শ আগবঢ়াব বিচাৰিব?
অভিভাৱক : ছাৰ ‘পেৰেণ্ট’সকলে এই কথা জনা উচিত যে যদি নিজৰ সন্তানসকল স্বাস্থ্যৰ ফালৰ সুস্থ হয় তেন্তে সকলো কথাই বৃহত্ হ’ব, কিয়নো আপুনি যদি অলপ অচৰপ খেলা-ধূলা কৰে তেন্তে আপোনাৰ স্বাস্থ্য ভাল হ’ব, স্বতঃস্ফূৰ্তভাবে আপোনাৰ ‘কনচেণ্ট্ৰেশ্যন’ বাঢ়িব। সকলো প্ৰসংগতে আপুনি আগত থাকিব আৰু আপুনি নিশ্চিত ৰূপতে উন্নতি কৰিব পাৰিব।
প্ৰধানমন্ত্ৰী : আপোনালোক এগৰাকী সফল খেলুৱৈৰ মা-দেউতা। সন্তানক ‘স্পৰ্টপাৰ্ছন’ কৰি তোলাৰ বাবে কেনেকুৱা ‘পেৰেণ্টিং’ কৰাৰ প্ৰয়োজন!
অভিভাৱক : ছাৰ ‘পেৰেণ্টিং’-তো প্ৰথমে অভিভাৱকসকলেই উচৰ্গিত মনোভাৱৰে কৰা উচিত, কিয়নো তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগিব। ‘য়ু হেভ টু ম’টিভেট দেম এণ্ড’ আপুনিতো জানেই চৰকাৰেতো সকলো খেলুৱৈক সকলো প্ৰকাৰে সা-সুবিধা দি আহিছে। সেয়ে, সেই কথা আমাৰ ল’ৰা-ছোৱালীবোৰে হৃদয়ংগম কৰি দেশৰ নাম উজলোৱাৰ বাবে কষ্ট কৰিব লাগিব।
প্ৰধানমন্ত্ৰী : সিন্ধু জী, আপোনাক বিশ্ব চেম্পিয়ণ কৰি তোলাৰ বাবে মা-দেউতাই বহু ত্যাগ কৰিবলগীয়া হৈছে। তেওঁলোকে নিজৰ কাম কৰিলে। এতিয়া আপুনি খুব কষ্ট কৰক। আৰু মোৰ বিশ্বাস আছে যে এইবাৰ আপুনি নিশ্চয় সফল হ’বই আৰু সফলতাৰ পিচত মোৰ সৈতে দেখাতো হ’বই তেতিয়া ময়ো আপোনালোকৰ সৈতে ‘আইচক্ৰীম’ খাম।
প্ৰধানমন্ত্ৰী : আহক এলাৰ সৈতে কথা-বতৰা হও, নমস্তে এলা!
এলৱেনিল : নমস্তে ছাৰ!
প্ৰধানমন্ত্ৰী : (গুজৰাটী ভাষাত সম্ভষণ) এলৱেনিল, মোক কোৱা হৈছে যে আপুনি প্ৰখমতে ‘এথলিটিক্স’ত যাব বিচাৰিছিল। পিচত এনে কি ঘটনা ঘটিল আপুনি ‘শ্বুটিং’ কৰিবলৈ ল’লে!
এলৱেনিল : ছাৰ মইতো বহু খেলৰে প্ৰচেষ্টা চলাইছিলো। ‘শ্বুটিঙ’ৰ আগতে মোৰ আন বহু খেলৰ প্ৰতিয়েই ৰাপ আছিল। ‘এথলেটিক্স’, ‘বেডমিণ্টন’, ‘জুডো’ আদি ‘ট্ৰাই’ কৰিছিলো। পিচে, মই যেতিয়া ‘শ্বুটিং’ আৰম্ভ কৰিছিলো তেতিয়া মই বহুত ‘এক্সাইটমেণ্ট’ অনুভৱ কৰিবলৈ ধৰিলো। কিয়নো এই খলত খুবেই সুস্থিৰতা অৱলম্বন কৰাৰ প্ৰয়োজন হয়। বহু বেছিকৈ শান্ত হৈ থাকিব লগা হয়। এই য়ে শান্ত হোৱাৰ প্ৰয়োজন সেই স্বভাৱ মোৰ নাছিল। কিন্তু খেলবিধৰ প্ৰশিক্ষণে মোক বহুত শিকাৰ সুযোগ দিলে আৰু মই খেলবিধক ভাল পাই পেলালো।
প্ৰধানমন্ত্ৰী : অলপতে মই দূৰদৰ্শনত এটা কাৰ্যক্ৰম চাই আছিলো। তাত আপোনাৰ মা-দেউতাৰ কথা শুনি আছিলো আৰু সেই ‘সংস্কাৰধাম’ত আপুনি ইয়াৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ সম্পূৰ্ণ বৰ্ণনা কৰিছিল। তালৈ গৈ তেওঁলোকে আপোনাৰ কথা কৈ গৰ্ব অনুভৱ কৰিছিল। ভাল স্কুলৰ পৰা অলিম্পিক পৰ্যন্ত বহু সংখ্যক যুৱক-যুৱতীয়ে আপোনাৰ এই যাত্ৰাৰ বিষয়ে জানিব বিচাৰিব। চাওক মই মণিনগৰৰ এমএলএ আছিলো আৰু মই যেতিয়াই খোখৰাত মোৰ বিধানসভা ক্ষেত্ৰত সৰ্ব প্ৰথমে ‘স্পৰ্টছ অকাডেমী’ আৰম্ভ কৰিছিলো, তেতিয়া আপোনালোক তালৈ খেলিবলৈ আহিছিল। তেতিয়াতো আপোনালোক শিশু আছিল আৰু আজি মই আপোনাক দেখাৰ পিচত বৰ গৰ্ব অনুভৱ কৰিছো। বাৰু নিজৰ কথা কওকচোন!
এলাৱেনিল : ছাৰ মোৰ ‘শ্বুটিঙ’ৰ ‘প্ৰফেশ্যনেল জাৰ্ণি’ ‘সংস্কাৰধাম’ৰ পৰাই আৰম্ভ হৈছিল। মই যেতিয়া দশম মানত আছিলো মা-দেউতায়েই কৈছিল ঠিক আছে তুমি খেলত এবাৰ চেষ্টা কৰি চাব পাৰা, তোমাৰ যিহেতু ইমানেই আগ্ৰহ আছে যেতিয়া চেষ্টা এটা কৰি চোৱা। সেই সময়ত ‘গুজৰাট ক্ৰীড়া প্ৰাধিকৰণ’ আৰু ‘গন ফৰ গ্লৰী শ্বুটিং অকাডেমী’ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ আধাৰত ‘সংস্কাৰধাম’-য়ে জিলা পৰ্যায়ৰ খেল-ধেমালি আৰম্ভ কৰিছিল। সেয়ে মই যেতিয়া তাতেই পঢ়ি আছিলো, গোটেই দিন ধৰি আমাৰ প্ৰশিক্ষণো তাতেই চলিছিল ছাৰ। ছাৰ সেই যাত্ৰা খুবেই ভাল আছিল, কিয়নো মই তাৰ পৰাই আৰম্ভ কৰিছিলো আৰু এতিয়া যেতিয়া মই মোৰ প্ৰথমখন অলিম্পিকলৈ যাবলৈ ওলাইছো, ছাৰ মই খুবেই গৌৰৱ অনুভৱ কৰিছো। ইমানবোৰ লোকৰ সহায় সহযোগ, ইমানবোৰ লোকে মোলৈ সমৰ্থন আগবঢ়ালে আৰু সদায়ে দিহা-পৰামৰ্শ দি আহিছে, এইবোৰ কথা ভাবিলে খুবেই ভাল লাগে ছাৰ।
প্ৰধানমন্ত্ৰী : এলৱেনিল, এতিয়াতো আপুনি ‘গ্ৰেজুৱেশ্যন’ কৰি আছে। পঢ়া-শুনা আৰু ‘শ্বুটিং’ এই দুয়োটাৰ মাজত আপুনি সমতুলতা কেনেকৈ বৰ্তাই ৰাখে?
এলৱেনিল : ছাৰ মইতো ইয়াৰ বাবে মোৰ ‘গুজৰাট বিশ্ববিদ্যালয়’ আৰু আমৰ কলেজ ‘ভৱনৰাজ কলেজ’ক ধন্যবাদ জনাব বিচাৰিম, কিয়নো ছাৰ, এনেকুৱা এবাৰো হোৱা নাই যে তেওঁলোকে মোৰ কামবোৰ বাধ্যতামূলক ভাবে উপস্থিত থাকিহে কৰিব পাৰিব বুলি ধৰাবন্ধা কৰি দিছিল। তেওঁলোকে মোক ইমানেই সুবিধা দিছিল যে মোৰ পৰীক্ষাৰ বাবেও বিশেষ ব্যৱস্থা কৰি দিছিল।
প্ৰধানমন্ত্ৰী : এলৱেনিল, আপোনাৰ ‘জেনেৰেশ্যন এম্বিচিয়াছো’ হয় আৰু ‘মেচিওৰো’ হয়। আপুনি ইমান কম বয়সতে বিশ্ব পৰ্য়ায়ৰ সফলতা আহৰণ কৰিবলৈ সক্ষম হৈছে। সেয়ে দেশেও খেলবিশ্বৰ সকলোতকৈ বৃহত মঞ্চখনতো আপুনি এই যাত্ৰা অব্যাহত ৰাখিব পাৰিব বুলি আশা কৰিছে। মোৰ আপোনালোক আটাইলৈকে শুভকামনা আছে আৰু আপোনাৰ মা-দেউতালৈকো মই প্ৰণাম জনাইছো। ‘ৱণক্কম’!
প্ৰধানমন্ত্ৰী : আহক আমি সৌৰভ চৌধুৰীৰ সৈতে দুআষাৰ কথা পাতো, সৌৰভ জী নমস্কাৰ!
প্ৰধানমন্ত্ৰী : আপুনি ইমান কম বয়সতে অলিম্পিকৰ বাবে ‘কোৱালিফাই’ কৰিছে। কেনেকৈ আৰি কেতিয়া আপোনাৰ এই অভিযান আৰম্ভ হৈছিল!
সৌৰভ : ছাৰ ২০১৫চনত মই ‘শ্বুটিং’ আৰম্ভ কৰিছিলো। আমাৰ কাষৰ গাঁৱতে এখন ‘শ্বুটিং অকাডেমী’ আছিল, তাতেই মই প্ৰথম আৰম্ভ কৰিছিলো। মোৰ পৰিয়ালে মোক খুবেই উত্সাহ যোগাইছিল। তেওঁলোকে নিজেই কৈছিল যে তুমি যেতিয়া ইমানেই ভাল পোৱা তেন্তে এবাৰ চেষ্টা কৰি চোৱাত আপত্তি কি? আৰু ময়ো প্ৰয়াস আৰম্ভ কৰিলো। কামতো মোৰ ভাল লাগিবলৈ ধৰিলে আৰু লাহে লাহে আগ্ৰহ বাঢ়ি গল আৰু তাৰ ফলো পাবলৈ ধৰিলো। ইতিমধ্যে ভাৰত চৰকাৰেও আমাক সহযোগিতা আগবঢ়াবলৈ ধৰিলে আৰু আজি এইখিনত উপনীত হ’বলৈ সক্ষম হ’লো ছাৰ।
প্ৰধানমন্ত্ৰী : চাওক আপোনাৰ পৰিয়ালবৰ্গকো বহুত গৰ্বৰে ইয়াত উপস্থিত থকা মই দেখিছো, তেওঁলোকৰ চকুত ডাঙৰ ডাঙৰ সপোনৰ চকমকনি মই দেখিবলৈ পাইছো। চাওক সৌৰভ কষ্টৰ লগতে ‘শ্বুটিং’-ত মানসিক একাগ্ৰতাৰো বহুত প্ৰয়োজন হয়। ইয়াৰ বাবে আপুনি ‘যোগ’ আদি কৰেনে, নে আন কোনো ব্যৱস্থাৰ সহায় লয় এই কথা মই জানিব খুজিম আৰু ইয়ে দেশৰ যুৱ-প্ৰজন্ময়ো নিশ্চয় ভাল পাব।
সৌৰভ : ছাৰ ‘মেডিটেশ্যন’ কৰো, আমাৰ ‘যোগ’ কৰো। ছাৰ শান্ত হৈ থকাৰ বাবে আমিতো আপোনাৰ পৰা শিকা উচিত কিয়নো আপুনি কিমান ডাঙৰ, অৰ্থা্ত্ সম্পূৰ্ণ হিন্দুস্থানকে চম্ভালি আছে, সেয়ে আপুনি ইয়াৰ বাবে কি কৰে ছাৰ?
প্ৰধানমন্ত্ৰী : আচ্ছা সৌৰভ, কওকচোন, আপোনাৰ বন্ধু, আপোনাৰ সংগীসকল আপোনাৰ ওচৰলৈ আহে নে, আপোনাৰ সৈতে চেল্ফী লয়নে, তেতিয়া আপোনাৰ কেনে লাগে? আগতেতো এইবোৰ কৰা নাছিল নহয়নে?
সৌৰভ : নাই, যেতিয়া মই ঘৰলৈ যাও, তেতিয়া মোৰ গাঁও, ওচৰ-পাজৰৰ মোৰ বন্ধুবোৰ আহিছিল, চেল্ফী লৈছিল। মোৰ পিষ্টলৰ সৈতে চেল্ফী লয়। মোৰ খুবেই ভাল লাগে।
প্ৰধানমন্ত্ৰী : সৌৰভ আপোনাৰ কথাত এনে লাগিছে, আপুনি যেন খুবেই ‘ফোকাছড’। আপোনাৰ দৰে যুৱকৰ বাবে এয়া খুবেই ভাল কথা। ‘শ্বুটিঙ’তো এই ‘ফোকাছ’ আৰু স্থিৰতাৰ প্ৰয়োজন। আপুনিতো এতিয়া বহুত দীঘলীয়া যাত্ৰা কৰিব লাগিব, দেশৰ বাবে এনেক সাফল্য অৰ্জন কৰিব লাগিব। আমাৰ সকলোৰে বিশ্বাস যে আপুনি অলিম্পিকত বহুত ভাল প্ৰদৰ্সন দাঙি ধৰিবল, আৰু ভৱিষ্যতেও বহুত আগুৱাই যাব। আপোনাক আৰু আপোনাৰ পৰিয়ালবৰ্গক মোৰ প্ৰণাম।
প্ৰধানমন্ত্ৰী : আহক আমি শৰত্ কমল জীৰে কথা-বতৰা পাতো, শৰত্ জী!
শৰত্ : নমস্কাৰ ছাৰ!
প্ৰধানমন্ত্ৰী : শৰত্ জী আপুনি অলিম্পিকত অংশগ্ৰহণ কৰিছে। আপুনিতো বহুত নামজ্বলা খেলুৱৈ। আপুনি যুৱ খেলুৱৈসকলক কি পৰামৰ্শ দিব, যিসকলে প্ৰথমবাৰৰ বাবে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিবল সাজু হৈছে।
শৰত্ : এইবাৰ অলিম্পিকলৈ ওলোৱাসকল, এইবাৰ যিহেতু এক নতুন পৰিস্থিতিত প্ৰতিযোগিতা অনুষ্ঠিত হ’বলৈ ওলাইছে, ক’বলৈ গ’লে এইবাৰ দৰাচলতে ক’ভিড-১৯ৰ মাজতে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। সেয়ে, বিগত তিনিবাৰৰ অলিম্পিকৰ কোনো অভিজ্ঞতাৰ সৈতে ইয়াৰ মিল নাথাকিব। কিয়নো এইবাৰ আমাৰ ‘কনচেনট্ৰেশ্যন’ খেলৰ পৰা আঁতৰি আমাৰ সুৰক্ষাৰ বাবে হে হব, যি ‘প্ৰটোকল মেইণ্টেইন’ কৰিব লাগিব, তাৰ ওপৰত আমৰ ধ্যান বৰ্তি থাকিব লাগিব। সেয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকলৈ ওলোৱা সকলক মই কম আপোনালোকে খেলৰ লগতে যি সমূহ সুৰক্ষা বিধি-নিয়ম পালন কৰিবলৈ দিয়া হয় তাৰ প্ৰতি বিশেষ সতৰ্ক দৃষ্টি ৰাখিব লাগিব কিয়নো, এয়া বিঘ্নিত হ’লে খেলৰ পৰাই বাহিৰ হ’বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। ‘উই হেভ টু মেইণ্টেইন দা প্ৰটোকলছ’ আৰু যেতিয়াই আমি অলিম্পিকলৈ যাও তেতিয়া আমাৰ সম্পূৰ্ণ মনোযোগ আমাৰ খেলত হোৱা উচিত।
প্ৰদানমন্ত্ৰী : শৰত্ জী আপুনি যেতিয়া খেলিবলৈ আৰম্ভ কৰিছিল তেতিয়া আৰু এতিয়াৰ টেবল টেনিছৰ মাজত কিবা পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবেনে? খেলৰে জড়িত চৰকাৰী বিভাগবোৰৰ দৃষ্টিভংগীৰ কিবা পৰিৱৰ্তন হোৱা বুলি আপুনি ভাবেনে?
শৰত্ : বহুত ছাৰ, বহুত পৰিৱৰ্তন হৈছে! ২০০৬চনত যেতিয়া প্ৰথমবাৰ ‘কমনৱেল্থ’ত মই ‘গ’ল্ড’ জিকিছিলো আৰু এই শেহতীয়া ভাবে ২০১৮ত যেতিয়া আমি সকলোৱে মিলি ‘গ’ল্ড’ জিকিলো ইয়াৰ মাজত বহুত পৰিৱৰ্তন দেখিছো। মূল কথাটো হৈছে খেলৰ পৃথিৱীখনলৈ পেচাদাৰিত্ব আহিছে। ২০০৬চনত যেতিয়া মই জিকিছিলো তেতিয়া ইমান পেছাদাৰিত্ব দেখা পোৱা নাছিলো। তেতিয়া পঢ়া-শুনা অধিক জৰুৰী আছিল, খেলা-ধূলা আনুষংগিক বিষয়হে আছিল। কিন্তু আজি এনেকুৱা নহয়, খেলক বহুত গুৰুত্ব দিয়া হৈছে, চৰকাৰেও বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে, বেচৰকাৰী সংস্থাসমূহেও বহুত গুৰুত্ব প্ৰাদন কৰিবলৈ ধৰিছে আৰু একে সময়তে কেৰিয়াৰ বনোৱাৰ বাবে যি এতিয়া যি সুযোগ-সুবিধা পোৱা যায়, খলুৱৈ হিচাপে এগৰাকী পেছাদাৰ হোৱাৰ বাবে তাৰ সুযোগ এতিয়া বহুত আছে। শিশু আৰু অভিভাৱকসকলৰ বাবেও এক ধৰণ গেৰাণ্টী পোৱা গৈছে। গেৰাণ্টীতকৈয়ো অধিক এক আত্মবিশ্বাস পোৱা যেন অনুভৱ হৈছে। মই ভাবো খেলৰ প্ৰতি থকা মানুহৰ দৃষ্টিভংগীৰ ইতিবাচক দিশত বৃহত্ সলনি হৈছে।
প্ৰধানমন্ত্ৰী : শৰত্ জী, আপোনাৰ হাতত কেৱল টেবল টেনিছেই নহয়, বৰং বিশাল আয়োজনৰ বহু অভিজ্ঞতাও আছে। মই ভাবো আপোনাৰ অভিজ্ঞতাই আপোনাকতো সহায় কৰিবই, লগতে অলিম্পিকত ভাগ ল’বলৈ ওলোৱা দেশৰ সমগ্ৰ ‘টীম’টোৰো কামত আহিব বুলি ভাবিছো। আপুনি এক বৃহত্ ভূমিকা পালন কৰিব লাগিব আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে নিজৰ খেলৰ লগতে সম্পূৰ্ণ ‘টীম’টোক চম্ভালি লোৱাৰ ক্ষেত্ৰত আপুনি বিশেষ অৱদান আগবঢ়াব। আপোনাৰ লগতে আপোনাৰ ‘টীম’লৈ মোৰ শুভকামনা জনালো।
প্ৰধানমন্ত্ৰী : আহক মণিকা বাত্ৰা জীৰ সৈতে কথা পাতো, মণিকা জী নমস্কাৰ!
মণিকা : নমস্কাৰ ছাৰ!
প্ৰধনমন্ত্ৰী মোক জনোৱা হৈছে যে আপুনি টেবল টেনিছ খেলাৰ লগতে দুখীয়া ল’ৰা-ছোৱালীসকলকো এইবিধ খেল শিকোৱাত সহায় কৰি আহিছে। আপুনি নিজেই এগৰাকী যুৱ খেলুৱৈ, আপোনাৰ মনলৈ এই চিন্তা আহিল কেনেকৈ?
মণিকা : ছাৰ মই য়েতিয়া প্ৰথমবাৰ পুণেত খেলিবলৈ আহিছিলো তেতিয়া মই দেখিছিলো সুযোগৰ পৰা বঞ্চিত আৰু অনাথ বহু শিশুৱে আৰু ইয়াৰ কেন্দ্ৰসমূহত শিকোৱা বহুতে খুব ভাল খেলিছিল। সেইবোৰ দেখি মই ভাবিছিলো যে তেওঁলোকে সুবিধা নাপাওতেই যদি ইমান ভাল খেলিব পাৰিছে তেন্তে সুবিধা পালে আৰু কিমান ভাল খেলিব পাৰিব। সেয়ে তেওঁলোকক অলপ সহায় কৰাৰ প্ৰয়োজন মই অনুভৱ কৰিছিলো। মোৰ খেলে তেওঁলোককো অনুপ্ৰাণিত কৰিব পাৰিব বুলি মই অনুভৱ কৰিছিলো।
প্ৰধানমন্ত্ৰী : মণিকা, মই দেখিছো আপুনি খেলাৰ সময়ত কেতিয়াবা কেতিয়াবা ত্ৰিৰংগা ‘পেইণ্ট’ কৰি লয়। ইয়াৰ নেপথ্যত কিবা কাহিনী আছেনেকি, নিজৰ প্ৰেৰণাৰ বিষয়ে কওকচোন!
মণিকা : ছোৱালী হোৱাৰ বাবেই মোৰ চাগৈ এইবোৰ কাম ভাল লাগে, তাতে ভাৰতৰ পতাকা নিজৰ লগত ৰাখি এক বিশেষ ধৰণৰ উত্সাহ অনুভৱ কৰো, বিশেষকৈ মই যেতিয়া ছাৰ্ভিচ কৰো তেতিয়া মোৰ বাওঁ হাতত অংকিত ত্ৰিৰংগা দেখি মই অনুপ্ৰাণিত হও। দেশৰ হৈ খেলিবলৈ গ’লেতো কথাই নাই।
প্ৰধানমন্ত্ৰী : মণিকা মোক জনোৱা হৈছে আপুনি বোলে নাছিবলৈয়ো ভাল পায়। এই নাছে কি আপোনাক চাপ মুক্ত কৰাত সহায় কৰে?
মণিকা : হয় ছাৰ, মই নাছিলে চাপ মুক্ত হোৱা যেন পাও। সাধাৰণতে হয় নহয়, সংগীত শুনা অথবা নাছ-গান কৰিলে মুকলি মুকলি লাগে যে! মোৰো হয়, মোৰ আত্মবিশ্বাস বঢ়া যেন লাগে।
প্ৰধানমন্ত্ৰী : মই এনেকুৱা প্ৰশ্ন কৰি আছো যে আপোনাৰ পৰিয়াল, আত্মীয়জনে হাঁহি আছে।
প্ৰধানমন্ত্ৰী : মণিকা, আপুনি আন্তঃৰাষ্ট্ৰীয় স্তৰত চেম্পিয়ণ হৈছে। আপুনি ল’ৰা-ছোৱালীক শিকোৱাতো মনোনিৱেশ কৰিছে। আপোনাৰ সফলতা কেৱল সেইসকল শিশুৰে নহয়, বৰং দেশৰ সকলো টেবল টেনিছ খেলুৱৈকে প্ৰেৰণা দিব। আপোনাৰ লগতে আপোনাৰ সকলো সতীৰ্থ খেলুৱৈলৈ মোৰ শুভকামনা জনলো।
প্ৰধানমন্ত্ৰী : আহকচোন এতিয়া আমি বিনেশ ফোগতৰ সৈতে কথা পাতো, বিনেশ নমস্তে!
বিনেশ : ছাৰ নমস্কাৰ!
প্ৰধানমন্ত্ৰী : বিনেশ, আপুনিতো ফোগত পৰিয়ালৰ পৰা আহিছে। আপোনাৰ পৰিয়ালটোৰ সকলোৱেই খেলৰ জৰিয়তে দেশক ইমানবোৰ অৰিহণা আগবঢ়াইছে। এই পৰিচয়ৰ কাৰণেই অলপ ‘এক্সট্ৰা প্ৰেছাৰ’ অনুভৱ কৰিছেনেকি, অলপ বেছি দায়িত্ব ল’বলগীয়া যেন হৈছেনেকি?
বিনেশ : ছাৰ জী, দায়িত্বতো নিশ্চয় অনুভৱ কৰিছো, কিয়নো পৰিয়ালে যি কাম আৰম্ভ কৰিছিল সেই কাম সমাপ্ত কৰিব লাগিব আৰু অলিম্পিকক লৈ যি সপোন দেখা হৈছিল যেতিয়া পদক আহিব তাৰ পিচতহে সম্ভৱতঃ এই কামৰ সামৰণি পৰিব। সেয়ে আশাতো কৰিছো ছাৰ, সমগ্ৰ দেশেই আশা কৰিছে, পৰিয়ালৰো আশা থাকে। আৰু মই এনে লাগিছে আমাৰ বাবে আশা কৰাৰ প্ৰয়োজন আছে, কাৰণ যেতিয়া আশাৰ কিৰণ দেখা যায় তেতিয়া আমি আৰু অলপ ‘এক্সট্ৰা পুছ’ কৰো, এটা পৰ্যায়ত উপনীত হোৱাৰ পিচত। তেতিয়া ভাল লাগে, ছাৰ কোনো ‘প্ৰেছাৰ’ নাই ছাৰ, ভালকৈ খেলিম আৰু দেশক গৌৰৱ কৰাৰ নিশ্চয় সুযোগ দিম।
প্ৰধানমন্ত্ৰী : চাওক যোৱাবাৰ ৰিঅ’ অলিম্পিকত আপুনি আঘাত পোৱাৰ বাবেই উভতিবলগীয়া হৈছিল, যোৱাটো বছৰতো আপোনাৰ অসুখ হৈছিল। আপুনি ইমানবোৰ বাধাকো অতিক্ৰমী সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিলে। ইমান ‘ষ্ট্ৰেচ’ক ‘ছাকছেছ’লৈ সমনি কৰাটো সঁচাকৈয়ে বহুত ডাঙৰ কথা, এয়া কেনেকৈ কৰিছে?
বিনেশ : ছাৰ কঠিন নিশ্চয় হয় তথাপি ‘এথলিট’ হও বাবেই আমি যদি ‘টপ লেভেল’ত ‘পাৰফৰ্ম’ কৰিব লাগে তেন্তে আমি মানসিক ভাবে শক্তিশালী হ’বই লাগিব আৰু ‘এথলিট’ হোৱা বাবেই মই ভাবো আমি নিজকে উচ্চ পৰ্যায়লৈ লৈ যাবলৈ ‘পুছ’ কৰাৰ বাবে পৰিয়ালৰ এক বহুত ডাঙৰ ভূমিকা থাকে। মই পিচে পৰিয়ালৰ সমৰ্থন সদায়ে পাই আহিছো আৰু আমাৰ ‘ফেডাৰেশ্যন’ৰ সকলোৱেই আন্তৰিকতাৰে আমাৰ সৈতে জড়িত হৈ আহিছে। সেয়ে যিসকলে ইমানবোৰ কৰিছে তেওঁলোককতো নিৰাশ কৰিব নোৱাৰি, আৰু এনেয়েও ক’তো থমকি ৰোৱা উচিত নহয়। কাৰণ এতিয়া আৰু থমকি ৰোৱাৰ প্ৰশ্নই নাহে, সেয়ে তেখেতসকলে আমাক ‘পুছ’ কৰি আছে। এইবোৰ কথা এনেকুৱা সময়তে মনলৈ আহে। আমি তেওঁলোকৰ বাবেই কামত ব্ৰতী হৈ ৰও। সেয়া লাগিলে ‘ইনজুৰী’য়েই কিম্বা আন কিবাই হওক।
প্ৰধানমন্ত্ৰী : মোৰতো সম্পূৰ্ণ ভৰসা আছে যে আপুনি টকিঅ’ত বহুত সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিব। আমি কি আপোনাৰ জীৱনৰ আধাৰতো এখন চিনেমাৰ কথা ভাবিব পাৰোনে?
বিনেশ : ছাৰ এয়া আপোনালোকৰ কৃপা। আৰু আমি যিসকল ‘এথলিট’ যাবলৈ ওলাইছো প্ৰত্যেকেই দেশৰ বাবে মেডেল আনিব যাতে পাৰো, দেশক যাতে নিৰাশ কৰিবলগীয়া নহয় ইয়াকে কামনা কৰিছো।
প্ৰধানমন্ত্ৰী- আপোনাৰ মা-দেউতাও জড়িত হৈ আছে। ক’বলৈ গ’লে মা-দেউতাসকলো এক প্ৰকাৰ গুৰুৱেই হয়। মই অকণমান দেউতাৰ সৈতে কথা পাতিব বিচাৰিম। বিনেশৰ মাক-দেউতাকো উপস্থিত আছে। নমস্কাৰ! আপোনালোকক মই আন এটা কথাহে সুধিব খুজিছো। যেতিয়া কোনো এগৰাকী ব্যক্তি ‘ফিট’ আৰু স্বাস্থ্যৱন্ত হয়, তেওঁলোকক আমাৰ দেশত সোধা হয়- ‘কৌন চি চাক্কী কা আটা খাটে হো’! কওকচোন ফগত পৰিয়ালে তেওঁলোকৰ ছোৱালীহঁতকনো কোনটো চাক্কীৰ আটা খুৱায়? লগতে বিনেশক কি মন্ত্ৰ দি টকিঅ’লৈ পঠাইছে সেই বিষয়েও অকণমান ক’ব!
অভিভাৱক : চাওক, যি চাক্কীৰ আটাৰ কথা সোধা হৈছে সেয়া, আমাৰ নিজৰ গাঁৱৰ চাক্কীৰ আটাকে খুৱাও। আৰু গৰু-ম’হ পোহো, সেই গৰু-ম’হৰ গাখীৰ, দৈ, ঘীউ, মাখন খুৱাও। আৰু ২০১৬চনত বিনেশে যি আঘাত পাইছিল মই সমগ্ৰ দেশৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি মোৰ ছোৱালীকলৈ যি আশা কৰা হৈছে, মই এটা কথাই কৈছিলো, যদি অলিম্পিকৰ পৰা সোণৰ পদক আনিব পাৰা তেন্তে ‘এয়াৰপোৰ্ট’ৰ পৰা আগবঢ়াই নিবলৈ আহিম। নানিলে নাহো। আৰু আজিও মই সেই কথাকে ধৰি আছো। যোৱা বাৰতো মোৰ ছোৱালী থমকি ৰ’ব লগা হৈছিল। কিন্তু এইবাৰ অলিম্পিকত মই নিশ্চিত ভাবেই ক’ব পাৰো। আপুনি তাইৰ আগৰ ‘টুৰ্ণামেণ্ট’ চাওক। এইবাৰ মোৰ ছোৱালীৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে, এইবাৰো তাই সোণৰ পদক লৈ আহিবই। মোৰ সপোন পূৰণ কৰিবই।
প্ৰধানমন্ত্ৰী : আপোনাৰ ‘পেৰেণ্ট’ৰ কথাত মোৰ সম্পূৰ্ণ ভৰসা হৈ গৈছে, বিনেশ আপুনি নিশ্চিত ভাবেই জিকিব। আপুনি যুঁজে, ঢলি পৰে, আকৌ যুঁজে কিন্তু হাৰ মানি নলয়। আপুনি নিজৰ পৰিয়ালৰ পৰা যিখিনি শিকিছে, নিশ্চয় সেয়া অলিম্পিকত দেশৰ কামত আহিব। আপোনালৈ বহুত বহুত শুভকামনা জনালো।
প্ৰধানমন্ত্ৰী : আহক, সাজন প্ৰকাশ জীৰ সৈতে কথা পাতো। সাজন জী নমস্কাৰ! মোক কোৱা হৈছে যে আপোনাৰ মায়েও ‘এথলেটিক্স’ত দেশক গৌৰৱান্বিত কৰিছিল। মাৰ পৰা আপুনি কি কি শিকিছে?
সাজন প্ৰকাশ : ‘ছাৰ মাই মাদাৰ ইজ মাই এভ্ৰিথিং এণ্ড ছী ৱাজ এ স্পৰ্টছ পাৰ্ছন ইন আৰ্লি ডেইজ এণ্ড ছী হেল্পড মি টু কাম অভাৰ অল দা ষ্ট্ৰাগলছ এণ্ড হাৰ্ডলছ ফৰ এচিভমেণ্টছ ছাৰ’।
প্ৰধানমন্ত্ৰী : মোক কোৱা হৈছে যে আপুনি আঘাতৰ সন্মুখীন হৈছিল। ইয়াৰ পৰা আপুনি কেনেকৈ নিজকে উলিয়াই আনিবলৈ সক্ষম হ’ল?
সাজন প্ৰকাশ : পোন প্ৰথমে ক’ম সম্পূৰ্ণ ১৮মাহৰ পিচত, এটা ‘পুল’ সম্পূৰ্ণ হোৱাৰ সময়ত আমি বহুখিনি সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু আঘাতৰ সমস্যাৰ বাবে আমি ‘পুল’ৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল, ইমান এটা দীঘলীয়া সময়ৰ বাবে পুলৰ পৰা আঁতৰি থকাটো স্বাভাৱিকতেই হতাশাৰ কথাই, পিচে সকলোৰে সমৰ্থনত, মোৰ প্ৰশিক্ষক, গৌৰী আণ্টী আৰু কেৰালা আৰক্ষী, ‘ছুইমিং পিটিশ্যন অব ইণ্ডিয়া’, সকলোৱেই মোৰ দুৰ্যোগৰ সময়ত সহায়-সহযোগিতা আৰু সমৰ্থন আগবঢ়াইছিল আৰু মই ভাবো এই দুৰ্যোগৰ পৰা ওলাই অহাৰ ক্ষেত্ৰত, মানসিক ভাবে শক্তিশালী হৈ থকাৰ ক্ষেত্ৰত সময়ে মোক বাৰুকৈয়ে সহায় কৰিছিল ছাৰ!
প্ৰধানমন্ত্ৰী : সাজন আপুনি অলিম্পিকলৈ যোৱাৰ আগতে ভাৰতীয় খেলৰ সোণালী ইতিহাসত স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে। মোৰ বিশ্বাস আপুনি নিজৰ প্ৰদৰ্শনৰে এই উপলব্ধিক আৰু অধিক স্বৰ্ণাভ কৰি উজলাই তুলিব।
প্ৰধানমন্ত্ৰী : মনপ্ৰীত, মোক জনোৱা হৈছে যে ক’ৰোনাৰ প্ৰথমটো লহৰত আপোনালোক সকলো সতীৰ্থ বাংগালুৰুত একেলগে আছিল, সকলোৱে মিলি ক’ৰোনাৰে মোকাবিলা কৰিছিল। ইয়াৰ ফলত দলৰ ‘স্পিৰিট’ত কেনে প্ৰভাৱ পৰিছিল!
মনপ্ৰীত : ছাৰ, সেই সময়ত চৰকাৰৰ তৰফৰ পৰা বহুত সহযোগিতা আমি পাইছিলো। কিয়নো আমি ইয়াত, বাংগালুৰুত আছিলো। সেই সময়ত আমি আমাৰ দলক কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰো তাৰে চিন্তা-চৰ্চা কৰিছিলো, তাৰ ওপৰত কাম কৰিছিলো। আমি সকলোৱে একত্ৰিত হৈ কাম কৰিছিলো। আমি খেলুৱৈসকলে এজন আনজনৰ ‘বেকগ্ৰাউণ্ড’ৰ বিষয়েও জানিছিলো, কেনেকৈ তেওঁলোকে, তেওঁলোকৰ পৰিয়ালবৰ্গই নিজৰ সন্তানক এই পৰ্যন্ত অহাৰ বাবে বাবে ত্যাগ কৰিবলগীয়া হৈছে। আমাৰ দলৰ মনোবল আৰু বৃদ্ধি পাব পৰা বিষয়সমূহৰ বিষয়ে জনাৰ প্ৰয়াস কৰিছিলো। আৰু ছাৰ, আমি ভাবিছিলো এতিয়া আমাৰ হাতত আৰু এটা বছৰ আছে, সেয়ে আমি নিজকে কেনেকৈ আৰু উন্নত কৰিব পাৰো সেই কথাত গুৰুত্ব দিবলৈ লৈছিলো। আমি দলৰ বিষয়ে অধ্যয়ণ কৰিছিলো যাতে দলৰ ‘প্লাছ পয়ন্ত’বোৰ উলিয়াই সেইবোৰক কেনেকৈ উচিত ভাবে প্ৰয়োগ কৰিব পাৰো তাৰেই চৰ্চা কৰিছিলো। এয়া নিশ্চয় আমাৰ বাবে সহায়ক হ’ব।
প্ৰধানমন্ত্ৰী : অলিম্পিকত হকীৰ ক্ষেত্ৰত আমাৰ দেশৰ বৰ্ণময় ইতিহাস আছে। সেয়ে ‘ৰেকৰ্ড’ অক্ষুন্ন ৰখাৰ বাবে অধিক চাপৰ সন্মুখীন হবলগীয়া হয় চাগৈ? ইয়াৰ বাবে খেলি থকা সময়ত আপোনালোকে অন্য ধৰণৰ এক পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হয়নেকি বাৰু?
মনপ্ৰীত : নহয় ছাৰ, একেবাৰেই নহয়। কিয়নো, চাবলৈ গ’লে হকীত এই পৰ্যন্ত ৮বাৰ ‘গ’ল্ড মেডেল’ জিকিছো। সকলোতকৈ অধিক ‘মেডেল’ জিকিছো। তাক লৈ আমি গৌৰৱ অনুভৱ কৰো। আমিও সেই খেলকে খেলি আছো বুলি ভালো লাগে। আৰু যেতিয়াই আমি অলিম্পিকলৈ যাও, আমি আমাৰ উত্তম খেল খেলাৰ প্ৰয়াস কৰো আৰু ভাৰতৰ বাবে ‘মেডেল’ আনিব খোজো।
প্ৰধানমন্ত্ৰী- বাৰু, আপোনাৰ পৰিয়ালবৰ্গকো মই দেখি আছো। মই তেওঁলোককো প্ৰণাম জনাইছো। তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ বাবে সদায়ে থাকিব আৰু দেশবাসীৰ শুভকামনাও আপোনাৰ বাবে আছে।
প্ৰধানমন্ত্ৰী : মনপ্ৰীত আপোনাৰ সৈতে কথা পাতি থাকোতে মোৰ মেজৰ ধ্যানচান্দ, কেডি সিংহ বাবু, মহম্মদ ছাহিদৰ দৰে মহান খেলুৱৈলৈ মনত পৰিছে। আপুনি হকীৰ মহান ইতিহাসক আৰু অধিক উজ্জ্বল কৰিব বুলি মোৰ লগতে দেশৰো বিশ্বাস আছে।
প্ৰধানমন্ত্ৰী : ছানিয়া জী, আপুনি বহুকেইটা গ্ৰেণ্ড শ্লেম জিকিছে, বহুত ডাঙৰ ডাঙৰ খেলুৱৈৰ সৈতে খেলিছে। টেনিছৰ চেম্পিয়ণ হ’বলৈ কি গুণ থাকিব লাগে বুলি আপুনি অনুভৱ কৰে? কিয়নো আজিকালি মই দেখিছো যে ২-টায়াৰ, ৩-টায়াৰ মহানগৰীসমূহতো আপোনালোক তেওঁলোকৰ বাবে হিৰো হয় আৰু তেওঁলোকেও টেনিছ শিকিব বিচৰা হৈছে।
ছানিয়া : হয় ছাৰ, মই ভাবো টেনিছ এনেকুৱা এটা ‘গ্লোবেল স্পৰ্ট’, য’ত, ২৫বছৰৰ আগতে যেতিয়া মই আৰম্ভ কৰিছিলো, তেতিয়া বেছি মানুহে টেনিছ খেলা নাছিল। কিন্তু এতিয়া, আপুনি যেনেকৈ কৈছে বহুত সৰু সৰু ল’ৰা-ছোৱালীয়ে টেনিছৰ ৰেকেট হাতত ল’বলৈ আগবাঢ়ি আহিছে আৰু যিসকলে ‘প্ৰফেশ্যনেল’ হ’ব খুজিছে আৰু যিসকলে ‘বিলিভ’ কৰে যে টেনিছৰ এগৰাকী ডাঙৰ খেলুৱৈ হ’বগৈ পাৰে, তেওঁলোকৰ বাবে এই কথা নিশ্চিত যে আপোনালোকক ছাপৰ্টৰ প্ৰয়োজন, একচিত্তে সাধনাৰ প্ৰয়োজন আৰু বহুত কিবা কিবি, মই ভাবো ভাগ্যয়ো এক ডাঙৰ ভূমিকা গ্ৰহণ কৰে, কিন্তু পৰিশ্ৰম আৰু ‘টেলেণ্ট’ৰ অবিহণে কোনো বস্তুতে একোৱেই সম্ভৱ নহয়। লাগিলে সেয়া টেনিছতে হওক অথবা আন কোনো খেলতে হওক। আৰু এতিয়া সা-সুবিধাবোৰো বহুত ভাল হৈছে। ২৫বছৰৰ আগৰ তুলনাত এতিয়ালৈ বহুতবোৰ ষ্টেডিয়ামো নিৰ্মিত হৈছে। ‘হাৰ্ড কোৰ্ট’ নিৰ্মিত হৈছে। সেয়ে এতিয়া আশা কৰিব পাৰি যে এতিয়া ভাৰতৰ পৰা বহু সংখ্যক ‘টেনিছ প্লেয়াৰ’ নিশ্চয় ওলাব।
প্ৰধানমন্ত্ৰী : অলিম্পিকত আপোনাৰ সংগী অংকিতা ৰেইনাৰ সৈতে আপোনাৰ পাৰ্টানাৰশ্বিপ কেনে চলিছে! আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা হৈছে!
ছানিয়া : অংকিতা এগৰাকী যুজাৰু খেলুৱৈ। বহুত ভাল খেলি আছে। ‘আই এম ভেৰী এক্সাইটেড টু প্লে উইথ হাৰ এণ্ড’ আমি যোৱা বছৰ ফেব্ৰুৱাৰী মাহত খেলিছিলো। সেয়া ‘ফে কাপ’-ৰ মেছ আছিল। আৰু তাত আমি খুউব ভাল প্ৰদৰ্শন কৰিছিলো। কিন্তু ‘উই আৰ লুকিং ফৰৱাৰ্ড টু গ’য়িং টু অলিম্পিক এণ্ড’ এয়া মোৰ যেনেকৈ চতুৰ্থ অলিম্পিক, তেওঁৰ এই হ’ব প্ৰথম অলিম্পিক। সেয়ে এতিয়া মোৰ বয়সৰ সৈতে ‘য়ং’ সহযোগীৰ প্ৰয়োজন আছে। মই ভাবো সেয়া তেওঁ ‘প্ৰভাইড’ কৰিব পাৰিব।
প্ৰধানমন্ত্ৰী : ছানিয়া, আপোনাৰতো আগতেও খেল সংক্ৰান্তত চৰকাৰী বিভাগসমূহৰ কামকাজ দেখাৰ অভিজ্ঞতা আছে। যোৱা ৫-৬বছৰত তাৰ কিবা পৰিৱৰ্তন হৈছে বুলি আপুনি অনুভৱ কৰিছেনে বাৰু?
ছানিয়া : মই ভাবো, যোৱা ৫-৬বছৰ নহয়, দৰাচলতে আমাৰ ইয়াত ‘কমনৱেল্থ গেমছ’ হোৱাৰে পৰা ছাৰ, আমাৰ দেশত ক্ৰিকেটৰ বাহিৰে বহুত এনেকুৱা খেলুৱৈ আছে যিয়ে দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু বহুত ভাল স্থানলৈ উন্নীত হ’বলৈ সক্ষম হৈছে। মই ভাবো যোৱা ৫-৬বছৰত এক বিশ্বাস ক্ৰমাত্ থন্ ধৰি উঠিবলৈ ধৰিছে। আৰু এতিয়াতো চৰকাৰৰ পৰা আমি বহুত সহযোগিতা পাবলৈ ধৰিছো। মই আপোনাৰ সৈতে ব্যক্তিগত ভাবেও যোগাযোগ কৰিছো। আপুনিও সকলো কথাতে সহয়োগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি আহিছে। এই ৫-৬টা বছৰত বহুখিনি সম্ভৱ হৈছে আৰু শেহতীয়া অলিম্পিকৰ পৰা এইবেলিৰ অলিম্পিকৰ মাজত বহুত খিনি পাৰ্থক্য অহা দেখিবলৈ পাইছো।
প্ৰধানমন্ত্ৰী : ছানিয়া আপুনি চেম্পিয়ণো হয়, যুঁজাৰুও হয়। মোৰ বিশ্বাস আপুনি এইবেলিৰ অলিম্পিকত আৰু অধিক আৰু সফল খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰিব। আপোনালৈ বহুত বহুত শুভকামনা জনালো।
*****
DS/SH/AV/KB
Among other things, her love for mangoes led to @ImDeepikaK developing an interest in archery. She has emerged as a fine archer and is making India proud. Here is my interaction with her. #Cheer4India pic.twitter.com/amjRzCyuAj
— Narendra Modi (@narendramodi) July 13, 2021
Had a memorable interaction with Pravin Jadav. What strikes me is his humility and determination. #Cheer4India pic.twitter.com/TAMoUggPQb
— Narendra Modi (@narendramodi) July 13, 2021
Here is what the talented @DuteeChand has to say about the upcoming Tokyo games. #Cheer4India pic.twitter.com/WbdWPPbHq3
— Narendra Modi (@narendramodi) July 13, 2021
The remarkable @MangteC is a household name across India. I asked her about how she inspires other athletes. She also spoke about what her children have to say about her busy schedule. #Cheer4India pic.twitter.com/I6HfKh3VjK
— Narendra Modi (@narendramodi) July 13, 2021
I have been closely observing the progress of @elavalarivan in the field of sports and I am extremely proud of what she has accomplished. Do hear what she said about her sporting journey… #Cheer4India pic.twitter.com/jWBEBukBMx
— Narendra Modi (@narendramodi) July 13, 2021
Players like @manikabatra_TT have excelled in sports and at the same time are doing commendable community service. Kudos to Manika. Sharing the video of our interaction. #Cheer4India pic.twitter.com/WhYiXV98UY
— Narendra Modi (@narendramodi) July 13, 2021
I asked @swim_sajan about how his Mother inspired him and how he overcame injury to excel in swimming. Sharing what he said. #Cheer4India pic.twitter.com/9f8I1ieWRh
— Narendra Modi (@narendramodi) July 13, 2021
Spoke to @MirzaSania about the upcoming Olympics. She spoke about the change in India’s sporting environment in the last few years, which has helped young talent. #Cheer4India pic.twitter.com/E7GbrA09nY
— Narendra Modi (@narendramodi) July 13, 2021
भारतीय सेना से जुड़े एथलीट @Neeraj_chopra1 से यह सीखने को मिलता है कि किस प्रकार आप Injury के बाद भी खुद को मोटिवेट कर सकते हैं। #Cheer4India pic.twitter.com/mcaohf1ePy
— Narendra Modi (@narendramodi) July 13, 2021
टोक्यो ओलंपिक जा रहे युवा शूटर @SChaudhary2002 गांवों में रहने वाले उन युवाओं के लिए प्रेरणास्रोत हैं, जो खेलों में देश के लिए कुछ करना चाहते हैं। #Cheer4India pic.twitter.com/kN1Mfli9Ih
— Narendra Modi (@narendramodi) July 13, 2021
बॉक्सर आशीष कुमार जी को टोक्यो ओलंपिक में जाने से पहले काफी मुश्किल दौर से गुजरना पड़ा, लेकिन उन्होंने अपना हौसला नहीं खोया। #Cheer4India pic.twitter.com/020UVfjz3x
— Narendra Modi (@narendramodi) July 13, 2021
विनेश फोगाट जी को विश्वास है कि इस बार वो ओलंपिक में अपना सर्वश्रेष्ठ प्रदर्शन करेंगी। @Phogat_Vinesh #Cheer4India pic.twitter.com/CTPwvh9GJa
— Narendra Modi (@narendramodi) July 13, 2021
भारतीय हॉकी टीम के कप्तान @manpreetpawar07 ने बताया कि किस प्रकार पूरी टीम ओलंपिक में भारत के पुराने गौरव को फिर से हासिल करने के लिए जी जान से जुटी हुई है। #Cheer4India pic.twitter.com/m3gpEA2oqD
— Narendra Modi (@narendramodi) July 13, 2021
Being an athlete requires a rigorous schedule and hardwork. I asked @Pvsindhu1 about her love for ice-cream and also interacted with her parents. pic.twitter.com/Hlapc8VJhp
— Narendra Modi (@narendramodi) July 13, 2021
India is proud of every player who is representing our nation in @Tokyo2020. Through the NaMo App, you can extend your best wishes to the team. Let us keep the momentum and #Cheer4India. https://t.co/dyiME9MUIH pic.twitter.com/YtvZpdJ0ha
— Narendra Modi (@narendramodi) July 13, 2021
Players like @sharathkamal1 have worked hard and enhanced the popularity of Table Tennis among the youth. Had the opportunity to interact with him. #Cheer4India pic.twitter.com/qllpvjus2o
— Narendra Modi (@narendramodi) July 13, 2021