Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তী অভিনেতা দিলীপ কুমাৰ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘দিলীপ কুমাৰজী চলচ্চিত্ৰ জগতৰ কিংবদন্তী হিচাপে স্মৰণীয় হৈ থাকিব। তেওঁ অতুলনীয় প্ৰতিভাৰ গৰাকী আছিল, যাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মজুৰি দৰ্শকসকল আকৰ্ষিত হৈছিল। তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।’

 

*****

DS/SH/KG