নতুন বছৰ উপলক্ষে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ভুটানৰ ড্রুক গ্যালপো শ্ৰী জিগমে খেছৰ নামগিয়াল ৱাংচুক তথা প্ৰধানমন্ত্রী শ্ৰীযুত লোনছেন ড০ লোটে শ্বেৰিং, শ্রীলংকাৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গোটাবায়া ৰাজাপাকছা তথা প্ৰধানমন্ত্রী শ্ৰীযুত মাহিন্দা ৰাজাপাকছা, মালদ্বীপৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইব্রাহিম মহাম্মদ ছলীহ, বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা তথা নেপালৰ প্ৰধানমন্ত্রী শ্রী কে পি শর্মা অলীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে৷
প্ৰধানমন্ত্রীয়ে নতুন বছৰ উপলক্ষে এইসকল নেতাৰ লগতে সংশ্লিষ্ট দেশসমূহ দেশবাসীক শুভেচ্ছা আৰু অভিনন্দন জনায়৷ তেওঁ ভাৰতৰ ‘প্ৰতিবেশী প্ৰথম’ নীতিৰ প্ৰতিশ্ৰুতি দোঁহাৰে আৰু ভাৰতৰ সকলো বন্ধু আৰু এই অঞ্চলৰ অংশীদাৰসকলৰ শান্তি, সুৰক্ষা, সমৃদ্ধি আৰু প্ৰগতি কামনা কৰে৷
ভুটানৰ ৰজাৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্রীয়ে বিগত বৰ্ষত ভাৰত আৰু ভুটানৰ বিশেষ সম্পর্ক আৰু অধিক শক্তিশালী হোৱাৰ ক্ষেত্রত গুৰুত্বপূর্ণ সাফল্যৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে তেওঁৰ শেহতীয়া ভুটান ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে সেই দেশৰ লোকসকলৰ পৰা যি মৰম ভালপোৱা পালে সেয়া চিৰস্মৰণীয় হৈ থাকিব৷ দুয়োখন দেশৰ যুৱ সম্প্ৰদায়ৰ মাজত যোগাযোগ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্রীয়ে৷ তেওঁ লগতে ভুটানৰ ৰজাৰ আগন্তুক ভাৰত ভ্ৰমণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা বুলি জনায়৷
শ্রীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গোটাবায়া ৰাজাপাকছাৰ শুভেচ্ছা গ্ৰহণ কৰি প্ৰধানমন্ত্রীয়ে তেওঁকো প্ৰতি শুভেচ্ছা জনায়৷ ২০২০ চনত দুয়োখন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আৰু অধিক সুদৃঢ় হোৱাক লৈ তেওঁ বিশ্বাস ব্যক্ত কৰে৷ এই উপলক্ষে নেতা দুগৰাকীয়ে একেলগে কাম কৰাৰো প্ৰতিশ্ৰুতিবদ্ধ হয়৷
শ্রীলংকাৰ প্ৰধানমন্ত্রী শ্ৰীযুত মাহিন্দা ৰাজাপাকছাৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্রীয়ে শ্রীলংকাৰ সৈতে ভাৰতৰ সম্পর্ক আৰু অধিক নিবিড় কৰাৰ লক্ষ্যৰে তেওঁৰ প্ৰতিশ্রুতি দোঁহাৰে৷ দুয়ো দেশৰ সম্পর্ক উন্নয়নৰ ক্ষেত্রত প্ৰধানমন্ত্রী ৰাজাপাকছাই তেওঁৰ আন্তৰিক ইচ্ছাৰ কথা অৱগত কৰে৷
মালদ্বীপৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ উন্নয়নৰ প্ৰচেষ্টাত সেই দেশৰ লোকসকলৰ সাফল্য প্রার্থনা কৰে৷ ৰাষ্ট্ৰপতি ছলীহেও প্ৰধানমন্ত্রী মোদীক শুভেচ্ছা জনায়৷ ভাৰতৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুন নতুন ক্ষেত্রত একেলগে কাম কৰা তথা দুয়োখন দেশৰ সম্পর্কক আৰু অধিক শক্তিশালী কৰাৰ ওপৰতো জোৰ দিয়ে ৰাষ্ট্ৰনেতা দুগৰাকীয়ে৷
বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ সৈতে হোৱা কথোপকথনত প্ৰধানমন্ত্ৰী মোদীয়ে অহা তিনি বছৰৰ বাবে আৱামী লীগৰ সভাপতি হিচাপে পুনৰ র্নিবাচিত হোৱাৰ বাবে শ্রীমতী হাছিনাক শুভেচ্ছা জ্ঞাপন কৰে৷ ভাৰতত নিযুক্ত বাংলাদেশৰ প্রাক্তন উচ্ছায়ুক্ত ছৈয়দ মুয়াজ্জেম আলিৰ অকাল বিয়োগত প্ৰধানমন্ত্রীয়ে শোক প্ৰকাশ কৰে৷ ২০১৯ চনত ভাৰত-বাংলাদেশৰ সম্পর্কৰ অগ্ৰগতিৰ সন্দৰ্ভতো প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ বংগবন্ধুৰ জন্ম শতবার্ষিকী আৰু বাংলাদেশৰ মুক্তিযুদ্ধ তথা দুয়োখন দেশৰ কূটনৈতিক সম্পর্কৰ স্বৰ্ণ জয়ন্তী উপলক্ষে এই সম্পর্কক আৰু আগুৱাই যাব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
নেপালৰ প্ৰধানমন্ত্রী অলীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্রীয়ে ২০১৯ চনত ভাৰত-নেপাল সম্পর্কৰ উন্নয়নত সন্তোষ প্ৰকাশ কৰে৷ ভাৰতৰ মতিহাৰি আৰু নেপালৰ আমলেখগঞ্জৰ মাজত পেট্র’পণ্যৰ পাইপলাইনৰ কাম ৰেকর্ড সময়ত শেষ হোৱাকে ধৰি বিভিন্ন প্ৰকল্প নির্দিষ্ট সময়ত সম্পূর্ণ হোৱাৰ দিশত প্ৰধানমন্ত্রীয়ে সন্তোষ প্ৰকাশ কৰে৷ উভয় নেতৃবৃন্দ বিৰাটনগৰত সুসংহত চেক পোষ্ট আৰু আবাস পুনৰ নিৰ্মাণ প্ৰকল্প শীঘ্ৰে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধনৰ ক্ষেত্রত সহমত পোষণ কৰে৷
******
VRRK/KP/SKS/DB
Telephone Calls by Prime Minister @narendramodi on New Year. https://t.co/gTgKqJWtOO
— PMO India (@PMOIndia) January 1, 2020
via NaMo App pic.twitter.com/VtEfxGiqp2