মাননীয় অধ্যক্ষ মহোদয়,
সদনৰ নেতৃত্ব,
সংসদৰ সন্মানীয় সদস্যসকল,
মন্ত্ৰী পৰিষদৰ সদস্যসকল,
কূটনৈতিক ক্ষেত্ৰৰ সদস্যসকল,
ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল,
গা মান তাছে,
স্বতন্ত্ৰ সাংবিধানিক সংস্থাসমূহ,
নাগৰিক সমাজৰ সংগঠনবোৰ,
ঘানাত থকা ভাৰতীয় সম্প্ৰদায়,
মাচ্চে!
সুপ্ৰভাত!
আজি এই সন্মানীয় সদনক সম্বোধন কৰি মই গভীৰভাৱে সন্মানিত অনুভৱ কৰিছো।
ঘানাক সোণৰ দেশ হিচাপে জনা যায়, কেৱল আপোনালোকৰ ভূগৰ্ভত থকা সম্পদৰ বাবেই নহয়, আপোনালোকৰ হৃদয়ত থকা উষ্ণতা আৰু শক্তিৰ বাবেও। ঘানালৈ চালে আমি দেখিবলৈ পাওঁ যে ইতিহাসৰ ওপৰত অৱস্থান কৰা সাহসেৰে সমুজ্জ্বল এখন দেশ যি প্ৰতিটো প্ৰত্যাহ্বানক মৰ্যাদা আৰু শালীনতাৰে মোকাবিলা কৰে। গণতান্ত্ৰিক আদৰ্শ আৰু সৰ্বাংগীন প্ৰগতিৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতাই সঁচাকৈয়ে ঘানাক সমগ্ৰ আফ্ৰিকা মহাদেশৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।
বন্ধুসকল,
যোৱা সন্ধিয়াটো আছিল এক গভীৰভাৱে আৱেগিক অভিজ্ঞতা। মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি মহামাৰ পৰা আপোনালোকৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰাটো এক সন্মান। মই ইয়াক সদায় সযতনে ৰাখিম।
এই সন্মানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ হৈ ঘানাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাৰত আৰু ঘানাক বান্ধি ৰখা চিৰস্থায়ী বন্ধুত্ব আৰু ভাগ-বাটোৱাৰা কৰা মূল্যবোধৰ বাবে মই ইয়াক উৎসৰ্গা কৰিছো।
বিশিষ্ট সদস্যসকল,
আজি পুৱা এজন দূৰদৰ্শী ৰাষ্ট্ৰনেতা, আৰু ঘানাৰ প্ৰিয় পুত্ৰ ড° কোৱামে নকৰুমাহক শ্ৰদ্ধাঞ্জলি জনোৱাৰ গৌৰৱ লাভ কৰিলোঁ।
তেওঁ এবাৰ কৈছিল,
“আমাক একত্ৰিত কৰা শক্তিবোৰ আমাক পৃথক কৰি ৰখা তলৰ পৰা দেখা প্ৰভাৱতকৈ অন্তৰ্নিহিত আৰু বহুত বেছি।”
তেওঁৰ কথাই আমাৰ ভাগ-বতৰা কৰা যাত্ৰাক পথ প্ৰদৰ্শন কৰিয়েই আছে। তেওঁৰ সপোন আছিল শক্তিশালী প্ৰতিষ্ঠানৰ ওপৰত নিৰ্মিত গণতান্ত্ৰিক গণৰাজ্য। প্ৰকৃত গণতন্ত্ৰই আলোচনা আৰু বিতৰ্কৰ পোষকতা কৰে। ই মানুহক একত্ৰিত কৰে। ই শালীনতাক উৎসাহিত কৰে আৰু মানৱ অধিকাৰক প্ৰসাৰিত কৰে। গণতান্ত্ৰিক মূল্যবোধৰ বিকাশ হ’বলৈ সময় লাগিব পাৰে। কিন্তু সেইবোৰ সংৰক্ষণ আৰু লালন-পালন কৰাটো আমাৰ দায়িত্ব।
বন্ধুসকল,
ভাৰত গণতন্ত্ৰৰ মাতৃ।
আমাৰ বাবে গণতন্ত্ৰ এটা ব্যৱস্থা নহয়, ই এক সংস্কৃতি।
হাজাৰ হাজাৰ বছৰ ধৰি গণতন্ত্ৰই ভাৰতীয় সমাজখনক অবিৰত গতি প্ৰদান কৰি আহিছে।
আমাৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থা নহয়। ই আমাৰ প্ৰকৃত মূল্যবোধৰ অংশ। আমাৰ হাতত আছে হাজাৰ হাজাৰ বছৰৰ আগৰ বৈশালীৰ দৰে কেন্দ্ৰৰ উদাহৰণ। পৃথিৱীৰ অন্যতম পুৰণি শাস্ত্ৰ ঋগবেদত কোৱা হৈছে,
আনো ভদ্ৰাঃ ক্ৰতভো যন্তু বিশ্বতঃ
ইয়াৰ অৰ্থ হ’ল, সকলো দিশৰ পৰা ভাল ধাৰণা আপোনাৰ ওচৰলৈ আহিব দিয়ক
ধাৰণাৰ প্ৰতি এই মুকলি মানসিকতাই হৈছে গণতন্ত্ৰৰ মূল। ভাৰতত ২৫০০ৰো অধিক ৰাজনৈতিক দল আছে। মই পুনৰ কওঁ, ২৫০০ টা ৰাজনৈতিক দল। ভিন্ন ৰাজ্যত বিশটা ভিন্ন দলে শাসন কৰে, ২২টা চৰকাৰী ভাষা আছে, হাজাৰ হাজাৰ উপভাষা আছে।
এই কাৰণেই ভাৰতলৈ অহা লোকসকলক সদায় মুকলি মনেৰে আদৰণি জনোৱা হয়। এই অনুভৱে ভাৰতীয়সকলক য’তেই যায় তাতেই সহজে মিলি যাবলৈ সহায় কৰে। আনকি ঘানাতো, চাহত চেনি মিহলি হোৱাৰ দৰে সমাজত মিলি গৈছে।
বিশিষ্ট সদস্যসকল,
ভাৰত আৰু ঘানাই আমাৰ ইতিহাসত ঔপনিৱেশিক শাসনৰ দাগ বহন কৰে। কিন্তু আমাৰ আত্মা সদায় মুক্ত আৰু নিৰ্ভীক হৈ আছে। আমি আমাৰ চহকী ঐতিহ্যৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰোঁ। আমাৰ সামাজিক, সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যৰ বাবে আমি গৌৰৱান্বিত।
আমি স্বাধীনতা, ঐক্য আৰু মৰ্যাদাৰ ওপৰত ভিত্তি কৰি দেশ গঢ়ি তুলিছো। আমাৰ সম্পৰ্কৰ কোনো সীমা নাই। আৰু আপোনালোকৰ অনুমতি সাপেক্ষে মই ক’ব পাৰোনে যে আপোনালোকৰ বিখ্যাত ‘চুগাৰলোফ’ আনাৰসতকৈ আমাৰ বন্ধুত্ব মধুৰ। ৰাষ্ট্ৰপতি মহামাৰ সৈতে আমি আমাৰ সম্পৰ্কক এক ব্যাপক অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছো।
বন্ধুসকল,
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যি বিশ্বব্যৱস্থা সৃষ্টি হৈছিল, সেই বিশ্বব্যৱস্থা দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। প্ৰযুক্তিৰ বিপ্লৱ, গোলকীয় দক্ষিণৰ উত্থান আৰু পৰিৱৰ্তিত জনগাঁথনিয়ে ইয়াৰ গতি আৰু পৰিসৰত অৰিহণা যোগাইছে। পূৰ্বৰ শতিকাবোৰত মানৱতাই সন্মুখীন হোৱা ঔপনিৱেশিক শাসনৰ দৰে প্ৰত্যাহ্বান এতিয়াও বিভিন্ন ৰূপত আছে।
জলবায়ু পৰিৱৰ্তন, মহামাৰী, সন্ত্ৰাসবাদ, চাইবাৰ সুৰক্ষা আদি নতুন আৰু জটিল সংকটৰ সন্মুখীন হৈছে বিশ্ব। যোৱা শতিকাত সৃষ্টি হোৱা প্ৰতিষ্ঠানসমূহে ইয়াৰ প্ৰতি সঁহাৰি জনাবলৈ সংগ্ৰাম কৰি আছে। পৰিৱৰ্তিত পৰিস্থিতিয়ে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ বিশ্বাসযোগ্য আৰু ফলপ্ৰসূ সংস্কাৰৰ দাবী কৰে।
গোলকীয় দক্ষিণক কণ্ঠদান নকৰাকৈ কোনো অগ্ৰগতি হ’ব নোৱাৰে। আমাক শ্লোগানতকৈও বেছি লাগে। আমাক কাৰ্যব্যৱস্থাৰ প্ৰয়োজন। সেইবাবেই জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ সময়ত আমি এই দৃষ্টিভংগীৰে কাম কৰিছিলো – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত।
আমি বিশ্ব মঞ্চৰ উচ্চ আসনত আফ্ৰিকাৰ সঠিক স্থানৰ ওপৰত জোৰ দিওঁ৷ আমি গৌৰৱান্বিত যে আমাৰ অধ্যক্ষতাৰ সময়ছোৱাত আফ্ৰিকান ইউনিয়ন জি-২০ৰ স্থায়ী সদস্য হৈ পৰিছিল।
বন্ধুসকল,
ভাৰতৰ বাবে আমাৰ দৰ্শন হ’ল – প্ৰথমে মানৱতা
আমি বিশ্বাস কৰোঁ :
সৰ্বো ভবন্তু সুখীনঃ,
সৰ্বো সন্তু নিৰাময়াঃ।
সৰ্বো ভদ্ৰাণী পশ্যন্তু,
মা কিশ্চত দুখভাগভবেত॥
ইয়াৰ অৰ্থ হ’ল,
“সকলোৱে সুখী হওক,
সকলো ৰোগৰ পৰা মুক্ত হওক,
সকলোৱে শুভকামনা দেখক,
কোনেও কোনো ধৰণে কষ্ট ভোগ কৰিব নালাগে।”
এই দৰ্শনে বিশ্বৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ই কোভিড মহামাৰীৰ সময়ত আমাৰ কাম-কাজক পথ প্ৰদৰ্শন কৰিছিল। আমি ঘানাৰ বন্ধুসকলকে ধৰি ১৫০ খনতকৈও অধিক দেশৰ সৈতে ভেকচিন আৰু ঔষধ ভাগ-বাটোৱাৰ কৰিছিলো।
আমি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ আৰু বহনক্ষম জীৱনশৈলীক প্ৰসাৰিত কৰিবলৈ মিছন লাইফ– পৰিৱেশৰ বাবে জীৱনশৈলী আৰম্ভ কৰিলোঁ। এই সমন্বিত মনোভাৱে আমাৰ বিশ্বজোৰা পদক্ষেপসমূহ যেনে :
এখন পৃথিৱী, এটা সূৰ্য্য, এটা গ্ৰীড;
এক বিশ্ব এক স্বাস্থ্য; এটা সুস্থ গ্ৰহৰ বাবে;
আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা; সৌৰশক্তি আৰু বহনক্ষমতাক উৎসাহিত কৰা;
আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স; বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ;
আৰু গ্ল’বেল বায়’ফুৱেলছ এলায়েন্স; পৰিষ্কাৰ জৈৱ ইন্ধনক প্ৰসাৰিত কৰা আৰু কাৰ্বন নিৰ্গমন কমাবলৈ।
মই আনন্দিত যে ঘানাই প্ৰতিষ্ঠাপক সদস্য হিচাপে এই ছেপ্টেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ বাবে আফ্ৰিকান আঞ্চলিক বৈঠক আয়োজন কৰিব। এইটো আমাৰ ভাগ-বতৰা কৰা বিশ্বাসৰ প্ৰতিফলন যে পৃথিৱীখন এটা পৰিয়াল।
বিশিষ্ট সদস্যসকল,
যোৱা দশকত ভাৰতত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। ভাৰতৰ জনসাধাৰণে শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ ওপৰত বিশ্বাস ৰাখিছে। যোৱা বছৰ তেওঁলোকে একেখন চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচন কৰিছিল, যিটো ছয় দশকৰো অধিক সময়ৰ ভিতৰত প্ৰথমটো কাৰ্যকাল।
আজি ভাৰত সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা উদীয়মান অৰ্থনীতি। সুস্থিৰ ৰাজনীতি আৰু সুশাসনৰ ভেটিত ভাৰত অতি শীঘ্ৰে তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব।
ইতিমধ্যে আমি বিশ্বৰ বিকাশৰ প্ৰায় ১৬ শতাংশ অৰিহণা যোগাইছো। আমাৰ জনগাঁথনিয়ে সুফল দিছে। ভাৰতত এতিয়া বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰ আছে। ভাৰত হৈছে এক উদ্ভাৱন আৰু প্ৰযুক্তিৰ কেন্দ্ৰ য’ত বিশ্বৰ কোম্পানীসমূহে একত্ৰিত হ’ব বিচাৰে।
আমি বিশ্বৰ ফাৰ্মাচী হিচাপে পৰিচিত। ভাৰতীয় মহিলাই আজি বিজ্ঞান, মহাকাশ, বিমান আৰু ক্ৰীড়াৰ ক্ষেত্ৰত নেতৃত্ব দিছে। ভাৰতে চন্দ্ৰত ভৰি দিলে। আৰু, আজি এজন ভাৰতীয়ই আমাৰ মানৱ মহাকাশ উৰণ অভিযানক ডেউকা দিছে।
কি যে সুখকৰ সংযোগ, মহাকাশত ভাৰতৰ বহু গৌৰৱময় মুহূৰ্ত আফ্ৰিকাৰ সৈতে জড়িত হৈ পৰিছে। যেতিয়া ভাৰতৰ চন্দ্ৰযান চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল তেতিয়া মই আফ্ৰিকাত আছিলো। আৰু আজি যেতিয়া এজন ভাৰতীয় মহাকাশচাৰীয়ে মানৱতাৰ কল্যাণৰ বাবে মহাকাশ কেন্দ্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আছে- মই আকৌ এবাৰ আফ্ৰিকাত আছো।
এয়া কোনো সাধাৰণ কাকতলীয়া ঘটনা নহয়। ই আমাৰ ভাগ-বতৰা কৰা আকাংক্ষা আৰু আমাৰ ভাগ-বতৰা কৰা ভৱিষ্যতৰ মাজত থকা গভীৰ বন্ধনক প্ৰতিফলিত কৰে। আমাৰ বৃদ্ধি সৰ্বাংগীন। আমাৰ বৃদ্ধিয়ে প্ৰতিজন ভাৰতীয়ৰ জীৱনক স্পৰ্শ কৰে।
ভাৰতৰ জনসাধাৰণে সংকল্প লৈছে যে যেতিয়া আমি স্বাধীনতাৰ ১০০ বছৰীয়া জয়ন্তী উদযাপন কৰিম, ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব। ঘানাই প্ৰগতি আৰু সমৃদ্ধিৰ পথত আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতে এই পথত আপোনালোকৰ সৈতে কান্ধত কান্ধ মিলাই খোজ দিব।
বন্ধুসকল,
আজি বিশ্বৰ উত্তাল পৰিস্থিতি সকলোৰে বাবে চিন্তাৰ কাৰণ। এনে পৰিস্থিতিত ভাৰতৰ গণতান্ত্ৰিক স্থিতিশীলতা আশাৰ কিৰণ হৈয়েই আছে। একেদৰে ভাৰতৰ উন্নয়ন যাত্ৰাই বিশ্বৰ বিকাশৰ গতি ত্বৰান্বিত কৰিবলৈ গৈ আছে। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ এনে এটা স্তম্ভ, যিমানেই শক্তিশালী হ’ব সিমানেই ই বিশ্বক শক্তিশালী কৰি তুলিব। ই বিশ্বৰ স্থিতিশীলতা বৃদ্ধিত অৰিহণা যোগাব।
কাৰণ আমাৰ মন্ত্ৰটো হ’ল-
সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস
ইয়াৰ অৰ্থ হৈছে “একেলগে, সকলোৰে আস্থা আৰু প্ৰচেষ্টাৰে সকলোৰে বিকাশ।”
আফ্ৰিকাৰ উন্নয়ন যাত্ৰাত ভাৰত এক দায়বদ্ধ অংশীদাৰ হৈয়ে আছে। আফ্ৰিকাৰ জনসাধাৰণৰ বাবে উজ্জ্বল আৰু সুস্থিৰ ভৱিষ্যত নিশ্চিত কৰিবলৈ আমি আফ্ৰিকাৰ উন্নয়নৰ পৰিকাঠামো, এজেণ্ডা ২০৬৩ক সমৰ্থন কৰোঁ।
আফ্ৰিকাৰ লক্ষ্য আমাৰ অগ্ৰাধিকাৰ। আমাৰ দৃষ্টিভংগী হৈছে সমানে একেলগে উন্নত হোৱা। আফ্ৰিকাৰ সৈতে আমাৰ উন্নয়নমূলক অংশীদাৰিত্ব চাহিদাভিত্তিক। ই স্থানীয় সামৰ্থ্য গঢ়ি তোলা আৰু স্থানীয় সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে। আমাৰ লক্ষ্য কেৱল বিনিয়োগ কৰাই নহয়, ইয়াক সবলীকৰণ কৰা। আত্মনিৰ্ভৰশীল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত সহায় কৰা।
এই অংশীদাৰিত্বক আৰু অধিক ত্বৰান্বিত কৰাটো মোৰ বাবে গৌৰৱৰ কথা। ২০১৫ চনত আমি ভাৰত-আফ্ৰিকা সন্মিলন আয়োজন কৰিছিলো। ৰাষ্ট্ৰপতি মহামা আমাৰ অন্যতম সন্মানীয় অতিথি আছিল। ২০১৭ চনত ভাৰতে আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ বাৰ্ষিক বৈঠক আয়োজন কৰিছিল। আমি আফ্ৰিকাৰ ৪৬খন দেশলৈ আমাৰ কূটনৈতিক উপস্থিতি সম্প্ৰসাৰণ কৰিছো।
সমগ্ৰ মহাদেশখনত ২০০ৰো অধিক প্ৰকল্পই সংযোগ, আন্তঃগাঁথনি আৰু ঔদ্যোগিক ক্ষমতা বৃদ্ধি কৰিছে। প্ৰতি বছৰে আমাৰ ভাৰত-আফ্ৰিকা ব্যৱসায়িক সন্মিলনে নতুন নতুন সুযোগৰ সৃষ্টি কৰিছে।
ঘানাত আমি যোৱা বছৰ টেমা-ম্পাকাডান ৰেলপথ উদ্বোধন কৰিছিলো। এয়া আফ্ৰিকা অঞ্চলৰ এই অংশৰ আটাইতকৈ ডাঙৰ আন্তঃগাঁথনিগত প্ৰকল্প। আফ্ৰিকান মহাদেশীয় মুক্ত বাণিজ্য এলেকাৰ অধীনত অৰ্থনৈতিক সংহতি ত্বৰান্বিত কৰাৰ বাবে ঘানাৰ প্ৰচেষ্টাক আমি আদৰণি জনাইছো।
ঘানায়ো এই অঞ্চলত আই টি আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ় লোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আমি একেলগে আশা আৰু প্ৰগতিৰে ভৰা ভৱিষ্যত গঢ়িম।
বিশিষ্ট সদস্যসকল,
মুক্ত আৰু নিকা নিৰ্বাচন যিকোনো গণতন্ত্ৰৰ আত্মা। আমাৰ নিৰ্বাচন আয়োগসমূহে একেলগে কাম কৰাটো উৎসাহজনক। মই নিশ্চিত যে ভাৰতৰ নিৰ্বাচন আয়োগে সম্পূৰ্ণ আত্মবিশ্বাস আৰু স্বচ্ছতাৰে বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰি গৌৰৱ অনুভৱ কৰিব।
সংসদীয় আদান-প্ৰদানো আমাৰ দুয়োখন গণতন্ত্ৰৰ মাজৰ সম্পৰ্কৰ মূল শিলাস্তম্ভ। ২০২৩ চনত আক্ৰাত অনুষ্ঠিত হোৱা কমনৱেলথ সংসদীয় সংঘৰ বৈঠকখনৰ কথা মনত আছে। ই ভাৰতীয় ৰাজ্যিক বিধানসভাকে ধৰি ঘানালৈ অহা সৰ্ববৃহৎ ভাৰতীয় সংসদীয় প্ৰতিনিধি দলটোক আদৰণি জনায়। এনে এক সজীৱ আলোচনাক আমি অতি গুৰুত্ব দিওঁ।
আপোনালোকৰ সংসদত ঘানা-ভাৰত সংসদীয় বন্ধুত্ব সমিতিৰ প্ৰতিষ্ঠাক মই আদৰণি জনাইছো। আমাৰ মাজত সংসদীয় সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰস্তাৱ দিছো। ভাৰতৰ নতুন সংসদ ভৱন ভ্ৰমণ কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছো। ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰিবলৈ আমি লোৱা সাহসী পদক্ষেপ আপোনালোকে চাব পাৰিব।
আপোনালোক ভাৰতীয় গণতন্ত্ৰৰ হলমাৰ্ক স্বৰূপ বিতৰ্ক আৰু আলোচনাৰ সাক্ষী হ’ব পাৰে। মই আপোনালোকক আশ্বস্ত কৰিছো যে তেওঁলোক আপোনালোকৰ প্ৰিয় ব্লেক ষ্টাৰৰ খেলৰ দৰেই সজীৱ আৰু আবেগিক!
বন্ধুসকল,
ভাৰত আৰু ঘানাৰ এটা সপোন ভাগ-বাটোৱাৰ কৰিছে। এনে এটা সপোন য’ত প্ৰতিটো শিশুৱে সুযোগ পায়। য’ত প্ৰত্যেকৰে মাত শুনা যায়। য’ত দেশ পৃথকে পৃথকে নহয়, একেলগে আগবাঢ়ি যায়।
ডাঃ নক্ৰুমাহে কৈছিল, আৰু মই উদ্ধৃতি দিছো : “মই আফ্ৰিকাত জন্ম হৈছো কাৰণে মই আফ্ৰিকান নহয় । কিন্তু ইয়াৰ কাৰণ হল আফ্ৰিকাহে মোৰ মাজত জন্ম হৈছিল।”
একেদৰে ভাৰতেও আফ্ৰিকাক নিজৰ হৃদয়ত কঢ়িয়াইছে। আহক আমি কেৱল আজিৰ বাবেই নহয়, আহিবলগীয়া প্ৰজন্মৰ বাবেও এক অংশীদাৰিত্ব গঢ়ি তোলোঁ।
ধন্যবাদ।
মেডা-মুআছে!
***
MJPS/ST/KD
Addressing the Parliament of the Republic of Ghana. https://t.co/rxAOzpSnwu
— Narendra Modi (@narendramodi) July 3, 2025
As the representative of the world’s largest democracy, I bring with me the goodwill and greetings of 1.4 billion Indians: PM @narendramodi in his address to the Parliament of the Republic of Ghana pic.twitter.com/BaMgfjxlmG
— PMO India (@PMOIndia) July 3, 2025
PM @narendramodi dedicates the national honour of Ghana conferred upon him to the enduring friendship and shared values that bind the two nations. pic.twitter.com/hBs0CGPfln
— PMO India (@PMOIndia) July 3, 2025
True democracy promotes discussion and debate.
— PMO India (@PMOIndia) July 3, 2025
It unites people.
It supports dignity and promotes human rights: PM @narendramodi pic.twitter.com/yuXw0gwPC1
For us, democracy is not merely a system.
— PMO India (@PMOIndia) July 3, 2025
It is a part of our fundamental values: PM @narendramodi pic.twitter.com/sVCjVtGWhN
The histories of India and Ghana bear the scars of colonial rule. But our spirits have always remained free and fearless: PM @narendramodi pic.twitter.com/AeemMR0F2a
— PMO India (@PMOIndia) July 3, 2025
The world order created after the Second World War is changing fast.
— PMO India (@PMOIndia) July 3, 2025
The revolution in technology, the rise of the Global South and the shifting demographics are contributing to its pace and scale. pic.twitter.com/yYUdFxmBKO
The changing circumstances demand credible and effective reforms in global governance. pic.twitter.com/ZjzIZF13AI
— PMO India (@PMOIndia) July 3, 2025
Progress cannot come without giving voice to the Global South. pic.twitter.com/Ko8DuOBlte
— PMO India (@PMOIndia) July 3, 2025
Today, India is the fastest-growing emerging economy. pic.twitter.com/5m10f2ZY3s
— PMO India (@PMOIndia) July 3, 2025
India is an innovation and technology hub, where global companies want to converge. pic.twitter.com/iDBeEPYRam
— PMO India (@PMOIndia) July 3, 2025
A strong India will contribute to a more stable and prosperous world. pic.twitter.com/HjKu8rHWOK
— PMO India (@PMOIndia) July 3, 2025
India and Ghana are connected by a shared commitment to democratic values. pic.twitter.com/VMQnXz9lbX
— Narendra Modi (@narendramodi) July 3, 2025
I’m very clear in the belief that global progress can’t be achieved without giving proper voice to the Global South. And, India is doing several things in that direction. pic.twitter.com/6pvMg1tlUH
— Narendra Modi (@narendramodi) July 3, 2025
India’s transformations are for the world to see. Here is a glimpse of the same… pic.twitter.com/aWgCd3bxH1
— Narendra Modi (@narendramodi) July 3, 2025
India’s democracy shines as a ray of hope. India is a pillar of strength for the world. pic.twitter.com/CJjdl8TeGy
— Narendra Modi (@narendramodi) July 3, 2025
Today, I had the honour of addressing the Parliament of Ghana. I spoke of the deep ties between our nations and our shared values. India and Ghana stand united in our pursuit of progress and prosperity. pic.twitter.com/4U5XCYUIUr
— Narendra Modi (@narendramodi) July 3, 2025
It was wonderful to interact with Ghana’s Members of Parliament after my address earlier today. It was gladdening to hear their kind words about India. pic.twitter.com/To7vtDZGmH
— Narendra Modi (@narendramodi) July 3, 2025