Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাণী ৰশমনীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাণী ৰশমনীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁক সাহস, মমতা আৰু দৃঢ়তাসম্পন্ন ব্যক্তি হিচাপে প্ৰশংসা কৰে।

এক্সত এটা পোষ্টত তেওঁ কয় যে-

“ৰাণী ৰশমনী আছিল সাহস, মমতা আৰু দৃঢ়তাসম্পন্ন ব্যক্তি। তেওঁক এগৰাকী দূৰদৰ্শী নেত্ৰী আৰু দানবীৰ হিচাপে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। তেওঁ স্থায়ী প্ৰতিষ্ঠান গঢ়ি তুলিছিল আৰু আধ্যাত্মিকতাৰ লগতে দুখীয়াৰ উত্থানৰ বাবেও তেওঁৰ অটল দায়বদ্ধতা আছিল। জন্ম বাৰ্ষিকীত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো।”

***

MJPS/SR/DB