পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ কুৰ্ণুলত প্ৰায় ১৩,৪৩০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা দেশৰ প্ৰতি উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আহোবিলামৰ ভগৱান নৰসিংহ স্বামী আৰু মহানন্দিৰ শ্ৰী মহানন্দিশ্বৰ স্বামীক প্ৰণাম জনায়। মন্ত্ৰালয়মৰ গুৰু শ্ৰী ৰাঘবেন্দ্ৰ স্বামীৰ পৰাও সকলোৰে মংগলৰ বাবে আশীৰ্বাদ বিচাৰে।
দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
“অন্ধ্ৰ প্ৰদেশ গৌৰৱ আৰু চহকী সংস্কৃতিৰ দেশ, লগতে বিজ্ঞান আৰু উদ্ভাৱনৰো কেন্দ্ৰ”, ৰাজ্যখনৰ সীমাহীন সম্ভাৱনা আৰু যুৱক-যুৱতীসকলৰ সীমাহীন সামৰ্থ্যৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মন্তব্য কৰে যে অন্ধ্ৰপ্ৰদেশক যি প্ৰয়োজন সেয়া হৈছে সঠিক দৃষ্টিভংগী আৰু নেতৃত্ব। আজি চন্দ্ৰবাবু নাইডু গাৰু আৰু পৱন কল্যাণ গাৰুৰ দৰে নেতাৰ সৈতে অন্ধ্ৰপ্ৰদেশ কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সমৰ্থনৰ লগতে দূৰদৰ্শী নেতৃত্বৰ অধিকাৰী হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে কয়।
বিগত ষোল্ল মাহত অন্ধ্ৰপ্ৰদেশে দ্ৰুত বিকাশৰ সাক্ষী হৈ পৰিছে, কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ অধীনত অভূতপূৰ্ব অগ্ৰগতিৰ সাক্ষী হৈ পৰিছে, সেই কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে দিল্লী আৰু অমৰাৱতীয়ে ত্বৰান্বিত বিকাশৰ দিশত একেলগে কাম কৰি আছে। শ্ৰী মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত নিশ্চিতভাৱে এখন উন্নত ৰাষ্ট্ৰ হ’ব আৰু একবিংশ শতিকা ভাৰত আৰু ইয়াৰ ১৪০ কোটি নাগৰিকৰ হ’ব। তেওঁ পথ, বিদ্যুৎ, ৰে’লৱে, ঘাইপথ আৰু বাণিজ্যৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কথা ঘোষণা কৰে। এই পদক্ষেপসমূহে সমগ্ৰ ৰাজ্যখনতে সংযোগ শক্তিশালী কৰিব, ঔদ্যোগিক বিকাশ বৃদ্ধি কৰিব, আৰু নাগৰিকসকলৰ জীৱন যাপনৰ সহজতা উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহে কুৰ্ণুল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক যথেষ্ট উপকৃত কৰিব বুলি উল্লেখ কৰি ৰাজ্যবাসীলৈ অভিনন্দন জ্ঞাপন কৰে।
যিকোনো দেশ বা ৰাজ্যৰ উন্নয়নৰ বাবে শক্তি সুৰক্ষা অপৰিহাৰ্য বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি খণ্ডত প্ৰায় ৩,০০০ কোটি টকাৰ সংবহন প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰে, যিয়ে দেশৰ শক্তি ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব। দ্ৰুত উন্নয়নৰ মাজতে নাগৰিকসকলক অতীতৰ পৰিস্থিতি পাহৰি নাযাবলৈ আহ্বান জনায়। এঘাৰ বছৰ পূৰ্বে শ্ৰী মোদীয়ে কৈছিল যে বিৰোধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অধীনত জনমূৰি বিদ্যুতৰ ব্যৱহাৰ ১০০০ ইউনিটতকৈও কম আছিল, আৰু দেশখনে ব্লেকআউটৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। হাজাৰ হাজাৰ গাঁৱত আনকি মৌলিক প্ৰয়োজন বিদ্যুতৰ খুঁটাৰো অভাৱ আছিল। তেওঁ আলোকপাত কৰে যে আজি স্বচ্ছ শক্তিৰ পৰা আৰম্ভ কৰি মুঠ শক্তি উৎপাদনলৈকে ভাৰতে সকলো খণ্ডতে নতুন অভিলেখ গঢ়ি তুলিছে। প্ৰতিখন গাঁৱতে বিদ্যুৎ যোগান ধৰা হৈছে, জনমূৰি ব্যৱহাৰ ১৪০০ ইউনিটলৈ বৃদ্ধি পাইছে আৰু উদ্যোগ তথা পৰিয়াল উভয়ে পৰ্যাপ্ত বিদ্যুৎ যোগান লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অন্ধ্ৰ প্ৰদেশ ভাৰতৰ শক্তি বিপ্লৱৰ এক প্ৰধান কেন্দ্ৰ। তেওঁ শ্ৰীকাকুলামৰ পৰা আংগুললৈ প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰে, যিয়ে প্ৰায় পোন্ধৰ লাখ পৰিয়ালক গেছ যোগান ধৰিব। তেওঁ চিট্টুৰত এল পি জি বটলিং প্লাণ্টো উদ্বোধন কৰে, য’ত দৈনিক বিশ হাজাৰ চিলিণ্ডাৰ ভৰোৱা ক্ষমতা আছে। এই সুবিধাই স্থানীয় পৰিবহণ আৰু মজুতকৰণ খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, “সমগ্ৰ দেশতে বহুমুখী আন্তঃগাঁথনি দ্ৰুতগতিত বিকশিত হৈছে আৰু আমি সংযোগৰ বিষয়ত শক্তিশালীভাৱে মনোনিৱেশ কৰিছো, গাঁৱৰ পৰা চহৰলৈ আৰু চহৰৰ পৰা বন্দৰলৈ”। তেওঁ আৰু ঘোষণা কৰে যে সব্বৱৰাম আৰু শীলানগৰৰ মাজত নতুনকৈ নিৰ্মাণ কৰা ঘাইপথটোৱে সংযোগ আৰু অধিক বৃদ্ধি কৰিব। ৰে’ল খণ্ডৰ বিষয়ে তেওঁ মন্তব্য কৰে যে নতুন ৰে’ল লাইন মুকলি আৰু ৰে’লৱে উৰণীয়া সেতু নিৰ্মাণৰ জৰিয়তে এক নতুন যুগ আৰম্ভ হৈছে, যাৰ ফলত যাত্ৰীৰ সুবিধা বৃদ্ধি পাব আৰু অঞ্চলটোৰ উদ্যোগসমূহক সতেজ গতি প্ৰদান কৰিব।
২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশখন দায়বদ্ধ আৰু স্বৰ্ণ অন্ধ্ৰৰ দৃষ্টিভংগীয়ে এই সংকল্পক শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ যুৱক-যুৱতীসকল সদায় প্ৰযুক্তিৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে, আৰু কেন্দ্ৰীয় আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ অধীনত এই সম্ভাৱনাক আৰু অধিক ব্যৱহাৰ আৰু সম্প্ৰসাৰণ কৰা হৈছে।
“আজি বিশ্বই ভাৰত আৰু অন্ধ্ৰপ্ৰদেশত অগ্ৰগতিৰ গতি আৰু পৰিসৰ প্ৰত্যক্ষ কৰিছে”, মাত্ৰ দুদিন পূৰ্বে গুগলে অন্ধ্ৰপ্ৰদেশত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এনেদৰে কয়। তেওঁ জনোৱা মতে, গুগলে ৰাজ্যখনত ভাৰতৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তাৰ হাব স্থাপন কৰিবলৈ সাজু হৈছে। এই নতুন এআই হাবত শক্তিশালী এআই আন্তঃগাঁথনি, ডাটা চেণ্টাৰৰ ক্ষমতা, বৃহৎ পৰিসৰৰ শক্তিৰ উৎস আৰু সম্প্ৰসাৰিত ফাইবাৰ-অপ্টিক নেটৱৰ্ক থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
গুগলৰ এআই হাব বিনিয়োগত নতুন আন্তঃৰাষ্ট্ৰীয় ছাব চি গেটৱেৰ বিকাশ অন্তৰ্ভুক্ত হ’ব বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গেটৱেত বিশাখাপট্টনমত ভাৰতৰ পূব উপকূললৈ যোৱা একাধিক আন্তঃৰাষ্ট্ৰীয় ছাব চি কেবল থাকিব। তেওঁ কয় যে এই প্ৰকল্পই বিশাখাপট্টনমক এআই আৰু বিশ্বব্যাপী সংযোগৰ বাবে এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব, যিয়ে কেৱল ভাৰতকে নহয়, সমগ্ৰ বিশ্বক সেৱা আগবঢ়াব। এই সাফল্যৰ বাবে তেওঁ অন্ধ্ৰপ্ৰদেশবাসীলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰে।
ভাৰতৰ অগ্ৰগতিৰ বাবে অন্ধ্ৰ প্ৰদেশৰ উন্নয়ন অপৰিহাৰ্য, আৰু অন্ধ্ৰৰ উন্নতিৰ বাবে ৰায়ালছীমাৰ বিকাশ অতি প্ৰয়োজনীয় বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি কুৰ্ণুলৰ মাটিত আৰম্ভ কৰা প্ৰকল্পসমূহে সমগ্ৰ ৰায়ালছীমাৰ প্ৰতিখন জিলাতে নিয়োগ আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিব, যাৰ ফলত অঞ্চলটোৰ ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত হ’ব।
প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ নতুন ঔদ্যোগিক কৰিড’ৰ আৰু হাব স্থাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰে অৰভাকাল আৰু কপপাৰ্থীক ৰাজ্যখনৰ নতুন ঔদ্যোগিক পৰিচয় হিচাপে গঢ়ি তুলিছে। এই অঞ্চলসমূহত বৃদ্ধি পোৱা বিনিয়োগে নিৰন্তৰভাৱে নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰি আছে।
“আজি বিশ্বই ভাৰতক একবিংশ শতিকাৰ নতুন উৎপাদন কেন্দ্ৰ হিচাপে প্ৰত্যক্ষ কৰিছে , আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীয়েই এই সফলতাৰ ভেটি”, প্ৰধানমন্ত্ৰীয়ে কয় যে অন্ধ্ৰ প্ৰদেশ আত্মনিৰ্ভৰ ভাৰতৰ সফলতাত বিশেষ অৱদান যোগোৱা ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ মন্তব্য কৰে যে পূৰ্বৰ চৰকাৰসমূহে অন্ধ্ৰ প্ৰদেশৰ সামৰ্থ্যক অৱহেলা কৰি সমগ্ৰ দেশৰ বাবে এক বিপৰ্যয়ৰ সৃষ্টি কৰিছিল। যিখন ৰাজ্যই জাতীয় প্ৰগতিক আগুৱাই নিব পাৰিলেহেঁতেন, সেইখন ৰাজ্যক নিজৰ উন্নয়নৰ বাবে সংগ্ৰাম কৰিবলৈ এৰি দিয়া হ’ল। প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে তেওঁলোকৰ চৰকাৰৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ সফলতাৰ কাহিনী সলনি হৈছে, উৎপাদন দ্ৰুত হাৰত বৃদ্ধি পাইছে। তেওঁ নিম্মালুৰুত এডভান্সড নাইট ভিজন কাৰখানা মুকলি কৰাৰ কথা ঘোষণা কৰে, যি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আন এক পদক্ষেপ হিচাপে চিহ্নিত হৈছে । তেওঁ লগতে কয় যে এই সুবিধাই ভাৰতৰ নৈশ দৃষ্টিশক্তিৰ সঁজুলি, মিছাইল চেন্সৰ আৰু ড্ৰ’ন গাৰ্ড চিষ্টেম উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানিক নতুন উচ্চতালৈ উন্নীত কৰিব। তেওঁ লগতে মন্তব্য কৰে যে অপাৰেচন সিন্দূৰৰ সময়ত থলুৱা অস্ত্ৰ ব্যৱস্থাৰ সফলতা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল।
অন্ধ্ৰ প্ৰদেশ চৰকাৰে কুৰ্ণুলক ভাৰতৰ ড্ৰ’ন হাব হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱাত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰ’ন উদ্যোগৰ জৰিয়তে কুৰ্ণুল আৰু সমগ্ৰ অন্ধ্ৰত ভৱিষ্যতৰ প্ৰযুক্তিৰ সৈতে জড়িত কেইবাটাও নতুন খণ্ডৰ উত্থান ঘটিব। তেওঁ অপাৰেচন সিন্দূৰত ড্ৰ’নৰ সফলতাৰ উদাহৰণ দি কয় যে অনাগত বছৰবোৰত কুৰ্ণুল ড্ৰ’ন খণ্ডত ৰাষ্ট্ৰীয় শক্তি হিচাপে পৰিগণিত হ’ব। শ্ৰী মোদীয়ে নাগৰিককেন্দ্ৰিক উন্নয়নৰ চৰকাৰৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰি নাগৰিকৰ জীৱন সৰল কৰাৰ লক্ষ্যৰে চলি থকা সংস্কাৰসমূহৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ১২ লাখ টকা পৰ্যন্ত আয় এতিয়া সম্পূৰ্ণৰূপে কৰমুক্ত আৰু সুলভ মূল্যৰ ঔষধ, কম খৰচী স্বাস্থ্যসেৱা তথা জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান কাৰ্ডৰ দৰে পদক্ষেপে জীৱন-যাপনৰ সহজতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই জি এছ টিৰ যথেষ্ট হ্ৰাস কাৰ্যকৰী কৰা হৈছে। নাৰা লোকেশ গাৰুৰ নেতৃত্বত জি এছ টি ৰাহি উৎসৱ উদযাপনৰ সাক্ষী হৈ তেওঁ আনন্দ প্ৰকাশ কৰে আৰু “ছুপাৰ জি এছ টি – ছুপাৰ চেভিংছ” অভিযানৰ সফল ৰূপায়ণৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ ফলত অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ বাবে ৮,০০০ কোটি টকাতকৈ অধিক ৰাহি কৰিব পৰাৰ আশা কৰা হৈছে, যাৰ ফলত উৎসৱমুখৰ মনোভাৱো বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ‘ভ’কেল ফৰ লোকেল’ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি জি এছ টি ৰাহি মহোৎসৱ উদযাপন কৰিবলৈ আহ্বান জনায়। উন্নত অন্ধ্ৰপ্ৰদেশৰ জৰিয়তে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব বুলি উল্লেখ কৰি তেওঁ ভাষণৰ সামৰণি মাৰেল আৰু নতুন প্ৰকল্পৰ বাবে ৰাজ্যবাসীক পুনৰবাৰ অভিনন্দন জনায়।
অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী চৈয়দ আব্দুল নাজিৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত এন চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰামমোহন নাইডু কিঞ্জৰাপু, ড° চন্দ্ৰশেখৰ পেম্মাছানী, শ্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
পৃষ্ঠভূমি
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় ১৩,৪৩০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ প্ৰতি উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহে উদ্যোগ, শক্তি সঞ্চাৰণ, পথ, ৰে’লৱে, প্ৰতিৰক্ষা উৎপাদন, আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে ধৰি মূল খণ্ডসমূহত বিস্তৃত হৈ আছে, যিয়ে আঞ্চলিক আন্তঃগাঁথনি বৃদ্ধি, ঔদ্যোগীকৰণক ত্বৰান্বিত কৰা আৰু ৰাজ্যখনৰ সৰ্বাংগীন আৰ্থ-সামাজিক বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কুৰ্ণুল-তৃতীয় পুলিং ষ্টেচনত ট্ৰেন্সমিছন চিষ্টেম ষ্ট্ৰেংথনিঙৰ আধাৰশিলা স্থাপন কৰে, ২৮৮০ কোটি টকাৰো অধিক বিনিয়োগেৰে এয়া কৰা হৈছে। এই প্ৰকল্পত ৭৬৫ কেভি ডাবল চাৰ্কিট কুৰ্নুল-তৃতীয় পুলিং ষ্টেচন–চিলাকালুৰিপেটা ট্ৰেন্সমিছন লাইন নিৰ্মাণ কৰা হৈছে, যিয়ে ৰূপান্তৰৰ ক্ষমতা ৬,০০০ এমভিএ বৃদ্ধি কৰিব আৰু দেশৰ বৃদ্ধিত সহায় কৰিবলৈ নবীকৰণযোগ্য শক্তিৰ বৃহৎ পৰিসৰৰ সংবহন সক্ষম কৰি তুলিব ।
প্ৰধানমন্ত্ৰীয়ে কুৰ্ণুলত অৰভাকাল ঔদ্যোগিক এলেকা আৰু কদাপাৰ কপ্পাৰ্থী ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰে, য’ত মুঠ ৪,৯২০ কোটি টকাৰো অধিক বিনিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন আৰু ৰূপায়ণ ট্ৰাষ্ট (এনআইচিডিআইটি) আৰু অন্ধ্ৰ প্ৰদেশ ঔদ্যোগিক আন্তঃগাঁথনি নিগম লিমিটেডে (এপিআইআইচি) যৌথভাৱে বিকশিত কৰা এই আধুনিক, বহুখণ্ডীয় ঔদ্যোগিক কেন্দ্ৰসমূহত প্লাগ-এণ্ড-প্লে আন্তঃগাঁথনি আৰু ৱাক-টু-ৱৰ্ক ধাৰণা আছে। ২১,০০০ কোটি টকা বিনিয়োগ কৰি প্ৰায় এক লাখ চাকৰিৰ সৃষ্টি কৰিব, যাৰ ফলত অন্ধ্ৰ প্ৰদেশৰ ৰায়ালাছীমা অঞ্চলত ঔদ্যোগিক বিকাশ আৰু বিশ্বমুখী প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পায়।
পথৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছাববাভাৰমৰ পৰা শীলানগৰলৈ ছয় লেনযুক্ত গ্ৰীণফিল্ড ঘাইপথৰ আধাৰশিলা স্থাপন কৰে। ৯৬০ কোটি টকাৰ এই প্ৰকল্পৰ , লক্ষ্য হৈছে বিশাখাপট্টনমত যানজঁট লাঘৱ কৰা আৰু বাণিজ্য আৰু কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰি মুঠ প্ৰায় ১১৪০ কোটি টকাৰ ছটা পথ প্ৰকল্প- কদাপা/নেল্লোৰ সীমান্তৰ পৰা চি এছ পুৰামলৈকে বহল কৰি থকা পিলেৰু–কালুৰ অংশৰ চাৰিলেনযুক্ত, ১৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুডিভাদা আৰু নুজেলা ৰে’লৱে ষ্টেচনৰ মাজত চাৰিলেনযুক্ত ৰে’ল অভাৰ ব্ৰীজ (আৰ অ’ বি), ৰাষ্ট্ৰীয় ঘাইপথ ৭১৬ত পাপাগনি নদীৰ ওপৰেৰে প্ৰধান দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কানিগিৰি বাইপাছ, আৰু ৫৪৪ডিডি ৰাষ্ট্ৰীয় ঘাইপথৰ এন গুণ্ডলাপল্লী চহৰত বাইপাছ কৰা অংশৰ উন্নতি আদি আছে। এই প্ৰকল্পসমূহে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত সুৰক্ষা উন্নত কৰিব, ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে লগতে ১২০০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্প আধাৰশিলা স্থাপনৰ লগতে দেশৰ বাবে উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে কোট্টাভালাছা-বিজয়ানগৰ চতুৰ্থ ৰে’লপথ আৰু পেণ্ডুৰ্টি আৰু সিংহচালাম উত্তৰৰ মাজত ৰে’লৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন আৰু কোট্টাভালাছা-বোদ্দাভাৰা খণ্ড আৰু শিমিলিগুডা-গোৰাপুৰ অংশ দুগুণ কৰি দেশৰ প্ৰতি উৎসৰ্গা কৰা । এই প্ৰকল্পসমূহে যানজঁট হ্ৰাস কৰিব, দ্ৰুত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰিব, যাত্ৰী আৰু সামগ্ৰীৰ মসৃণ চলাচলৰ সুবিধা প্ৰদান কৰিব আৰু সমগ্ৰ অঞ্চলটোত ঔদ্যোগিক, বাণিজ্য তথা পৰ্যটনৰ প্ৰসাৰ ঘটাব, একে সময়তে স্থানীয় লোকসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব।
শক্তি খণ্ডত প্ৰধানমন্ত্ৰীয়ে দেশক উৎসৰ্গা কৰে অন্ধ্ৰ প্ৰদেশৰ প্ৰায় ১২৪ কিলোমিটাৰ আৰু ওড়িশাত ২৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ১,৭৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা গেইল ইণ্ডিয়া লিমিটেডৰ শ্ৰীকাকুলাম–আংগুল প্ৰাকৃতিক গেছ পাইপলাইন। ইয়াৰ উপৰি তেওঁ অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰত প্ৰায় ২০০ কোটি টকা বিনিয়োগেৰে স্থাপন কৰা ইণ্ডিয়ান অইলৰ ৬০ টিএমটিপিএ (বছৰত হাজাৰ মেট্ৰিক টন) এলপিজি বটলিং প্লাণ্টো উদ্বোধন কৰে। এই উদ্যোগটোৱে অন্ধ্ৰ প্ৰদেশৰ চাৰিখন জিলা, তামিলনাডুৰ দুখন জিলা আৰু কৰ্ণাটকৰ এখন জিলাৰ ৮০ জন বিতৰকৰ জৰিয়তে ৭.২ লাখৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াব। অঞ্চলটোৰ পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে নিৰ্ভৰযোগ্য এল পি জি যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰতিৰক্ষা উৎপাদনক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৬০ কোটি টকাৰ বিনিয়োগেৰে ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেডে স্থাপন কৰা কৃষ্ণ জিলাৰ নিম্মালুৰুত এডভান্সড নাইট ভিজন প্ৰডাক্টছ ফেক্টৰী দেশৰ বাবে উচৰ্গা কৰে। এই সুবিধাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে উন্নত ইলেক্ট্ৰ’-অপ্টিকেল চিষ্টেম নিৰ্মাণ কৰি প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰাৰ লগতে অঞ্চলটোত দক্ষ লোকৰ বাবে কৰ্মসংস্থাপনৰ প্ৰসাৰ ঘটাব।
*****
MJPS/SR/DM
Delighted to be in Andhra Pradesh today. Speaking at the launch of several projects that will boost connectivity, strengthen industry and empower citizens across the state.
— Narendra Modi (@narendramodi) October 16, 2025
https://t.co/fVU5dmot3R
I feel blessed to be born in Gujarat, the land of Somnath, to serve in Kashi, the land of Baba Vishwanath and to receive the blessings of Srisailam today: PM @narendramodi pic.twitter.com/cM6j5B1Y0X
— PMO India (@PMOIndia) October 16, 2025
I had the opportunity to pay tribute at the Sree Shivaji Spoorthi Kendra. I bow to Chhatrapati Shivaji Maharaj: PM @narendramodi pic.twitter.com/Ka3JFgGITM
— PMO India (@PMOIndia) October 16, 2025
Andhra Pradesh is the land of 'Swabhimaan' and 'Sanskriti'. It is also a hub of science and innovation. pic.twitter.com/n2T3Uaxrn8
— PMO India (@PMOIndia) October 16, 2025
Today, from clean energy to total energy production, India is setting new records in every field. pic.twitter.com/KJoLC0Hx4P
— PMO India (@PMOIndia) October 16, 2025
Today, multi-modal infrastructure is developing rapidly across the country. We are focusing strongly on connectivity, from villages to cities and from cities to ports. pic.twitter.com/Uj3LE7k6wE
— PMO India (@PMOIndia) October 16, 2025
Today, the world is witnessing the speed and scale of both India and Andhra Pradesh. Google is set to establish India's first Artificial Intelligence Hub in Andhra Pradesh. pic.twitter.com/SfBNzsWMiE
— PMO India (@PMOIndia) October 16, 2025
Today, the world sees India as the new manufacturing centre of the 21st century. pic.twitter.com/cpuD4x9yYj
— PMO India (@PMOIndia) October 16, 2025
Our government's vision is citizen-centric development. Through continuous reforms, we are making people's lives easier. pic.twitter.com/OQe2MDHQLA
— PMO India (@PMOIndia) October 16, 2025
For a Viksit Bharat to become a reality, Andhra Pradesh has a key role to play and in Andhra Pradesh, it is important that Rayalaseema flourishes too. The NDA Government in AP, led by Chandrababu Naidu Garu is committed to ensuring all round development of the state. @ncbn pic.twitter.com/RE9KXYH7Dy
— Narendra Modi (@narendramodi) October 16, 2025
In recent years, Andhra Pradesh has achieved remarkable progress in the energy sector. The projects inaugurated today will significantly boost not just the state’s energy capacity but also contribute to India’s overall growth in this field. pic.twitter.com/91br9hZ3p4
— Narendra Modi (@narendramodi) October 16, 2025
India’s first Artificial Intelligence Hub, being developed in Andhra Pradesh, will benefit the entire world. This project will give Visakhapatnam a new identity as a global AI and Connectivity Hub. pic.twitter.com/NrkFVEV3ZR
— Narendra Modi (@narendramodi) October 16, 2025
I am delighted that the Government of Andhra Pradesh has resolved to make Kurnool a Drone Hub. This effort will open new avenues for futuristic technologies and create opportunities across multiple sectors throughout the state. pic.twitter.com/cbQxlVPSkj
— Narendra Modi (@narendramodi) October 16, 2025
Compliments to the Andhra Pradesh Government, especially Minister Nara Lokesh Garu, for the successful ‘Super GST, Super Savings’ campaign across the state. Through innovative competitions, they were able to deepen understanding of GST among the youth.@naralokesh pic.twitter.com/MSgLeObM4F
— Narendra Modi (@narendramodi) October 16, 2025
By speaking in such good Hindi about the NDA’s prospects in Bihar, Chandrababu Naidu Garu has not only won the hearts of several NDA Karyakartas across Bihar but also shown a deep commitment to ‘Ek Bharat Shreshtha Bharat.’ @ncbn pic.twitter.com/7MA0ljKnaC
— Narendra Modi (@narendramodi) October 16, 2025
The enthusiasm in Kurnool was exceptional! People are really happy about the development works inaugurated today. pic.twitter.com/2cBLDYXUDv
— Narendra Modi (@narendramodi) October 16, 2025