পি এম ইণ্ডিয়া
ইণ্ডিয়া মেৰিটাইম উইক, ২০২৫-ৰ গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামত বিশ্বৰ সামুদ্ৰিক কোম্পানীসমূহৰ চিইঅ’, প্ৰধান বিনিয়োগকাৰী, নীতি-নিৰ্ধাৰক, উদ্ভাৱক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকল একত্ৰিত হৈ বিশ্ব সামুদ্ৰিক বাতাবৰণৰ ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰিব। এই মঞ্চ বহনক্ষম সামুদ্ৰিক বিকাশ, স্থিতিস্থাপক যোগান শৃংখল, গ্ৰীন শ্বিপিং আৰু সৰ্বাংগীন সুনীল অৰ্থনীতিৰ কৌশল সন্দৰ্ভত আলোচনাৰ এখনি মূল মঞ্চ হিচাপে পৰিগণিত হ’ব।
প্ৰধানমন্ত্ৰীগৰাকীৰ অংশগ্ৰহণ কাৰ্য্যই সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী, ২০৪৭-ৰে সংগতি ৰাখি এক অভিলাষী, ভৱিষ্যৎ-মুখী সামুদ্ৰিক ৰূপান্তৰৰ প্ৰতি তেখেতৰ গভীৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। চাৰিটা কৌশলগত স্তম্ভ — বন্দৰ-চালিত উন্নয়ন, শ্বিপিং আৰু জাহাজ নিৰ্মাণ, নিৰৱচ্ছিন্ন লজিষ্টিক আৰু সামুদ্ৰিক দক্ষতা- নিৰ্মাণ— ৰ ওপৰত নিৰ্ভৰশীল এই দীৰ্ঘ-ম্যাদী দৃষ্টিভংগীৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তিসমূহৰ মাজত প্ৰতিষ্ঠা কৰা। ইণ্ডিয়া মেৰিটাইম উইক, ২০২৫-এ এই দৃষ্টিভংগীক কাৰ্য্যত বাস্তৱায়িতকৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰধান বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰে, যিখন মঞ্চই শ্বিপিং, বন্দৰ, জাহাজ নিৰ্মাণ, ক্ৰুজ পৰ্যটন আৰু সুনীল অৰ্থনীতিৰ বিত্তীয় ক্ষেত্ৰত আগশাৰীৰ অংশীদাৰসকলক একত্ৰিত কৰে।
২০২৫-ৰ ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈকে “ইউনাইটিং অ’চেনছ, ওৱান মেৰিটাইম ভিজন” শীৰ্ষক বিষয়বস্তুৰ অধীনত আয়োজিত আইএমডব্লিউ, ২০২৫-ত ভাৰতৰ বিশ্বব্যাপী সামুদ্ৰিক কেন্দ্ৰ আৰু সুনীল অৰ্থনীতিৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশৰ কৌশলগত দৃষ্টিভংগীক থূপাই-প্ৰদৰ্শন কৰা হ’ব। আইএমডব্লিউ, ২০২৫-ত ৮৫ খনৰো অধিক দেশৰ ১,০০,০০০-ৰো অধিক প্ৰতিনিধি, ৫০০+ প্ৰদৰ্শক আৰু ৩৫০+ আন্তঃৰাষ্ট্ৰীয় বক্তাই অংশগ্ৰহণ কৰিব।
***
MJPS/SR/SB