Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৭ নৱেম্বৰত ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম”ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৭ নৱেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডৰ ষ্টেডিয়ামত পুৱা প্ৰায় ৯.৩০ বজাত ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম”ৰ বছৰজোৰা স্মৃতিচাৰণ কাৰ্যসূচী উদ্বোধন কৰিব।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাকটিকট আৰু মুদ্ৰাও উন্মোচন কৰিব। এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা আৰু ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ হকে অনুপ্ৰেৰণা অব্যাহত ৰখা এই কালজয়ী গীতটোৰ ১৫০ বছৰ উদযাপন কৰি ২০২৫ চনৰ ৭ নৱেম্বৰৰ পৰা ২০২৬ চনৰ ৭ নৱেম্বৰলৈকে বছৰজোৰা কাৰ্যসূচীৰে দেশজোৰা স্মৃতিচাৰণ অনুষ্ঠানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে।

এই উদযাপনত মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ অংশগ্ৰহণৰ সৈতে ৰাজহুৱা স্থানত পুৱা ৯.৫০ বজাত “বন্দে মাতৰম”ৰ সম্পূৰ্ণ সংস্কৰণ সমবেত কণ্ঠত পৰিবেশন কৰা হব।

২০২৫ চনত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হব। ১৮৭৫ চনৰ ৭ নৱেম্বৰত অক্ষয় নৱমীৰ শুভক্ষণত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে আমাৰ ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰম” ৰচনা কৰিছিল। তেওঁৰ উপন্যাস আনন্দমঠৰ অংশ হিচাপে সাহিত্য আলোচনী বংগদৰ্শনত বন্দে মাতৰম প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল। মাতৃভূমিক শক্তি, সমৃদ্ধি আৰু দেৱতাৰ মূৰ্তি হিচাপে আহ্বান জনোৱা গীতটোৱে ভাৰতৰ একতা আৰু আত্মসন্মানৰ জাগ্ৰত মনোভাৱক কাব্যিক অভিব্যক্তি প্ৰদান কৰিছিল। ই অতি সোনকালেই ৰাষ্ট্ৰৰ প্ৰতি ভক্তিৰ এক স্থায়ী প্ৰতীক হৈ উঠিছিল।

 MJPS/VJ/DD