পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে আজি নিউয়ৰ্কত ৰাষ্ট্ৰসংঘত ‘ভৱিষ্যতৰ সন্মিলন’ত ভাষণ প্ৰদান কৰে।
এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘এক উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান’। এই সন্মিলনত বহুসংখ্যক বিশ্ব নেতাই অংশগ্ৰহণ কৰে।
নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন বহনক্ষম বিশ্ব গঢ়াৰ ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে তেওঁ এই সন্মিলনত মানৱতাৰ ষষ্ঠ অংশৰ হৈ ভাষণ দি আছে, যি বিশ্ব শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ বাবে কামনা কৰে। এক উজ্জ্বল বৈশ্বিক ভৱিষ্যতৰ বাবে আমাৰ সামূহিক প্ৰয়াসে মানৱ-কেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰাধান্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বহনক্ষম বিকাশৰ প্ৰচেষ্টাৱলী সম্প্ৰসাৰণত ভাৰতৰ সফলতাৰ কথা উল্লেখ কৰে আৰু এই সন্দৰ্ভত উল্লেখ কৰে যে যোৱা এটা দশকত ভাৰতে ২৫০ নিযুত লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। বিশ্বব্যাপী দক্ষিণৰ দেশসমূহৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতে তেওঁলোকৰ সৈতে নিজৰ বিকাশৰ অভিজ্ঞতা ভাগ বতৰা কৰাৰ সুযোগ লাভ কৰিছে। তেওঁ প্ৰযুক্তিৰ সুৰক্ষিত আৰু দায়িত্বশীল ব্যৱহাৰৰ প্ৰসাৰৰ বাবে ভাৰসাম্যপূৰ্ণ নিয়মাৱলীৰ আহ্বান জনায় আৰু উল্লেখ কৰে যে ভাৰতে বৃহত্তৰ জনসাধাৰণৰ কল্যাণৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ভাগ বতৰা কৰিবলৈ প্ৰস্তুত। তেওঁ “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”ৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সংস্কাৰ হৈছে প্ৰাসংগিকতাৰ চাবিকাঠি আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বিশ্ব প্ৰশাসনৰ প্ৰতিষ্ঠানসমূহৰ জৰুৰী সংস্কাৰৰ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে বিশ্বজনীন পদক্ষেপ বিশ্বজনীন উচ্চাকাংক্ষাৰ সৈতে মিলিব লাগিব। প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ বক্তব্য ইয়াত চাব পাৰিব।
সন্মিলনৰ সামৰণি পৰ্বত ‘ভৱিষ্যতৰ বাবে এক চুক্তি’ নামৰ এক চূড়ান্ত দলিলৰ লগতে ‘বিশ্ব ডিজিটেল চুক্তি’ আৰু ‘ভৱিষ্যতৰ প্ৰজন্মৰ বিষয়ে এক ঘোষণা’ নামৰ দুটা সংযোজন গৃহীত হয়।
MJPS/VJ/SR/SKS
Speaking at Summit of the Future at the @UN. https://t.co/lxhOQEWEC8
— Narendra Modi (@narendramodi) September 23, 2024
भारत में 250 मिलियन लोगों को ग़रीबी से बाहर निकाल कर हमने यह दिखाया है कि, Sustainable development can be successful: PM @narendramodi pic.twitter.com/cH6ALoFVHn
— PMO India (@PMOIndia) September 23, 2024
Success of Humanity lies in our collective strength, not in the battlefield: PM @narendramodi pic.twitter.com/XnE6a64CAx
— PMO India (@PMOIndia) September 23, 2024
Reform is the key to relevance: PM @narendramodi pic.twitter.com/J6TPoEo0IR
— PMO India (@PMOIndia) September 23, 2024
Global Action must match Global Ambition: PM @narendramodi pic.twitter.com/wyPhAtqFrg
— PMO India (@PMOIndia) September 23, 2024
हमें ऐसी ग्लोबल डिजिटल गवर्नेंस चाहिए, जिससे राष्ट्रीय संप्रभुता और अखंडता अक्षुण्ण रहे: PM @narendramodi pic.twitter.com/H8sA8HPg0b
— PMO India (@PMOIndia) September 23, 2024
Digital Public Infrastructure should be a bridge, not a barrier: PM @narendramodi pic.twitter.com/U6BB7dj8ms
— PMO India (@PMOIndia) September 23, 2024
भारत के लिए “One Earth, One Family, One Future” एक कमिटमेंट है: PM @narendramodi pic.twitter.com/TOHIb8ne7b
— PMO India (@PMOIndia) September 23, 2024