দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া বিংশ জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মহামান্য চিৰিল ৰামাফোছাৰ আমন্ত্ৰণত মই ২০২৫ চনৰ ২১ৰ পৰা ২৩ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণ কৰিবলৈ গৈ আছো।
আফ্ৰিকাত অনুষ্ঠিত হোৱা প্ৰথম জি-২০ সন্মিলন হিচাপে এয়া হ’ব এক বিশেষভাৱে তাৎপৰ্যপূৰ্ণ সন্মিলন। ২০২৩ চনত জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকীয় সংঘ জি-২০ৰ সদস্য হৈছিল।
সন্মিলনখনে গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক বিষয়সমূহ আলোচনা কৰাৰ সুবিধা দিব। এই বছৰৰ জি-২০ৰ বিষয়বস্তু হৈছে ‘সংহতি, সমতা আৰু বহনক্ষমতা’। এই বিষয়বস্তুৰ জৰিয়তে দক্ষিণ আফ্ৰিকা ভাৰতৰ নতুন দিল্লী আৰু ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰোত অনুষ্ঠিত পূৰ্বৰ সন্মিলনৰ সিদ্ধান্তসমূহক সফল কৰাৰ দিশে অগ্ৰসৰ হৈছে। ‘বসুধৈৱ কুটুম্বকম’ তথা ‘এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত’ৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মই সন্মিলনত ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিম।
মই মিত্ৰ দেশসমূহৰ নেতাসকলৰ সৈতে মত বিনিময় তথা সন্মিলনৰ সুযোগতে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ আইবিএছএ সন্মিলনত অংশগ্ৰহণৰ বাবে আগ্ৰহী।
এই ভ্ৰমণৰ সময়ত, দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় প্ৰবাসীৰ সৈতে মত বিনিময়ৰ বাবেও মই আগ্ৰহী। বহুসংখ্যক প্ৰবাসী ভাৰতীয় লোক বাস কৰা দেশসমূহৰ ভিতৰত দক্ষিণ আফ্ৰিকা অন্যতম।
****
MJPS/ST/DD
Will be attending the G20 Summit in Johannesburg, South Africa. This is a particularly special Summit as it is being held in Africa. Various global issues will be discussed there. Will be meeting various world leaders during the Summit. https://t.co/Sn4NFUOzXB
— Narendra Modi (@narendramodi) November 21, 2025