Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ  সময়তে  দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে  প্ৰধানমন্ত্ৰী মোদীয়ে


মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি  জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে   জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম  চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা  সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা  জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ সম্পৰ্কৰ আধাৰত থকা ঐতিহাসিক সম্পৰ্কৰ কথা  স্মৰণ কৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু  বাণিজ্য তথা বিনিয়োগ, খাদ্য সুৰক্ষা, দক্ষতা বিকাশ, খনন, যুৱ বিনিময় আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিকলৈ  সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই এআই, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে। নেতাসকলে দক্ষিণ আফ্ৰিকাত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ ক্ৰমবৰ্ধমান উপস্থিতিক আদৰণি জনায় , বিশেষকৈ আন্তঃগাঁথনি, প্ৰযুক্তি, উদ্ভাৱন, খনি আৰু ষ্টাৰ্ট-আপ খণ্ডত পাৰস্পৰিক বিনিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ চিতা ভাৰতলৈ স্থানান্তৰিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জনাই ভাৰতৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।

নেতাসকলে গ্ল’বেল চাউথৰ কণ্ঠ বৃদ্ধিৰ বাবে যৌথভাৱে কাম কৰিবলৈ সন্মত হয়। এই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাই আই বি এছ এৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱা পদক্ষেপৰ শলাগ লয়। ৰাষ্ট্ৰপতি ৰামাফোছাই ২০২৬ চনত ভাৰতৰ আগন্তুক ব্ৰিকছৰ অধ্যক্ষ পদত দক্ষিণ আফ্ৰিকাই সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে।

 

 

***

MJPS/SR/AK/DM