Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গোৱাৰ অৰপোৰাত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ অৰপোৰাত সংঘটিত  অগ্নিকাণ্ডৰ ফলত  প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে তেওঁ গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতিছে। তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে এই শোকাৱহ দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

 

‘গোৱাৰ অৰপোৰাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটোৱে  গভীৰ দুখ দিছে । ঘটনাটোত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ সকলোৰে সৈতে  মোৰ ভাবনা আছে।আঘাতপ্ৰাপ্তসকলে অতি শীঘ্ৰে আৰোগ্য লাভ কৰক।

 

পৰিস্থিতি সন্দৰ্ভত গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত জীৰ সৈতে কথা পাতিলো। ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

@DrPramodPSawant”

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা  প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকা আৰু  আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত  এনেদৰে পোষ্ট কৰিছে ;

 

“গোৱাৰ অৰপোৰাত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰতিজন মৃত ব্যক্তিৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ সাহায্য দিয়া হ’ব। আহতসকলক দিয়া হ’ব ৫০ হাজাৰ টকা:  @narendramodi”

 

 

***

MJPS/ST/DM