পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত কৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ অভিযানত অধিক গতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ বাবে নতুন ৰে’ল সেৱাৰ সূচনা কৰা হৈছে আৰু এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাত্ৰা সহজ কৰাৰ লগতে বাণিজ্য আৰু ব্যৱসায়ো সুচল কৰি তুলিব। তেওঁ গুৰুত্ব আৰোপ কৰে যে ইয়াত স্থাপন কৰা নতুন ৰে’ল পৰিচালনা সুবিধাই বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।
বংগৰ পবিত্ৰ ভূমিৰ পৰা ভাৰতীয় ৰে’লৱেৰ আধুনিকীকৰণৰ দিশত আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজিৰে পৰা ভাৰতত বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ প্ৰৱৰ্তন কৰা হৈছে। তেওঁ কয় যে এই নতুন বন্দে ভাৰত শ্লিপাৰ ৰে’লখনে নাগৰিকসকলৰ দীঘলীয়া যাত্ৰা অধিক আৰামদায়ক আৰু সুন্দৰ কৰি তুলিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বিকশিত ভাৰতত ৰে’লসমূহ কেনে হোৱা উচিত সেই দৃষ্টিভংগী এই বন্দে ভাৰত শ্লিপাৰ ৰে’লত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কিছু সময়ৰ পূৰ্বে মালদা ষ্টেচনত তেওঁ একাংশ যাত্ৰীৰে বাৰ্তালাপ কৰে আৰু সকলোৱে এই ৰে’লত যাত্ৰা কৰাটো এক অসাধাৰণ অভিজ্ঞতা আছিল বুলি প্ৰকাশ কৰিছিল। তেওঁ স্মৰণ কৰে যে পূৰ্বে লোকসকলে বিদেশী ৰে’লৰ ছবি চাইছিল আৰু ভাৰতত এনে ৰে’ল চলাচল হোৱাটো বিচাৰিছিল আৰু আজি সেই সপোন বাস্তৱত পৰিণত হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে শেহতীয়া দিনবোৰত বিদেশী পৰ্যটকে ভাৰতীয় ৰে’লৱেত কেনেদৰে বিপ্লৱ ঘটিছে তাৰ ভিডিঅ’ নিৰ্মাণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই বন্দে ভাৰত ৰে’লখন মেড ইন ইণ্ডিয়া, ভাৰতীয়সকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে নিৰ্মাণ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশৰ প্ৰথম বন্দে ভাৰত শ্লিপাৰ ৰে’লখনে মা কালীৰ ভূমিৰ সৈতে মা কামাখ্যাৰ ভূমিৰ সংযোগ স্থাপন কৰিছে। তেওঁ লগতে কয় যে অনাগত সময়ত এই আধুনিক ৰে’ল সমগ্ৰ দেশতে সম্প্ৰসাৰিত হ’ব আৰু এই আধুনিক শ্লিপাৰ ৰে’লৰ বাবে তেওঁ বংগ, অসম আৰু সমগ্ৰ দেশক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতীয় ৰে’লৱেৰ বৈদ্যুতিকৰণ আৰু ষ্টেচনসমূহৰ আধুনিকীকৰণৰ জৰিয়তে ভাৰতীয় ৰে’লৱেত এক আমূল পৰিৱৰ্তন সাধন হৈছে। তেওঁ উল্লেখ কৰে যে আজি পশ্চিমবংগকে ধৰি সমগ্ৰ দেশত ডেৰ শতাধিক বন্দে ভাৰত ৰে’ল চলাচল কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ সমান্তৰালভাৱে, আধুনিক আৰু দ্ৰুতগামী ৰে’লৰ এটা সম্পূৰ্ণ নেটৱৰ্কৰ বিকাশ কৰা হৈছে, যাৰ দ্বাৰা বংগৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহ উপকৃত হ’ব। তেওঁ ঘোষণা কৰে যে বংগই চাৰিখনকৈ আধুনিক অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল লাভ কৰিছে- নিউ জলপাইগুৰি, নাগাৰকইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুৰি, তিৰুচিৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ, বেংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ আৰু আলিপুৰদুৱাৰ-মুম্বাই অমৃত ভাৰত এক্সপ্ৰেছ। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই ৰে’লসমূহে বংগ, বিশেষকৈ উত্তৰ বংগ আৰু দক্ষিণ আৰু পশ্চিম ভাৰতৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লসমূহে তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ লগতে গংগাসাগৰ, দক্ষিণেশ্বৰ আৰু কালিঘাট ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তুলিব।
“ভাৰতীয় ৰে’লৱে কেৱল আধুনিক নহয়, আত্মনিৰ্ভৰশীলো হৈছে”, শ্ৰী মোদীয়ে এইদৰে কয়। ভাৰতৰ ৰে’ল ইঞ্জিন, ডবা আৰু মেট্ৰ’ ডবাসমূহ ভাৰতৰ প্ৰযুক্তিৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতে আমেৰিকা আৰু ইউৰোপৰ তুলনাত অধিক সংখ্যক ৰে’লগাড়ী নিৰ্মাণ কৰে আৰু বহু দেশলৈ যাত্ৰীবাহী ৰে’ল আৰু মেট্ৰ’ ৰে’লৰ ডবা ৰপ্তানি কৰে, যাৰ ফলত দেশৰ অৰ্থনীতিৰ যথেষ্ট লাভ হোৱাৰ লগতে যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুযোগো সৃষ্টি হৈছে। শ্ৰী মোদীয়ে শেষত কয় যে ভাৰতক সংযোগ কৰাটো এটা অগ্ৰাধিকাৰ আৰু দূৰত্ব হ্ৰাস কৰাটো এক অভিযান, যিটো আজিৰ কাৰ্যসূচীত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
এই উপলক্ষে অনুষ্ঠানত পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী চি ভি আনন্দ বসু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী শান্তনু ঠাকুৰ, শ্ৰী সুকান্ত মজুমদাৰ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
পটভূমিঃ
প্ৰধানমন্ত্ৰীয়ে মালদা টাউন ৰে’লৱে ষ্টেচন ভ্ৰমণ কৰি হাওৰা আৰু গুৱাহাটী (কামাখ্যা)ৰ মাজত ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ শুভাৰম্ভ কৰিব। তেওঁ গুৱাহাটী (কামাখ্যা)-হাওৰা বন্দে ভাৰত শ্লিপাৰ ৰে’ল ভাৰ্চুৱেলী মুকলি কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিকশিত, সম্পূৰ্ণ শীতাতপ নিয়ন্ত্রিত বন্দে ভাৰত শ্লিপাৰ ৰে’লে যাত্ৰীসকলক মিতব্যয়ী ভাড়াত বিমান সেৱাৰ দৰে ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে। এই ৰে’লসেৱাৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ যাত্ৰা দ্ৰুত, নিৰাপদ আৰু অধিক সুবিধাজনক হৈ উঠিব। হাওৰা-গুৱাহাটী (কামাখ্যা) পথত ভ্ৰমণৰ সময় প্ৰায় আঢ়ৈ ঘণ্টা হ্ৰাস কৰি এই ৰে’লে ধৰ্মীয় ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট উৎসাহ যোগাব।
প্ৰধানমন্ত্ৰীয়ে নিউ জলপাইগুৰিত শেহতীয়া সুবিধাসম্পন্ন ৰচদ-পাতি ব্যৱস্থাপনাৰ সুবিধা, শিলিগুৰি লোকো শ্বেডৰ উন্নয়ন আৰু জলপাইগুৰি জিলাত বন্দে ভাৰত ৰে’লৰ ব্যৱস্থাপনাৰ সুবিধাৰ আধুনিকীকৰণ তথা বালুৰঘাট আৰু হিলিৰ মাজত নতুন ৰে’ললাইনকে ধৰি পশ্চিমবংগত চাৰিটা মুখ্য ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে যাত্ৰী আৰু ৰচদ-পাতি সৰবৰাহ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উত্তৰ বংগত লজিষ্টিক দক্ষতা উন্নত কৰিব তথা অঞ্চলটোত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
প্ৰধানমন্ত্ৰীয়ে নতুন কোচবিহাৰ-বামনহাট আৰু নতুন কোচবিহাৰ-বক্সিৰহাটৰ মাজত ৰে’লপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্প ৰাষ্ট্ৰক উৎসৰ্গা কৰাৰ জৰিয়তে দ্ৰুত, পৰিষ্কাৰ আৰু অধিক শক্তি-অনুকূল ৰে’ল চলাচল সম্ভৱ হ’ব।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে নিউ জলপাইগুৰি-নাগৰক’ইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুৰি-তিৰুচিৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-এছ এম ভি টি বেংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-মুম্বাই (পানভেল) অমৃত ভাৰত এক্সপ্ৰেছকে ধৰি চাৰিখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰিব। ইয়াৰ জৰিয়তে সুলভ আৰু নিৰ্ভৰযোগ্য দীৰ্ঘ দূৰত্বৰ ৰে’ল সংযোগ বৃদ্ধি হব। এই সেৱাসমূহে আন্তঃৰাজ্যিক অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সাধাৰণ নাগৰিক, শিক্ষাৰ্থী, প্ৰব্ৰজনকাৰী শ্ৰমিক তথা ব্যৱসায়ীসকলৰ যাতায়াতৰ সূচলতা সুনিশ্চিত কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰাধিকাপুৰ-এছ এম ভি টি বেংগালুৰু এক্সপ্ৰেছ, বালুৰঘাট-এছ এম ভি টি বেংগালুৰু এক্সপ্ৰেছ নামৰ এল এইচ বি কোচযুক্ত দুখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব। এই ৰে’লসমূহে অঞ্চলটোৰ যুৱক-যুৱতী, শিক্ষাৰ্থী তথা তথ্য প্ৰযুক্তিৰ পেছাদাৰীসকলক বেংগালুৰুৰ দৰে প্ৰধান তথ্য প্ৰযুক্তি আৰু নিযুক্তি কেন্দ্ৰসমূহলৈ প্ৰত্যক্ষ, সুৰক্ষিত আৰু আৰামদায়ক ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৩১ডিৰ ধুপগুৰি-ফালাকাটা অংশৰ উন্নীতকৰণ আৰু চাৰিশৰীয়া পথলৈ পৰিবৰ্তন কৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এয়া হৈছে এক গুৰুত্বপূৰ্ণ পথ প্ৰকল্প, যিয়ে আঞ্চলিক পথ সংযোগ উন্নত কৰাৰ লগতে উত্তৰ বংগত যাত্ৰী আৰু সামগ্ৰীৰ সূচল যাতায়াতৰ সুবিধা প্ৰদান কৰিব।
এই প্ৰকল্পসমূহে আধুনিক আন্তঃগাঁথনি সৃষ্টি আৰু উন্নত সংযোগ সুনিশ্চিত কৰাৰ লগতে পূব আৰু উত্তৰ-পূব অঞ্চলসমূহক ৰাষ্ট্ৰৰ মূল বিকাশৰ ইঞ্জিন হিচাপে শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
Delighted to flag off India’s first Vande Bharat sleeper train from Malda. Several Amrit Bharat train services are also being introduced to boost connectivity.
https://t.co/rh7OaIeTvR— Narendra Modi (@narendramodi) January 17, 2026
***
MJPS/SR/DB
Delighted to flag off India’s first Vande Bharat sleeper train from Malda. Several Amrit Bharat train services are also being introduced to boost connectivity.
— Narendra Modi (@narendramodi) January 17, 2026
https://t.co/rh7OaIeTvR
आज भारतीय रेल के आधुनिकीकरण की तरफ एक और बड़ा कदम उठाया गया है।
— PMO India (@PMOIndia) January 17, 2026
आज से भारत में वंदे भारत स्लीपर ट्रेनों की शुरुआत हो रही है: PM @narendramodi
देश की ये पहली वंदे भारत स्लीपर ट्रेन... मां काली की धरती को मां कामाख्या की भूमि को जोड़ रही है।
— PMO India (@PMOIndia) January 17, 2026
आने वाले समय में पूरे देश में, इस आधुनिक ट्रेन का विस्तार होगा।
मैं बंगाल को, असम को, पूरे देश को इस आधुनिक स्लीपर ट्रेन के लिए बधाई देता हूं: PM @narendramodi
आज बंगाल को चार और आधुनिक, अमृत भारत एक्सप्रेस ट्रेनें मिली हैं।
— PMO India (@PMOIndia) January 17, 2026
न्यू जलपाईगुड़ी- नागरकोइल अमृत भारत एक्सप्रेस...
न्यू जलपाईगुड़ी - तिरुच्चिरापल्ली अमृत भारत एक्सप्रेस...
अलीपुर द्वार - बेंगलुरु अमृत भारत एक्सप्रेस...
अलीपुर द्वार - मुंबई अमृत भारत एक्सप्रेस...
इससे बंगाल और…
From Malda in West Bengal, a significant step has been taken for modernising railway infrastructure.
— Narendra Modi (@narendramodi) January 17, 2026
The flagging off of the Vande Bharat Sleeper trains is a major step towards enhancing convenience. pic.twitter.com/VZp21hgMTj
Congratulations to the people of West Bengal as the state gets four more modern Amrit Bharat Express trains. pic.twitter.com/wRYMLveniX
— Narendra Modi (@narendramodi) January 17, 2026
পশ্চিমবঙ্গের মালদা থেকে রেল পরিকাঠামোর আধুনিকীকরণে এক গুরুত্বপূর্ণ পদক্ষেপ নেওয়া হয়েছে।
— Narendra Modi (@narendramodi) January 17, 2026
বন্দে ভারত স্লিপার ট্রেনের সূচনা যাত্রীসুবিধার ক্ষেত্রে এক বড় পদক্ষেপ। pic.twitter.com/HSAEqcUBMk
রাজ্য আরও চারটি আধুনিক অমৃত ভারত এক্সপ্রেস ট্রেন পাওয়ায় পশ্চিমবঙ্গের মানুষকে অভিনন্দন। pic.twitter.com/reDmXf4mpo
— Narendra Modi (@narendramodi) January 17, 2026
At Malda Railway Station, flagged off the first Vande Bharat sleeper train, which will connect Howrah to Guwahati. Also had a pleasant interaction with children who were at the station and on the train. pic.twitter.com/dH2EtkIFtq
— Narendra Modi (@narendramodi) January 17, 2026
মালদা রেল স্টেশনে পতাকা দেখিয়ে হাওড়া ও গুয়াহাটিকে সংযোগকারী প্রথম বন্দে ভারত স্লিপার ট্রেন-এর যাত্রা শুরু করালাম। স্টেশনে এবং ট্রেনে উপস্থিত শিশুদের সঙ্গে কথা বলে আনন্দিত হলাম। pic.twitter.com/aWeSkqSALZ
— Narendra Modi (@narendramodi) January 17, 2026