পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে উদযাপিত পৰাক্ৰম দিৱসত নেতাজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ নেতাজীৰ অদম্য সাহস, অটল সংকল্প আৰু ৰাষ্ট্ৰলৈ অতুলনীয় অৱদানৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ নিৰ্ভীক নেতৃত্ব আৰু গভীৰ দেশপ্ৰেমে এখন শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে সদায় তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে। ২০০৯ চনৰ ২৩ জানুৱাৰীত গুজৰাটৰ তথ্য প্ৰযুক্তিৰ দৃশ্যপট সলনি কৰাৰ লক্ষ্যৰে এখন অগ্ৰণী আঁচনি ই-গ্ৰাম বিশ্বগ্ৰাম যোজনা আৰম্ভ কৰাৰ বিষয়ে তেওঁ স্মৰণ কৰে। নেতাজী বসুৰ জীৱনত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৰিপুৰাৰ পৰা এই আঁচনিখন আৰম্ভ কৰা হৈছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে হৰিপুৰাৰ জনসাধাৰণৰ উষ্ণ আদৰণি তথা এসময়ত নেতাজী বসুৱে ভ্ৰমণ কৰা একেটা পথত আয়োজিত শোভাযাত্ৰাৰ কথা স্মৰণ কৰে।
২০১২ চনত আহমেদাবাদত আজাদ হিন্দ ফৌজ দিৱস উপলক্ষে আয়োজিত এক বৃহৎ কাৰ্যসূচীৰ কথাও প্ৰধানমন্ত্ৰীয়ে সোঁৱৰে। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী পি এ চাংমাকে ধৰি নেতাজী বসুৰ দ্বাৰা অনুপ্ৰাণিত বহু লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা তেওঁ উল্লেখ কৰে।
অতীতৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দশক ধৰি ৰাষ্ট্ৰ শাসন কৰা লোকসকলৰ কার্যসূচীৰ সৈতে নেতাজী বসুৰ গৌৰৱোজ্জ্বল অৱদানক স্মৰণ কৰা বিষয়টো ৰজিতা খোৱা নাছিল বাবে তেওঁক পাহৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল। সম্প্ৰতি ভাবধাৰা সলনি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো সম্ভাব্য মুহূৰ্ততে নেতাজী বসুৰ জীৱন আৰু আদৰ্শ জনপ্ৰিয় কৰাৰ প্ৰয়াস কৰা হৈছে। নেতাজী বসুৰ সৈতে সম্পৰ্কিত ফাইল আৰু নথিপত্ৰসমূহ ৰাজহুৱা কৰাটো এই দিশত এক যুগান্তকাৰী পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে।
২০১৮ বৰ্ষটো দুটা কাৰণত এক যুগান্তকাৰী বছৰ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বাৰ্ষিকী লালকিল্লাত পালন কৰা হৈছিল বুলি স্মৰণ কৰি তেওঁ কয় যে এই অনুষ্ঠানত তেওঁ ত্ৰিৰংগা উত্তোলন কৰাৰ সুযোগ পাইছিল। এই অনুষ্ঠানতে তেওঁ আই এন এৰ প্ৰবীণ নেতা লালতি ৰাম জীৰ সৈতে হোৱা মত বিনিময়ৰ কথাও স্মৰণ কৰে।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰীবিজয়পুৰমত (তেতিয়াৰ প’ৰ্ট ব্লেয়াৰ) সুভাষ বাবুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল বুলিও তেওঁ সোঁৱৰে। ৰছ দ্বীপক নতুনকৈ নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ হিচাপে নামকৰণ কৰাকে ধৰি তিনিটা বিশিষ্ট দ্বীপৰ নাম সলনি কৰাৰ বিষযে তেওঁ উল্লেখ কৰে।
লালকিল্লাত থকা ক্ৰান্তি মন্দিৰ সংগ্ৰহালয়ত নেতাজী বসু তথা ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৈতে সম্পৰ্কিত যথেষ্ট ঐতিহাসিক সামগ্ৰী আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সামগ্ৰীসমূহৰ ভিতৰত নেতাজী বসুৱে পিন্ধা টুপীও আছে। এয়া নেতাজী বসুৰ ঐতিহাসিক অৱদানৰ সবিশেষ সংৰক্ষণ তথা তথ্য সমৃদ্ধ কৰাৰ প্ৰচেষ্টাৰ অংশ বুলি তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজী বসুৰ সন্মানাৰ্থে তেওঁৰ জয়ন্তী পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰা হৈছে।
ঔপনিৱেশিক মানসিকতা ত্যাগ কৰাৰ সংকল্প তথা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাৰ এক উজ্জ্বল উদাহৰণ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজভাগত ইণ্ডিয়া গেটৰ সমীপত নেতাজী বসুৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই মূৰ্তিয়ে আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি ৰাখিব।
এক্সত দিয়া এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
‘পৰাক্ৰম দিৱস হিচাপে উদযাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত আমি তেওঁৰ অদম্য সাহস, সংকল্প আৰু ৰাষ্ট্ৰৰ প্ৰতি অতুলনীয় অৱদানক স্মৰণ কৰো। তেওঁ নিৰ্ভীক নেতৃত্ব আৰু অটল দেশপ্ৰেমৰ প্ৰতীক আছিল। তেওঁৰ আদৰ্শই এক শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি ৰাখিছে।’
‘নেতাজী সুভাষ চন্দ্ৰ বসুৱে সদায় মোক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে। ২০০৯ চনৰ ২৩ জানুৱাৰীত ই-গ্ৰাম বিশ্বগ্ৰাম যোজনা আৰম্ভ কৰা হৈছিল। গুজৰাটৰ তথ্য প্ৰযুক্তিৰ দৃশ্যপট সলনি কৰাৰ লক্ষ্যৰে এয়া অগ্ৰণী আঁচনি আছিল। এই আঁচনিখন নেতাজী বসুৰ জীৱনত এক বিশেষ স্থান অধিকাৰ কৰি থকা হৰিপুৰাৰ পৰা আৰম্ভ কৰা হৈছিল। হৰিপুৰাৰ জনসাধাৰণৰ ঊষ্ম আদৰণি তথা নেতাজী বসুৱে যাত্ৰা কৰা একেটা পথতে এক শোভাযাত্ৰাৰ আয়োজন কৰাৰ বিষয়ে মই কেতিয়াও পাহৰিব নোৱাৰিম।’
‘২০১২ চনত আহমেদাবাদত আজাদ হিন্দ ফৌজ দিৱস উপলক্ষে এক বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ইয়াত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী পি এ চাংমাকে ধৰি নেতাজী বসুৰ দ্বাৰা অনুপ্ৰাণিত বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।’
‘নেতাজী বসুৰ গৌৰৱোজ্জ্বল অৱদানৰ কথা স্মৰণ কৰাটো দশক ধৰি ৰাষ্ট্ৰ শাসন কৰা লোকসকলৰ কার্যসূচীৰ সৈতে ৰজিতা খোৱা নাছিল। সেয়েহে তেওঁক পাহৰি যোৱাৰ চেষ্টা কৰা হৈছিল। কিন্তু আমাৰ বিশ্বাস তাতকৈ পথক। সম্ভাব্য প্ৰতিটো মুহূৰ্ততে আমি তেওঁৰ জীৱন আৰু আদৰ্শক জনপ্ৰিয় কৰিছো। এইক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ আছিল তেওঁৰ সৈতে সম্পৰ্কিত নথিপত্ৰ আৰু নথিপত্ৰসমূহ ৰাজহুৱা কৰা।’
‘২০১৮ চন দুটা কাৰণত এক যুগান্তকাৰী বছৰ আছিলঃ
লালকিল্লাত আমি আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰিলো। মই ত্ৰিৰংগ পতাকা উত্তোলনৰো সুযোগ পাইছিলো। আই এন এৰ প্ৰবীণ নেতা লালতি ৰাম জীৰ সৈতে হোৱা মোৰ মত বিনিময়ো সমানেই স্মৰণীয় আছিল।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰীবিজয়পুৰমত (তেতিয়াৰ প’ৰ্ট ব্লেয়াৰ) সুভাষ বাবুৱে ত্ৰিৰংগা উত্তোলন কৰাৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল। ৰছ দ্বীপক নতুনকৈ নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ হিচাপে নামকৰণ কৰাকে ধৰি তিনিটা বিশিষ্ট দ্বীপৰ নাম সলনি কৰা হৈছিল।’
‘লালকিল্লাত, ক্ৰান্তি মন্দিৰ সংগ্ৰহালয়ত নেতাজী বসু আৰু আই এন এৰ সৈতে সম্পৰ্কিত যথেষ্ট ঐতিহাসিক সামগ্ৰী আছে, যাৰ ভিতৰত নেতাজী বসুৱে পিন্ধা টুপীও আছে। এয়া তেওঁৰ ঐতিহাসিক অৱদানৰ জ্ঞান সংৰক্ষণ তথা গভীৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টাৰ এক অংশ আছিল।’
‘নেতাজী বসুৰ সন্মানাৰ্থে তেওঁৰ জন্মদিৱস পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰা হৈছে। ২০২১ চনত মই কলকাতাৰ নেতাজী ভৱনলৈ গৈছিলো, য’ৰ পৰা নেতাজী গৃহবন্দী হৈ থকাৰ পৰা পলায়ন কৰি বিদেশলৈ যোৱাৰ বিখ্যাত পৰ্ব আৰম্ভ হৈছিল!’
‘ঔপনিৱেশিক মানসিকতা ত্যাগ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ এক উজ্জ্বল উদাহৰণ ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজভাগত ইণ্ডিয়া গেটৰ কাষত তেওঁৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰাৰ আমাৰ সিদ্ধান্তত প্ৰতিফলিত হয়! এই বিশাল মূৰ্তিয়ে আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰিব!’
On the birth anniversary of Netaji Subhas Chandra Bose, which is commemorated as Parakram Diwas, we recall his indomitable courage, resolve and unparalleled contribution to the nation. He epitomised fearless leadership and unwavering patriotism. His ideals continue to inspire… pic.twitter.com/KokJhJu33d
— Narendra Modi (@narendramodi) January 23, 2026
****
MJPS/ST/DD
On the birth anniversary of Netaji Subhas Chandra Bose, which is commemorated as Parakram Diwas, we recall his indomitable courage, resolve and unparalleled contribution to the nation. He epitomised fearless leadership and unwavering patriotism. His ideals continue to inspire… pic.twitter.com/KokJhJu33d
— Narendra Modi (@narendramodi) January 23, 2026
Netaji Subhas Chandra Bose has always inspired me greatly. On 23rd January 2009, the e-Gram Vishwagram Yojana was launched. This was a pioneering scheme aimed at transforming Gujarat’s IT landscape. The scheme was launched from Haripura, which had a special place in Netaji Bose’s… pic.twitter.com/0pbEUu4eQx
— Narendra Modi (@narendramodi) January 23, 2026
In honour of Netaji Bose, his birth anniversary has been declared as Parakram Diwas. In 2021, I visited Netaji Bhawan in Kolkata, from where Netaji began his great escape! pic.twitter.com/IDobNHxRR2
— Narendra Modi (@narendramodi) January 23, 2026
A shining example of our efforts to shed colonial mindset and our reverence to Netaji Subhas Chandra Bose can be seen in our decision to place his grand statue next to India Gate, in the heart of the national capital! This grand statue will inspire people for generations to come! pic.twitter.com/niWjc8dFbb
— Narendra Modi (@narendramodi) January 23, 2026