পি এম ইণ্ডিয়া
আজি বিক্ৰম সংবৎ ২০৮২… ফাগুনৰ কৃষ্ণ পক্ষ… বিজয়া একাদশীত… ২৪ মাঘ, শক সংবৎ ১৯৪৭-ৰ শুভ উপলক্ষত…
১৩ ফেব্ৰুৱাৰী, ২০২৬-ত মাননীয় প্ৰধানমন্ত্ৰীয়ে নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়টো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিছিল, এতিয়া এই কাৰ্য্যালয় ‘সেৱা তীৰ্থ’ নামেৰে পৰিচিত হ’ব।
ব্ৰিটিছে ঔপনিৱেশিক শাসনৰ শিকলিৰে ভাৰতক বান্ধি ৰাখিবলৈ নৰ্থ আৰু ছাউথ ব্লক নিৰ্মাণ কৰিছিল। যদিও ১৯৪৭-ত ভাৰতে ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল, তথাপিও এই ভৱনসমূহ তেতিয়াৰ চৰকাৰে নিজৰ কাৰ্য্য সম্পাদনৰ বাবে আবদ্ধ কৰি ৰাখিছিল। স্বাধীনতাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে ছাউথ ব্লকৰ এই ভৱনৰ পৰাই কাম কৰি আহিছে।
আজি শেষবাৰৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ছাউথ ব্লকৰ এই চেম্বাৰত অনুষ্ঠিত হৈছে। এয়া কেৱল স্থান সলনিৰ মুহূৰ্তই নহয়; বৰঞ্চ ইতিহাস আৰু ভৱিষ্যতৰ সংহতিৰো এক মুহূৰ্ত। এই কমপ্লেক্স হৈছে দাসত্বৰ পৰা আৰম্ভ কৰি স্বাধীনতা আৰু তাৰ পিছত স্বাধীন ভাৰতৰ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী। এই কমপ্লেক্সত দেশৰ ১৬ গৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰিছিল। ইয়াৰ চিৰিত নেহৰু জীৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীলৈকে সকলোৰে পদাংক বিদ্যমান। এই ভৱনৰ চিৰিৰে বগাই যোৱা খোজবোৰে দেশখনক নতুন শিখৰত উপনীত কৰাত এটি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
বিগত দশক সমূহত ইয়াত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সংবিধানৰ আদৰ্শ, জনসাধাৰণৰ পৰা লাভ কৰা আদেশ আৰু ৰাষ্ট্ৰখনৰ আকাংক্ষাৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈ একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াত ভাৰতৰ সফলতাক উদযাপন কৰা হৈছিল, বিফলতাৰ মূল্যায়ন কৰা হৈছিল, সংকট আৰু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
ছাউথ ব্লকৰ কোঠাসমূহ বিভাজনৰ ভয়াৱহতা, যুদ্ধ আৰু জৰুৰীকালীন অৱস্থাৰ প্ৰত্যাহ্বান, শান্তিৰ সময়ত নীতি বিষয়ক আলোচনাৰো সাক্ষী। টাইপৰাইটাৰৰ পৰা ডিজিটেল গভৰ্নেন্সলৈ প্ৰযুক্তিৰ বৃহৎ অগ্ৰগতি ইয়াত অনুভূত হৈছে।
ইয়াত বহি কেইবাটাও প্ৰজন্মৰ বিষয়াসকলে গ্ৰহণ কৰা সিদ্ধান্তৰাজিয়ে ভাৰতক স্বাধীনতাৰ লগে-লগে অনিশ্চয়তাৰ পৰা উলিয়াই আনি সুস্থিৰতাৰ পথত ধাৱমান কৰিছিল। সকলোৰে প্ৰচেষ্টাৰ ফলশ্ৰুতিত আজি ভাৰত অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু সংকটৰ পৰা ওলাই আহি এখনি আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।
আজিৰ ভাৰত হৈছে বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনীতি। ভাৰতে এখনি সুৰক্ষিত আৰু সক্ষম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে তথা বিশ্বব্যাপী মঞ্চত নিজৰ স্পষ্ট আৰু ফলপ্ৰসূ কণ্ঠ বেকত কৰিছে।
বিগত দশকটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত ছাউথ ব্লক ৰাষ্ট্ৰখনৰ একাধিক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই স্থান হৈ পৰে ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসনৰ প্ৰেৰণা স্থল। ইয়াৰ পৰাই দেশজুৰি ৰিফৰ্ম এক্সপ্ৰেছে উৎসাহ লাভ কৰিছে। ইয়াৰ পৰাই ডিবিটি, স্বচ্ছ ভাৰত অভিযান, দৰিদ্ৰ লোকসকলৰ কল্যাণ সাধনেৰে সম্পৰ্কীয় অভিযান, ডিজিটেল ইণ্ডিয়া, জিএছটি আদি ব্যাপক সংস্কাৰ সাধন কৰা হৈছে। ইয়াতে ৩৭০ নং অনুচ্ছেদ বাতিল আৰু তিনি তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা আদি সামাজিক ন্যায়ৰ সাহসী আৰু স্পৰ্শকাতৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ পৰাই চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক আৰু অপাৰেচন সিন্দূৰৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছিল। ইয়াৰ জৰিয়তে ভাৰতে বিশ্ববাসীক নিজৰ দৃঢ় আৰু আত্মবিশ্বাসী নিৰাপত্তা নীতিৰ স্পষ্ট বাৰ্তা প্ৰদান কৰিছে।
আজি দেশখন এটি উন্নত ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে আগবাঢ়িছে। ইয়াৰ বাবে এটি আধুনিক, প্ৰযুক্তিগত আৰু পৰিবেশ অনুকূল কাৰ্য্যালয়ৰ প্ৰয়োজন আছিল। ইয়াত কৰ্মৰত প্ৰতিগৰাকী কৰ্মযোগীৰ উৎপাদনশীলতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ সেৱাৰ সংকল্পক উৎসাহিত কৰা এখনি কৰ্মক্ষেত্ৰৰ আৱশ্যক হৈ আহিছিল।
এই মনোভাৱেৰেই ছাউথ ব্লক উদ্বোধনৰ প্ৰায় ৯৫ বছৰৰ পাছত আজি ১৩ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে ভাৰত চৰকাৰ এই ভৱনসমূহ খালী কৰি ‘সেৱা তীৰ্থ’ আৰু ‘কৰ্তব্য ভৱন’লৈ স্থানান্তৰিত হৈছে। প্ৰতীকীভাৱে এয়া দাসত্বৰ অতীতৰ পৰা ‘উন্নত ভাৰত’ৰ ভৱিষ্যতৰ দিশে দেশৰ আন এক পদক্ষেপ। বিগত বছৰ কেইটাত ‘ক্ষমতা’ৰ সংস্কৃতিৰ পৰিৱৰ্তে দেশত ‘সেৱা’ৰ সংস্কৃতিক শক্তিশালী কৰা হৈছে। আজিৰ উক্ত পৰিৱৰ্তনে এই প্ৰমূল্যবোধক অধিক গভীৰ কৰিব।
আজি কেবিনেটে নৰ্থ আৰু ছাউথ ব্লকক “যুগে যুগে ভাৰত ৰাষ্ট্ৰীয় সংগ্ৰহালয়”ৰ অংশ হিচাপে গঢ়ি তোলাৰো সংকল্প গ্ৰহণ কৰিছে। এই সংকল্পৰ জৰিয়তে প্ৰজন্মসমূহ আমাৰ হাজাৰ বছৰীয়া সভ্যতাৰপৰা অনুপ্ৰাণিত হৈ থাকিব। এই সংগ্ৰহালয়ে আমাৰ কালজয়ী আৰু চিৰন্তন সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰিব তথা আমাৰ গৌৰৱময় অতীতক এক সমৃদ্ধিশালী ভৱিষ্যতৰ সৈতে সংযুক্ত কৰিব।
এইদৰে ঔপনিৱেশিক অতীতৰ পৰা শাসন কাৰ্য্যৰ এই কেন্দ্ৰক নৱ্য ভাৰতৰ ‘সেৱা তীৰ্থ’লৈ ৰূপান্তৰিত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি কেন্দ্ৰীয় কেবিনেটে কৃতজ্ঞতা প্ৰকাশ কৰিছে।
On Vijaya Ekadashi, 13 February 2026, the Union Cabinet adopted a resolution marking the dedication of a new chapter in India’s governance by Prime Minister @narendramodi
Built during British rule, the North and South Blocks served as the centre of governance after Independence… pic.twitter.com/JcTn7TsGiP
— PIB India (@PIB_India) February 14, 2026
***
MJPS/VJ/SB
On Vijaya Ekadashi, 13 February 2026, the Union Cabinet adopted a resolution marking the dedication of a new chapter in India’s governance by Prime Minister @narendramodi
— PIB India (@PIB_India) February 14, 2026
Built during British rule, the North and South Blocks served as the centre of governance after Independence… pic.twitter.com/JcTn7TsGiP