Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু এই আক্ৰমণত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে এই কঠিন সময়ত ভাৰত ইউ এ ই-ৰ সৈতে সহমৰ্মিতাৰে থিয় দিছে।

প্ৰধানমন্ত্ৰীয়ে ইউ এ ই-ত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে ইউ এ ই-ৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে অঞ্চলটোত উত্তেজনা হ্ৰাস, আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাক সমৰ্থন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰিছেঃ

“ইউ এ ইৰ ৰাষ্ট্ৰপতি ভাতৃ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰিছো। ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই আক্ৰমণত হোৱা প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো। এই কঠিন সময়ত ভাৰত ইউ এ ই-ৰ সৈতে সহমৰ্মিতাৰে থিয় দিছে।

ইউ এ ই-ত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। আমি উত্তেজনা হ্ৰাস, আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাক সমৰ্থন কৰো।”

 

***

MJPS/Dr. Pavan Khedkar/HS