Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত ভৱন খহি প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত এটা ভৱন খহি পৰাৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে।

এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি শ্ৰী মোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত ২ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে এই দুৰ্ঘটনাত আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখেঃ

“উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত এটা ভৱন খহি পৰাৰ ফলত হোৱা দুৰ্ঘটনাকলৈ অতি মৰ্মাহত হৈছো। এই দুখৰ সময়ত শোকসন্তপ্ত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ ২ লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী”

***

MJPS/PRK/DB