Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে নিজৰ আত্মগণনা সম্পূৰ্ণ কৰে, নাগৰিকসকলক তেওঁলোকৰ ঘৰুৱা সবিশেষ স্ব-গণনা কৰিবলৈ আৰু লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়

প্ৰধানমন্ত্ৰীয়ে নিজৰ আত্মগণনা সম্পূৰ্ণ কৰে, নাগৰিকসকলক তেওঁলোকৰ ঘৰুৱা সবিশেষ স্ব-গণনা কৰিবলৈ আৰু লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়


২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ আৰম্ভণি উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আত্মগণনা সম্পূৰ্ণ কৰে। এই লোকপিয়লত ঘৰ তালিকাভুক্তকৰণ আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰা হ’ব। শ্ৰী মোদীয়ে কয় যে এই লোকপিয়লত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে তথ্য সংগ্ৰহ কৰা হৈছে। ইয়াৰ উপৰি ভাৰতৰ জনসাধাৰণক নিজৰ ঘৰুৱা সবিশেষ স্ব-গণনা কৰিবলৈও ক্ষমতা প্ৰদান কৰিছে।

শ্ৰী মোদীয়ে ভাৰতৰ জনসাধাৰণক নিজৰ ঘৰুৱা সবিশেষ স্ব-গণনা কৰি লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“মোৰ স্ব- গণনা সম্পূৰ্ণ কৰিলোঁ।

আজিৰে পৰা আৰম্ভ হৈছে ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়, যিটো ঘৰ তালিকাভুক্ত আৰু ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাৰ্য্যকলাপৰ সৈতে জড়িত। এই লোকপিয়লত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে তথ্য সংগ্ৰহ কৰা হৈছে। ইয়াৰ উপৰি ভাৰতৰ জনসাধাৰণক নিজৰ ঘৰুৱা সবিশেষ স্ব-গণনা কৰিবলৈও ক্ষমতা প্ৰদান কৰিছে।

ভাৰতৰ জনসাধাৰণক মই আহ্বান জনাইছো যাতে তেওঁলোকে নিজেই ঘৰুৱা সবিশেষ স্ব-গণনা  কৰি লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।”

 

***

MJPS/VJ/DM