Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিম এছিয়া সংকটৰ প্ৰেক্ষাপটত গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ চিচিএছৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

পশ্চিম এছিয়া সংকটৰ প্ৰেক্ষাপটত গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ চিচিএছৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৭ লোক কল্যাণ মাৰ্গত বিভিন্ন মন্ত্ৰালয়/বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পুনৰীক্ষণৰ বাবে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বিশেষ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বৰ্তমান চলি থকা  পশ্চিম এছিয়া সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে খৰচি মাৰি  আলোচনা কৰা হয়। । উল্লেখ্য  এই বিষয়ত এইখন আছিল দ্বিতীয়খন বিশেষ চিচিএছ বৈঠক।

কেবিনেট সচিবে পেট্ৰলিয়াম সামগ্ৰী, বিশেষকৈ এল এন জি/এল পি জিৰ যোগান নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা তথা  পৰ্যাপ্ত শক্তি উপলব্ধতাৰ বিষয়ে অৱগত কৰে। তেওঁ  কয় যে বিভিন্ন দেশৰ পৰা এল পি জি ক্ৰয়ৰ বাবে উৎসসমূহৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰা হৈছে। একেদৰে বিভিন্ন দেশৰ পৰা তৰলীকৃত প্ৰাকৃতিক গেছ (LNG) আহৰণ কৰা হৈছে। তেওঁ লগতে  কয় যে ঘৰুৱা গ্ৰাহকৰ বাবে এল পি জিৰ মূল্য একেই আছে আৰু এল পি জিৰ অবৈধ মজুত  আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ অভিযান  নিয়মীয়াকৈ চলি আছে।

তেওঁ লগতে জনায় যে পাইপড নেচাৰেল গেছৰ সংযোগ সম্প্ৰসাৰণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৭-৮ গিগাৱাট ক্ষমতাসম্পন্ন গেছ ভিত্তিক শক্তি কেন্দ্ৰসমূহক গেছ পুলিং ব্যৱস্থাৰ পৰা ৰেহাই দিয়া হৈছে আৰু তাপ বিদ্যুৎ কেন্দ্ৰ আদিত অধিক কয়লা যোগানৰ বাবে ৰেক বৃদ্ধি কৰা আদি ব্যৱস্থাও গ্ৰহণ কৰা হৈছে , যাতে গ্ৰীষ্মৰ শীৰ্ষ মাহত বিদ্যুতৰ উপলব্ধতা নিশ্চিত কৰিব পৰা যায়। ইয়াৰ উপৰি বৈঠকত  কৃষি, অসামৰিক বিমান পৰিবহণ, জাহাজ আৰু লজিষ্টিক আদি বিভিন্ন খণ্ডত উদীয়মান প্ৰত্যাহ্বানৰ বাবে ল’বলগীয়া প্ৰস্তাৱিত হস্তক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইউৰিয়া উৎপাদন বজাই ৰখা, ডি এ পি/এন পি কে এছ যোগানকাৰীৰ বাবে বহিঃদেশৰ  যোগানকাৰীৰ সৈতে সমন্বয় সাধন কৰাৰ দৰে বিভিন্ন প্ৰচেষ্টাৰে সাৰৰ  যোগান নিশ্চিত কৰা হৈছে।  দৈনিক নিৰীক্ষণ, অভিযান  আৰু কঠোৰ ব্যৱস্থাৰ জৰিয়তে সাৰৰ ক’লা বিপণন,  অবৈধ মজুত আৰু ডাইভাৰচন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক অনুৰোধ কৰা হৈছে । বৈঠকত জনোৱা হয় যে বিগত এমাহত খাদ্য সামগ্ৰীৰ খুচুৰা মূল্য সুস্থিৰ হৈ আছে। মূল্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন বলৱৎ কৰাৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে অহৰহ পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। কৃষিজাত সামগ্ৰী , শাক-পাচলি আৰু ফলমূলৰ মূল্যৰ ক্ষেত্ৰতো গীব্ৰ  নিৰীক্ষণ  অব্যাহত ৰখা হৈছে। শক্তি, সাৰ আৰু অন্যান্য যোগান শৃংখলৰ বাবে আমাৰ উৎসসমূহ বিশ্বজুৰি  বৈচিত্ৰ্যময় কৰাৰ প্ৰচেষ্টা  আৰু হৰমুজ জলসীমাৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ অংশ হিচাবে কূটনৈতিক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।বিকাশশীল সংকটৰ মাজত ফলপ্ৰসূ তথ্যৰ প্ৰচাৰ আৰু জনসচেতনতা বৃদ্ধি কৰিবলৈ  কেন্দ্ৰীয়, ৰাজ্য আৰু জিলা পৰ্যায়ত বৰ্ধিত সমন্বয়, বাস্তৱ সময়ৰ যোগাযোগ  আদি বিষয়ত  সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বৈঠকত জনোৱা হয়।

প্ৰধানমন্ত্ৰীয়ে সাধাৰণ মানুহৰ বাবে  প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতাৰ বিষয়েও বৈঠকত মূল্যায়ন কৰে। তেওঁ দেশত সাৰ উপলব্ধ কৰি ৰখাৰ  লগতে খাৰিফ আৰু ৰবি বতৰত ইয়াৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। এই সংকটৰ  প্ৰভাৱৰ পৰা নাগৰিকসকলক ৰক্ষা কৰিবলৈ সকলো প্ৰচেষ্টা চলাব লাগিব বুলিও তেওঁ কয়। ভুল তথ্য আৰু উৰাবাতৰিৰ প্ৰচাৰ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত প্ৰামাণিক তথ্যৰ  প্ৰচাৰত গুৰুত্ব দিবলৈ আৰু সামগ্ৰীৰ মসৃণ প্ৰবাহ অব্যাহত ৰখাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো বিভাগকে চলি থকা বিশ্ব পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত নাগৰিক আৰু খণ্ডসমূহৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

 

 

***

MJPS/PRK/DM