Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভগৱান ৰামক ধৰ্মনিষ্ঠাৰ জীৱন্ত মূৰ্তি হিচাপে আখ্যা দি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান ৰামক ধৰ্মনিষ্ঠা, সত্য আৰু বীৰত্বৰ জীৱন্ত মূৰ্তি হিচাপে আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“रामो विग्रहवान् धर्मस्साधुस्सत्यपराक्रमः।

राजा सर्वस्य लोकस्य देवानां मघवानिव॥”

ভগৱান ৰাম হৈছে ধৰ্মনিষ্ঠাৰ জীৱন্ত মূৰ্তি। তেওঁ গুণী, নিজৰ সংকল্প  আৰু নিজৰ সত্যবাদী বীৰত্বৰ ক্ষেত্ৰত অটল। সত্যবাদী লোকসকলৰ তেওঁ শেষ আশ্ৰয়স্থল। তেওঁ এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ শাসক, যিয়ে ভগৱান ইন্দ্ৰৰ দৰে সমগ্ৰ জগতক সুশাসনেৰে সুৰক্ষিত কৰাৰ লগতে সকলো স্বৰ্গীয় অধিক্ষেত্ৰক সুৰক্ষা প্ৰদান কৰে।

 

****

MJPS/SS/PRK/MK