পি এম ইণ্ডিয়া
১) ভাৰত আৰু কোৰিয়া গণৰাজ্য এক মুক্ত, সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া দৃষ্টিভংগীৰে বিশেষ কৌশলগত অংশীদাৰ হৈ ৰৈছে।
২) আমাৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ কেন্দ্ৰীয় স্তম্ভ হৈছে মুক্ত বজাৰ আৰু নিয়মভিত্তিক বাণিজ্যৰ প্ৰতি এক ভাগ-বাটোৱাৰা কৰা প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এক দীঘলীয়া তথা বিশ্বাসযোগ্য অৰ্থনৈতিক আৰু শক্তি সম্পদৰ অংশীদাৰিত্ব। যি আমাৰ সমৃদ্ধি আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আধাৰ হিচাবে পৰিগণিত হৈছে । এই ভাগ-বাটোৱাৰা কৰা নীতিসমূহক পুনৰ দৃঢ় কৰা আৰু উদ্যোগ তথা বজাৰত বৰ্তমানৰ পৰিস্থিতিৰ প্ৰভাৱ বুজি পোৱাটো এই সময়ত অতি প্ৰয়োজনীয় কথা হৈ পৰিছে।
৩) ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চি ই পি এ) আৰু প্ৰাসংগিক দ্বিপাক্ষিক কাঠামোৰ জৰিয়তে আমাৰ শক্তি সম্পদৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতাক আগুৱাই নিয়াৰ বাবে আমি প্ৰয়াস চলাইছো। ভাৰত নাফ্থা আৰু অন্যান্য পেট্ৰলিয়াম ফিডষ্টক কোৰিয়া গণৰাজ্যলৈ মূল যোগানকাৰী, আনহাতে কোৰিয়া গণৰাজ্যই ভাৰতলৈ পেট্ৰলিয়াম সামগ্ৰী আৰু লুব্ৰিকেণ্ট বেছ অইলৰ আগশাৰীৰ যোগান ধৰি আহিছে।
৪) আঞ্চলিক সহযোগিতা গভীৰ কৰা, শক্তিৰ পৰিৱৰ্তনক ত্বৰান্বিত কৰা আৰু শক্তি সম্পদৰ বাবে মুক্ত বাণিজ্যিক ব্যৱস্থাক সমৰ্থন কৰাকে ধৰি শক্তি সম্পদ যোগান শৃংখলৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে আমি একেলগে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বজাৰৰ স্থিতিশীলতা, স্বচ্ছতা বৃদ্ধি আৰু ক্ৰেতাৰ দৃষ্টিভংগীক ভালদৰে প্ৰতিফলিত কৰিবলৈ প্ৰধান এল এন জি গ্ৰাহক হিচাপে ঘনিষ্ঠ সহযোগিতা অন্বেষণ কৰাৰ প্ৰয়োজনীয়তা আমি স্বীকাৰ কৰিছো।
৫/ শক্তিৰ স্থিতিস্থাপক বাণিজ্যৰ প্ৰতি আমাৰ ভাগ-বতৰা দায়বদ্ধতাক আমি স্বীকাৰ কৰোঁ। আমি স্বীকাৰ কৰোঁ যে দুয়োখন দেশৰ শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে জাহাজ নিৰ্মাণকে ধৰি স্থিতিস্থাপক সামুদ্ৰিক আন্তঃগাঁথনি অতি গুৰুত্বপূৰ্ণ। শক্তি সম্পদৰ নিৰাপদ, নিৰ্ভৰযোগ্য আৰু কাৰ্যক্ষম পৰিবহণক সমৰ্থন কৰাত আমি এক শক্তিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ জাহাজ নিৰ্মাণ পৰিৱেশ তন্ত্ৰৰ গুৰুত্ব স্বীকাৰ কৰোঁ।
৬) এই পটভূমিত ভাৰত আৰু কোৰিয়া গণৰাজ্যই নিম্নোক্ত বিষয়সমূহৰ বাবে চেষ্টা কৰিছে:
– নাফ্থা আৰু অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ মুক্ত বাণিজ্য বজাই ৰখাৰ বাবে দুয়োখন দেশৰ প্ৰচেষ্টাকে ধৰি ইখন দেশে সিখন দেশক শক্তি সম্পদৰ সুস্থিৰ, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য যোগান বজাই ৰখা আৰু সমগ্ৰ শক্তি মূল্য শৃংখলত সহযোগিতা আগবঢ়াব।
– এল এন জি ব্যৱহাৰ কৰা দেশসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ সন্ধান কৰা
– যদিও বিষয়টো ইয়াৰ অন্তৰ্গত নহয় তথাপি ভাৰতত জাহাজ নিৰ্মাণ কাৰখানা স্থাপন, জাহাজ নিৰ্মাণ খণ্ডৰ আধুনিকীকৰণ, মানৱ সম্পদ উন্নয়ন আৰু প্ৰযুক্তিৰ অংশীদাৰিত্ব বজাই ৰখাৰ প্ৰয়াস চলোৱা হৈছে ।
৭) ভাৰত আৰু কোৰিয়া গণৰাজ্যই আঞ্চলিক অংশীদাৰসকলক বিশ্ব শক্তি সম্পদ যোগান শৃংখলসমূহ মুকলি কৰি ৰখাটো নিশ্চিত কৰাত যোগদান কৰিবলৈ আহ্বান জনাইছে, আমাৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ সুবিধাৰ্থে এনে আহ্বান জনোৱা হৈছে। ।
***
MJPS/ST/DM