পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মিছন দৃষ্টি’ৰ সফল উৎক্ষেপণৰ বাবে গেলেক্সআই (GalaxEye)ৰ প্ৰতিষ্ঠাপক তথা সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গেলেক্সআইৰ ‘মিছন দৃষ্টি’ ভাৰতৰ মহাকাশ যাত্ৰাৰ এক ডাঙৰ মাইলৰ খুঁটি। শ্ৰী মোদীয়ে কয় যে বিশ্বৰ প্ৰথমটো অপ্টোছাৰ (OptoSAR) উপগ্ৰহ আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগতভাৱে নিৰ্মিত উপগ্ৰহটোৰ সফল উৎক্ষেপণ আমাৰ যুৱক-যুৱতীসকলৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা উদ্ভাৱন আৰু আকৰ্ষণৰ প্ৰমাণ। তেওঁ লগতে গেলেক্সআইৰ প্ৰতিষ্ঠাপক আৰু সমগ্ৰ দললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :
“গেলেক্সআইৰ “মিছন দৃষ্টি” আমাৰ মহাকাশ যাত্ৰাৰ এক ডাঙৰ মাইলৰ খুঁটি। বিশ্বৰ প্ৰথমটো অপ্টোছাৰ উপগ্ৰহ আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগতভাৱে নিৰ্মিত উপগ্ৰহটোৰ সফল উৎক্ষেপণ আমাৰ যুৱক-যুৱতীসকলৰ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা উদ্ভাৱন আৰু আকৰ্ষণৰ প্ৰমাণ।
গেলেক্সআইৰ প্ৰতিষ্ঠাপক আৰু সমগ্ৰ দললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
Mission Drishti by GalaxEye marks a major achievement in our space journey. The successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to our youth’s passion for innovation and nation-building.
Heartiest…
— Narendra Modi (@narendramodi) May 3, 2026
*****
MJPS/PRK/KD