Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হায়দৰাবাদৰ সিন্ধু চিকিৎসালয় উদ্বোধন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হায়দৰাবাদত সিন্ধু চিকিৎসালয় উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই চিকিৎসালয়খনে মহানগৰখনৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ দিশত এক প্ৰশংসনীয় পদক্ষেপ আগবঢ়াব। শেহতীয়া প্ৰযুক্তি আৰু উদ্ভাৱনক একত্ৰিত কৰাত চিকিৎসালয় কৰ্তৃপক্ষই বিশেষ গুৰুত্ব দিয়াৰ বাবেও তেওঁ প্ৰশংসা কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে :

“হায়দৰাবাদত সিন্ধু চিকিৎসালয় উদ্বোধন কৰিলোঁ। চহৰখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ দিশতো এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা। শেহতীয়া প্ৰযুক্তি আৰু উদ্ভাৱনক একত্ৰিত কৰাত চিকিৎসালয় কৰ্তৃপক্ষই যি গুৰুত্ব আৰোপ কৰিছে সেয়া প্ৰশংসনীয়।”

 

***

 

MJPS/SS/ST/KD