পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনে আজি শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি বাণিজ্য আৰু প্ৰযুক্তি আদি বিভিন্ন খণ্ডৰ আগশাৰীৰ ডাচ কোম্পানীসমূহৰ বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে তিনিটা ক্লাষ্টাৰৰ বিষয়ে উপস্থাপন আগবঢ়ায় : অৰ্ধপৰিবাহী, প্ৰযুক্তি আৰু উদ্ভাৱন; আন্তঃগাঁথনি, লজিষ্টিক আৰু সামুদ্ৰিক; তথা বহনক্ষমতা, শক্তি আৰু কৃষি। এই বাঠকতে ভাৰতৰ বাবে তেওঁলোকৰ কৌশলৰ ৰূপৰেখাও দাঙি ধৰিছে।
বৈঠকৰ পূৰ্বে দুয়োগৰাকী নেতাৰ উপস্থিতিত এ এছ এম এল আৰু টাটা ইলেক্ট্ৰনিকছৰ মাজত চুক্তি স্বাক্ষৰিত হয়। গুজৰাটৰ ঢোলেৰাত ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী ফেবৰ বাবে টাটা ইলেক্ট্ৰনিকছ আৰু এ এছ এম এলৰ অংশীদাৰিত্বৰ সিদ্ধান্তক তেওঁলোকে আদৰণি জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত বাণিজ্যিক সম্পৰ্ক গভীৰ হোৱাৰ বিষয়টোক আদৰণি জনায় আৰু ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰতি ডাচ কোম্পানীসমূহে প্ৰদৰ্শন কৰা ক্ৰমবৰ্ধমান আগ্ৰহৰ শলাগ লয়। শেহতীয়া সংস্কাৰ আৰু পদক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰি তেওঁ ব্যৱসায় কৰাৰ সহজতা উন্নত কৰাৰ লগতে এক সুস্থিৰ, দক্ষ আৰু ভৱিষ্যদ্বাণীযোগ্য নীতিগত পৰিৱেশ স্থাপনৰ প্ৰচেষ্টা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডাচ কোম্পানীসমূহক ভাৰতত বিশেষকৈ সামুদ্ৰিক, নবীকৰণযোগ্য শক্তি, ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বাস্থ্যসেৱা খণ্ডত সুযোগৰ সন্ধান কৰিবলৈ উৎসাহিত কৰে। দুগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফ টি এ আগতীয়াকৈ কাৰ্যকৰী কৰাৰ আহ্বান জনায়। এফ টি এয়ে ভাৰত আৰু ইউৰোপীয় সংঘক মুক্ত বজাৰ, সৰ্বাংগীন বিকাশ আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰতি দায়বদ্ধ, বিশ্বাসযোগ্য তথা নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে শক্তিশালী কৰি তুলিব । উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলে ভাৰত চৰকাৰৰ সংস্কাৰ সম্পৰ্কীয় কাৰ্যসূচীৰ শলাগ লয় আৰু ভাৰতৰ বাবে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও সদৰি কৰে। তেওঁলোকে ভাৰতত নিজৰ উপস্থিতি বৃদ্ধিৰ সুযোগৰ অন্বেষণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। বৈঠকত তলত উল্লেখ কৰা মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰে।
১/ এ পি এম টাৰ্মিনেল
শ্ৰীমান কিথ ভেণ্ডচেন – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: বন্দৰ, লজিষ্টিক, আৰু যোগান শৃংখল আন্তঃগাঁথনি
২/ এ এছ এম এল
শ্ৰীমান ক্রিষ্টোফ ফ’কেট – অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া৷
খণ্ড: অৰ্ধপৰিবাহী
৩/ ডামেন শ্বিপয়াৰ্ডছ গ্ৰুপ
শ্ৰীমান আৰ্নাউট ডেমেন – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: জাহাজ নিৰ্মাণ
৪/ হেইনেকেন
শ্ৰীমান ডলফ ভান ডেন ব্ৰিংক – কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: ব্ৰুইং
৫/ কে এল এম ৰয়েল ডাচ এয়াৰলাইন্স
শ্ৰীমতী মাৰ্জান ৰিণ্টেল – অধ্যক্ষা আৰু মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: বিমান পৰিবহণ
৬) এন এক্স পি অৰ্ধপৰিবাহী
শ্ৰীমান মৰিছ জেৰাটছ – মুখ্য কাৰ্যবাহী বিষয়া এনএক্সপি ছেমিকণ্ডাক্টৰছ নেদাৰলেণ্ড
খণ্ড: অৰ্ধপৰিবাহী
৭/ ফিলিপছ
শ্ৰীমান ৰয় জেকবছ –মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: স্বাস্থ্যসেৱা
৮/ ৰটাৰডেম বন্দৰ
শ্ৰীমান বৌডেউইন ছিমনছ – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: লজিষ্টিক/বন্দৰ ব্যৱস্থাপনা
৯.পাৱাৰ২এক্স
শ্ৰীমান অকো ৰ’লফচেন – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: স্বচ্ছ শক্তি আৰু শক্তি পৰিৱৰ্তন
১০) প্ৰ’ছাছ
শ্ৰীমান ফেব্ৰিচিঅ’ ব্লইচি – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: গ্ৰাহক ইণ্টাৰনেট আৰু প্ৰযুক্তি বিনিয়োগ
১১) ৰেণ্ডষ্টাড
শ্ৰীমান চেণ্ডাৰ ভান ’ট ন’ৰ্ডেণ্ডে – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: মানৱ সম্পদ (এইছ আৰ) সেৱা
১২) ৰিজক ঝৱান জাডটিল্ট এন জাধাণ্ডেল
শ্ৰীমান মাৰ্টিজন এগিংক – পৰিচালন সঞ্চালক
খণ্ড: কৃষি ব্যৱসায়
১৩) ৰয়েল এইচ জে ডি পি চি গ্ৰুপ
শ্ৰীমান হান্স হুইষ্ট্ৰা – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: কৃষি ব্যৱসায় আৰু বীজ
১৪) ৰয়েল আই এইচ চি
শ্ৰীমান ডেৰ্ক টে বকেল – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: জাহাজ নিৰ্মাণ
১৫) ৰয়েল ভোপাক
শ্ৰীমান ডিক ৰিচেল – কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: শক্তি আন্তঃগাঁথনি আৰু ঔদ্যোগিক লজিষ্টিক
১৬) ভ্যান অৰ্ড
শ্ৰীমান গভাৰ্ট ভান অৰ্ড – মুখ্য কাৰ্যবাহী বিষয়া
খণ্ড: আন্তঃগাঁথনি
***
MJPS/SS/ST/DM