Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-ছুইডেনৰ সম্পৰ্ক সন্দৰ্ভত ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সম্পাদকীয় মতামত প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশ কৰিছে যে তেওঁ ছুইডেনৰ প্ৰধানমন্ত্ৰী শ্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে এক যুটীয়া ওপ-এড অৰ্থাৎ সম্পাদকীয় মতামত লিখিছে, য’ত ভাৰত আৰু ছুইডেনে কেনেদৰে দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন যুগৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতিফলিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সেউজ পৰিৱৰ্তনৰ পৰা শক্তিশালী যোগান শৃংখলালৈ বিস্তৃত হৈ থকা ভাৰত-ছুইডেনৰ অংশীদাৰিত্ব দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে উদ্ভাৱন, বহনক্ষমতা আৰু অংশীদাৰী সমৃদ্ধিৰ দ্বাৰা দৃঢ়ভাৱে পৰিচালিত।

এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ

“প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে এক ওপ-এডত ভাৰত আৰু ছুইডেনে কেনেদৰে সহযোগিতাৰ এক নতুন যুগৰ সৃষ্টি কৰিছে সেই বিষয়ে প্ৰতিফলিত কৰা হৈছে। সেউজ পৰিৱৰ্তনৰ পৰা যোগান শৃংখলালৈ, ভাৰত-ছুইডেনৰ অংশীদাৰিত্ব আমাৰ ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণৰ বাবে উদ্ভাৱন, বহনক্ষমতা আৰু অংশীদাৰী সমৃদ্ধিৰ দ্বাৰা পৰিচালিত।”

***

MJPS/SS/PRK/NB