পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযোদ্ধাসকলক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।
শ্ৰী মোদীয়ে কয় যে আমাৰ পুৰুষৰ ফ্ৰীষ্টাইল আৰু মহিলাৰ মল্লযুঁজাৰু দলে প্ৰতিযোগিতাখনত খিতাপ জয় কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পুৰুষৰ ফ্ৰীষ্টাইল শাখাত মল্লযুঁজাৰু দলটোৱে ৪টা স্বৰ্ণ পদককে ধৰি ৯টা পদক লাভ কৰি ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ সৰ্বাধিক পদক লাভৰ অভিলেখ গঢ়িছে।
তেওঁ লগতে কয় যে মহিলা মল্লযুঁজাৰু দলটোৱে ৬টা স্বৰ্ণ পদককে ধৰি ১০টা পদক লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে গ্ৰেকো-ৰোমান দলটোৱে ৮টা পদকৰ সৈতে সৰ্বাধিক মুঠ পদকৰ সংখ্যাৰ অভিলেখ গঢ়িছে ।
মল্লযোদ্ধাসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“আমাৰ মল্লযোদ্ধাসকলৰ অসাধাৰণ প্ৰদৰ্শন!
আমাৰ পুৰুষৰ ফ্ৰীষ্টাইল শাখাৰ আৰু মহিলা মল্লযুঁজাৰু দলে ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত দলীয় খিতাপ জয় কৰিছে।
পুৰুষৰ ফ্ৰীষ্টাইল শাখাত মল্লযুঁজাৰু দলটোৱে ৪টা স্বৰ্ণ পদকসহ মুঠ ৯টা পদকৰ জৰিয়তে ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ সৰ্বাধিক মুঠ পদক লাভ কৰে। মহিলা মল্লযুঁজাৰু দলটোৱে ৬টা স্বৰ্ণসহ ১০টা পদক লাভ কৰে। গ্ৰেকো-ৰোমান দলটোৱে ৮টা পদকৰ সৈতে সৰ্বাধিক মুঠ পদক লাভৰ অভিলেখ গঢ়ে।
আমাৰ মল্লযোদ্ধাসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা থাকিল।”
An outstanding performance by our wrestlers!
Our Men’s Freestyle and Women’s Wrestling teams won the Team Titles at the 2026 U23 Asian Championships in Da Nang, Vietnam.
The Men’s Freestyle Wrestling team secured 9 medals, including 4 Golds, thus registering India’s… pic.twitter.com/41PruCuk1U
— Narendra Modi (@narendramodi) May 28, 2026
***
MJPS/SS/ST/DD