Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ গৱৰ্ণৰ জেনেৰেল চেম মোস্টিনক সাক্ষাৎ কৰে।

দুয়োগৰাকী নেতাই ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বৰ্ধিত গভীৰতা আৰু বৈচিত্ৰ্য সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ধিত অৰ্থনৈতিক অংশীদাৰিত্বক আদৰণি জনোৱাৰ লগতে বাণিজ্য, বিনিয়োগ, শিক্ষা আৰু উদ্ভাৱন সম্পৰ্কৰ সম্প্ৰসাৰণে নতুন সুযোগ সৃষ্টি কৰিব আৰু দুয়োখন দেশৰ জনসাধাৰণক স্পষ্ট লাভালাভ প্ৰদান কৰিব বুলি আস্থা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত ক্ৰীড়া সম্পৰ্ক বৃদ্ধি পোৱাত সন্তোষ প্ৰকাশ কৰে আৰু ভাৰতত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ ২০৩০ আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০৩২ৰ পূৰ্বে ঘনিষ্ঠ সহযোগিতাৰ বাবে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ মাজৰ স্পন্দনশীল যোগাযোগ এই সম্পৰ্কৰ বাবে শক্তিৰ উৎস হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল মোষ্টিনক তেওঁৰ অটল সমৰ্থনৰ বাবে প্ৰশংসা কৰে।

 

***

MJPS/SS/ST/DD