Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে চন্দ্ৰ শেখৰ আজাদৰ নিৰ্ভীক অদম্য সাহস আৰু দেশপ্ৰেমে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক গৌৰৱোজ্জ্বল স্থান দখল কৰিছে।

শ্ৰী মোদীয়ে কয় যে অগণন যুৱ ভাৰতীয়ক ৰাষ্ট্ৰৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁৰ সংকল্পই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

“সাহসী চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ অদম্য সাহস আৰু দেশপ্ৰেমে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক গৌৰৱোজ্জ্বল স্থান দখল কৰিছে। অগণন যুৱ ভাৰতীয়ক ৰাষ্ট্ৰৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ তেওঁ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ সংকল্পসমূহে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।”

 

 

***

MJPS/SS/PRK/NB