পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চি আৰ পি এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে চি আৰ পি এফে অদম্য সাহস আৰু কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে নিজকে পৃথক কৰি তুলিছে।
শ্ৰী মোদীয়ে কয় যে আভ্যন্তৰীণ নিৰাপত্তা সুৰক্ষিত কৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত নাগৰিকলৈ সেৱা আগবঢ়োৱালৈকে, চি আৰ পি এফৰ জোৱানসকলে সদায় দেশক আগস্থান দি আহিছে। তেওঁ কয় যে মাওবাদ সমূলঞ্চে ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টা বিশেষভাৱে উল্লেখযোগ্য আৰু লোকসকলৰ জীৱনলৈ শান্তি আৰু প্ৰগতিৰ অৰ্থে অৱদান আগবঢ়াইছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰেঃ
‘প্ৰতিষ্ঠা দিৱস উপলক্ষে চি আৰ পি এফৰ জোৱানসকলক শুভেচ্ছা জনাইছো। চি আৰ পি এফে ইয়াৰ অদম্য সাহস আৰু কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে নিজকে পৃথক কৰি তুলিছে। আভ্যন্তৰীণ নিৰাপত্তা সুৰক্ষিত কৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত নাগৰিকলৈ সেৱা আগবঢ়োৱালৈকে, চি আৰ পি এফৰ জোৱানসকলে সদায় দেশক আগস্থান দি আহিছে। মাওবাদ সমূলঞ্চে ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টা বিশেষভাৱে উল্লেখযোগ্য আৰু তেওঁলোকে জনসাধাৰণৰ জীৱনত শান্তি আৰু প্ৰগতিৰ অৰ্থে অৱদান আগবঢ়াইছে।
@crpfindia’
Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation… pic.twitter.com/vfi9v3xR61
— Narendra Modi (@narendramodi) July 27, 2026
***
MJPS/SS/PRK/NB