পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১ আগষ্টত অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগপুৰমত থকা আল্লুৰী সীতাৰামা ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰী টাৰ্মিনেল ভৱনটো খোজকাঢ়ি প্ৰদৰ্শন কৰিব। পুৱা প্ৰায় ১১.৩০ বজাত তেওঁ ভোগপুৰমত বিমানবন্দৰ উদ্বোধন কৰিব আৰু ১৭,৯০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এটা সমাৱেশতো ভাষণ দিব। বিয়লি প্ৰায় ৩.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মহীশূৰৰ শ্ৰী ৰামকৃষ্ণ আশ্ৰমত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ এটা সমাৱেশকো সম্বোধন কৰিব।
অন্ধ্ৰপ্ৰদেশত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ভোগপুৰমত আল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিব। ৫,৬৪০ কোটি টকাতকৈও অধিক ব্যয়েৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি) পদ্ধতিৰ অধীনত বিকশাই তোলা গ্ৰীনফিল্ড বিমানবন্দৰটো বছৰি ৬ নিযুত যাত্ৰী আহ-যাহ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।
যাত্ৰী টাৰ্মিনেল ভৱনটো এক আধুনিক, নিৰৱচ্ছিন্ন আৰু দক্ষ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰাৰ উদ্দেশ্যে ডিজাইন কৰা হৈছে। এই বিমানবন্দৰত কাৰ্য্যকৰী দক্ষতা বৃদ্ধি আৰু ভৱিষ্যতৰ বিমান পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে উন্নত আন্তঃগাঁথনি, অত্যাধুনিক প্ৰযুক্তি আৰু বহনক্ষম বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
বিমানবন্দৰটো কৃত্ৰিম বুদ্ধিমত্তা (এআই), বিল্ডিং ইনফৰমেচন মডেলিং (বিআইএম), এয়াৰচাইড ৪.০ প্ৰযুক্তি, বিমানবন্দৰ প্রেডিক্টিভ অপাৰেচন চেণ্টাৰ (এপিঅ’চি), বায়োমেট্রিক যাত্ৰী প্ৰক্ৰিয়াকৰণ, স্বয়ংক্ৰিয় বয়-বস্তু পৰিচালনা প্ৰণালী আৰু তীক্ষ্ণ কাৰ্য্যকৰী নিৰীক্ষণ সমাধানৰ দৰে উন্নত প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে। এই ব্যৱস্থাসমূহে কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰাৰ লগতে যাত্ৰীৰ সুবিধা তথা সুৰক্ষা উন্নত কৰিব আৰু সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব বুলি আশা কৰা হৈছে।
এই প্ৰকল্পটোত শক্তি-দক্ষ উত্তাপন ব্যৱস্থা, ভেন্টিলেচন এণ্ড এয়াৰ কণ্ডিচনিং (এইচভিএচি) প্ৰণালী, শক্তি-দক্ষ পোহৰ, ৫ মেগাৱাট সৌৰ শক্তি প্ৰকল্প, বৰষুণৰ পানী সংগ্ৰহ, স্মাৰ্ট বিল্ডিং ব্যৱস্থাপনা প্ৰণালী, আৱৰ্জনা ব্যৱস্থাপনা পদক্ষেপ, বৈদ্যুতিক বাহন চাৰ্জিং আন্তঃগাঁথনি আৰু পৰিবেশ নিৰীক্ষণ ব্যৱস্থাকে ধৰি কেইবাটাও বহনক্ষম বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে। টাৰ্মিনেলটো গ্ৰীন বিল্ডিং ষ্টেণ্ডাৰ্ড অনুসৰি ডিজাইন কৰা হৈছে আৰু ইউ এছ গ্ৰীন বিল্ডিং কাউন্সিল (ইউএছজিবিচি)ত পঞ্জীয়ন কৰা হৈছে।
অন্ধ্ৰপ্ৰদেশৰ সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰেৰিত হৈ বিমানবন্দৰৰ স্থাপত্যৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। টাৰ্মিনেলৰ ছাদৰ প্ৰ’ফাইলটোৱে পৰম্পৰাগত চুট্টিলু কটেজ আৰু আৰাকু উপত্যকাৰ ভূ-দৃশ্য প্ৰতিফলিত কৰে, আনহাতে ইয়াৰ প্ৰবাহিত ৰূপটোৱে ফ্লায়িং ফিছৰ সুন্দৰ গতিবিধিক প্ৰতীয়মান কৰে, সমসাময়িক বিমানবন্দৰৰ আৰ্হিৰ সৈতে আঞ্চলিক স্থাপত্যৰ উপাদানসমূহক সংযোগ কৰে। বিমানবন্দৰটোৱে অঞ্চলটোত বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অন্ধ্ৰপ্ৰদেশত পৰ্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমত ৪৬০ কোটি টকাতকৈও অধিক বিনিয়োগৰে এএছআইপি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ আৰ্হি কোৰিয়া গণৰাজ্যৰ এপিএচিটিৰ অংশীদাৰিত্বত এএছআইপি টেকন’লজিছ প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে। এইটো হ’ব ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত অনুমোদিত অন্ধ্ৰপ্ৰদেশৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ নিৰ্মাণ প্ৰকল্প। ইয়াৰ জৰিয়তে বছৰি প্ৰায় ৯৬ নিযুত ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণ কৰা হ’ব আৰু উচ্চ দক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লগতে ছেমিকণ্ডাক্টৰ নিৰ্মাণক সহযোগিতা আগবঢ়াবলৈ এক শক্তিশালী আনুষংগিক পৰিবেশতন্ত্ৰ গঢ়ি উঠিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫,৫৫০ কোটি টকাৰ বিনিয়োগেৰে বিশেষ উদ্দেশ্য বাহন (এছপিভি)ৰ জৰিয়তে পাৱাৰগ্ৰিডে ৰূপায়ণ কৰা কুৰ্ণুল-৪ নৱীকৰণযোগ্য শক্তি অঞ্চল (আৰইজেড)-প্ৰথম পৰ্যায় (৪.৫ জিডব্লিউ)ৰ একত্ৰীকৰণৰ বাবে ট্ৰেন্সমিছন ছিষ্টেমৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩,৫৫০ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা কুৰ্ণুল বায়ু শক্তি অঞ্চল/সৌৰ শক্তি অঞ্চলে (অন্ধ্ৰপ্ৰদেশ) ‘এ’ আৰু ‘বি’ অংশৰ ট্ৰেন্সমিছন প্ৰণালী আৰু ৮২০ কোটি টকাতকৈও অধিক ব্যয়েৰে পাৱাৰগ্ৰিডে ৰূপায়ণ কৰা অনন্তপুৰম (২,৫০০ মেগাৱাট) আৰু কুৰ্ণুল (১,০০০ মেগাৱাট) সৌৰ শক্তি অঞ্চলৰ ট্ৰেন্সমিছন আঁচনিও উদ্বোধন কৰিব।
এই ট্ৰেন্সমিছন প্ৰকল্পসমূহে কুৰ্ণুল আৰু অনন্তপুৰমৰ নৱীকৰণযোগ্য শক্তি অঞ্চলৰ পৰা উৎপাদিত বিদ্যুৎ স্থানান্তৰ কৰিবলৈ আৰু ৰাষ্ট্ৰীয় গ্ৰীডৰ জৰিয়তে সমগ্ৰ দেশৰ হিতাধিকাৰীসকলৰ বাবে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হ’ব। এইসমূহে বৃহৎ পৰিমাণৰ নৱীকৰণযোগ্য শক্তিক গ্ৰীডত একত্ৰিত কৰাত সহায় কৰিব, চাহিদা কেন্দ্ৰৰ বাবে পৰিষ্কাৰ শক্তিৰ উপলভ্যতা উন্নত কৰিব আৰু জীৱাশ্ম ইন্ধন-আধাৰিত বিদ্যুৎ উৎপাদনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ভাৰতৰ শক্তি পৰিবৰ্তন আৰু কাৰ্বন নিৰ্গমন শূন্য কৰাৰ প্ৰচেষ্টাত অৰিহণা যোগাব।
প্ৰধানমন্ত্ৰীয়ে ১,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ-৩৬৫বিজিৰ ৰেচেৰ্লাৰ পৰা গুৰুৱায়গুডেম অংশলৈ চাৰি লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীনফিল্ড ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ-৩৬৫বিজিৰ গুৰুৱায়গুডেমৰ পৰা দেৱাৰাপল্লে অংশলৈ চাৰি লেনযুক্ত প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীনফিল্ড ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৬৭ত চাৰি লেনযুক্ত তাদিপত্ৰী বাইপাছ। প্ৰধানমন্ত্ৰীয়ে ৫৬৫ ৰাষ্ট্ৰীয় ঘাইপথৰ পেঞ্চলাকোনা-য়েৰপেডু শাখাৰ লিংগাসমুদ্ৰমত ওখ পকী দলঙৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পসমূহে বিজয়ৱাড়া আৰু আন কেইবাখনো চহৰত যান-জঁট হ্ৰাস কৰি পথ সুৰক্ষা উন্নত কৰাৰ লগতে বিশাখাপট্টনম আৰু হায়দৰাবাদৰ মাজত ভ্ৰমণৰ দূৰত্ব তথা সময় হ্ৰাস কৰিব আৰু আঞ্চলিক যোগাযোগ বৃদ্ধি কৰিব।
কৰ্ণাটকত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মহীশূৰত স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ-বিবেক স্মাৰক উদ্বোধন কৰিব।
বিবেক স্মাৰকে ১৮৯২ চনৰ নৱেম্বৰত সমগ্ৰ ভাৰত ভ্ৰমণৰ সময়ত স্বামী বিবেকানন্দৰ মহীশূৰৰ ঐতিহাসিক ভ্ৰমণক স্মৰণ কৰে। তাত থকাৰ সময়ত তেওঁ বক্তৃতা প্ৰদান কৰিছিল, পণ্ডিত আৰু ভক্তসকলৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু মহাৰাজা শ্ৰী চামৰাজেন্দ্ৰ ৱাদিয়াৰ দশমৰ সান্নিধ্য লাভ কৰিছিল, যাৰ সমৰ্থনত ১৮৯৩ চনত চিকাগোত ধৰ্ম সংসদলৈ তেওঁ যাত্ৰা কৰিবলৈ সমৰ্থ হৈছিল।
ঐতিহাসিক নিৰঞ্জনা মঠত স্থাপিত, বিবেক স্মাৰক ৮১,০০০ বৰ্গ ফুটতকৈ অধিক অঞ্চললৈ বিস্তৃত। ইয়াত এটা মূল ভৱন আৰু এটা সংযুক্ত খণ্ড আছে। ইয়াত এটা ৪-ডি অভিজ্ঞতা কেন্দ্ৰ, এটা প্ৰদৰ্শনী হল, প্ৰায় ৭০০ আসনযুক্ত এম্ফিথিয়েটাৰ, শ্ৰেণীকোঠা, সন্মিলন কক্ষ, পুথিভঁৰাল, পঢ়া কোঠা, ধ্যান আৰু যোগ হল আৰু কিতাপৰ এখন দোকান আছে। কেন্দ্ৰটোত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে নিৰ্দিষ্ট সুবিধাৰো ব্যৱস্থা আছে।
স্বামী বিবেকানন্দৰ জীৱন, বাৰ্তা আৰু আদৰ্শৰ প্ৰতি সমৰ্পিত, সাংস্কৃতিক যুৱ কেন্দ্ৰৰ লক্ষ্য হৈছে মূল্য-আধাৰিত শিক্ষা, নেতৃত্বৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ বাবে এক জীৱন্ত কেন্দ্ৰ হিচাপে কাম কৰা। স্বামী বিবেকানন্দৰ ৰাষ্ট্ৰ-নিৰ্মাণ আৰু চৰিত্ৰ বিকাশৰ দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত বক্তৃতা, কৰ্মশালা, হ্ৰস্বম্যাদী পাঠ্যক্ৰম আৰু সামৰ্থ্য-নিৰ্মাণ কাৰ্যসূচীৰ জৰিয়তে ওচৰৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ লগতে নগৰ তথা গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীৰ পৰা অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি আশা কৰা হৈছে।
MJPS/SS/ST/NB
I will be attending programmes in Andhra Pradesh and Karnataka tomorrow, 1st August. These programmes are connected with infrastructure, connectivity and culture. On one hand, they will add vigour to our collective vision of building a Viksit Bharat. At the same time, they will…
— Narendra Modi (@narendramodi) July 31, 2026
In Bhogapuram tomorrow:
— Narendra Modi (@narendramodi) July 31, 2026
Foundation stone of the ASIP Semiconductor Project will be laid.
Foundation stone for the Transmission System for Integration of Kurnool-IV Renewable Energy Zone (REZ) - Phase-I will be laid.
Key road projects such as four-lane highway between…
In Bhogapuram, Andhra Pradesh, the Alluri Sitarama Raju International Airport will be inaugurated. This is a modern and futuristic airport that will boost connectivity, commerce and tourism. This project also incorporates principles of sustainability and energy efficiency. pic.twitter.com/PXUAMytwVV
— Narendra Modi (@narendramodi) July 31, 2026
In Mysuru tomorrow, 1st August, the Swami Vivekananda Cultural Youth Centre, Viveka Smaraka will be inaugurated. This is associated with Swami Vivekananda’s visit to Mysuru in 1892. Viveka Smaraka has classrooms, a library, a meditation and Yoga Hall and more. It will be at the…
— Narendra Modi (@narendramodi) July 31, 2026
రేపు, ఆగస్టు ఒకటో తారీకున ఆంధ్రప్రదేశ్ మరియు కర్ణాటక రాష్ట్రాలలో జరిగే కార్యక్రమాలకు హాజరుకానున్నాను. ఈ కార్యక్రమాలు మౌలిక సదుపాయాలు, అనుసంధానత మరియు సంస్కృతికి సంబంధించినవి. ఇవి 'వికసిత్ భారత్' నిర్మాణానికి సంబంధించిన ఉమ్మడి లక్ష్యానికి మరింత ఊతాన్నిస్తాయి. అదే సమయంలో, యువత…
— Narendra Modi (@narendramodi) July 31, 2026
ఆంధ్రప్రదేశ్లోని భోగాపురంలో అల్లూరి సీతారామరాజు అంతర్జాతీయ విమానాశ్రయం ప్రారంభించబడుతుంది. ఇది అనుసంధానం, వాణిజ్యం మరియు పర్యాటకాన్ని పెంపొందించే ఒక ఆధునిక, భవిష్యత్ తరహా విమానాశ్రయం. సుస్థిరత మరియు ఇంధన సామర్థ్య సూత్రాలను ఈ ప్రాజెక్టులో పొందుపరిచారు. pic.twitter.com/iFTdMk5g4r
— Narendra Modi (@narendramodi) July 31, 2026
ಮೈಸೂರಿನಲ್ಲಿ ನಾಳೆ, ಆಗಸ್ಟ್ 1 ರಂದು, ಸ್ವಾಮಿ ವಿವೇಕಾನಂದ ಸಾಂಸ್ಕೃತಿಕ ಯುವ ಕೇಂದ್ರ—'ವಿವೇಕ ಸ್ಮಾರಕ' ಉದ್ಘಾಟನೆಗೊಳ್ಳಲಿದೆ. ಇದು 1892 ರಲ್ಲಿ ಸ್ವಾಮಿ ವಿವೇಕಾನಂದರು ಮೈಸೂರಿಗೆ ನೀಡಿದ್ದ ಐತಿಹಾಸಿಕ ಭೇಟಿಯ ನೆನಪಿನಲ್ಲಿ ನಿರ್ಮಾಣಗೊಂಡಿದೆ. ಈ ವಿವೇಕ ಸ್ಮಾರಕವು ತರಗತಿ ಕೊಠಡಿಗಳು, ಗ್ರಂಥಾಲಯ, ಧ್ಯಾನ ಮತ್ತು ಯೋಗ ಮಂದಿರ ಸೇರಿದಂತೆ ಹಲವು…
— Narendra Modi (@narendramodi) July 31, 2026