Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয়ৰ বাবে শচীন শিৱাচক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে শচীন শিৱাচক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে শচীন শিৱাচৰ এই সাফল্যই বহুতো যুৱ বক্সাৰক অনুপ্ৰাণিত কৰিব।

শ্ৰী মোদীয়ে তেওঁৰ ভৱিষ্যতৰ ক্ৰীড়া যাত্ৰাৰ বাবে শুভকামনা জনোৱাৰ লগতে তেওঁ যাতে ধাৰাবাহিকভাৱে ভাৰতক গৌৰৱান্বিত কৰি ৰাখে, তাকে কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘X’ত লিখেঃ

“গ্লাছগোত সোণৰ পদক অৰ্জন কৰিলে শচীন শিৱাচে!

পুৰুষৰ ৬০ কেজি বক্সিং প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ বাবে তেওঁলৈ মোৰ অভিনন্দন। তেওঁৰ এই বিজয়ে বহু যুৱ বক্সাৰক অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যতৰ আগন্তুক দিনবোৰৰ বাবে শুভকামনা জনালোঁ। তেওঁ যেন সদায় ভাৰতক গৌৰৱান্বিত কৰি ৰাখে তাকে কামনা কৰিলোঁ।”

#CWG2026”

*************

MJPS/SS/ST/DB