Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৬তম এছচিঅ’সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

২৬তম এছচিঅ’সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ


কিৰ্গিজস্তানৰ ৰাষ্ট্ৰপতি,

 

বিশিষ্ট ব্যক্তিসকল,

 

নমস্কাৰ!

 

এছচিঅ’ৰ ২৫তম বৰ্ষপূৰ্তিৰ এই বিশেষ ক্ষণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ।

 

বিছকেকত মোক জনোৱা উষ্ম আদৰণি আৰু আন্তৰিক আতিথ্যৰ বাবে মই ৰাষ্ট্ৰপতি জাপাৰভক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

 

কালি কিৰ্গিজস্তানৰ স্বাধীনতা দিৱসৰ শুভ ক্ষণত মই ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছিলোঁ। মই পুনৰবাৰ কিৰ্গিজস্তানৰ ৰাষ্ট্ৰপতি আৰু জনসাধাৰণক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

আৰু আজি, উজবেকিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে, মই উজবেকিস্তানৰ ৰাষ্ট্ৰপতি আৰু জনসাধাৰণলৈকো মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

’ৱৰ্ল্ড নমাড গেমছ’ৰ নানন্দিক শুভ উদ্বোধনী অনুষ্ঠানত আমি সকলোৱে কিৰ্গিজস্তানৰ সমৃদ্ধ সংস্কৃতি আৰু আমাৰ উমৈহতীয়া ঐতিহ্যৰ এক আভাস লাভ কৰিলোঁ। এই উমৈহতীয়া ঐতিহ্য আৰু আমাৰ গভীৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কই হৈছে এছচিঅ’ পৰিয়ালৰ অন্যতম ডাঙৰ শক্তি।

 

বন্ধুসকল,

 

বিগত ২৫ বছৰত, এছচিঅ’ই ইউৰেছিয়াৰ বিশাল ভূখণ্ডজুৰি সংবাদ আৰু সহযোগিতাৰ এক শক্তিশালী পৰম্পৰা গঢ়ি তুলিছে। আমি একেলগে কেৱল আমাৰ জনসাধাৰণৰ কল্যাণতেই নহয়, মানৱতাৰ অগ্ৰগতিৰ ক্ষেত্ৰতো মূল্যৱান অৱদান আগবঢ়াইছোঁ। এই ২৫ বছৰত আমি সহযোগিতাৰ এক শক্তিশালী ভেটি স্থাপন কৰিলোঁ। অহা ২৫ বছৰত আমাৰ লক্ষ্য হোৱা উচিত এই সহযোগিতাক বাস্তৱ ফলাফললৈ ৰূপান্তৰিত কৰা।

 

যি সময়ত বিশ্ব অনিশ্চয়তা আৰু অস্থিৰতাৰ মাজেৰে গতি কৰিছে, সেই সময়ত আমি আমাৰ উমৈহতীয়া ভৌগোলিক অৱস্থাক উমৈহতীয়া সুযোগলৈ পৰিৱৰ্তন কৰিব লাগিব। আৰু আমাৰ প্ৰচেষ্টাৰ জৰিয়তে, আমি আমাৰ জনসাধাৰণৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব লাগিব।

 

বন্ধুসকল,

 

পূর্বৰ বৈঠকত মই এছচিঅ’ৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ তিনিটা মূল স্তম্ভৰ ৰূপৰেখা দাঙি ধৰিছিলোঁ:

 

  • S – Security (সুৰক্ষা)
  • C – Connectivity (সংযোগ)
  • O – Opportunity (সুযোগ)

এই তিনিটা স্তম্ভক কেৱল দৃষ্টিভংগীৰ মাজতে সীমিত নাৰাখি বাস্তৱিক ফলাফললৈ নিয়াৰ সময় আহি পৰিছে। ইয়াৰ বাবে প্ৰথম আৰু প্ৰধান প্ৰয়োজন হ’ল শান্তি আৰু সুৰক্ষা। সন্ত্ৰাসবাদে সমগ্ৰ মানৱজাতিৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমি কেৱল প্ৰতিক্ৰিয়াশীল পদক্ষেপতে সীমিত থাকিব নোৱাৰোঁ।

 

আমি সন্ত্ৰাসবাদীৰ বিত্তীয় যোগান, নিযুক্তি, উগ্ৰপন্থী ধাৰণাৰ প্ৰচাৰ আৰু সুৰক্ষিত আশ্ৰয়স্থলৰ সমগ্ৰ ব্যৱস্থাটোক উৎখাত কৰিব লাগিব। আমি ঐক্যবদ্ধ সুৰত কথা ক’ব লাগিব আৰু স্পষ্ট কৰি দিব লাগিব যে এই গুৰুতৰ বিষয়ত কোনো দুমুখীয়া নীতিৰ স্থান নাই।

 

যিবোৰ দেশে সন্ত্ৰাসবাদক নীতিৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰে আৰু সন্ত্ৰাসবাদীক সুৰক্ষিত আশ্ৰয় আৰু সমৰ্থন আগবঢ়ায়, সেইবোৰ দেশলৈ আমি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে সন্ত্ৰাসবাদ কেতিয়াও কাৰো বাবে কৌশলগত সম্পদ হ’ব নোৱাৰে।

 

শান্তিপূৰ্ণ আৰু সুৰক্ষিত ইউৰেছিয়াৰ বাবে আমাৰ উমৈহতীয়া আগ্ৰহ আফগানিস্তানৰ শান্তি আৰু সুস্থিৰতাৰ সৈতেও ওতঃপ্ৰোতভাৱে জৰিত। ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ উন্নয়ন আৰু মানৱীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে আৰু ভবিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব।

 

আজিৰ ইজনে সিজনৰ সৈতে সম্পৰ্কিত বিশ্বত সুৰক্ষাৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰিত হৈছে। পশ্চিম এছিয়াৰ সংকটে দেখুৱাই দিছে যে এটা অঞ্চলৰ সংঘাট কেৱল সেই অঞ্চলতে সীমিত হৈ নাথাকে। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হয়, যিয়ে শক্তি সুৰক্ষা, সামুদ্ৰিক বাণিজ্য আৰু যোগান শৃংখলাক প্ৰভাৱিত কৰে। এনে ব্যাঘাতৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ গ্ল’বেল ছাউথৰ দেশসমূহে বহন কৰিবলগীয়া হয়। সেয়েহে, ভাৰতে ক্ৰমাগতভাৱে সকলো উত্তেজনা আৰু সংঘাত যুদ্ধক্ষেত্ৰত নহয়, বৰঞ্চ আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰিবলৈ আহ্বান জনাই আহিছে।

 

ড্ৰাগছৰ অবৈধ সৰবৰাহ কেৱল অপৰাধেই নহয়; ই আমাৰ যুৱ প্ৰজন্ম আৰু আঞ্চলিক সুৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকি। সুৰক্ষাৰ ভাবুকি, সংগঠিত অপৰাধ, তথ্য সুৰক্ষা আৰু মাদক দ্ৰব্যৰ দৰে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ এছচিঅ’ৰ অধীনত স্থাপন কৰা কেন্দ্ৰসমূহ এক ইতিবাচক পদক্ষেপ। আমি এই কেন্দ্ৰসমূহক ব্যৱহাৰিক সমন্বয় আৰু সময়োপযোগী পদক্ষেপৰ বাবে এক ফলপ্ৰসূ সঁজুলি কৰি তুলিব লাগিব।

 

বন্ধুসকল,

 

আমাৰ উমৈহতীয়া উন্নয়নৰ দ্বিতীয়টো স্তম্ভ হ’ল—শক্তিশালী আৰু নিৰ্ভৰযোগ্য সংযোগ। ভাৰতে বজাৰসমূহক সংযোগ কৰা, বাণিজ্য সহজসাধ্য কৰা আৰু উন্নয়নৰ নতুন পথ মুকলি কৰা সকলো প্ৰচেষ্টাক সমৰ্থন কৰে। অৱশ্যে, এনে প্ৰচেষ্টাই সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক শ্ৰদ্ধা কৰাটোও সমানেই জৰুৰী। এয়া এছচিঅ’ চনদৰো মূল ভাৱনা।

 

ভৱিষ্যতে সংযোগৰ পৰিসৰ আৰু অধিক ব্যাপক হ’ব। ৰাস্তা, ৰে’লৱে আৰু আকাশী পথৰ সমান্তৰালভাৱে আমি সীমাশুল্ক প্ৰক্ৰিয়া সৰল কৰিব লাগিব, ডিজিটেল নথি-পত্ৰ প্ৰসাৰিত কৰিব লাগিব আৰু লজিষ্টিক নেটৱৰ্কসমূহক অধিক দক্ষ কৰি তুলিব লাগিব।

 

বন্ধুসকল,

 

তৃতীয়টো স্তম্ভ হ’ল — সুযোগ।

 

ইয়াৰ অৰ্থ হ’ল এছচিঅ’ সহযোগিতাৰ সুফল পোনপটীয়াকৈ আমাৰ জনসাধাৰণৰ ওচৰলৈ যাব লাগে। আমাৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল আমাৰ মানুহৰ মাজৰ সম্পৰ্ক। ভাৰতৰ বাবে, এছচিঅ’ হ’ল মহান সভ্যতা, সংস্কৃতি আৰু ধাৰণাৰ এক মিলনভূমি। এছচিঅ’ৰ অহা ২৫টা বছৰত, জনসাধাৰণৰ মাজৰ সম্পৰ্কই আমাৰ সহযোগিতাৰ মূল কেন্দ্রবিন্দু হৈ থকা উচিত।

 

আমাৰ প্ৰচেষ্টাই যুৱ প্ৰজন্মৰ বাবে কিমান নতুন সুযোগৰ সৃষ্টি কৰে, আমাৰ উদ্যমীসকলৰ বাবে কিমান নতুন বজাৰ মুকলি কৰে, আমাৰ কৃষকসকল প্ৰযুক্তিৰ পৰা কিমান লাভান্বিত হয় আৰু আমাৰ নাগৰিকসকলৰ জীৱন কিমান উন্নত হয়— সেয়াই হ’ব লাগে আমাৰ সফলতাৰ প্ৰকৃত মাপকাঠি।

 

এয়াই হ’ল “সুৰক্ষা, সংযোগ আৰু সুযোগ”ৰ প্ৰকৃত অৰ্থ।

 

এছচিঅ’ত আমাৰ সহযোগিতা কেৱল চৰকাৰ চালিত হ’ব নালাগে; ই জনসাধাৰণ চালিত হ’ব লাগে। মই আনন্দিত যে কিৰ্গিজস্তানৰ অধ্যক্ষতাত এছচিঅ’ৰ ভিতৰত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতে এছচিঅ’ ষ্টাৰ্ট-আপ ফ’ৰাম, ইয়ং অ’থৰ্ছ কনক্লেভ, আৰু ইয়ং ছাইণ্টিষ্টছ ফ’ৰামৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে।

 

যোৱা বছৰ ভাৰতে এছচিঅ’ সভ্যতামূলক আলোচনা মঞ্চৰ প্ৰস্তাৱ দিছিল। মই আনন্দিত যে ইয়াৰ প্ৰথমটো অধিৱেশন চলিত বৰ্ষতে ভাৰতত অনুষ্ঠিত হ’ব। মই নিশ্চিত যে আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এই মঞ্চই এছচিঅ’ৰ ভিতৰত এক জীৱন্ত আলোচনাৰ শক্তিশালী মাধ্যম হৈ পৰিব।

 

বন্ধুসকল,

 

কিৰ্গিজস্তানৰ মহান সাহিত্যিক চিংগিজ আইতমাতভে বিশ্বক এক সুন্দৰ আৰু গভীৰ চিন্তা উপহাৰ দিছিল। তেওঁ কৈছিল যে আমি প্ৰায়ে আমাক বিভাজনকামী বিষয়বোৰত অধিক মনোযোগ দিওঁ আৰু আমাক একত্ৰিত কৰা বিষয়বোৰত কম মনোযোগ দিওঁ।

 

আজি এছচিঅ’ৰ বাবেও এই বাৰ্তা সমানেই প্ৰসংগিক। আমাৰ বৈচিত্ৰ্যই আমাৰ চিনাকি, আৰু আমাৰ উমৈহতীয়া উদ্দেশ্যই আমাৰ শক্তি। বিছকেকৰ পৰা আমি এই সংকল্পৰে আগবাঢ়ি যোৱা উচিত:

 

উমৈহতীয়া ভৌগোলিক অৱস্থাৰ পৰা উমৈহতীয়া সুযোগলৈ,

 

দৃষ্টিভংগীৰ পৰা বাস্তৱ ফলাফললৈ,

 

আৰু চৰকাৰ চালিত সহযোগিতাৰ পৰা জনসাধাৰণ চালিত অংশীদাৰিত্বলৈ।

 

এই একে বিশ্বাস আৰু অংগীকাৰৰ সৈতে ভাৰত এছচিঅ’ পৰিয়ালৰ উমৈহতীয়া যাত্ৰাত অৱদান আগবঢ়াবলৈ সাজু।

 

আপোনালোকক অশেষ ধন্যবাদ।

 

************

MJPS/SS/ST/DB