পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰগিজ গণৰাজ্যৰ বিস্কেকত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ মুৰব্বী পৰিষদৰ ২৬ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে।
এই বছৰ এছচিঅ’ৰ ২৫ বছৰীয়া জয়ন্তী। এই উপলক্ষ্যে নেতাসকলে এছচিঅ’ৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অঞ্চলটোত শান্তি, নিৰাপত্তা, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে এছচিঅ’ৰ ভূমিকাক আগুৱাই নিয়াৰ বিষয়ত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতে কিৰগিজ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম ছাদিৰ ঝাপাৰভ ডাঙৰীয়াক তেওঁৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰে যে এছচিঅ’ই মুকলি কৰা আলোচনা আৰু সহযোগিতাৰ শক্তিশালী পৰম্পৰাৰ ওপৰত ভিত্তি কৰি শীৰ্ষ সন্মিলনৰ ২৫ বছৰীয়া জয়ন্তী পৰৱৰ্তী ২৫ বছৰৰ বাবে কাৰ্য পৰিকল্পনা গ্ৰহণৰ এক উপযুক্ত সময়।
তেওঁ কয় যে যোৱা শীৰ্ষ সন্মিলনত ভাৰতে নিৰাপত্তা, সংযোগ আৰু সুযোগৰ দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰিছিল। এতিয়া গোটটোৱে যৌথভাবে এই তিনিটা স্তম্ভত সুনিৰ্দিষ্ট ফলাফল লাভ কৰিবলৈ কাম কৰিব লাগিব।
তেওঁ ভাৰতৰ স্থিতিৰ কথা পুনৰ উল্লেখ কৰি কয় যে যুদ্ধ দ্বাৰা সংঘাতৰ সমাধান কৰিব নোৱাৰি , আলোচনা আৰু কূটনীতিয়েই একমাত্ৰ আগুৱাই যোৱাৰ পথ। সন্ত্ৰাসবাদ মানৱতাৰ বাবে এক ভয়াৱহ ভাবুকি বুলি উল্লেখ কৰি তেওঁ সন্ত্ৰাসবাদৰ পৰিৱেশতন্ত্ৰ ভাঙি পেলোৱাৰ বাবে সকলোকে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তেওঁ বিশেষভাৱে জোৰ দি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কোনো ধৰণৰ দ্বৈত মান থাকিব নালাগে। ইউৰেছিয়া অঞ্চলৰ নিৰাপত্তা আফগানিস্তানৰ শান্তি আৰু স্থিতিশীলতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি উল্লেখ কৰি তেওঁ ভাৰতৰ উন্নয়ন তথা দেশখনক মানৱীয় সাহায্য প্ৰদানৰ বিষয়ত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গোটটোৰ ভাগ-বাটোৱাৰা কৰা অগ্ৰগতি আৰু সমৃদ্ধিৰ বাবে শক্তিশালী তথা বিশ্বাসযোগ্য সংযোগৰ পদক্ষেপ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। বজাৰসমূহক সংযোগ কৰা, বাণিজ্য বৃদ্ধি কৰা আৰু উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰাৰ প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে এনে প্ৰচেষ্টাসমূহে দেশসমূহৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডীয় অখণ্ডতাক সন্মান কৰা উচিত। তেওঁ কয় যে প্ৰযুক্তি, উদ্যোগীকৰণ, উদ্ভাৱন, ষ্টাৰ্ট-আপ আৰু মানুহৰ পৰা মানুহলৈ গ্ৰহণ কৰা পদক্ষেপে এছচিঅ’ দেশসমূহৰ লোকসকলৰ বাবে অপৰিসীম সুযোগৰ দুৱাৰ মুকলি কৰিছে।
এই সন্দৰ্ভত তেওঁ কিৰগিজস্তানৰ ৰাষ্ট্ৰপতিত্বৰ অধীনত যুৱক-যুৱতীসকলৰ সংযোগক গুৰুত্ব দিয়াৰ বিষয়টোৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এছ চি অ’ চিভিলাইজেছন ডাইলগ ফৰামৰ প্ৰথম সংস্কৰণ চলিত বৰ্ষৰ শেষৰ ফালে আয়োজন কৰি আনন্দিত হ’ব। সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সভ্যতাবাদী আদান-প্ৰদান গঢ়ি তুলিবলৈ চেষ্টা কৰা ভাৰতৰ এয়া হৈছে ফ্লেগশ্বিপ পদক্ষেপ। সন্মিলন বিস্কেক ঘোষণাপত্ৰৰ উপৰি জলবায়ু, পাৰমাণৱিক সুৰক্ষা, শক্তি সংৰক্ষণ, ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি শীৰ্ষ সন্মিলনত চাৰিখন বুজাবুজি চুক্তি আৰু বিশটাতকৈও অধিক সিদ্ধান্ত তথা বিবৃতি গ্ৰহণ কৰা হয়। ভাৰতে কেইবাটাও পদক্ষেপৰ নেতৃত্ব দিছে আৰু সমৰ্থন কৰিছে, যিবোৰ বিস্কেক ঘোষণাপত্ৰত স্থান পাইছে, যেনে চৰকাৰী ভাষা হিচাপে এছচিঅ’ চনদত ইংৰাজী; চিভিলাইজেছন ডাইলগ ফৰাম; যুৱ বিজ্ঞানী মঞ্চ আৰু ইয়ং অথৰ’ছ কনক্লেভ আদি ।
প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মহামহিম ছাদিৰ ঝাপাৰোভক ধন্যবাদ জনায়। তেওঁ এছ চি অ’ পৰিয়ালৰ সৈতে ভাগ-বাটোৱাৰা কৰা প্ৰগতি তথা সমৃদ্ধিৰ বাবে কাম কৰি যাবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।
***********
MJPS/SS/PRK/DM
Addressed the SCO Summit in Bishkek.
— Narendra Modi (@narendramodi) September 1, 2026
This Summit is special because we are marking 25 years since the start of SCO.
Here are the points I’ve raised in the Summit pic.twitter.com/oYZLLFvztf
It’s time to look at the SCO agenda for the next 25 years.
— Narendra Modi (@narendramodi) September 1, 2026
India’s position is clear…We must transform our shared geography into shared opportunities.
We must work on the three pillars of Security, Connectivity and Opportunity.
From the SCO Summit in Bishkek. pic.twitter.com/GDlPpVkSLR
— Narendra Modi (@narendramodi) September 1, 2026