Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা  ভাষণৰ পূৰ্ণপাঠ


কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰীযুত প্ৰহ্লাদ যোশী, ডি ইউৰ উপাচাৰ্য যোগেশ সিং, এছ আৰ চি চিৰ অধ্যক্ষ ছিমৰিত কৌৰ, অজয় জী, মল্লিকা জী, ৰজত জী, এছ আৰ চি চিৰ সৈতে জড়িত সকলো সহকৰ্মী, অধ্যাপক, কৰ্মচাৰী, এছ আৰ চি চিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু মোৰ ডেকা বন্ধুসকল!

আজিৰ এই অনুষ্ঠানটো শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ বাবে ঐতিহাসিক, আৰু দেশৰ শিক্ষা খণ্ডৰ বাবেও ই সমানেই গুৰুত্বপূৰ্ণ। এছ আৰ চি চিৰ অংশ হৈ থকা কেইবাটাও প্ৰজন্ম ইয়াত গোট খাইছে। এছ আৰ চি চিৰ এই শতবাৰ্ষিকী উদযাপনৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো। ইয়াৰ প্ৰতিষ্ঠাপক ছাৰ শ্ৰী ৰামলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ দৃষ্টিভংগীক প্ৰণাম জনাইছো।

বন্ধুসকল,

এজন ব্যক্তি যেতিয়া ১০০ বছৰ জীয়াই থাকে তেতিয়া তেওঁক অভিজ্ঞতাৰ ভঁৰাল বুলি গণ্য কৰা হয়। আৰু যেতিয়া এটা প্ৰতিষ্ঠানে ১০০ বছৰ সম্পূৰ্ণ কৰে তেতিয়া ই হৈ পৰে কৃতিত্ব আৰু প্ৰেৰণাৰ সাগৰ। ১০০ বছৰীয়া যাত্ৰাত এছ আৰ চি চিয়ে প্ৰজন্মক গঢ় দিছে, তেওঁলোকক উজ্জ্বল ভৱিষ্যতৰ সৈতে সংযোগ কৰিছে। ইয়ালৈ অহাসকলে পঢ়া-শুনা কৰিছিল আৰু গুচি যোৱাসকলে  নিজকে গঢ় দি গুচি গৈছিল। এই মহাবিদ্যালয়খনৰ যাত্ৰা আৰম্ভ হৈছিল দৰয়াগঞ্জৰ দৰে সৰু ঠাইৰ পৰা আৰু আজি সেই সৰু মহাবিদ্যালয়খন পুলিৰ পৰা এজোপা বিশাল বৃক্ষলৈ ৰূপান্তৰিত হৈছে। এজোপা বিশাল গছ যিয়ে ছাঁ দিয়া আৰু নিজৰ শীতলতাৰে প্ৰজন্মক সমৃদ্ধ কৰা দুয়োটা কামেই কৰিছে। আজিও ডি ইউৰ কোনোবাই কোনখন কলেজত পঢ়ে বুলি  সুধিলে এছ আৰ চি চিৰ কথা কোৱাটোৱেই নিজৰ বাবেই এটা গৌৰৱৰ কথা হৈ পৰিছে।

বন্ধুসকল,

এছ আৰ চি চিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো অতি বিশেষ হৈ পৰিছে। আপোনালোকৰ ভাষাত ইয়াত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল হৈছে অ’জিসকল, যিয়ে এছ আৰ চি চিৰ নাম বিশ্বজুৰি বিয়পাইছে আৰু বিভিন্ন ক্ষেত্ৰত নিজৰ নাম উজলাইছে। ৰজত জীয়ে বহুত দীঘলীয়া তালিকা এখন দিলে ।তেওঁলোকৰ কিছুমানৰ সৈতে কাম কৰাৰো সুযোগ পাইছো। আমাৰ অৰুণ জেটলীয়ে ইয়াতেই পঢ়া-শুনা কৰিছিল। মই ক’ব পাৰো যে এছ আৰ চি চিৰ পৰা কথা তেওঁ  নোকোৱা এখনো সভা নাছিল৷ কেতিয়াবা তেওঁ একেটা ঘটনাকে বাৰে বাৰে কোৱাত বিৰক্ত হৈ পৰিছিলো। মোৰ বৰ্তমানৰ দলটোত আছে ভাতৃ সঞ্জীৱ সান্যাল, যিজনেও ইয়াত অধ্যয়ন কৰিছিল। ইয়াতো মোৰ আৰু বহু বন্ধু আছে। আৰু ইয়াৰ পৰা কেৱল বিত্তীয় জগতখনৰেই ব্যক্তিৰ সৃষ্টি হোৱা নাই; বহু শিল্পী, ৰাজনীতিবিদ, অধিবক্তা, বিচাৰক সকলোৱে ইয়াৰ পৰা আহিছে। অৰ্থাৎ এছ আৰ চি চিৰ সদস্যসকলে প্ৰতিটো ক্ষেত্ৰতে নিজৰ নাম উজলাইছে।

বন্ধুসকল,

যোৱা কেইদিনমানৰ পৰা এই অনুষ্ঠানটোক লৈ যথেষ্ট চৰ্চা হৈছে। বিশেষকৈ মোৰ ২০১৩ চনৰ ভাষণটো  মানুহে মনত পেলাইছে। মানুহে আকৌ শুনিছে, পুনৰ পঢ়িছে আৰু সম্ভৱ এই নতুন প্ৰজন্মেও হয়তো পুনৰ  আগলৈ ঘূৰি গৈছে। এক প্ৰকাৰে ক’ব পাৰো যে সেই ভাষণটোৱে এটা ঢৌৰ সৃষ্টি কৰিছিল, এক প্ৰকাৰৰ ঢৌৰ সৃষ্টি কৰিছিল। আৰু আজিও ১৩-১৪ বছৰৰ পাছতো সেই সমাৱেশৰ, সেই ভাষণৰ প্ৰভাৱ ৰৈ গৈছে।

বন্ধুসকল,

তেতিয়া আপোনালোকৰ  ঠাইত আপোনালোকৰ জ্যেষ্ঠসকল বহি আছিল।  মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দেশৰ প্ৰধান বিৰোধী দলৰ সদস্যও আছিলোঁ। হয়তো মানুহে আশা কৰিছিল যে মই তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিম আৰু অভিযোগৰ ঢৌ তুলিম।

 বন্ধুসকল,

বিৰোধী দলত থকাৰ পিছতো আৰু তেতিয়াৰ চৰকাৰৰ সমালোচক হোৱাৰ পিছতো মই সেই উদ্দেশ্যে এই মঞ্চ ব্যৱহাৰ কৰা নাছিলো। মই এটা দৃষ্টিভংগী উপস্থাপন কৰিছিলোঁ আৰু ইতিবাচকভাৱে কথা কৈছিলো। তেতিয়া মই যি কৈছিলো, সেয়া মোৰ প্ৰত্যয়ৰ ওপৰত ভিত্তি কৰিয়েই কোৱা হৈছিল। সেই কথাবোৰ, সেই সপোনবোৰ মই সদায় জীয়াই ৰাখিছো আৰু সেই বাটত আগবাঢ়ি গৈছো। দেশৰ প্ৰতি মোৰ জীৱন আৰু আত্মা উচৰ্গা কৰি, দেশৰ বাবে জীয়াই থকাৰ আবেগ, মোৰ ভিতৰৰ আবেগৰ জগতখন, ২০১৩ চনৰ সেইদিনা মোৰ আবেগৰ জগতখনত এটা এটাকৈ শব্দ প্ৰকাশ পাইছিল। বহু সময় কথা পাতিছিলোঁ, তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক সুধিছিলোঁ যে মই আগবাঢ়িব লাগে নেকি আৰু তেওঁলোকে জোৰেৰে কৈছিল, “হয়, আগবাঢ়ি যাওক।”

বন্ধুসকল,

সেইদিনা মই এগিলাচ পানীৰ উদাহৰণ দিছিলোঁ, আৰু ইয়াৰ বিষয়ে সমগ্ৰ দেশতে বহুলভাৱে চৰ্চিতহৈছিল।আধা ভৰ্তি পানীৰে ভৰা গিলাচ এটালৈ চোৱাৰ তিনিটা দৃষ্টিভংগী বুজাই দিছিলোঁ। প্ৰথমতে, গিলাচটো আধা ভৰ্তি হোৱা দেখা যায়, দ্বিতীয়তে গিলাচ আধা খালী হোৱা দেখা যায় আৰু তৃতীয়তে কোনোবাই গিলাচ সম্পূৰ্ণ ভৰ্তি দেখা পায়,  আধা পানী আৰু আধা বতাহেৰে।

বন্ধুসকল,

সেই  সময়ত দেশখন হতাশাত ডুব গৈছিল। মই তেতিয়াও কৈছিলো যে গিলাচটো মই আধা ভৰ্তি বুলি নাভাবো, মই ইয়াক অসম্পূৰ্ণ বুলি নাভাবো; মই ইয়াক সম্পূৰ্ণ ভৰ্তি বুলিয়েই দেখিছোঁ। আধা পানীৰে, আধা বায়ুৰে। আৰু সেই সময়ত আপোনালোক সকলোৱে নিশ্চয় স্কুলত পঢ়িছিল, কিন্তু অনলাইনত গৈ ২০১৩ চনৰ আৰু ইয়াৰ আশে-পাশে থকা বাতৰিবোৰ পঢ়িলে তেতিয়াৰ পৰিস্থিতিৰ  বিষয়ে অনুভৱ কৰিব পাৰিব। আৰু মই আপোনালোকক আহ্বান জনাইছো, যুৱক-যুৱতীসকল, অনলাইনলৈ গৈ ২০১৩ চনৰ সময়ছোৱা চাওক।২০১৩ চনত মোৰ সেই ভাষণকলৈ দিয়া শিৰোনামবোৰ, সেয়া বাতৰি কাকতৰ পৰাই হওক বা টিভি চেনেলৰ পৰাই হওক, সেই শিৰোনামবোৰত কি আছিল তাৰ আভাস মই আপোনালোকক দিব বিচাৰিছো। এতিয়া এটা গেং আছে,  যিয়ে মই কোৱা কথাখিনি সৰু সৰু টুকুৰা কৰি মোৰ বাবে  থৈ দিব। আৰু সেয়েহে মই আপোনালোকক আগতীয়াকৈ সকীয়াই দিছো যে মই যিটো বৰ্ণনা কৰিছো সেয়াই ২০১৩ চনৰ সেই সময়ছোৱাত সংবাদ মাধ্যমত আধিপত্য বিস্তাৰ কৰিছিল, যেনে:

এলঅ’চিত ভাৰতীয় সৈনিকক হত্যা কৰা হৈছিল, যিটো এতিয়া এই প্ৰজন্মৰ বাবে আচহুৱা যেন লাগিব পাৰে, আগতে সেয়াই ঘটিছিল। আগতে এনেকুৱাই হৈছিল।

বিশ্ব বেংকে  হ্ৰাস কৰিলে  জিডিপি বৃদ্ধিৰ পূৰ্বাভাস।

চলিত একাউণ্টৰ ঘাটি সৰ্বকালৰ সৰ্বোচ্চ স্তৰত ।

মুদ্ৰাস্ফীতি ১০%ৰ ওচৰত ।

মন্দাৱস্থাৰ কৱলত  ঔদ্যোগিক খণ্ড।

হেলিকপ্টাৰ চুক্তিত হৈছিল উৎকোচ কেলেংকাৰী।

হায়দৰাবাদত বোমা বিস্ফোৰণ।

এই সকলোবোৰ সেই সময়ৰ শিৰোনাম আছিল। এই সকলোবোৰৰ বিষয়ে আজি আমাৰ ছাত্ৰ-ছাত্ৰীসকল অৱগত নহয় বুলি মই নিশ্চিত। এই সকলোবোৰে তেতিয়া দেশৰ অৱস্থাৰ কথা উদঙাই দিয়ে। বৃদ্ধি নিম্ন স্তৰত আছিল আৰু মুদ্ৰাস্ফীতি আকাশলংঘী আছিল। কেলেংকাৰীৰ প্ৰকোপ চৰা আছিল আৰু দুৰ্নীতিগ্ৰস্ত লোকসকলে মুক্তভাৱে ঘূৰি ফুৰিছিল। অৰ্থনীতিত জুই জ্বলি উঠিছিল, নীতিগত পক্ষাঘাতৰ কথা আছিল চহৰৰ চৰ্চাৰ বিষয় । বিশ্বই ভাৰতক ভংগুৰ পাঁচখনৰ ভিতৰৰে এখন বুলি  গণ্য কৰিছিল। সন্ত্ৰাসবাদীৰ সন্ত্ৰাস আছিল আৰু পাকিস্তান নিয়ন্ত্ৰণহীন আছিল। অৰ্থাৎ হতাশা আৰু হতাশাৰ বাহিৰে একো নাছিল।

বন্ধুসকল,

দেশখন প্ৰতিটো ক্ষেত্ৰকে  সংগ্ৰামে  আৱৰি ধৰিছিল, আজিৰ দিনত সন্ত্ৰাসবাদ বিয়পোৱা সকল পৰাজিত হৈছে। পাকিস্তানে যদি কোনো কুৎসিত কাৰ্য্য সংঘটিত কৰে তেন্তে ভাৰতীয় বাহিনীয়ে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকক  হত্যা কৰে। জম্মু-কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ শান্তি বৃদ্ধি পাইছে। মাওবাদী সন্ত্ৰাসবাদ আৰু নক্সালবাদক থেতেলিয়াই পেলোৱা হৈছে। তেতিয়া ভাৰতৰ নীতিগত পক্ষাঘাতক লৈ চিন্তিত বিশ্বই এতিয়া ভাৰতৰ নীতিগত গতিশীলতাৰ বিষয়ে আলোচনা কৰিছে। তেতিয়া বিশ্বই ভাৰতকফ্ৰেজাইল ফাইভৰ ভিতৰত অন্যতম বুলি কৈছিল যদিও আজি বিশ্বই ভাৰতক দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতিৰ ভিতৰত অন্যতম হোৱা দেখিবলৈ পাইছে। মাত্ৰ যোৱা এসপ্তাহত ভাৰতৰ অৰ্থনীতিৰ বিষয়ে বহু ইতিবাচক খবৰ আহিছে। ত্ৰৈমাসিকত সাত পইণ্ট আঠ শতাংশ বৃদ্ধিয়ে দেশৰ উৎসাহ বৃদ্ধি কৰিছে। একেদৰে ইফালে জাপানীজ ক্ৰেডিট ৰেটিং এজেন্সীয়ে ভাৰতৰ ৰেটিং উন্নীত কৰিছে।

 বন্ধুসকল,

এই সাত পইণ্ট আঠ শতাংশ বৃদ্ধি এনে এটা সময়ত হৈছে যেতিয়া পশ্চিম এছিয়াৰ যুদ্ধ চলি আছে, যেতিয়া বাণিজ্যিক বাধাৰ সৃষ্টি হৈছে। সেই সময়ত এনে বৃদ্ধি অৰ্জন কৰাটোৱে  ভাৰতৰ শক্তি প্ৰদৰ্শন কৰিছে।

বন্ধুসকল,

মই জানো, আৰু আপোনালোকেও জানে, ভাৰতক ভংগুৰ পাঁচৰ মাজলৈ ঠেলি দিয়াৰ বাবে যিসকলে কুখ্যাত হৈ আহিছে, তেওঁলোকে এই সংখ্যাবোৰ হজম কৰাত অসুবিধা পাইছে। কিন্তু আপোনালোক সকলোৱে এই সংখ্যাবোৰক গুৰুত্ব সহকাৰে লৈছে। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত বিদ্যুৎ উৎপাদন ন শতাংশ বৃদ্ধি পাইছে আৰু বাহনৰ বিক্ৰী বিশ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত দুচকীয়া বাহনৰ বিক্ৰী ২০% বৃদ্ধি পাইছে, আৰু তিনিচকীয়া বাহনৰ বিক্ৰী প্ৰায় ৩০% বৃদ্ধি পাইছে। অৰ্থাৎ গ্ৰাহকৰ চাহিদাও স্থায়ী হৈছে আৰু বাণিজ্যিক কাৰ্যকলাপো শক্তিশালী হৈছে। তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ ৮% বৃদ্ধি পাইছে। অৰ্থাৎ নিৰ্মাণ, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি, আৰু ঔদ্যোগিক কাৰ্যকলাপ এই সকলোবোৰ বৃদ্ধি পাইছে। অৰ্থাৎ ভাৰতৰ বিকাশ  হৈছে আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগৰো সৃষ্টি হৈছে। ইয়াৰ পিছতো ২০১৩ চনত যিসকলৰ বাবে গ্লাছটো আধা খালী আছিল তেওঁলোকে এতিয়াও একে মতামতেই  দি আছে। তেওঁলোকৰ বাবে গিলাচটো সদায় আধা খালী হৈ থাকিব।

বন্ধুসকল,

২০১৩ চনত ইয়াত এছ আৰ চি চিত ভাষণ দি থাকোঁতে মই পি টু জি ২ বা প্ৰ’-পিপল গুড গভৰ্নেন্সৰ বিষয়েও আলোচনা কৰিছিলো। দীৰ্ঘদিন ধৰি দেশত চৰকাৰ চলাই অহাসকলৰ এটা শৈলী আছিল: জুই লাগিলেহে সাৰ পায় আৰু খৰাং হ’লেহে কুঁৱা খান্দিব। এই পন্থা সলনি কৰাৰ কথা কৈছিলো৷ আৰু ২০১৪ চনত চৰকাৰ গঠন কৰাৰ পিছত আমি এই কথা প্ৰমাণ কৰিলোঁ। এটা উদাহৰণ দিওঁ।

বন্ধুসকল,

শেহতীয়াকৈ জন ধন যোজনাই ১২ বছৰ সম্পূৰ্ণ কৰিলে। আজি আপোনালোকে  ফিনটেকৰ এক বেলেগ যুগত বাস কৰিছে, কিন্তু ২০১৩ চনত গাঁও আৰু সৰু চহৰৰ ছাত্ৰ-ছাত্ৰীসকলে আনকি চেভিংছ বেংক একাউণ্ট খুলিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছিল। সেই সময়ত আমাৰ জনসংখ্যা ১.২৫ বিলিয়ন অতিক্ৰম কৰিছিল যদিও ২০১৪ চনৰ মাৰ্চ মাহলৈকে দেশৰ ৫০ শতাংশতকৈ অধিক লোকৰ বেংক একাউণ্ট নাছিল।  যিসকল বেংকিং ব্যৱস্থাৰ বাহিৰত আছিল তেওঁলোক বেছিভাগেই আছিল দুখীয়া, মহিলা, প্ৰব্ৰজিত শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰী। সেইবাবেই আমি জন ধন যোজনা প্ৰৱৰ্তন কৰিলোঁ আৰু যোৱা ১২ বছৰত জন ধন যোজনাৰ কৃপাত প্ৰায় ৬০ কোটি নতুন বেংক একাউণ্ট খোলা হৈছে। আজি দেশৰ প্ৰায় প্ৰতিটো পৰিয়ালেই বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত হৈ পৰিছে। এয়াই হৈ পৰিছে ভাৰতৰ ফিনটেক বিপ্লৱৰ ভেটি।

বন্ধুসকল,

এতিয়া, যিসকলে আনকি লাখ লাখ লোকক বেংকিং ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছিল, তেওঁলোকৰ কথা ভাবি চাওক। বাস্তৱত এনে লোকে আধা ভৰ্তি গিলাচ এটা দেখে, দেশৰ দুখীয়া, সাধাৰণ নাগৰিকে তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰাটো  বিচাৰে। তেওঁলোকে এই একেটা পিতৃ-মাতৃ-সন্তান সংস্কৃতিকে দশক দশক ধৰি স্থায়ী কৰি ৰাখিছে। কিন্তু এইজনেই মোদী, পিতৃ-মাতৃ-সন্তান সংস্কৃতিৰ পক্ষপাতীসকলৰ বিৰুদ্ধে শিলৰ দৰে থিয় হৈ আছে।

বন্ধুসকল,

পুৰণি কথা এটা আছে: সত্যৰ ক্ষতি হ’ব নোৱাৰে। মোৰ সাহস আছে, সেইবাবেই সেইদিনা মই কোৱা কথাখিনি আপোনালোকক সোঁৱৰাই দিছো। মোৰ ৰিপৰ্ট কাৰ্ডখন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। মই জানো যে মিছাৰ প্ৰতিধ্বনি সত্যৰ গৰ্জনৰ আগত তিষ্ঠি থাকিব নোৱাৰে

বন্ধুসকল,

২০১৩ চনৰ সেই একেটা কাৰ্যসূচীতে যেতিয়া মই কৈছিলো যে আমি মেড ইন ইণ্ডিয়াৰ বাবে  কাম কৰিব লাগিব, তেতিয়া সেই কথা পুৰণি পৰিৱেশ তন্ত্ৰৰ মানুহে বুজি নাপালে। তেওঁলোকে ভাবিছিল যে সেই হতাশাৰ যুগত মেড ইন ইণ্ডিয়া সম্ভৱ নহ’ব! আৰু সেই মানসিকতাৰে ডাঙৰ হোৱা সকলে আজিও মেড ইন ইণ্ডিয়াক উপহাস কৰে।

কিন্তু বন্ধুসকল,

আজি আপোনালোকে সাক্ষী হৈছে মেক ইন ইণ্ডিয়াৰ ব্ৰেণ্ড মূল্যৰ। এই কথাটো মই এটা উদাহৰণেৰে বুজাব বিচাৰিছো। আজি স্মাৰ্টফোন প্ৰত্যেকৰে হাতত আছে। বিশ্বৰ বৃহত্তম ফোন ব্ৰেণ্ডে ভাৰতক নিজৰ ভিত্তি কৰি লৈছে। মেড ইন ইণ্ডিয়া স্মাৰ্টফোনে বিশ্বৰ প্ৰতিটো কোণত প্ৰৱেশ কৰিছে। ২০১৪ চনত ভাৰতে অধিকাংশ মোবাইল ফোন আমদানি কৰিছিল। আজি ভাৰতে ২.৫ লাখ কোটি টকাৰো অধিক মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰে।

বন্ধুসকল,

মই সৰু আৰু সহজ লক্ষ্য নিৰ্ধাৰণ কৰা মানুহ নহয়। দেশৰ বাবে ডাঙৰ ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হ’বলৈ মোৰ সকলো প্ৰচেষ্টা হাতত লৈছিলো। প্ৰতিৰক্ষা খণ্ডলৈ চাওক। ইয়াৰ পূৰ্বে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে অধিকাংশ সামগ্ৰী বহিঃৰাজ্যৰ পৰা ক্ৰয় কৰা হৈছিল। প্ৰতিৰক্ষা বিষয়াসকলক নেতিবাচক তালিকা এখন বনাবলৈ ক’লোঁ। প্ৰথমে তেওঁলোকে ৫০০ খন ঋণাত্মক তালিকা তৈয়াৰ কৰিলে, সেইবোৰ আমদানি নকৰো বুলি। তাৰ পিছত তেওঁলোকে হাজাৰ, তাৰ পিছত তিনি হাজাৰ সৃষ্টি কৰিলে। সেনা, নৌসেনা আৰু বায়ুসেনাই প্ৰায়ে সৰু সৰু সঁজুলিৰ বাবেও কেইবামাহো অপেক্ষা কৰিবলগীয়া হৈছিল। আমি দেশৰ সশস্ত্ৰ বাহিনীৰ সহযোগত এটা পৰিকল্পনা তৈয়াৰ কৰিলোঁ, বস্তুৰ তালিকা বনালোঁ, তাৰ পিছত ভাৰতীয় কোম্পানীক সেইবোৰ নিৰ্মাণ কৰিবলৈ ক’লোঁ। আৰু আজি আপোনালোকে দেখিছে, দেশৰ প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ উচ্চতম স্তৰত আছে। আজি ভাৰতে প্ৰায় ২ লাখ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন কৰি আছে। ২০১৩-১৪ চনত আমি ৬০০-৭০০ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছিলো। আজি এই সংখ্যা প্ৰায় ৪০,০০০ কোটি  টকা হৈছেগৈ। আৰু এই কৃতিত্বসমূহ সম্ভৱ হৈছে কাৰণ দেশত এক সজীৱ প্ৰতিৰক্ষা উৎপাদন পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হৈছে।

বন্ধুসকল,

দেশৰ প্ৰতি মোৰ বিশ্বাস আছে, ইয়াৰ সামৰ্থ্যৰ ওপৰত মোৰ বিশ্বাস আছে, আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে, যুৱক-যুৱতীসকলৰ ওপৰত,  আৰু এই বিশ্বাসৰ আধাৰতেই মই এখন উন্নত ভাৰতৰ কথা কওঁ। মোৰ বিশ্বাস যে আমি ১.৪ বিলিয়ন ভাৰতীয়ই আমাৰ দেশক উন্নত আৰু স্বাৱলম্বী কৰি তুলিম।

ভৱিষ্যতে ভাৰত উৎপাদনৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

ভৱিষ্যতে ভাৰত গৱেষণা আৰু উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিব।

কৃষি ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত মহাশক্তি হ’ব।

মোৰ ডেকা বন্ধুসকল,

ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰ থাকিব।

আৰু আপোনালোকে সেই দিনটো দেখিব যেতিয়া ভাৰতে এনে এখন অলিম্পিক আয়োজন কৰিব যিয়ে বিশ্বক স্তম্ভিত কৰি  তুলিব ।

আৰু এইবোৰ কেৱল শব্দ নহয়, আমাৰ সংকল্প। আৰু এই সংকল্পসমূহক বাস্তৱত পৰিণত কৰাৰ বাবে সমগ্ৰ দেশতে নিৰন্তৰ কাম চলি আছে।

বন্ধুসকল,

বৰ্তমান, আপোনাৰ জীৱন এছআৰচিচি মোডত চলি আছে। কো-অপাৰেটিভত চাহ খোৱাই হওক বা ঠাণ্ডা কফি খাই  আলোচনা কৰাই হওক, পৰীক্ষাৰ বাবে শেষ মুহূৰ্তৰ টোকা আৰু প্ৰিন্টআউটৰ বাবে লৰালৰি কৰাই হওক, বা ক্ৰছৰোডছ আৰু বিজনেছ কনক্লেভত কৰা কঠোৰ পৰিশ্ৰমেই হওক, আপোনালোক সকলোৱে ইয়াৰ প্ৰতিটো মুহূৰ্তক স্মৰণীয় কৰি তুলিছে। কিন্তু এই কেম্পাছৰ বাহিৰত, আপোনালোকে বিচাৰি পাব এখন নতুন পৃথিৱী। দুই ধৰণৰ মানুহ লগ পাব। এটা গোট হ’ল সমাজৰ শক্তিক ইতিবাচকভাৱে দেশৰ ক্ষমতালৈ ৰূপান্তৰিত কৰাসকল। দ্বিতীয় গোটটো হ’ল যিকোনো কাম আৰম্ভ হ’লেই খঙাল খুড়া হৈ পৰাসকল। তেওঁলোকৰ প্ৰিয় খেল হ’ল প্ৰতিটো পদক্ষেপৰ বিৰোধিতা কৰা। তেওঁলোকৰ মাত্ৰ এটা সংলাপ আছে: “এইটোৰ কি প্ৰয়োজন?” “এইটোৰ কি প্ৰয়োজন?” এয়া প্ৰতিজন খুড়াৰ স্থায়ী সংলাপ। আমি যেতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্তিটো নিৰ্মাণ কৰি আছিলো তেতিয়া খুড়াই ক’লে, “এইটোৰ কি প্ৰয়োজন?” আমি যেতিয়া তীব্ৰবেগী ৰে’লৰ বাবে  কাম আৰম্ভ কৰিলোঁ, খুড়াই আকৌ ক’লে, “এইটোৰ কি প্ৰয়োজন?” আমি ইউ পি আইৰ পৰিচয় দিওঁতে এই একেখিনি খুড়াই সুধিছিল, “ইউ পি আই কিয়?” “ইউপিআইৰ কি প্ৰয়োজন?” আমি যেতিয়া চিপছ বনোৱাৰ কথা পাতিছিলো, তেতিয়া তেওঁলোকক কোৱা হৈছিল, “কি প্ৰয়োজন?” আমি যেতিয়া নতুন সংসদ ভৱনটো সাজিলোঁ, তেতিয়া তেওঁলোকে পুনৰ ক’লে, “এইটোৰ কি প্ৰয়োজন?” দেশৰ বাবে, আমাৰ পৰম ত্যাগৰ বাবে প্ৰাণ আহুতি দিয়া আমাৰ বীৰ জোৱানসকলৰ বাবে আমি স্মৃতিসৌধ নিৰ্মাণ কৰিলোঁ। খুড়াই আকৌ এবাৰ খেলপথাৰত প্ৰৱেশ কৰিছে। ইয়াৰ কি প্ৰয়োজন আছিল? কিন্তু ভাৰতে এনে আটাইকেইজন খুড়াক প্ৰত্যুত্তৰ  দিছে৷ ভাৰতক দেশৰ বাবে প্ৰয়োজনীয় কাম কৰাত কোনেও বাধা দিব নোৱাৰে।

বন্ধুসকল,

আজি ভাৰতে এক সুকীয়া মনোভাৱেৰে আগবাঢ়িছে। আগতে দশক দশক ধৰি স্তব্ধ হৈ পৰা  কামবোৰ এতিয়া মাত্ৰ কেইবছৰমানৰ ভিতৰতে সম্পন্ন হৈছে। মই আপোনালোকক আন এটা উদাহৰণ দিম, সম্পূৰ্ণ তথ্যৰ সৈতে। ভাৰতৰ প্ৰথমখন ইলেক্ট্ৰিক ট্ৰেইন চলিছিল ১৯২৫ চনত।আপোনালোকৰ কলেজখন ১৯২৬ চনত খোলা হৈছিল, আৰু ১৯২৫ চনত ইলেক্ট্ৰিক ৰে’লখন চলিছিল।এই   ৰে’লখন চলিছিল ১৯২৫ চনত।তাৰ পিছত ২০১৪ চনলৈকে অৰ্থাৎ ৯০ বছৰলৈকে মাত্ৰ ৩০ শতাংশতকৈও কম কাম সম্পূৰ্ণ হৈছিল। ৩০ শতাংশতকৈও কম  ৰে’লপথ বিদ্যুৎচালিত হৈছিল। আমি মাত্ৰ ১২ বছৰতে প্ৰায় ১০০%  ৰে’লপথৰ বৈদ্যুতিকৰণ  সম্পন্ন কৰিছো।

বন্ধুসকল,

বাকী বিশ্বয়ো ভাৰতৰ নীতিগত সিদ্ধান্তত এই গতিবেগ দেখিছে আৰু বুজি পাইছে। সেইবাবেই তেওঁলোকে ভাৰতৰ সৈতে অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰিছে। বিগত দশকত প্ৰায় ৪০খন দেশৰ সৈতে বাণিজ্যিক চুক্তি, মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ ফলত চামৰা, বস্ত্ৰ, ফল-মূল, আমাৰ প্ৰচেছড খাদ্য, আৰু চিংৰা আদি সকলো বস্তুৰ বাবে নতুন বজাৰ মুকলি হৈছে। ভাৰতীয় সামগ্ৰী আৰু সেৱাৰ শুল্ক হ্ৰাস কৰিলে নতুন বজাৰ খোলাৰ অৰ্থ কি আপোনালোকতকৈ ভালকৈ কোনে জানে? ইয়াৰ ফলত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ এক নতুন দিগন্তৰ সৃষ্টি হৈছে।

বন্ধুসকল,

আজি দেশখন ২০১৩ চনৰ তুলনাত অৰ্থনৈতিক আৰু সামাজিকভাৱে বহু বেছি সুৰক্ষিত।কিন্তু ইয়াৰ ফলত একাংশ লোকৰ অস্থিৰতা আৰু হতাশা বাঢ়িছে। ১৫ আগষ্টৰ মোৰ ভাষণ হয়তো আপোনালোকে শুনিছে। এনে লোকৰ বাবে মই লালকিল্লাৰ পৰা হোমিঅ’পেথীৰ ড’জ দিলোঁ। মই এটা সৰু হোমিঅ’পেথিক বড়ি দিছিলোঁ। জানেনে, হোমিঅ’পেথীৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰোগটো আৰু বেছি বেয়া হোৱাৰ প্ৰৱণতা থাকে বুলি কোৱা হয়। এইটোৱেই হোমিঅ’পেথীৰ স্বভাৱ। গতিকে, লালকিল্লাৰ পৰা হোমিঅ’পেথিক বড়ি এটা দিছিলোঁ— মানসিক নক্সাল। এই মানসিক নক্সাল হোমিঅ’পেথী চিকিৎসাই, মই কোৱাৰ দৰে, ৰোগটো কিছু সময়ৰ বাবে আৰু বেছি বেয়া কৰি তোলে, আৰু তাৰ পিছত ইয়াৰ চিকিৎসা আৰম্ভ কৰে। ঠিক তেনেদৰে মানসিক নক্সালৰ বাবে হোমিঅ’পেথিক বড়িটো দিয়াৰ লগে লগে সকলো মানসিক নক্সাল ওলাই আহিবলৈ ধৰিলে। আৰু এতিয়া জনসাধাৰণে দেখিবলৈ পাইছে এই ৰোগৰ প্ৰচাৰ কৰা সকলৰ প্ৰকৃত স্বৰূপ।

বন্ধুসকল,

ইমানবোৰ কথা কৈছোঁ, কিছুমানে হয়তো ভাবিব পাৰে, “অ’ ১৪ কোটি মানুহৰ দেশ, যথেষ্ট সহজ কথা । মোদীয়ে কি নতুন কাম কৰিলে?” কিন্তু সঁচাকৈয়ে কথাবোৰ  ইমান সহজ আছিল নেকি? মই  আপোনালোকক পুৰণি দিনলৈ লৈ যাব বিচাৰিছো। ২০১৩ চনত কেদাৰনাথ দুৰ্যোগৰ সৃষ্টি হৈছিল। সমগ্ৰ চৰকাৰক জোকাৰি গৈছিল।কি কৰিব, কেনেকৈ কৰিব লাগে তেওঁলোকে ধৰিব পৰা নাছিল। ২০০৮ চনত যেতিয়া বেংকিং সংকটে আঘাত হানিছিল, তেতিয়া তেতিয়াৰ চৰকাৰে ২০১৪ চনলৈকে লুকাই থাকিবলৈ চেষ্টা কৰিছিল, আনকি হস্তক্ষেপ কৰিবলৈও সাহস কৰা নাছিল। ভাৰতৰ সমগ্ৰ বেংকিং ব্যৱস্থাই পতনৰ মুখলৈ গতি কৰিছিল। ২০০৮ চনত মুম্বাইত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল  আৰু তেতিয়াৰ চৰকাৰখন বাহিৰৰ পৰা হেঁচাত পৰিছিল যদিও পাকিস্তানক পাঠ শিকাবলৈ সাহস কৰা নাছিল।

বন্ধুসকল,

বিগত ১২ বছৰত দেশ অসংখ্য দুৰ্যোগৰ সন্মুখীন হৈছে। আমি বিধ্বংসী  ঘূৰ্ণীবতাহ সহ্য কৰিছো, কিন্তু দেশখনে ইয়াৰ সন্মুখীন হৈছে অতি সাহস আৰু শক্তিৰে । যোৱা ছবছৰত আৰু অধিক সংকট দেখা গৈছে। প্ৰথমে ক’ভিড-১৯ মহামাৰীয়ে আঘাত হানিলে, সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিল। তাৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হয়। ইয়াৰ পিছত অস্ত্ৰ-শস্ত্ৰৰ ব্যৱসায় আৰু যোগান শৃংখলৰ এটা সময় আৰম্ভ হ’ল। তাৰ পিছত আহিল পশ্চিম এছিয়াৰ সংকট। প্ৰতিবাৰেই কোৱা হৈছিল যে ভাৰত বাচি নাথাকিব আৰু মোক প্ৰশংসা কৰাসকল সুখী হৈছিল, ভাবিছিল যে এতিয়া মোদী আৱদ্ধ, এতিয়া মোদী ৰণত পৰিল, এতিয়া তেওঁক থেতেলিয়াই পেলোৱা হ’ব। কিন্তু মোৰ দেশৰ জনসাধাৰণৰ আশীৰ্বাদ ইমানেই শক্তিশালী, ইমানেই শক্তিশালী যে ভাৰতৰ  অশুভ  কামনা কৰাসকলৰ প্ৰতিটো ইচ্ছা বিফল হৈ আহিছে।

বন্ধুসকল,

এতিয়া একবিংশ শতিকাত নতুন সুযোগৰ এখন পৃথিৱী আমাৰ সন্মুখত আছে। মই আনন্দিত যে আপোনালোক অভিলাষী, কাৰণ উচ্চাকাংক্ষা কোনো পাঠ্যপুথিৰ পৰা শিকিব নোৱাৰি। উচ্চাকাংক্ষা এনে এক পৰিৱেশৰ পৰাই আহে যিয়ে আপোনাক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰে। আজি আমাৰ ডেকা বন্ধুসকলে কৈছে যে তেওঁলোকে যদি নিজৰ ফালৰ পৰা কিবা এটা কৰে তেন্তে তেওঁলোকে এটা ষ্টাৰ্ট-আপ আৰম্ভ কৰিব, কোম্পানী এটা গঢ়ি তুলিব আৰু ইউনিকৰ্ণ হ’ব। মহাকাশ আৰু ড্ৰ’নৰ দৰে খণ্ডত যোগদান কৰিব আৰু ডাঙৰ কিবা এটা কৰিব। তেওঁলোকে অত্যাধুনিক এআই সমাধান সৃষ্টি কৰিব আৰু তেওঁলোকে কৃষিক্ষেত্ৰত উদ্ভাৱন কৰিব। ১৩ বছৰ আগতে আপোনাৰ চিনিয়ৰসকলে এনেকুৱা সপোন দেখিব পৰা নাছিল। কিন্তু আজি আপোনালোকে এই সপোনবোৰ  দেখিছে, কাৰণ আজিৰ ভাৰতত সেই সপোনবোৰক সমৰ্থন কৰিবলৈ এক পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হৈছে।

বন্ধুসকল,

এতিয়াই সময় ডাঙৰ ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ । মই মাত্ৰ লালকিল্লাৰ পৰা কথা পাতিছিলোঁ। আপোনালোকৰ আগত সেইবোৰ পুনৰ ক’ব বিচাৰিছো। এটা প্ৰতিশ্ৰুতি দিয়ক: ভাৰতৰ গ্ল’বেল কনচালটিং ফাৰ্মবোৰ কিয় আগশাৰীৰ হ’ব নোৱাৰে? আমাৰ একাউণ্টিং ফাৰ্ম, আমাৰ আইনী প্ৰতিষ্ঠান, আমাৰ বিত্তীয় প্ৰতিষ্ঠান কিয় বিশ্বৰ আগশাৰীৰ হ’ব নোৱাৰে? আমি গৌৰৱেৰে কওঁ যে আজি ভাৰতীয়সকলে বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ আগশাৰীত আছে। যদি ভাৰতীয়ই বিশ্বৰ শীৰ্ষ কোম্পানীত আগবাঢ়ি আছে তেন্তে ভাৰতীয়ই প্ৰতিষ্ঠা কৰা কোম্পানীয়ে কিয় বিশ্বক আগুৱাই নিব নালাগে?

বন্ধুসকল,

এই সকলোবোৰ সম্ভৱ; ইয়াৰ বাবে আপোনাৰ ওচৰত নেটৱৰ্ক আৰু জ্ঞান আছে।

বন্ধুসকল,

আমাৰ প্ৰেৰণাও হৈছে এছ আৰ চি চিৰ এই কলেজৰ প্ৰতীক  । ইয়াত দুটা সুন্দৰ প্ৰতীক আছে: এটা হৈছে উদীয়মান সূৰ্য্য আৰু আনটো হৈছে সাগৰত যাত্ৰা কৰা জাহাজ। সূৰ্য্যই দিশটো দেখুৱায়  আৰু সেই দিশত জাহাজখনে গতি কৰে। আমি এটা নতুন পথত  ভৰি দিব  লাগিব,  য’ত সূৰ্য্য আমাৰ, সাগৰ আমাৰ, নাও আমাৰ, নাৱিক আমাৰ। ঢৌত জয় লিখাৰ সাহস আমাৰেই হওক। উৰণ আমাৰ হওক, আকাশ আমাৰ হওক। প্ৰচণ্ড বতাহৰ সন্মুখীন হোৱাৰ  সাহস  আমাৰ হওক। সপোন আমাৰ হওক, সংকল্প আমাৰ হওক, স্বাৱলম্বী ভাৰতৰ পতাকা আমাৰ হওক। উন্নত ভাৰতৰ পথত আমি দ্ৰুতগতিত লোৱা প্ৰতিটো খোজ আমাৰেই হওক। আকৌ এবাৰ এই বিশেষ অনুষ্ঠানত এছ আৰ চি চিৰ সৈতে জড়িত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

বন্দে মাতৰম

 

****

MJPS/SS/VJ/ST/DM