পি এম ইণ্ডিয়া
দিল্লীৰ সত্য নিকেতনত এটা অট্টালিকা খহি প্ৰাণ হেৰুওৱা লোকসকলক প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। তেওঁ লগতে উল্লেখ কৰে যে স্থানীয় কৰ্তৃপক্ষই ঘটনাস্থলীত সক্ৰিয়ভাৱে কাম কৰি আছে আৰু দুৰ্ঘটনাত পীড়িত সকলোকে যাৱতীয় সাহায্য প্ৰদান কৰি আছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা ‘এক্স’ পোষ্টত কয়ঃ
“দিল্লীৰ সত্য নিকেতনত অট্টালিকা খহি পৰাৰ ঘটনাটো অতি দুখজনক। যিসকে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। স্থানীয় কৰ্তৃপক্ষই ঘটনাস্থলীত সক্ৰিয়ভাৱে কাম কৰি আছে আৰু দুৰ্ঘটনাত পীড়িতসকলক সাহায্য আগবঢ়াইছে: প্ৰধানমন্ত্ৰী @narendramodi”
The collapse of a building at Satya Niketan, Delhi is distressing. Condolences to those who lost their loved ones. Praying for the speedy recovery of the injured. Authorities are working at the site and assisting those affected in the mishap: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2026
***
MJPS/SS/PRK/DB