পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১২বজাত প্ৰধানমন্ত্ৰীয়ে ভদোদৰাত ৩৫,০০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমবেত সকলকো সম্বোধন কৰিব।
সন্ধিয়া প্ৰায় ৫.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬উদ্বোধন কৰিব আৰু লগতে সমাৱেশকো সম্বোধন কৰিব।
ভদোদৰাত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে ৩২৬ কিলোমিটাৰ পথ সামৰি থকা ২০,৭০০ কোটি টকাৰো অধিক ব্যয়েৰে বিকশিত কৰা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ (ডব্লিউডিএফচি)ৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত আছে সানন্দ (এন)-মকৰপুৰা, নিউ উম্বেৰগাঁও-নিউ ছাফালে আৰু নিউ ছাফালে-জেএনপিটি শাখা।
জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ (জে এন পি এ) পোনপটীয়া সংযোগে আমাদানি-ৰপ্তানি সামগ্ৰীৰ দ্ৰুত চলাচল সহজ কৰি তুলিব, ঔদ্যোগিক কেন্দ্ৰ আৰু বন্দৰৰ মাজত সংযোগ শক্তিশালী কৰিব, লজিষ্টিক ব্যয় হ্ৰাস কৰিব আৰু মুম্বাইৰ ৰে’লৱে নেটৱৰ্কৰ ভিৰ হ্ৰাস কৰাত সহায় কৰিব।
এই অংশবোৰ আৰম্ভ হোৱাৰ লগে লগে ডেডিকেটেড ফ্ৰেইট কৰিডৰ (ডি এফ চি) নেটৱৰ্কটো ইয়াৰ সমগ্ৰ দৈৰ্ঘ্যতে সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠিব। উৎসর্গিত মালবাহী আন্তঃগাঁথনিৰ ফলত মাল্টিমডেল সংযোগ উন্নত কৰি, পৰিবহণৰ সময় হ্ৰাস কৰি আৰু বিভিন্ন অঞ্চলত সামগ্ৰীৰ নিৰবচ্ছিন্ন পৰিবহনৰ সুবিধা প্ৰদান কৰি দেশৰ লজিষ্টিক পৰিৱেশতন্ত্ৰ অধিক শক্তিশালী হ’ব।
প্ৰধানমন্ত্ৰীয়ে নিউ সানন্দ (উত্তৰ), নিউ মকৰপুৰা, নিউ উম্বেৰগাঁও আৰু নিউ জেএনপিটি, মুম্বাইৰ পৰা মালবাহী ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব। ইয়াৰ উপৰি তেওঁ ভদোদৰা আৰু টাণ্ডা ৰোডৰ মাজত এক নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব, যাৰ ফলত ভদোদৰা, ছোটা উদেপুৰ আৰু আলিৰাজপুৰ জিলাৰ জনসাধাৰণ উপকৃত হ’ব।
প্ৰধানমন্ত্ৰীয়ে ছোটা উদেপুৰ-ধাৰ প্ৰকল্পৰ অংশ হিচাপে বিকশিত কৰা জোবাট-টাণ্ডা ৰোডৰ নতুন ৰে’ল পথ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। নতুন ৰে’ল পথে আলিৰাজপুৰৰ দূৰৱৰ্তী আৰু জনজাতীয় অঞ্চলসমূহক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৩২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ৯,৭০০ কোটি টকাৰো অধিক ব্যয়ৰ তিনিটা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে ভদোদৰা-ৰাটলাম তৃতীয় আৰু চতুৰ্থ লাইন, মিয়াগম কৰ্জন-চোৰাণ্ডা-মালছাৰ গেজ ৰূপান্তৰ আৰু বিশ্বমিত্ৰী-দাভোই দ্বৈতকৰণ প্ৰকল্প। এই প্ৰকল্পসমূহে যাত্ৰী আৰু মাল পৰিবহনৰ ক্ষমতা বৃদ্ধি কৰিব, যানজঁট হ্ৰাস কৰিব আৰু গুজৰাট আৰু মধ্য প্ৰদেশৰ মাজত সংযোগ শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৭৮০ কোটি টকা ব্যয়সাপেক্ষ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ-৪৮-ৰ কামৰেজ-চালথান শাখাৰ ছয়লেনৰ নিৰ্মাণ; ৰাষ্ট্ৰীয় ঘাইপথ-৪৮-ৰ ভদোদৰা-ছুৰাট খণ্ডত তাপি আৰু নৰ্মদাৰ ওপৰত প্ৰধান দলঙকে ধৰি অতিৰিক্ত গাঁথনি নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৫৩-ৰ আভাবা, মিন্ধোলা আৰু খাজোদ জংচনত শ্ৰেণী-পৃথকীকৰণ গাঁথনি নিৰ্মাণ। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে পথ সুৰক্ষা উন্নত কৰিবলৈ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৪৮ৰ ভদোদৰা-ছুৰাট শাখাৰ শূণ্য দৃষ্টিৰ সমস্যাৰ সমাধান কৰিবলৈ কান্দাৰী চোকডি আৰু লুভাৰা পাটিয়াত ছয়লেনৰ ফ্লাইঅ’ভাৰ উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰৰ প্ৰায় ২,৬০০ কোটি টকা ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। আধাৰশিলা স্থাপন কৰা মুখ্য প্ৰকল্পসমূহৰ ভিতৰত আছে ভদোদৰা নগৰ উন্নয়ন প্ৰাধিকৰণ ৰিং ৰোড দ্বিতীয় পৰ্যায় আৰু কদানা বান্ধত ১১০ মেগাৱাটৰ ভাসমান সৌৰ প্ৰকল্প, ভদোদৰা পৌৰ নিগমৰ নতুন কাৰ্যালয় নিৰ্মাণ আদি। উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ অধীনত গৃহ নিৰ্মাণ প্ৰকল্প আৰু পূব ভদোদৰাৰ ১১খন গাঁৱৰ বাবে পানী যোগান প্ৰকল্প।
মুম্বাইত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ অন্যতম বৃহৎ আৰু আটাইতকৈ প্ৰভাৱশালী বাৰ্ষিক ফিনটেক সন্মিলন গ্ল’বেল ফিনটেক ফেষ্ট (জিএফএফ) ২০২৬ উদ্বোধন কৰিব।
গ্ল’বেল ফিনটেক ফেষ্টৰ সপ্তম সংস্কৰণটো ২০২৬ চনৰ ৮ৰ পৰা ১১ ছেপ্টেম্বৰলৈ মুম্বাইত অনুষ্ঠিত হ’ব। ২০২০ চনৰ পৰা জি এফ এফ আন্তঃৰাষ্ট্ৰীয় চিন্তাশীল নেতৃত্বৰ এক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে যিয়ে নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক, কেন্দ্ৰীয় বেংক, বিত্তীয় প্ৰতিষ্ঠান, ফিনটেক, প্ৰযুক্তি কোম্পানী, বিনিয়োগকাৰী, শিক্ষাবিদ আৰু অন্যান্য গোলকীয় অংশীদাৰসকলক বিত্তৰ ভৱিষ্যত গঠনৰ ওপৰত আলোচনা কৰিবলৈ একত্ৰিত কৰি আহিছে।
জি এফ এফ ২০২৬-ৰ বিষয় হৈছে “পটেনচিয়েল টু ইম্পেক্টঃ এজেণ্টিক এআই, টোকেনাইজেচন, কোৱাণ্টাম-ট্ৰাষ্টেড, কানেক্টেড, গ্ল’বেল ছিষ্টেমছ ফৰ ইনক্লুছিভ ফাইনেঞ্চ।”
জি এফ এফ ২০২৬ -ক নীতি, নিয়ন্ত্ৰণ, প্ৰযুক্তি, মূলধন আৰু উদ্যোগৰ বাবে এক উমৈহতীয়া মঞ্চ হিচাপে যুগুত কৰা হৈছে। ইয়ে ডিজিটেল ধন আদায় আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্ব গঢ়ি তোলা আৰু সম্ভাৱনাৰ পৰা প্ৰভাৱলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰে। এই আলোচনাত এজেণ্টিক এআই, প্ৰগ্ৰেমেবল ফাইনেন্স, কোৱাণ্টাম প্ৰযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ আৰু নতুন প্ৰযুক্তিসমূহে কেনেদৰে গোলকীয়ভাৱে নাগৰিক, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, অন্তৰ্ভুক্তিমূলক আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
****
MJPS/SS/PRK/HS