Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ প্ৰকাশ পূৰবত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ প্ৰকাশ পূৰব উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বহু শতিকা ধৰি শ্ৰী গুৰু গ্ৰন্থ চাহিব জীয়ে মানৱতাক নিঃস্বাৰ্থ সেৱা, মানৱীয় মৰ্যাদা আৰু একতাৰ পথ দেখুৱাইছে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই পবিত্ৰ উৎসৱে সকলোকে সমাজত এই মূল্যবোধবোৰ গভীৰ কৰিবলৈ আৰু এক অধিক সহানুভূতিশীল আৰু সুসামঞ্জস্যপূর্ণ বিশ্ব গঢ়ি তুলিবলৈ অনুপ্ৰাণিত

কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

 ‘শ্ৰী গুৰু গ্ৰন্থ চাহিব জীৰ প্ৰকাশ পূৰবত শুভেচ্ছা জনালো।

বহু শতিকা ধৰি তেওঁ মানৱতাক নিঃস্বাৰ্থ সেৱা, মানৱীয় মৰ্যাদা আৰু একতাৰ পথ দেখুৱাইছে।

এই পবিত্ৰ উৎসৱে আমাক আমাৰ সমাজত এই মূল্যবোধবোৰ গভীৰ কৰিবলৈ আৰু এক অধিক সহানুভূতিশীল আৰু সুসামঞ্জস্যপূর্ণ বিশ্ব গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰক।’

***********

MJPS/SS/ST/MK