Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়া কাপ অক্ষুণ্ণ ৰখাৰ বাবে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলটোক এক অসাধাৰণ অপৰাজেয় অভিযানৰ জৰিয়তে এছিয়া কাপ অক্ষুণ্ণ ৰখাৰ বাবে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দলটোৰ সফলতাই খেলুৱৈসকলৰ প্ৰতিভা আৰু সংকল্পক প্ৰতিফলিত কৰিছে।

শ্ৰী মোদীয়ে দলটোক শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

‘ভাৰতীয় হকীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!

এক অসাধাৰণ অপৰাজেয় অভিযানৰ জৰিয়তে এছিয়া কাপ অক্ষুণ্ণ ৰখাৰ বাবে আমাৰ জুনিয়ৰ মহিলা হকী দলটোক অভিনন্দন জনাইছো।

এই সফলতাই খেলুৱৈসকলৰ প্ৰতিভা আৰু সংকল্পক প্ৰতিফলিত কৰিছে।

দলটোৰ আটাইলৈ শুভেচ্ছা জনাইছো!

@TheHockeyIndia

******

MJPS/SS/ST/NB