পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে সমগ্ৰ দেশতে নিৰ্মাণ আৰু সৃষ্টিৰ সৈতে জড়িত শিল্পীসকল আৰু দক্ষ শ্ৰমিকসকলক তেওঁৰ বিশেষ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শিল্পীসকল আৰু দক্ষ শ্ৰমিকসকলৰ দক্ষতা, নিষ্ঠা তথা কঠোৰ পৰিশ্ৰম এখন উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যঠেষ্ট গুৰুত্বপূৰ্ণ। তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত তেওঁলোকৰ প্ৰচেষ্টাক সকলো সম্ভৱ সহায় আৰু উৎসাহ প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বিশ্বকৰ্মাৰ সৈতে জড়িত কালজয়ী প্রজ্ঞাৰ আহ্বান জনাই এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ
“अनादिरप्रमेयश्च अरूपश्च जयाजयः।
लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः॥”
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
আপোনালোক সকলোকে ভগৱান বিশ্বকৰ্মা জয়ন্তী উপলক্ষে শুভেচ্ছা জনাইছো।
দেৱশিল্পীৰ সৈতে জড়িত এই ঐশ্বৰিক অনুষ্ঠানত, নিৰ্মাণ কাৰ্যত নিয়োজিত সমগ্ৰ দেশৰ শিল্পীসকল আৰু প্ৰতিভাশালী বন্ধুসকলক মোৰ বিশেষ শুভেচ্ছা জনাইছো।
উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতা তথা কঠোৰ পৰিশ্ৰম অতি গুৰুত্বপূৰ্ণ।
ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আপোনালোকৰ প্ৰচেষ্টাই যাতে সম্ভৱপৰ সকলো ধৰণৰ উৎসাহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
अनादिरप्रमेयश्च अरूपश्च जयाजयः।
लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः॥
आप सभी को भगवान विश्वकर्मा जयंती की बहुत-बहुत शुभकामनाएं।
देवशिल्पी से जुड़े इस दिव्य अवसर पर निर्माण कार्यों में जुटे देशभर के शिल्पकारों एवं हुनरमंद साथियों को मेरा विशेष अभिनंदन।
आपका कौशल एवं परिश्रम विकसित और आत्मनिर्भर भारत के संकल्प को साकार करने में अत्यंत महत्वपूर्ण… pic.twitter.com/wiw8Ek9dpq
— Narendra Modi (@narendramodi) September 17, 2026
***
MJPS/SS/VJ/MK