পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত “পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ” শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰকৃতিৰ সৈতে দেশৰ গভীৰ ঐতিহাসিক সম্পৰ্কৰ কথা আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে কেনেকৈ প্ৰাচীন সাংস্কৃতিক অভিজ্ঞতাই আধুনিক জলবায়ু প্ৰত্যাহ্বানৰ সমাধান গঢ়ি তুলিছে আৰু গোলকীয় সামূহিক প্ৰচেষ্টাক প্ৰেৰণা যোগাইছে। এই গুৰুত্বপূৰ্ণ মিছনক দৃঢ়তাৰে আগবঢ়াই নিয়াৰ বাবে তেওঁ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক প্ৰশংসা কৰে আৰু আয়োজকসকললৈ অভিনন্দন জ্ঞাপন কৰে। “ভাৰতে এতিয়া আধুনিক জলবায়ু প্ৰত্যাহ্বানৰ সমাধান আগবঢ়াইছে,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
কাৰ্বন নিৰ্গমন সংক্ৰান্তীয় ভুল বিশ্বজনীন দৃষ্টিভংগীক আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিকাশশীল দেশসমূহক অন্যায়ভাৱে দোষাৰোপ কৰা হয়; অথচ উন্নত দেশসমূহে ভাৰতৰ তুলনাত প্ৰতি ব্যক্তিত ছয় গুণ পৰ্যন্ত অধিক কাৰ্বন নিৰ্গমন কৰে। এই ঐতিহাসিক সত্যক বিশ্বজনীন মঞ্চত উপস্থাপন কৰিবলৈ আৰু ভাৰতৰ পৰম্পৰাগত পৰিবেশগত শক্তিক তুলি ধৰিবলৈ ভাৰতে কেনেকৈ কাম কৰি আছে, তাৰ সবিশেষ তেওঁ দাঙি ধৰে। এই প্ৰসংগত তেওঁ কপ-২১ত “কনভেনিয়েণ্ট একচন-কণ্টিনিউইটি ফৰ চেঞ্জ” গ্ৰন্থ উন্মোচন আৰু ‘এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড’, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (আইএছএ), চিডিআৰআই, গ্ল’বেল বায়’ফুৱেল এলাইয়েঞ্চ আৰু ইণ্টাৰনেচনেল বিগ কেট এলাইয়েঞ্চৰ দৰে মঞ্চসমূহ সৃষ্টিৰ কথা স্মৰণ কৰে। “আমি বিশ্বক লগত লৈ পৰিবেশ সুৰক্ষাৰ নতুন মানদণ্ড স্থাপন কৰিছোঁ,” শ্ৰী মোদীয়ে দোঁহাৰে।
প্ৰাচীন দৰ্শনৰ সৈতে আধুনিক ৰূপায়ণৰ সেতু বন্ধন কৰি প্ৰধানমন্ত্ৰীয়ে বিগত ১২ বছৰত প্ৰতিটো পৰিবেশ সংক্ৰান্তীয় খণ্ডত হোৱা অভূতপূৰ্ব অগ্ৰগতিৰ বিতং বিবৰণ দাঙি ধৰে, য’ত বিশেষভাৱে নৱীকৰণযোগ্য শক্তিৰ দিশত কৰা কৌশলগত পৰিৱৰ্তনৰ কথা উল্লেখ কৰা হয়। তেওঁ গৌৰৱেৰে কয় যে সময়ৰ পূৰ্বেই কপ-২১ৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি ভাৰতে জি-২০ দেশসমূহৰ ভিতৰত এক অনন্য স্থান দখল কৰিছে, যাৰ দ্বাৰা অননুগ্ৰাম্য ইন্ধন আৰু সৌৰ শক্তি ক্ষমতাত গোলকীয় মানদণ্ড স্থাপন কৰা হৈছে। “প্ৰতিটো মাপকাঠিতে ভাৰতৰ প্ৰদৰ্শন আজি বিশ্বত ইতিবাচকভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে,” শ্ৰী মোদীয়ে উল্লেখ কৰে।
দেশৰ সৌৰ বিপ্লৱৰ প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে ১২ বছৰ আগৰ মাত্র ২ গিগাৱাট সৌৰ ক্ষমতাৰ পৰা বৃদ্ধি পাই আজি ই ১৬০ গিগাবাটতকৈও অধিক হৈছে। ‘পিএম সূৰ্যঘৰ মুফ্ট বিজুলী যোজনা’ই ইয়াৰ দিশ পৰিৱৰ্তন কৰিছে, যাৰ অধীনত প্ৰতিটো পৰিয়ালক ৮০,০০০ টকালৈকে আৰ্থিক সাহাৰ্য প্ৰদান কৰি ৫০ লাখতকৈও অধিক গৃহত ছ’লাৰ পেনেল লগোৱা হৈছে। তেওঁ আৰু যোগ কৰে যে ‘কুসুম যোজনা’ৰ অধীনত ৩০ লাখ কৃষকে ছ’লাৰ পাম্প লাভ কৰিছে, আনহাতে সম্পূৰ্ণ হৈ উঠা ‘ৱান নেচন, ৱান গ্ৰিড’ প্ৰকল্পই ২০ কোটি টন কাৰ্বন নিৰ্গমন ৰোধ কৰাত সফলতা লাভ কৰিছে। “আমি ঘৰবোৰক সৌৰ শক্তি উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ মিছন আৰম্ভ কৰিছিলোঁ,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
বৃহত্তৰ স্বচ্ছ শক্তিখণ্ডৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে বায়ুকালীন শক্তি ক্ষমতা তিনিগুণ বৃদ্ধি পোৱা, জলবিদ্যুৎ ক্ষমতা সম্প্ৰসাৰিত হোৱা আৰু পাৰমাণৱিক শক্তি উৎপাদনত বেচৰকাৰী প্ৰতিষ্ঠানসমূহক অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে। এই সন্মিলিত প্ৰচেষ্টাৰ ফলত ভাৰতৰ অননুগ্ৰাম্য ইন্ধন ক্ষমতা প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে আৰু ‘ক’ল গেছিফিকেচন’ৰ দৰে অতি স্বচ্ছ প্ৰযুক্তিক উৎসাহিত কৰা হৈছে। “স্বচ্ছ শক্তিৰ অন্যান্য খণ্ডতো ভাৰতে ডাঙৰ সফলতা অৰ্জন কৰিছে,” শ্ৰী মোদীয়ে কয়।
উন্নত স্বচ্ছ গতিশীলতাৰ শুভাৰম্ভণিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ যাত্ৰাৰ কথা গৌৰৱেৰে ঘোষণা কৰে, যিখন সমগ্ৰ বিশ্বতে আটাইতকৈ দীঘল হাইড্ৰ’জেন ৰে’ল। তেওঁ এই প্ৰযুক্তিগত জাঁপক সেউজ পৰিবহণৰ ভৱিষ্যতৰ বাবে এক মাইলৰ খুঁটি বুলি বৰ্ণনা কৰে। “ই স্বচ্ছ গতিশীলতাৰ এক নতুন যুগৰ সূচনা কৰিছে,” শ্ৰী মোদীয়ে কয়।
সেউজ বাহনৰ ব্যাপক সম্প্ৰসাৰণ সংক্ৰান্তত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৈদ্যুতিক বাহনৰ সংখ্যা ৯৫০ গুণ পৰ্যন্ত বৃদ্ধি পাইছে, য’ত ২০১৪ চনৰ আগতে ৩,০০০তকৈ কম বিক্ৰী হৈছিল, যোৱা বছৰ সেই সংখ্যা প্ৰায় ২৫ লাখ হয়গৈ। তেওঁ লগতে উল্লেখ কৰে যে হাইৱে’ আৰু এক্সপ্ৰেছৱে’সমূহত ফাষ্ট টেগৰ ব্যৱস্থাৰ ফলত টোল বুথসমূহত ৰৈ থকাৰ সময় হ্ৰাস পাইছে আৰু ইন্ধন অপচয় ৰোধ হৈছে। “ই ভি বিপ্লৱৰ এই সুযোগক ভাৰতে সম্পূৰ্ণ শক্তিৰে আঁকোৱালি লৈছে,” শ্ৰী মোদীয়ে কয়।
জনসাধাৰণৰ বাবে পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ কথা সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ কেৱল পাঁচখন চহৰৰ ২৫০ কিলোমিটাৰ মেট্ৰ’ নেটৱৰ্কৰ সৈতে বৰ্তমানৰ ২০ খনতকৈ অধিক চহৰত থকা বিশাল মেট্ৰ’ ব্যৱস্থাৰ তুলনা কৰে। “ভাৰত আজি ১,০০০ কিলোমিটাৰতকৈও অধিক মেট্ৰ’ নেটৱৰ্ক থকা বিশ্বৰ দেশসমূহৰ শাৰীত থিয় হৈছে,” শ্ৰী মোদীয়ে সন্তোষ প্ৰকাশ কৰে।
গধুৰ পৰিবহণ তথা লজিষ্টিক খণ্ডৰ সেউজ পৰিৱৰ্তন সম্পৰ্কে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে ৰে’লৱেৰ ১০০% বৈদুতিকীকৰণে কোটি কোটি লিটাৰ ডিজেল জ্বলাৰ পৰা ৰক্ষা কৰিছে। এই মাহতে উৎসৰ্গা কৰা ৩,০০০ কিলোমিটাৰ দীঘল ‘ডেডিকেটেড ফ্ৰেট কৰিড’ৰ’ৰ বৃহৎ পৰিবেশগত উপকাৰিতাৰ কথা তেওঁ উল্লেখ কৰে, য’ত ডাবল ষ্টেক কণ্টেইনাৰ মালবাহী ৰে’লে এশ এশ ট্ৰাকৰ স্থান অধিকাৰ কৰিছে। “আপোনালোকে ধাৰণা কৰিব পাৰে যে ইয়াৰ দ্বাৰা কিমান বৃহৎ পৰিসৰত পৰিবেশ সুৰক্ষাত সহায় হৈছে,” শ্ৰী মোদীয়ে কয়।
বিকল্প পৰিবেশ হিতৈষী পৰিবহণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশজুৰি প্ৰায় ৫,০০০ কিলোমিটাৰ পানীৰ জলপথ কাৰ্যক্ষম হৈ উঠাৰ কথা প্ৰকাশ কৰে। তেওঁ জনায় যে এই জলপথত চলা এটা মানসম্পন্ন জল বাহনে ডজন ডজন ট্ৰাকৰ সমপৰিমাণ ওজন কঢ়িয়াব পাৰে। “ই পৰিবেশ সংৰক্ষণত যথেষ্ট সহায় কৰিছে,” শ্ৰী মোদীয়ে কয়।
পৰিবহণ খণ্ডৰ এই অভূতপূৰ্ব উন্নতিৰ দিশসমূহ সামৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো পৰিৱৰ্তনেই দেশৰ ভাৰসাম্যপূৰ্ণ উন্নয়নৰ প্ৰমাণ। দ্ৰুত গতিৰ বিকাশ পৰিবেশ সংৰক্ষণৰ সৈতে একেলগে সম্ভৱ। “আমাৰ বিকাশ যিদৰে ক্ষিপ্ৰ, তেনেকৈয়ে বহনক্ষম,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
জল সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ৭০,০০০ তকৈও অধিক ‘অমৃত সৰোবৰ’ আৰু ‘কেচ দ্য ৰেইন’ অভিযানৰ অধীনত দেৰ কোটি বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প নিৰ্মাণ হোৱাৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে ‘প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনা’ আৰু ‘পাৰ ড্রপ, ম’ৰ ক্ৰপ’ আদি আঁচনিয়ে ২ কোটিতকৈ অধিক কৃষকক পানী ৰাহি কৰাত সহায় কৰিছে। “ভাৰতত জল সংৰক্ষণৰ দিশত অভূতপূৰ্ব কাম হৈ আছে,” শ্ৰী মোদীয়ে মন্তব্য কৰে।
বাজৰা বা শ্ৰী অন্নৰ গোলকীয় পুনৰুজ্জীৱন সম্পৰ্কে ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে কম পানী লগা শ্ৰী অন্ন খেতিক উৎসাহিত কৰাৰ ফলত দেশীয় উৎপাদন বৃদ্ধি পাইছে আৰু ৰপ্তানি দেৰ লাখ টনলৈ সম্প্ৰসাৰিত হৈছে; যিয়ে অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লগতে পানীও সংৰক্ষণ কৰিছে। তেওঁৰ মতে, এই অবিৰত ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবেই ২০২৩ চনটো ‘আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ’ হিচাপে বিশ্বজুৰি পালন কৰা হৈছিল। “এই মডেলৰ বাবেই সমগ্ৰ বিশ্বই আজি আমাৰ সৈতে যোগ দিছে,” শ্ৰী মোদীয়ে কয়।
পৰিবেশ হিতৈষী কৃষিৰ ব্যাপক পৰিসৰ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে ‘নেচনেল মিছন অন নেচাৰেল ফাৰ্মিং’-ৰ অধীনত ১২.৫ লাখ হেক্টৰ মাটিত ২৪,০০০ প্ৰাকৃতিক খেতিৰ ক্লাষ্টাৰ গঢ়ি তোলাৰ সবিশেষ বৰ্ণনা কৰে। তেওঁ ৩,০০০ জলবায়ু সহনশীল শস্যৰ সঁচ আৰু কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ কৃষি-বনানিৰ গুৰুত্বৰ কথা উল্লেখ কৰে। “কৃষি-বনানিক প্ৰসাৰিত কৰি আমি কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিছোঁ,” শ্ৰী মোদীয়ে কয়।
ভাৰতৰ পৰিবেশগত প্ৰচেষ্টাৰ ব্যাপকতা দৰ্শাই প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে বিগত ১২ বছৰত দেশৰ অতি ঘন বনাঞ্চল ২২%তকৈও অধিক বৃদ্ধি পাইছে। তেওঁ ‘এক পেড় মা কে নাম’ অভিযানক প্ৰশংসা কৰে, যিয়ে কোটি কোটি গছ ৰোপণৰ যোগেদি এক অবিৰত ৰাষ্ট্ৰীয় আন্দোলনৰ ৰূপ লৈছে।
প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত থকা ৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু হ্ৰাস, পুনৰ ব্যৱহাৰ তথা পুনৰাবৰ্তন (Reduce, Reuse, Recycle) মন্ত্ৰৰে ‘বৃত্তাকাৰ অৰ্থনীতি’ আগবঢ়াই নিয়াৰ বাবে গুৰুত্ব আৰোপ কৰে। তেওঁ ‘গোবৰ্ধন যোজনা’ৰ জৰিয়তে গ্ৰাম্য জৈৱিক আৱৰ্জনাক ‘Waste to Wealth Model’ৰ অধীনত উপযোগী সম্পদেলৈ পৰিৱৰ্তন কৰাৰ সফল উদাহৰণ দাঙি ধৰে। “আমাৰ প্ৰচেষ্টা হ’ল—আৱৰ্জনাক সমস্যা বুলি নাভাবি তাক এক সম্পদত পৰিণত কৰা,” শ্ৰী মোদীয়ে কয়।
ভাৰতৰ পাৰিপাৰ্শ্বিক সফলতাৰ গুৰুত্ব বৃদ্ধি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই শক্তিশালী পৰিসংখ্যাক কেৱল ঘৰুৱা বিকাশ হিচাপে চালে নহ’ব। তেওঁ দেশৰ এই তথ্যক সমগ্ৰ মানৱজাতিৰ ভৱিষ্যতৰ দিশত এক ডাঙৰ যোগাত্মক অৱদান বুলি অভিহিত কৰে। “এইবোৰ মানৱজাতিৰ ভৱিষ্যতৰ বাবে ভাৰতৰ অৱদানৰ পৰিসংখ্যা,” শ্ৰী মোদীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে।
ধৰিত্ৰী আৰু ইয়াৰ সন্তানসকলৰ মাজত থকা গভীৰ সাংস্কৃতিক অভিজ্ঞতাই ভাৰতক এনে দায়িত্বশীল পদক্ষেপ ল’বলৈ প্ৰেৰণা যোগায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই সন্মিলনৰ আলোচনাৰ পৰা নতুন আৰু উদ্ভাৱনীমূলক সমাধান লাভ কৰা যাব। “ভাৰতে এক দায়িত্বশীল আৰু বহনক্ষম ভৱিষ্যত নিৰ্মাণৰ বাবে কাম কৰি আছে,” এই মন্তব্যৰে ভাষণৰ সামৰণি মাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
India is showing how development and environmental sustainability can go hand in hand. Speaking at the International Conference on “The Future of Environment and Climate Dynamics.” https://t.co/QTmc4v8yeT
— Narendra Modi (@narendramodi) September 19, 2026
****
MJPS/SS/PRK/DB
India is showing how development and environmental sustainability can go hand in hand. Speaking at the International Conference on "The Future of Environment and Climate Dynamics." https://t.co/QTmc4v8yeT
— Narendra Modi (@narendramodi) September 19, 2026
अक्सर carbon emission की ज़िम्मेदारी गलत तरीके से विकासशील देशों पर डाली जाती रही है।
— PMO India (@PMOIndia) September 19, 2026
जबकि ऐतिहासिक सच्चाई ये है... आज भी प्रति व्यक्ति carbon emission में भारत का योगदान global average के आधे से भी कम है: PM @narendramodi
बीते 12 वर्षों में पर्यावरण से जुड़े हर क्षेत्र में, हर sector में... भारत ने असाधारण प्रगति की है।
— PMO India (@PMOIndia) September 19, 2026
हमारा बड़ा focus renewable energy पर रहा है और इसने पर्यावरण सुरक्षा में बड़ी भूमिका निभाई है: PM @narendramodi
भारत, G-20 में इकलौता ऐसा देश है जिसने पेरिस में COP-21 Summit में किए commitments को समय से पहले पूरा करके दिखाया है: PM @narendramodi
— PMO India (@PMOIndia) September 19, 2026
हमारा development... Speedy भी है और Sustainable भी है: PM @narendramodi
— PMO India (@PMOIndia) September 19, 2026