Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্যপ্ৰদেশৰ আগৰ মালৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ আগৰ মালৱাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা ঘটনাত গভীৰ শোকপ্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী মৃত লোকৰ নিকাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

 

শ্ৰী মোদীয়ে ‘এক্স’ত প’ষ্টত কয়;

 

“মধ্যপ্ৰদেশৰ আগৰ মালৱাত সংঘটিত এই দুৰ্ঘটনা অত্যন্ত বেদনাদায়ক। যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকলৈ মই সমবেদনা জ্ঞাপন কৰিছো।

 

পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃত লোকৰ নিকাত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SS/VJ/DB