Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০সংখ্যক ৰোজগাৰ মেলা উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

২০সংখ্যক ৰোজগাৰ মেলা উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


মোৰ মৰমৰ যুৱ সতীৰ্থসকল,

দেশত উৎসৱ-পাৰ্বণৰ বতৰ আৰম্ভ হৈছে। এই আনন্দৰ মাজতে, আজিৰ দিনটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ এক নতুন সুখ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি আপোনালোক যি স্থানত উপনীত হৈছে, তাৰ আঁৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উপৰিও আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গৰ ত্যাগ জড়িত হৈ আছে। মই আপোনালোক সকলো যুৱ সতীৰ্থৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গকো অশেষ অভিনন্দন জনাইছোঁ। জীৱনৰ এই নতুন যাত্ৰাৰ বাবে আপোনালোক সকলোকে আন্তৰিক শুভকামনা জনালোঁ।

 

বন্ধুসকল,

আজি আপোনালোক সকলোৱে এনে এক সময়ত ভাৰত চৰকাৰৰ সৈতে যুক্ত হৈছে, যেতিয়া দেশে এক বৃহৎ লক্ষ্যৰ দিশে আগবাঢ়িছে; আৰু এই লক্ষ্য হৈছে, ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়ি তোলা। ইয়াত আপোনালোকৰ দৰে যুৱপ্ৰজন্মৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰী ব্যৱস্থাত থাকি আপোনালোকে এনে প্ৰতিটো সিদ্ধান্ত ল’ব লাগিব, যিয়ে বিকশিত ভাৰতৰ অভিযানক, আত্মনিৰ্ভৰ ভাৰতৰ অভিযানক অবিৰতভাৱে শক্তিশালী কৰি তুলিব। যুৱপ্ৰজন্ম হিচাপে বিশেষকৈ অন্যান্য যুৱক-যুৱতীসকলৰ প্ৰতি আপোনালোকৰ এক বিশেষ দায়িত্ব আছে। আজি আপোনালোকে দেখিছে, আমাৰ যুৱপ্ৰজন্মৰ প্ৰতিভা আৰু দক্ষতাই সমগ্ৰ বিশ্বৰে বিশ্বাস জয় কৰিছে। বিশ্বই আমাৰ উদ্ভাৱক, আমাৰ উদ্যমী আৰু আমাৰ যুৱশক্তিৰ পৰা যথেষ্ট আশা ৰাখিছে।

 

অলপতে ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈ যায়। ভাৰতে প্ৰচেষ্টা চলাই আহিছে যাতে ব্ৰিকছৰ সহযোগিতা কেৱল চৰকাৰসমূহৰ মাজতে সীমিত হৈ নাথাকে; আমাৰ উদ্যমী, আমাৰ কৃষক, আমাৰ মহিলা, আমাৰ যুৱপ্ৰজন্ম, প্ৰতিগৰাকী ব্যক্তিয়েই যাতে এই অংশগ্ৰহণৰ সক্ৰিয় অংশীদাৰ হ’ব পাৰে। এই ভাৱধাৰাৰেই ‘ব্ৰিকছ কানেক্ট’ আৰু ‘ব্ৰিকছ এমএছএমই কো-অপাৰেচন পৰ্টেল’ৰ দৰে পদক্ষেপ হাতত লোৱা হৈছে।

 

বন্ধুসকল,

বিগত কেইবছৰমানত ভাৰতে প্ৰায় ৪০খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে। এই মুক্ত বাণিজ্য চুক্তিসমূহে আমাৰ যুৱপ্ৰজন্মৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। এনেধৰণৰ বাণিজ্য চুক্তিয়ে আমাৰ উদ্যমীসকলৰ বাবে নতুন অংশগ্ৰহণ আৰু নতুন বজাৰৰ পথ প্ৰশস্ত কৰাৰ লগতে যুৱপ্ৰজন্মৰ কেৰিয়াৰত নতুন সুযোগৰ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

বিগত বছৰবোৰত ভাৰত চৰকাৰে যুৱপ্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি, স্কিল ইণ্ডিয়া মিছন, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা বা শিক্ষানবিচক উৎসাহিত কৰাৰ প্ৰচেষ্টাই ইয়াৰ প্ৰমাণ। আমাৰ প্ৰচেষ্টা হ’ল যুৱক-যুৱতীসকলৰ শিক্ষা আৰু তেওঁলোকৰ দক্ষতা যাতে সলনি হৈ থকা অৰ্থনীতিৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খাই পৰে। যেনে, এটা উদাহৰণ হ’ল ‘PM-SETU’। এই আঁচনিৰ জৰিয়তে ৬০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে এহেজাৰ চৰকাৰী আইটিআই আধুনিকীকৰণ কৰা হৈছে, য’ত উদ্যোগখণ্ডৰ প্ৰত্যক্ষ অংশগ্ৰহণ সুনিশ্চিত কৰা হৈছে।

 

বন্ধুসকল,

ভাৰতৰ যুৱশক্তিৰ সক্ষমতাৰ আন এক ছবি আমাৰ ষ্টাৰ্টআপ ব্যৱস্থাত প্ৰতিফলিত হৈছে। ভাৰত আজি বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ব্যৱস্থা হৈ পৰিছে। আৰু ভাৰতৰ এই ষ্টাৰ্টআপৰ কাহিনী এতিয়া কেৱল ডাঙৰ চহৰবোৰতে সীমিত হৈ থকা নাই। আজি স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপসমূহৰ প্ৰায় আধা সংখ্যক দ্বিতীয় আৰু তৃতীয় শাৰীৰ চহৰসমূহৰ পৰা উলাইছে। অৰ্থাৎ, আজি গাঁও, সৰু চহৰ আৰু মফচলীয় অঞ্চলৰ যুৱক-যুৱতীসকলেও ভাৰতৰ নতুন অৰ্থনীতিত নিজৰ বিশেষ অৱদান আগবঢ়াইছে। আমাৰ সৰু চহৰৰ যুৱক-যুৱতীসকলে নিজৰ চিন্তা-ভাৱনাক লৈ কাম কৰিছে, নতুন প্ৰতিষ্ঠান স্থাপন কৰিছে আৰু নিজৰ লগতে অন্যান্য যুৱক-যুৱতীসকলৰ বাবেও নিযুক্তিৰ নতুন পথ মুকলি কৰিছে।

 

বন্ধুসকল,

বেচৰকাৰী খণ্ডতো যাতে সংস্থাপনৰ নতুন সুযোগ দ্ৰুতগতিত বৃদ্ধি পায়, তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ। এই চিন্তাৰে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ আৰম্ভ কৰা হৈছে। এই আঁচনিত প্ৰায় এক লাখ কোটি টকা ব্যয় কৰা হৈছে। এই আঁচনিৰ জৰিয়তে প্ৰায় দুই কোটি যুৱক-যুৱতীয়ে প্ৰথমবাৰৰ বাবে শ্ৰমশক্তিত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ পাব। চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক ১৫ হাজাৰ টকালৈকে উদগনি প্ৰদান কৰা হৈছে। নতুন নিযুক্তি সৃষ্টি কৰা নিয়োগকৰ্তাসকলকো চৰকাৰে উৎসাহিত কৰিছে। অৰ্থাৎ, দেশত সংস্থাপন বৃদ্ধিৰ বাবে চৰকাৰে সকলো দিশৰ পৰা কাম কৰি আছে।

 

বন্ধুসকল,

যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ তেতিয়াহে সৃষ্টি হয়, যেতিয়া দেশৰ অৰ্থনীতি আগবাঢ়ে, যেতিয়া বিনিয়োগ বৃদ্ধি পায়, নতুন উদ্যোগ স্থাপন হয় আৰু নতুন খণ্ডসমূহৰ সম্প্ৰসাৰণ ঘটে। আজি ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বিকাশ লাভ কৰা অন্যতম বৃহৎ অৰ্থনীতি। এই বিত্তীয় বছৰৰ প্ৰথম ছমাহত ভাৰতৰ বিকাশৰ হাৰ ৭.৮ শতাংশ আছিল। বিনিয়োগৰ ক্ষেত্ৰত প্ৰায় ১২ শতাংশ বৃদ্ধি হৈছে। ৰেটিং সংস্থাসমূহে ভাৰতৰ ৰেটিং উন্নত কৰিছে। আৰু এই অগ্ৰগতি এনে এক সময়ত ঘটিছে, যেতিয়া সমগ্ৰ বিশ্বই বহু অনিশ্চয়তাৰ মাজেৰে গতি কৰিছে।

 

ভাৰতৰ এই বিকাশৰ আঁৰত বিগত বছৰবোৰত গ্ৰহণ কৰা সংস্কাৰসমূহৰ এক বৃহৎ অৱদান আছে। আপোনালোকে নিজৰ কাৰ্যকালত এই সংস্কাৰসমূহক আৰু অধিক গতি প্ৰদান কৰিব লাগিব। কৰ আৰু নীতি-নিয়মসমূহ সৰল কৰাই হওক, ব্যৱসায়িক সহজলভ্যতা বৃদ্ধি কৰাই হওক, শিক্ষা আৰু দক্ষতা খণ্ডত সংস্কাৰ অনাটোৱেই হওক, বা উদ্ভাৱনৰ বাবে নতুন খণ্ডসমূহ মুকলি কৰা কিম্বা জীৱন ধাৰণৰ সহজলভ্যতাৰ কথাই হওক, প্ৰতিটো পৰ্যায়তে দেশত ‘ৰিফৰ্ম এক্সপ্ৰেছ’ অবিৰতভাৱে সম্পূৰ্ণ গতিৰে চলি থকাটো জৰুৰী। আৰু চৰকাৰী কৰ্মচাৰী হিচাপে বৰ্তমান আৰু অনাগত বছৰবোৰত ইয়াত আপোনালোক সকলোৰে এক ডাঙৰ ভূমিকা থাকিব।

 

বন্ধুসকল,

মই কিছুদিন পূৰ্বে কৈছিলোঁ—

সূৰ্য আমাৰ হওক, সাগৰো আমাৰ হওক,

নাও আমাৰ হওক, নাৱিকো আমাৰ হওক।

ঢৌৰ ওপৰত জয়ৰ কাহিনী লিখোঁ,

সেই সাহস আৰু মনোবল আমাৰ হওক।

 

আজি ভাৰতৰ যুৱপ্ৰজন্মই এই মনোবলৰ সৈতে আগবাঢ়িছে। এতিয়া আপোনালোক সকলোৰে ভাৰত চৰকাৰত থাকি এই দায়িত্ব হৈ পৰিছে যে দেশৰ যুৱপ্ৰজন্মৰ আকাংক্ষাক বুজি পাই আপোনালোকে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰক। মোৰ পুনৰ অনুৰোধ হ’ব আপোনালোকৰ প্ৰতিটো সিদ্ধান্ত, প্ৰতিখন ফাইলত কৰা চহী যাতে যুৱপ্ৰজন্মৰ আকাংক্ষাক আগবঢ়াই নিয়া ধৰণৰ হয়। আপোনালোকে নিজৰ কাৰ্যকালত মন কৰিব লাগিব যাতে যুৱপ্ৰজন্মৰ পথৰ বাধা আতঁৰি যায়, তেওঁলোকৰ ধাৰণাক আগবঢ়াই নিয়াৰ সুযোগ মিলে, উদ্ভাৱনৰ পৰা বিনিয়োগ বৃদ্ধি পায় আৰু বিনিয়োগৰ পৰা নিযুক্তিৰ নতুন সুযোগ সৃষ্টি হয়।

 

বন্ধুসকল,

এতিয়া আপোনালোক নিজে চৰকাৰী ব্যৱস্থাৰ এক অংশ হ’বলৈ গৈ আছে। গতিকে আপোনালোকৰ প্ৰচেষ্টা হ’ব লাগে যাতে আপোনালোকে যিবোৰ সমস্যাৰ মাজেৰে পাৰ হৈ আহিছে বা আপোনালোকৰ পিতৃ-মাতৃয়ে যিবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল, সেইবোৰ সমস্যাৰ মাজেৰে যাতে অন্য কোনো যুৱক-যুৱতী পাৰ হ’বলগীয়া নহয়। আপোনালোকৰ পিতৃ-মাতৃয়ে যি কষ্ট সহ্য কৰিছে, যি কষ্ট কেতিয়াবা আপোনালোকে সহ্য কৰিবলগীয়া হৈছিল, সেয়া যাতে এতিয়া আমাৰ দেশৰ কোনো নাগৰিকে সহ্য কৰিবলগীয়া নহয়, চৰকাৰী ব্যৱস্থাত সোমায়েই আপোনালোকে এই কাম কৰা উচিত।

 

বন্ধুসকল,

আজি দেশৰ প্ৰতিটো খণ্ডতে দ্ৰুত পৰিৱৰ্তন ঘটিছে। আপোনালোকে ক্ৰমাগতভাৱে শিকি শিকি ইয়ালৈকে উপনীত হৈছে; এতিয়া ইয়াৰ পৰা নিৰন্তৰ শিকি থকাৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে। আপোনালোকে ক্ৰমাগতভাৱে নিজৰ দক্ষতা বৃদ্ধি কৰিব লাগিব, নতুন প্ৰযুক্তি আৰু নতুন ব্যৱস্থাসমূহ বুজি পাব লাগিব। ‘মিছন কৰ্মযোগী’য়ে এই উদ্দেশ্য পূৰণ কৰাত আপোনালোকক সহায় কৰিব। ‘iGOT Karmayogi Platform’-ত আজি ১ কোটি ৭০ লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। আৰু আপোনালোকৰ দৰে নতুন সতীৰ্থসকলৰ বাবে ‘কৰ্মযোগী প্ৰাৰম্ভ’ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। আপোনালোকে নিজক যিমান উন্নত কৰিব, সিমানেই ভালদৰে দেশৰ নাগৰিকসকলৰ সেৱা কৰিব পাৰিব।

 

বন্ধুসকল,

আপোনালোকে আন এটা কথা সদায় মনত ৰাখিব লাগিব। চৰকাৰৰ প্ৰকৃত শক্তি হৈছে দেশৰ নাগৰিকসকলৰ বিশ্বাস। আপোনালোক যি মন্ত্ৰালয়তে থাকক, যি বিভাগতে থাকক, আপোনালোকৰ কামে কোনোবা নহয় কোনোবা ৰূপত দেশৰ সাধাৰণ নাগৰিকৰ জীৱনক স্পৰ্শ কৰিব। কোনো জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন আপোনালোকৰ কামৰ জৰিয়তে আগবাঢ়িব, কোনো ছাত্ৰ-ছাত্ৰীৰ জলপানি আপোনালোকৰ দায়িত্বৰ সৈতে জড়িত হ’ব, কোনো কৃষকে পোৱা সুবিধা আপোনালোকৰ বিভাগৰ পৰাই প্ৰদান কৰা হ’ব। হ’ব পাৰে যে কোনো এজন নাগৰিকৰ বাবে আপুনিয়েই চৰকাৰৰ মুখমণ্ডল! আপোনালোকৰ ব্যৱহাৰ, আপোনালোকৰ সংবেদনশীলতা, আপোনালোকৰ দক্ষতা, আপোনালোকৰ সততা, এই সকলোবোৰে থিৰাং কৰিব যে সেই নাগৰিকজনৰ চৰকাৰৰ সৈতে অভিজ্ঞতা কেনেকুৱা হয়।

 

সেয়েহে বন্ধুসকল,

চৰকাৰী সেৱাত আমাৰ মন্ত্ৰ হ’ব লাগে, ‘নাগৰিক দেৱো ভৱ, নাগৰিক দেৱো ভৱ’। নাগৰিকৰ সেৱাই ৰাষ্ট্ৰৰ সেৱা। আপোনালোকৰ সফলতা তেতিয়াহে অধিক ডাঙৰ হ’ব, যিয়া আপোনালোকৰ কামৰ দ্বাৰা কোনো নাগৰিকৰ জীৱন সহজ হৈ পৰিব। মোৰ বিশ্বাস, আপোনালোক য’তেই নাথাকক কেলেই, যিকোনো বিভাগতে নাথাকক কিয়, কৰ্তব্য আৰু সেৱাৰ মনোভাৱেৰে নিজৰ দায়িত্ব পালন কৰি যাব। মই পুনৰবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ।

 

অশেষ ধন্যবাদ!

*****

MJPS/SS/SS/RK/DB