পি এম ইণ্ডিয়া
বিশ্ব গঁড় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববিখ্যাত বিশাল এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰি থকা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে জনায় যে বৰ্তমান সমগ্ৰ বিশ্বৰ গঁড়ৰ প্ৰায় ৮০ শতাংশই অসমত আছে। বিশেষকৈ কাজিৰঙাত চোৰাং চিকাৰ ৰোধ কৰিবলৈ কৰা প্ৰচেষ্টা আৰু সফলতা সমগ্ৰ বিশ্বতে সমাদৃত হৈছে।
তেওঁ কয় যে বিহাৰ আৰু পশ্চিমবংগৰ কিছু এলেকাত গঁড়ৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ লগতে সুৰক্ষিত হৈ পৰিছে। ইফালে, উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফলতাৰে পুনৰ সংস্থাপন এক ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ পৰাই বন্যপ্ৰাণী সুৰক্ষা আৰু ব্যৱস্থাপনাৰ প্ৰতি আমাৰ দেশৰ মানুহৰ আন্তৰিকতা প্ৰকাশ পাইছে।
দেশত গঁড় সংৰক্ষণ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ‘প্ৰজেক্ট ৰাইন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই প্ৰকল্পৰ জৰিয়তে গঁড় থকা ৰাজ্যসমূহক আৱাসস্থলী উন্নয়ন, বংশগত গুণাগুণৰ বিকাশ, জনসংখ্যা বৃদ্ধি নিৰীক্ষণ আৰু সংৰক্ষণৰ বাবে প্ৰয়োজনীয় বিত্তীয় তথা কাৰিকৰী সাহায্য প্ৰদান কৰা হ’ব।
সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰীয়ে লিখে—
“বিশ্ব গঁড় দিৱসত আমি আমাৰ গৌৰৱময় এশিঙীয়া গঁড়ক উদযাপন কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত থকা সকলোকে প্ৰশংসা কৰিছোঁ। বৰ্তমান বিশ্বৰ প্ৰায় ৮০% গঁড় অসমত আছে আৰু কাজিৰঙাৰ চোৰাং চিকাৰ বিৰোধী পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়।
বিহাৰ, পশ্চিমবংগ আৰু উত্তৰপ্ৰদেশৰ দুধৱাত গঁড় সংৰক্ষণৰ সফলতা আমাৰ বন্যপ্ৰাণী প্ৰেমৰে প্ৰমাণ। ‘প্ৰজেক্ট ৰাইন’ৰ জৰিয়তে ৰাজ্যসমূহক প্ৰয়োজনীয় সকলো কাৰিকৰী আৰু বিত্তীয় সহায় আগবঢ়াই গঁড় সংৰক্ষণক এক নতুন মাত্ৰা প্ৰদান কৰা হ’ব।”
On World Rhino Day, we celebrate the magnificent greater one-horned rhinoceros and laud all those at the forefront of its protection.
Assam now holds nearly 80% of the world’s rhino population and Kaziranga’s efforts to end rhino poaching have been extensively appreciated.
On… pic.twitter.com/RclogJ84w1
— Narendra Modi (@narendramodi) September 22, 2026
*****
MJPS/SS/PRK/DB
On World Rhino Day, we celebrate the magnificent greater one-horned rhinoceros and laud all those at the forefront of its protection.
— Narendra Modi (@narendramodi) September 22, 2026
Assam now holds nearly 80% of the world’s rhino population and Kaziranga’s efforts to end rhino poaching have been extensively appreciated.
On… pic.twitter.com/RclogJ84w1