পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে সীমাৰ ওপৰত গৌৰৱ প্ৰকাশ কৰে আৰু এই কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ নিৰ্ভৰশীল প্ৰদৰ্শনে বহু বছৰৰ পাছত এই প্ৰতিযোগিতাত ভাৰতক পদক প্ৰদান কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ই এক বিস্ময়কৰ সাফল্য যি সহনশীলতা, অনুশাসন আৰু বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন। ইয়াৰ উপৰি তেওঁ অনাগত সময়ত তেওঁ আৰু অধিক সফলতা অৰ্জন কৰাটো কামনা কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ
‘এছিয়ান গেমছত মহিলাৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰি সীমাৰ বাবে গৌৰৱান্বিত! তেওঁক অভিনন্দন জনাইছো। তেওঁৰ দৃঢ় প্ৰদৰ্শনে বহু বছৰৰ পাছত এই প্ৰতিযোগিতাত ভাৰতক পদক প্ৰদান কৰিছে। এক বিস্ময়কৰ সাফল্য যিয়ে সহনশীলতা, অনুশাসন আৰু বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমক প্ৰতিফলিত কৰে। অনাগত সময়ত তেওঁৰ আৰু অধিক সফলতা কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী @narendramodi’
Proud of Seema on winning the Bronze Medal in the Women’s 10,000m at the Asian Games! Congrats to her.
Her determined performance has brought India a medal in this event after many years. A wonderful achievement that reflects endurance, discipline and years of hard work.…
— PMO India (@PMOIndia) September 24, 2026
*************
MJPS/SS/PRK/MK