Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছ ২০২৬-ত ভাৰতীয় দলৰ প্ৰদৰ্শনক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


এছিয়ান গেমছ ২০২৬ৰ  সামৰণি পৰাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ় সংকল্প, আবেগ আৰু উল্লেখখনীয় ক্ৰীড়া মনোভাৱৰে দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্যক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলো পদক বিজয়ীক অভিনন্দন জনায় যিসকলৰ প্ৰদৰ্শনে ৰাষ্ট্ৰলৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে।

শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই খেলসমূহে অনাগত বছৰবোৰত আৰু অধিক সাফল্যক অনুপ্ৰাণিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত ক্ৰীড়াক শক্তিশালী কৰাত অৰিহণা যোগাব।

শ্ৰী মোদীয়ে এক্স-ত লিখিছে;

‘এছিয়ান গেমছ ২০২৬ৰ সামৰণি পৰাৰ লগে লগে, দৃঢ় সংকল্প, আবেগ আৰু উল্লেখখনীয় ক্ৰীড়া মনোভাৱৰ সৈতে আমাৰ দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে ভাৰতীয় দলৰ প্ৰতিগৰাকী সদস্যক মোৰ অভিনন্দন। আমাৰ সকলো পদক বিজয়ীক অভিনন্দন জনাইছো, যিসকলৰ প্ৰদৰ্শনে ৰাষ্ট্ৰলৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। এই খেলসমূহে অনাগত বছৰবোৰত আৰু অধিক সাফল্যৰ প্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকে তৃণমূল পৰ্যায়তো ক্ৰীড়াক শক্তিশালী কৰাত অৰিহণা যোগাব।’

 

MJPS/SS/ST/MK