Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ নীল অৰ্থনীতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে লিখা এটি প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিঙে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।প্ৰবন্ধটোত ভাৰতৰ নীল অৰ্থনীতিক সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে উল্লেখ কৰা হৈছে।

‘সপ্তধাৰা’ৰ দৃষ্টিভংগীৰ অংশ হিচাপে নীল অৰ্থনীতিয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগক একত্ৰিত কৰি জীৱিকাৰ সুযোগ, খাদ্য আৰু শক্তিৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে যুৱ সমাজৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয়—

“কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিঙে লিখিছে যে ভাৰতৰ নীল অৰ্থনীতি সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ এক শক্তিশালী পথ হিচাপে গঢ় লৈ উঠিছে।

‘সপ্তধাৰা’ৰ দৃষ্টিভংগীৰ অংশ হিচাপে ই বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগক একত্ৰিত কৰি জীৱিকাৰ সুযোগ, খাদ্য আৰু শক্তিৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে যুৱ সমাজৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।”

 

***

MJPS/SS/ST/DM